Thursday, July 21, 2016

আপুনি ভোটতো কাক দিব?

আপুনি ভোটতো কাক দিব?
ই এটা লাখটকীয়া প্রশ্ন আজিৰ তাৰিখত অসমৰ ভোটাৰ ৰাইজৰ বাবে।সকলোৰে মুখে মুখে একেই প্রশ্ন। ভোটতো কাক দিব? পাণ দোকানত, চাহৰ দোকানত, অফিচ –কাছাৰীত ,পাটিত, ঘৰত , আদিত সকলোতে দুজন চিনাকি লোক একেলগে হ’লে, মাত্র এটাই প্রশ্ন –ভোটতো কাক দিব? কাক দিয়া উচিত? কাক দিলে কাৰ কিমান লাভ হ’ব? আদি ।
১)
মই যিটো ফ্লেটত ভাৰাতীয়া থাকো ,তাৰ চিকিউৰিটি গাডজন অহা ৪ তাৰিখে হ’বলগীয়া ভোট দানৰ বাবে ঘৰ যাব। তেওঁৰ ঘৰ তেজপুৰত। টিভিত সন্ধিয়াৰ বাতৰি চোৱাত ব্যস্ত মই তেতিয়া। নিউজ চেনেলবোৰৰ সন্ধিয়াৰ বাতৰিত নিবাচনত অংশ গ্রহণ কৰা ৰাজনৈতিক দলবোৰৰ নিবাচনক লৈ যি তৎপৰতা , তাকে দেখাই আছিল। এটা নিউজ চেনেলে যদি এটা বিশেষ ৰাজনৈতিক দলৰ হৈ প্রচাৰ চলাইছে, আনটো নিউজ চেনেলে আন এটা ৰাজনৈতিক দলৰ হৈ। তেনে সময়তে চিকিউৰিটি দাদা আমাৰ ৰুমলৈ আহিল। ভোট দিবৰ বাবে ঘৰ যাব বুলি শুনি তেওঁক সুধিলো- "দাদা, ভোটতো কাক দিব? "
তেওঁ উত্তৰ শুনি মোৰ মুখৰ মাত হৰিল। তেওঁ হেনো দুটা দলৰ লগত কথা পাতিছে। যিয়ে তেওঁক অহা- যোৱাৰ খৰচ দি’ব, তাকে দি’ব?
২)
আমাৰ গাড়ীখন চলোৱা ড্রাইভাৰজনো নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ঘৰলৈ যাব। অফিচলৈ আহি থাকোতে তেখেতক সুধিলো-"কাক ভোট দিব, দাদা?"
তেওঁ ভোট দিবলগীয়া বিশেষ প্রাথীজনৰ নাম ক’লে। লগতে ক’লে সেই প্রাথীজনে তেওঁলোকক বিভিন্ন ধৰণে সহায় কৰিছে। চৰকাৰে লোৱা বিভিন্ন উন্নয়ন মূলক আঁচনিৰ সুফল তেওঁলোকে পাইছে। গতিকে সেই বিশেষ দলৰ প্রাথীজনক নিজৰ বহুমুলীয়া ভোটতো দি তেওঁক পুনৰ জয়ী কৰিব বিচাৰে তেওঁ।
৩)
দেওবাৰে দেওবাৰে ঘৰ চাফা কৰা, কাপোৰ ধুই দিয়া বাজনী আহিছিল। তেওঁলোকৰ ভোট দানৰ দিন অৱশ্যে ১১ এপ্রিলতহে। ভোট দিবলৈ তেওঁ অহা ৰবিবাৰে গোৱালপাৰা যাব। ভোট কাক দিব বুলি সোধাত বাজনীয়ে ক’লে-
তেওঁৰ ঘৰৰ মানুহে যাক ভোট দিব, সেইজনকে তেওঁ দিব। লগতে ক’লে- যোৱা নিবাচনত তেওঁলোকে যিজনক ভোট দি নিবাচন কৰিলে, সেইজনে তেওঁলোকক একো সাহায্য নিদিলে, নিজৰ অঙ্গহী- বঙ্গহীকে সৱ দিলে। গতিকে এইবাৰ তেওঁলোকক যিয়ে সাহায্য দিব, তেওঁকে ভোটতো দিব। তেওঁ আনকি তেওঁলোকৰ সমষ্টিত কোন কোন ৰাজনৈতিক দলৰ কোনে কোনে নিবাচনত অংশ গ্রহণ কৰিছে, তাকো নেজানে।
৪)
আমাৰ চাহ বাগানত কাম কৰা বনুৱা তিনিজনো ৪ এপ্রিলত নাহে বুলি মাঁক কৈ দিছে। ভোট দিব বোলে। ৩ তাৰিখে আবেলি সিহঁত থকা বাগানৰ বনুৱা মানুহখিনিয়ে ভোট কাক দিব, আলোচনা কৰিব। সেই মিটিংতেই তেওঁলোক যিটো দলক ভোট দিব, সেইটো দলে বনুৱাবিলাকক আথিক সাহায্য দিব।
৫)
আমাৰ ঘৰৰ পৰা দুই কিলোমিটাৰ মান দুৰত মুছলমান লোকে বাস কৰা গাওঁখন। ৩ তাৰিখে তেওঁলোকৰ মচজিদত ভোট কাক দিব, তাকে আলোচনা কৰিবলৈ মিটিং পাতিছে। যোৱাবাৰ যাক ভোট দিছিল, তেওঁলোকে মছজিদৰ, মাদ্রাছা স্কুল খনৰ উন্নয়নৰ বাবে ২ লাখ টকাৰ বৰঙণি দিছিল।
৬)
ঘৰত মাঁক ইটো সিটো কামত সহায় কৰি দীপালী এক সপ্তাহ মান অহা নাই। তাই এটা দলৰ হৈ মেলে-মিটিঙ্গে ঘুৰি ফুৰিছে। বিনিময়ত অলপ টকা পাব। ভোটতো তাই কাক দিব, এতিয়াও ঠিক কৰা নাই। তাই যিটো দলৰ হৈ কাম কৰিছে, সেইটো দলক নে আন দলক?
৭)
অফিচতো এইকেইদিন কাক কাক ভোটতো দিয়া হ’ব, কোনতো দলে এইবাৰ অসমত চৰকাৰ গঠন কৰিব, কোন দলে চৰকাৰ গঠন কৰিলে ৰাজ্য তথা জনসাধাৰণৰ উন্নতি হ’ব, আদি বোৰ সকলোৰে মুখে মুখে । কোনবাজনে যদি কংগ্রেছ চৰকাৰখনকে বাহাল থকাতো বিচাৰে, আনহাতে আন কিছুমানে বিজেপি দলে শাসনৰ বাঘজৰী লোৱাতো বিচাৰে। তেওঁলোকৰ মত বিজেপি চৰকাৰ আহিলেহে কিছুমান ক্ষেত্রত অসমৰ লাভ হ’ব।
মই বা আপুনি এতিয়া কাক ভোট দিম? মই যিটো সমষ্টিৰ ভোটাৰ, তাত যি কেইজনে নিবাচনত অংশগ্রহণ কৰিছে, তেওঁলোকৰ এজন বংশগতভাবে নিবাচনত অংশ গ্রহণ কৰাৰ সুবিধা পাইছে। আনতো দলৰ জনো ধোৱাঁতুলসীৰ পাত নহয়। বাকীকেইজন জন-প্রতিনিধিৰ কথা নকলোৱেইবা। মূল যুঁজখন দুটা বিশেষ দলৰ মাজতেই হ’ব। কিন্তু মোৰ ভোটটোৰ জানো কিবা মুল্য আছে। কাৰণ চৰকাৰ এখন গঠন কৰাত আপোনাৰ মোৰদৰে ভোটাৰৰ অংশ গ্রহণে এক নিণায়ক ভূমিকা নলয়। চৰকাৰ এখন গঠন হোৱাত নিণায়ক ভুমিকা লয়, ওপৰত উল্লেখ কৰা ভোটাৰ সকলহে। (অনুভৱ লাখটকীয়া প্রশ্নটোক)
LikeShow more reactions
Comment
3 Comments

No comments: