Tuesday, July 19, 2016

প্ৰেম নে ঘৃণা? (পুৰুষ কিছুমানে নাৰীৰ অনুভূতিক লৈ কিয় খেলা কৰে?)

প্ৰেম নে ঘৃণা?
(পুৰুষ কিছুমানে নাৰীৰ অনুভূতিক লৈ কিয় খেলা কৰে?)
কেবিনটোলৈ সোমাই অহা তাৰ মাঁকৰ তাই মুখামুখি হ’ব বিচৰা নাছিল৷ হাজাৰ দোষ কৰিলেও সন্তানক ক্ষমাৰ দৃষ্টিৰে চাব পৰা সেই বিশাল হ্ৰদয়ৰ মাঁক নামৰ সত্বাটোৰ মুখামুখি হোৱাৰ সাহস থাকিলেও তাইৰ ইচ্ছা নাছিল৷ পৃথিৱীৰ কোনেও কৰিব নোৱাৰা কামটো মাতৃৰ এষাৰ মাতে আৰু সিক্ত দুচকুৱে সৱ সম্ভৱ কৰি তোলে৷ নিজৰ মাঁকজনীৰ মাজত সেইয়া তাই পদে পদে অনুভৱ কৰে৷ মাকঁৰ দুচকুৰ চকুলোৰ আগত তাই সদায়েই অসহায় হৈ পৰে৷ মাঁকৰ বাবে সন্তানৰ সুখেই সবোচ্চ৷ চকুৰ চকুলো লুকুৱাই তাই যাবলৈ লওঁতেই তেওঁ তাইক উদ্দেশী কৈ উঠিল-"সি যি ভুল কৰিলে আমাৰ বাবেই কৰিলে৷ পাৰা যদি তাক ক্ষমা কৰি দিবা৷"
তাই একো নক’লে৷ পাৰাপাৰ ভাঙি ওলাই আহিব খোজা চকুলোখিনি কোনোমতে মাঁকৰপৰা লুকুৱাই একো নকৈ তাই কেবিনটোৰপৰা ওলাই আহিল৷
সি আগতকৈ বহু সুস্হ হৈ উঠিছে৷ তাৰ ভৰি আৰু হাতটোৱে সক্ষম আৰু সুস্হ মানুহৰ দৰে কমক্ষম হৈ উঠিছে৷ হুইল চেয়াৰৰ আজিকালি আৰু প্ৰয়োজন নোহোৱা হৈছে৷ শেষবাৰ ডাক্তৰৰ ওচৰলৈ চেক আপৰ বাবে লৈ যাওঁতে তাৰ ভৰি-হাত সুস্হ হোৱাৰ দিশে অগ্ৰগতি দেখি ডাক্তৰ উৎফুল্লিত হৈ পৰিছে৷ হয়তো আৰু ছয়মাহ মানহে প্ৰয়োজন হ’ব তাৰ এজন সম্পূণ সুস্হ মানুহৰদৰে সক্ষম হ’বলৈ তাক৷ ডাক্তৰে ইয়াৰ বাবে তাইক অশেষ ধন্যবাদ দিছিল৷
তাই তাৰ এই শাৰিৰীক উন্নতিৰ বাবে খুবেই সুখী৷ চিৰদিনৰ বাবে পংগু হোৱাৰ দিশে আগবঢ়া প্ৰিয়মৰ এই উন্নতিৰ মুলতে যে তাইৰ পৰিচয্যা আৰু চেষ্টাও মুল সেইকথা সিও জানে৷ তাৰবাবে সি তাইক অন্তৰৰপৰা কৃতন্জতাও জনাইছে৷
সম্পূণ ছয়মাহ হচপিটেলত চিকিৎসা চলাৰ পাছত তাক ঘৰলৈ লৈ অনা হৈছিল৷ ঘৰ মানে? ইতিমধ্যে তাৰ মাতৃৰ মৃত্যু হৈছিল৷ চকুৰ আগত একমাত্ৰ সন্তানৰ এই পংগু ৰুপ কোনসতে চাই থাকে? তাতে স্বামীকো হেৰুৱাই মনৰ মাজত অহৰহ অপৰাধৰ ভাৰ বৈ ভিতৰি ভিতৰি ভাগি পৰা মাঁকজনী এদিন তাৰ দূঘটণা হোৱাৰ এমাহমানৰ ভিতৰতে স্বগগামী হ’ল৷
অসহ্য গ্লানিত সি চটফটাই উঠিছিল৷ তাৰ এটা ভুলৰ বাবেই যে এনে অঘটন ঘটিল, সেইয়া তাৰ পদে পদে অনুভৱ হ’ল৷ দেহৰ যন্ত্ৰণাতকৈও মনৰ যন্ত্ৰণাই তাক পিষ্ট কৰিলে বেছি৷ কিয় অলপমান সাহস সি গোটাব নোৱাৰিলে?
সাহস কৰি মাঁক-দেউতাকক যদি মৌক ভালপোৱাৰ কথা ক’ব পাৰিলে হয়, তাইকে যে বিয়া কৰোৱা উচিত, তাক ক’ব পাৰিলে হয়, তেতিয়া হয়তো এই ঘটনাবিলাক নঘটিলেহেঁতেন৷ সিহঁতৰ জীৱনবোৰত ইমান আউল নেলাগিলে হয়৷
সি কিয় ইমান কাপুৰুষ হৈ পৰিল সেইসময়ত? তাৰ এই কাপুৰুষালিৰ বাবেই দেউতাক, মাঁক, ঘৰৰপৰা বিয়া পাতি দিয়া অমৃতা নামৰ ছোৱালীজনী ,তাৰ, মৌৰ জীৱন চিৰদিনৰ বাবে শেষ হৈ গ’ল৷
আৰু তাৰ-তাৰতো আৰু হেৰুৱাবলৈ একোৱেই নাই৷ লগৰ-সমনীয়া,আত্মীয় -স্বজন আদি সকলোৱে তাক ত্যাগ কৰিছে ইতিমধ্যে তাৰ এই কথাবোৰ গ’ম পায়৷ মৃত্যু সি কামনা পৰে এনেকৈ জীয়াই থকাতকৈ৷ জীয়াই আছে এতিয়াও সি তথাপি৷ কাৰবাবে,কি’হৰ বাবে? সি নিজেই নেজানে৷ সবস্ব হেৰুৱাই এনেকৈ জীয়াই থাকিব পাৰেনে কোনোবা?
হচপিটেলৰ বিচনাত পংগুতাৰ বোজা লৈ পৰি থাকোতে অমৃতা এদিন আহিছিল তাৰ খবৰ ল’বলৈ৷ তাৰ এই অৱস্হা দেখি তাই কান্দিছিল৷ হাজাৰ হওঁক অগ্নিক সাক্ষী কৰি তাই তাক স্বামীৰুপে গ্ৰহণ কৰিছিল এখন সুখৰ সংসাৰ গঢ়িব বুলি৷ তাৰ এইবোৰ কথা বিয়া হৈ অহাৰ পাছত গম পাই তাই তাকে দোষ দিছিল৷ তথাপি তাই তাক গ্ৰহণ কৰি লৈছিল৷ বিয়া হৈ অহাৰ পাছত বেয়া হওঁক ভাল হওঁক নাৰী এগৰাকীৰ বাবে স্বামীয়েই সবস্ব হৈ পৰে৷ তাইও সেইয়া তাইৰ ভাগ্য বুলি ভাবি গ্ৰহণ কৰি লৈছিল৷ পিছে সি কৰা ভুলৰ ইমান ভয়ংকৰ পৰিণাম হ’ব, সেইয়া তাইৰ অজানা আছিল৷ এইবোৰ কথা যদি তাই আগতে জানিলে হয়! তাই বিয়াৰ বাবে হা কেতিয়াও নকৰিলে হয়৷
অভিমান জাগিছিল তাৰ ওপৰত তাইৰ -কিয় সি এনে কাম কৰিলে, যিয়ে তাইৰ জীৱনটো ভাগি-চিঙি থৈ গ’ল? হাজাৰ চেষ্টা কৰিলেও তাক আৰু নতুনকৈ তাই সাজিব নোৱাৰে৷ তাৰ সেই দুঘটণাৰ পাছত মাঁক-বাবাকে তাইক চিৰদিনৰ বাবে ঘৰলৈ লৈ গ’ল৷ তাই না নকৰিলে৷ তাৰ লগত তাই জানো আৰু সংসাৰ গঢ়িব পাৰিব ? কেতিয়াও নোৱাৰে৷ তাই দেখা সোণৰ সংসাৰৰ সপোন ইতিমধ্যে জহি খহি গৈছে৷
হচপিটেলতে তাই মৌক লগ পাইছিল৷ তাইতকৈ ৰুপে-গুণে সৱফালৰেপৰা আগবঢ়া ছোৱালীজনীক দেখি তাই মুগ্ধ হৈ পৰিছিল তাইৰ অমায়িক ব্যৱহাৰ-পাতি দেখি৷ কিমান অন্তৰত আঘাট পালে মৌৰদৰে এজনী ছোৱালীয়ে প্ৰিয়তম পুৰুষজনৰ জীৱন পংগুতাৰে ভৰাই পেলাব পাৰে! তাই অনুভৱ কৰিব বিচাৰে সেই যন্ত্ৰণা৷ তাৰ মিছা কথা শুনি এই ছোৱালীজনীকে তাই চেলেন্জ লগাইছিল৷ সচাঁ কথা তাই যদি আগতে জানিলে হয় তাৰ আৰু মৌৰ কথা৷ সিহঁতৰ মাজত তাই কেতিয়াও নোসোমালে হয় তেতিয়া৷ কিমান প্ৰেম থাকিলে অন্তৰত প্ৰেমিকক নিজহাতে পংগু কৰি তাৰ সেৱা কৰিব পাৰে ?সেইয়া তাইৰ অজানা৷ আপোন-পৰ সকলো তাৰ কাষৰপৰা আতঁৰি গৈছে, তাইওতো আতঁৰি গৈছে৷ তাৰপিছতো মৌ তাৰ লগতে আছে সমাজৰ ,ঘৰৰ সকলো হকা-বাধা নেওচি৷ এনে এজনী ছোৱালীকে সি বাৰু ঠগিব লাগেনে?
দুহাত যুৰি সি অমৃতাক ক্ষমা খুজিলে-"পাৰিলে মোক ক্ষমা কৰি দিবা৷" তাই বাৰু তাক ক্ষমা কৰিব পাৰিবনে? ইমান বিশাল অন্তৰৰ অধিকাৰী তাই হয় জানো?
মৌৱে তাইক একো কোৱা নাছিল৷ তাইও ক’বলৈ একো নাছিল৷ অন্তৰৰপৰা মৌক তাই কৈছিল-"মোক ভুল নুবুজিবা তুমি৷ মই তোমালোকৰ কথা একোৱেই জনা নাছিলো৷ জনাহেতেঁন মই কেতিয়াও তাৰ লগত বিয়া নহ’লো হয়৷ সংসাৰখন ভাগি যাতে নেযায়, তাৰবাবেই সেই সময়ত মই তোমাক তেনেদৰে কৈছিলো" নিজকে অমৃতাই কৈ উঠিছিল-প্ৰিয়মৰদৰে পুৰুষ কিছুমানে নাৰীৰ অনুভূতিক লৈ খেলা কিয় কৰে?(ক্ৰমশ…)
LikeShow more reactions

No comments: