Thursday, July 21, 2016

‘হেলিকপ্টাৰখন এইবাৰ নাহিব নেকি?“

‘হেলিকপ্টাৰখন এইবাৰ নাহিব নেকি?“
১)
ৰাতি ৯.৩০ বাজিছে । ডিব্রুগড়ৰ ৰেডিও’ চেন্টাৰত শ্রোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন ৰ’দালী আৰম্ভ হৈছিল। কোনোবা এজন শ্রোতাৰ অনুৰোধৰ গীত অনিন্দিতা পালৰ ‘ক’ৰ এজাক সপোন যেন বৰষুণ’ বাজিছিল। মোৰো প্রিয় গীত সেইটো। হঠাৎ ৰাতিৰ আকাশখন গুজৰি- গুমৰি পুনৰ উঠিল। এজাক বৰষুণ প্রৱল ৰুপত আহিছে। লগতে ভয়ংকৰ ৰুপত বতাহ-ধুমুহা আৰু ধেৰেকনি। বাৰীৰ কল গছ, তামোল গছ, আম-কঠাল তথা অন্যান্য গছবোৰ বতাহৰ প্রৱল প্রকোপত ইফালে-সিফালে হালি গৈছে। দুই এজোপাই বতাহৰ এই প্রকোপ সহিব নোৱাৰি ভাঙ্গি পৰিছে। বতাহৰ গুম–গুমনি শব্দই গোটেই গাওঁৰ আকাশ বতাহ কপাঁই তুলিছে।ইফালে শিলো পৰিছে। শিলবোৰে গছৰ পাতবোৰ চিৰিলা চিৰিল কৰি ফালিছে। আমাৰ গাওঁৰ কাষেদি বৈ যোৱা নদীখনত বান উঠিছে। মথাউৰিটো পুনৰ ভাঙিছে হ’বলা। ভঙ্গা মথাউৰিইয়েদি হি’ল-দ’ল ভাঙ্গি নদীৰ বাঁহনী পানী আমাৰ গাওঁলৈ সোমাই আহিবলৈ ধৰিছে কিজানি। নদীৰ কাষৰ ওখ গড়া নদীৰ বুকুত জাহ যোৱাৰ শব্দ মোৰ ঘৰলৈকে আহিছে। ভাঁহি আহিছে নদীৰ কাষত খুন্দা খাই হোৱা পানীৰ শব্দ। লগতে ভাঁহি আহিছে নদীখনৰ কাষতে থকা মদন, বিপিন, যাদৱহতঁৰ ভয়াতুৰ চিয়ঁৰ, লৰা-ধপৰা ।
সেইয়া মদনে ঘৈনীয়েক মঞ্জুক চিঞৰি কোৱা-“মথাউৰিটো ভাঙিছে, ঘৰত পানী সোমাব এতিয়া। বাহিৰলৈ ওলাই আহ।“ পুতেক মন্টুক চিঞৰি কৈছে-“গোহালিৰ গৰুকেইটা এৰি দে অ’, সিহঁতক নিৰাপদ স্থানলৈ লৈ ব’ল।“
বিপিনৰ ঘৰত পানী সোমালেই হ’বলা। তাৰ ঘৈনীয়েক আৰু এমা-ডিমা ল’ৰা-ছোৱালীহালৰ কান্দোনে গাওঁৰ ইমুৰ-সিমুৰ ভেদি গৈছে। একেই অৱস্থা হৈছে নদীৰ কাষত থকা গাওঁৰ আন মানুহবিলাকৰো। সকলোৱে যিয়ে যেনেকৈ পাৰে নিৰাপদ স্থানলৈ যোৱাৰ চেষ্টা কৰিছে। ৰাতিৰ ভাতকেইটা খাই বিচনাখনত শুৱলৈ লৈছিলোহে মাত্র। সৰলাই কাঁহি-বাতিকেইটা ধুই তামোল এখন মুখত ভৰাইছিলহে। ঘৰখনত মানুহ বুলিবলৈ মই, সৰলা আৰু বাপধন। বাপধন সৰুতেই ঘাতমাউৰা আছিল। দেউতাক-মাঁকে আমাৰ ঘৰতেই কাম কৰিছিল। বাপধনৰ জন্মৰ পাছতেই দুয়োৰে মৃত্যু হোৱাত মাঁয়ে তাক তুলি- তালি ডাঙৰ–দীঘল কৰিলে। তেতিয়াৰপৰাই সি মোৰ লগত। ভ্রাতৃৰ দৰে জ্ঞান কৰো তাক। ঘৰৰ সকলো কাম-বন সিয়েই চোৱাচিতা কৰে। হয়তো মোতকৈ ঘৰখনৰ তলা-নলা সিহে ভালকৈ জানে বুলি ক’লেও বঢ়াই কোৱা নহ’ব। ল’ ৰা-ছোৱালীহাল পঢ়িবলৈ লৈ ঘৰৰ পৰা দূৰত থাকে।
২)
যোৱা এসপ্তাহ ধৰি কলহৰ কানে বৰষুন দিছে। লগতে শিলাবৃষ্টি, ধুমুহা, ধেৰেকনি, ব্জ্রপাত। বহাগ মাহত এনে আবতৰিয়া বাৰিষাৰ প্রকোপ আগতে দেখা মনত নপৰে। দুই তিনিবছৰ আগৰপৰাই এনে হ’ব ধৰিছে। এইবাৰ পিছে আগৰ দুবছৰতকৈ বেছি। নদীখনৰ বুকুখন বাম। বৰষুণ দিলে ফেনে-ফুটুকাৰে উপচি পৰে।কাষৰ মানুহৰ ঘৰ-দুৱাৰ ঢাহি-মুহি থৈ যায়। আনহাতে নদীখনৰ পানী একসপ্তাহ মান টিকা-ফটা ৰ’দ দিলে শুকাই যায়। আহাৰ- শাওঁন মাহত খেতি ৰোৱাৰ সময়ত পানীৰ বাবে হাঁহাকাৰ লাগে। নদীখন তেতিয়া শুকাই যায়। হয় খেতিৰ সময়তকৈ আগতেই বৰষুন আহে, নহয় ভাদ মাহত। পানীৰ অভাৱত নদীখনৰ অৱশিষ্ট পানী সিঁচি বহু কষ্টৰে ৰোৱা ধানখেতি কেইডৰা ভাদ মাহত অহা ভদীয়া বানে ঢাহি- মুহি শেষ কৰি থৈ যায়। তেতিয়া আৰু পুনৰ কঠিয়া পাৰি উদং কৰি যোৱা পথাৰ কেইডৰা ৰুবলৈ বুকুত আৰু স্পৃহা নেজাগে। বুকুখন খালী হৈ পৰে। এক অনামী দুখ বুকুৰপৰা ওপৰলৈ উজাই আহে।
তথাপি বানে পথাৰ উচন কৰিব বুলি জানি পাছত পাৰি থোৱা কঠীয়া আনি পথাৰ কেইডৰা ভৰাই ৰখা হয়।লক্ষীক অনাদৰ কৰিব নেপায়। দুবছৰ মান যোৱাকৈ থকা মাটিৰ বহু মাটি ইতিমধ্যে বাৰিষা কালত হোৱা খহনীয়াত জাহ গৈছে। শাক-পাচলিৰ ফাৰ্মখনো যোৱাবাৰৰ খহনীয়াত উটি গ’ল। গৰু দুহালৰ এহাল যোৱাবাৰৰ বানপানীৰ পিছত অচিন বেমাৰ হৈ মৰি থাকিল। যি কিছু মাটি আছে, তাৰে বছৰৰ ভাত মুঠি এই পথাৰ কেইডৰাৰপৰাই ওলায়। পিছে যোৱা দুটামান বছৰ ভদীয়া বানে খেতি পথাৰ নষ্ট কৰি পেলোৱাত বছৰৰ শেষৰফালে দুটামান মাহ গধুলি সময়ত মোনাখন লৈ দোকানলৈ যাবলগীয়া হৈছে। এনে অৱস্থা আগতে হোৱা নাছিল। নিজৰেই আত্মসন্মাতত আঘাট লাগে। পিতাইৰ দিনত এনে হোৱা নাছিল। পিতাইৰ দিনত আমাৰ ঘৰখন ধনে- ধানে উভৈনদী আছিল। গাওঁখনৰ এজন লেখত- ল’বলগীয়া মানুহ আছিল। ভৰাঁলৰ ধানে বছৰটো যোৱাৰ উপৰিও আনকো দিব পাৰিছিলহে। শাক- পাচলি, তামোল পান, আদিৰে ভৰপুৰ দুখনকৈ বাৰীও আছিল। গোহালীত হলীয়া ম’হে গিজগিজাই আছিল। ইফালে গৰু, ছাগলী আদিৰে নদন –বদন অৱস্থা।
পিছে পিতাই ঢুকোৱাৰ কেইবছৰমানৰ পাছৰপৰা আমাৰ গাওঁখনলৈ যেন কিবা অমঙ্গল নামি আহিল। ইতিমধ্যে পঢ়া- শুনা শেষ কৰি খেতি- বাতিতে হাত দিছিলো। চাকৰি এটা যোগাৰ কৰি লোৱাৰ কথা ভৱা নহ’ল। পিতাইইয়ে ইমান সোপা সা- সম্পত্তি থৈ গৈছে, তাকে ভালদৰে চাম বুলি ঠিক কৰি পেলাইছিলো। ঘৰৰ একমাত্র সন্তান আছিলো । ইমানবোৰ সম্পত্তি থাকোতে চাকৰিটোনো কিয় লাগে?
পিছে ভৱামতে নহ’ল। আমাৰ গাওঁৰ কাষেদিয়ে ব্রহ্মপুত্রৰ এটা সুঁতি পাৰ হৈ গৈছে। শৈশৱৰ পৰাই সেই নদীত নাঙঠ- পিঙ্গঠ হৈ গা ধুই ডাঙৰ হৈছো। কোনোদিনে সেই নদীখনক বলিয়া হোৱা দেখা নাই। নদীখনক লৈ মোৰ লগতে গাওঁৰ আন লোকসকলেও গৌৰৱহে কৰে। পিছে কেইবছৰমানৰ পৰা নদীখন যেন বলিয়া হৈ পৰিছে। ব্রহ্মপুত্রৰ বাঁহনি পানী সেই নদীখনেদি সোমাই আহি আমাৰ গাওঁৰ ঘৰ-দুৱাৰ, শস্যৰ পথাৰ সৱবিলাক ঢাহি- মুহি শেষ কৰি থৈ যায়। নদীখনৰ কাষৰ কেইবাঘৰৰ ঘৰ-দুৱাৰ নদীখনৰ বলিয়া বানত উটি গৈছে। মোৰ খেতি- পথাৰৰ বহু মাটি সেই নদীৰ বুকুত জাহ গৈছে। হয়তো এনেদৰে থাকিলে আৰু কেইবছৰ মানৰ পাছত মোৰ ঘৰ দুৱাৰ সেই নদীখনত জাহ যাব।
বাৰিষাৰ পানীয়ে আমাৰ গাওঁৰ যি কেইঘৰৰ ঘৰ-দুৱাৰ, মাটি-বাৰী উটুৱাই নিলে, তেওঁলোক ব্রহ্মপুত্রৰ কাষৰ চাপৰিলৈ উঠি গ’ল। আগতেই তেওঁলোকে ব্রহ্মপুত্রই এৰি যোৱা চাপৰিৰ মাটি দখল কৰি ৰাখিছিল। যি সমৰ্থৱান আছিল, তেওঁলোকে বামত মাটি কিনি লৈ নিগাজীকৈ এই ঠাই পৰিত্যাগ কৰিলে। মইহে সেইবোৰ সময় থাকোতে চিন্তা নকৰিলো। ভৱাই নাছিলো শৈশৱৰ পৰাই সাতুৰি নাদুৰি ডাঙৰ দীঘল হোৱা আপোন নদী খনে এদিন আমাক বিশ্বাস ঘাতকটা কৰিব বুলি।
পত্নী সৰলাই বিয়া হৈ অহাৰ পাছতে মোক বাৰেপ্রতি বামত মাটি অলপ কিনি থব’লৈ কৈছিল।তাই বামৰ ছোৱালী আছিল। তাইৰ কথা শুনি তেতিয়া মই হাঁহিত উৰুৱাই দিছিলো আৰু কৈছিলো-“পিতাই কোৱামতে পঞ্চাছ চনৰ বৰ ভুঁইকপৰ সময়তে এই নদীৰ সৃষ্টি। আগতে ইয়াত সৰু খাল এটাহে আছিল। এই নদীৰ পাৰতেই মোৰ জন্ম। মোৰ কথা বাদেই দে, মোৰ পিতাই, পিতাইৰ পিতাক, সেই পিতাইৰ পিতাকৰো পিতাই আৰু আমাৰ উপৰি পুৰুষ সকলৰে জন্ম ইয়াতেই। এই নদী আমাৰ বাবে প্রাণ স্বৰুপ। এই নদীয়েই আমাক জীয়াই থাকিবৰ বাবে সাহস দিয়ে, দিয়ে উৎসাহ- উদ্দীপনা। যি নদীয়ে আমাক জীয়াই থাকিবৰ বাবে সাহস দিয়ে, সেই নদীয়ে জানো আমাক ঠগিব! মাতৃজ্ঞান কৰো এই নদীক। মাতৃয়ে জানো নিজৰ সন্তানক বিপদত পেলাব? তোমাৰ বামত ঘৰ বাবেই, পানী নেদেখা বাবেই তেনেদৰে কৈছা। এই ভয় তোমাৰ অমূলক।“ শুহুৰৰ ঘৰৰপৰাও একেই প্রস্তাৱ আহিছিল, মোৰ উত্তৰ একেই আছিল।
মোৰ কথা শুনি তাই আৰু কেতিয়াও দুনাই বামলৈ গুছি যোৱাৰ কথা মুখত নুলিয়ালে। পিছে তাই যে শুদ্ধই কৈছিল এতিয়া প্রতি পলে অনুভৱ কৰো।
কেইবছৰ মান আগতে চৰকাৰে আমাৰ সুৰক্ষাৰ বাবে নদীখনৰ পানী আমাৰ গাওঁলৈ সোমাই আহি যাতে ঘৰ- দুৱাৰ, খেতি-পথাৰ, মাটি- বাৰী নষ্ট কৰিব নোৱাৰে ,তাৰ বাবে মথাউৰি এটা বনাইছিল। পিছে থলুৱা ঠিকাদাৰে যিদৰে মথাউৰিটো বনাব লাগে নবনোৱাত , বাৰিষা কালত প্রায়েই মথা উৰি ভাঙ্গি যায়। আৰু সেই ভঙ্গা মথা উৰিইয়েদি পানী সোমাই আমাৰ খেতি- পথাৰ নষ্ট কৰি থৈ যায়। নদীখনৰ ওপৰত থকা দলংখনৰ এছোৱা যোৱাবাৰৰ বানপানীয়ে উটুৱাই নিলে। চৰকাৰক বহুবাৰ কৰ্ণগোচৰ কৰা হ’ল। সমষ্টিৰ বিধায়কক দলংখনৰ পুনৰ মেৰামতি কৰাক লৈ বহুবাৰ লগো কৰা হ’ল, বাৰেপ্রতি বনোৱাৰ আশ্বাস দিয়াৰ পাছত আজিও দলংখনৰ মেৰামতি নহ’ল। উপায় নেপাই গাওঁৰে লোকসকলে এদিন এখন সভা পাতি প্রত্যেকে নিজৰ বাৰীৰপৰা বাঁহ-কাঠ দি দলংখন মেৰামতি কৰি ল’লে।
মনত বিভিন্ন কথাৰ পাগঘুৰনি খাই থাকোতেই বাপধনে মোক ককাইদেউ ককাইদেউ বুলি চিঞৰি সোমাই আহিল। সি যে ভয় খাইছে তাৰ মাতৰ পৰাই বুজা গ’ল। মোৰ উত্তৰলৈ বাট নেচাই সি কৈ উঠিল।
‘ককাইদেউ, মথাউৰিটো পানীয়ে পুনৰ ভাঙিছে। নদীৰ কাষৰ মাটি চপৰা–চপৰে নদীত জাহ গৈছে। ইতিমধ্যে নদীৰ পানী গাওঁত সোমাই আহিছে। ৰমেনহতঁৰ ঘৰতো পানী সোমাইছে। এনেকৈ থাকিলে আৰু অলপ সময়ৰ পাছত আমাৰ চোতালতো পানী সোমাব। তাৰপাছত ঘৰৰ ভিতৰত সোমাবলৈ বেছি সময় নেলাগিব। কি কৰা যায় ককাইদেউ? “ ৰমলালৈ চালো। চাদৰৰ আঁচলেৰে দুচকুৰ চকুলো মুচিছে। দুখ, শোকত ভাঙ্গি পৰিছে তাই। তাইক সমবেদনা জনোৱাৰ সাহস মোৰ নহ’ল। ইতিমধ্যে বাপধনে পকাৰপৰা বস্তুবিলাক পানীয়ে ঢুকি নোপোবা স্থানলৈ উঠাইছিল। মূল দুৱাৰখন খুলি দিলো, পানী আহি চোতাল সোমাইছিলহি। যিদৰে পানী বাঢ়িছে, হয়তো অলপ সময়ৰ পাছত মোৰ ঘৰৰ ভিতৰতো সোমাব।
সৰলাক বাহিৰলৈ ওলাই আহিবলৈ ক’বলৈ, মাতিবলৈ লৈ মই ৰৈ গলো। “তোৰ ককাইদেউৱে মোৰ কথা কেতিয়াও নুশুনিলে।“ বাপধনক উদ্দ্যেশী সৰলাই মোৰ কথা কৈ আছিল। সেইকথা শুনি বুকুখনৰ ক’ৰবাত এক বিষ অনুভৱ কৰিলো।
৩)
গাওঁৰ স্কুলখনতেই বানে ঘৰ-দুৱাৰ ডুবাই পেলোৱাসকল গোট খালে। একমাত্র স্কুলখনেই আবতৰীয়া বানপানীত ডুব যোৱা নাছিল। ধনী-দুখীয়া, উচ্চ-নীচ আদি আজি সকলো একেখন স্কুলতে। যেনেকৈ বিপদত বাঘে-ছাগে একে ঠাইতে থাকে ঠিক সেইদৰে। অথচ জাত-পাতৰ ভেদা-ভেদত সাতাম-পুৰুষীয়া নামঘৰটোত এতিয়া কেইবাটাও খেল। ইঘৰে সিঘৰৰ লগত নেখায়। উঠা–বহা নকৰে। অথচ আজি?
ইতিমধ্যে এদিন দুদিনকৈ কেইবাদিন পাৰ হৈ গ’ল। পানী কমাৰ নামেই নোলোৱা হ’ল। খোৱা-বোৱাৰ বাবে যিয়ে যেনেকৈ হাততে পাই লৈ আহিছিল, লাহে লাহে সেইয়া শেষ হ’বলৈ আৰম্ভ কৰিছে। ঘৰলৈ ঘুৰি যাবও নোৱাৰি। সকলোবিলাক ঘৰেই পানীৰ তলত। ঘৰৰ আচবাব-পত্র, সা-সামগ্রী সৱবিলাকেই পানীৰ তলত। পানী শুকালেহে গ’ম পোৱা যাব কিমান কি অনিষ্ট হৈছে। চৰকাৰী পক্ষৰপৰাও একো সাহাৰ্য্য অহা নাই। নাই চিকিৎসাৰ সা-সুবিধাও। নন্দেশ্বৰৰ গা-ভাৰী ঘৈনীয়েজনীয়ে যোৱাকালি গাওঁৰ ধাই কেইজনীৰ সহায়ত স্কুলঘৰতেই এটা ল’ৰা সন্তান জন্ম দিলে। এই সীমাহীন পানী পাৰ কৰাই তাইক কেনেকৈ সিপাৰৰ চৰকাৰী হচপিটেললৈ লৈ যাব? তাইৰ সন্তান প্রসৱ কৰিবলৈ লৈ মৰা যন্ত্রণাকাতৰ চিঞৰ কেইটাই সকলোৰে মন ভয়াত্র কৰি তুলিছিল।
নিৰ্বাচন ইতিমধ্যে হৈ গৈছে। ভোটাৰধিকাৰে নিজৰ পছন্দৰ প্রাৰ্থীজনক ভোট দিলে। ৰিজাল্ট দিবলৈ মাজত মাত্র কেইদিনমানহে বাকী। নিৰ্বাচন হৈ যোৱাৰ পাছত জনপ্রতিনিধিৰ সাধাৰণ জনতাৰ প্রতি কোনো দায়িত্ব নোহোৱাৰ দৰেই হ’ল। আবতৰীয়া বহাগৰ বৰষুণজাকত সাধাৰণ জনতাৰ কি নাজল-নাঠল অৱস্থা, তাৰ খবৰ ল’বলৈ কাৰোৰেই আহৰি নাই। অথচ নিৰ্বাচনৰ সময়ত ভোটতো পাবৰ বাবে সুঁতা, কম্বল, টকা যিদৰে বিলাইছিল, তাৰ অলপো যদি পানীত ককবকাই থকা এই দুৰ্ভগীয়া মানুহখিনিক সাৰ্হায্যৰ ৰুপত দিলে হয়! যি সময়ত এই মানুহখিনিক তেওঁলোকৰ অতীৱ প্রয়োজন, তেওঁলোকে উট পক্ষীৰদৰে মুখ গুজিছে। এইসকল জনপ্রতিনিধিৰ পৰা কি আশা কৰিব পাৰি?
স্কুলখনৰ বাৰাণ্ডাৰ খুটাটোতে মুৰটো গুজি আকাশ-পাতাল ভাবি আছিলো। এনেকৈ আৰু থাকিব নোৱাৰি। ৰমলাৰ কথাই সঁচা। বামতে এইবাৰ মাটি অলপ কিনিব লাগিব। ল’ৰা- ছোৱালীহালৰ ভৱিষ্যতৰ কথাও আছে। আকৌ নতুনকৈ সকলো আৰম্ভ কৰিব লাগিব। জন্ম ঠাইটুকুৰাৰ প্রতি থকা মোহ এৰিব লাগিবই। এইবোৰ চেন্টিমেন্ট ধৰি থাকি লাভ নাই আৰু। সেইকথা বুজি উঠিছো। তথাপি কিয়জানো বুকুখন মোঁচৰ খাই উঠিল।
বিপিনৰ পুতেকটোৱে স্কুলৰ ফিল্ডখনৰ মাজভাগত ৰৈ আকাশখনলৈ চাই আছিল অলপপৰ। হঠাৎে সি মোৰ ফালে ঘুৰিলে আৰু সুধিলে- ‘বৰদেউতা, এইবাৰ হেলিকপ্টাৰলৈ বগা সাজ পিন্ধা মানুহবোৰ কিয় নাই অহা? যোৱাবাৰ পানী উঠোতে তেওঁলোক আহি আমাক কোঁচত লৈ মটন, মিঠাই দিছিল। এইবাৰ নাহে নেকি বাৰু?’
তাৰ কথা শুনি মোৰ তাক উত্তৰ দিবলৈ ভাষা নাছিল। দূৰলৈ দৃষ্টি নিক্ষেপ কৰিলো- দূৰ- দিগন্তলৈকে পাৰাপাৰ হীন পানীৰ বাহিৰে এক নেদেখিলো।

No comments: