Thursday, July 21, 2016

----------------------------------------টোপ---------------------------------------------------

----------------------------------------টোপ---------------------------------------------------
পুখুৰীতেই হওঁক বা নদীতেই হওঁক বৰশীৰে মাছ ধৰাটো বহু লোকৰে একোটা চখ। পানীৰ তলত থকা বিভিন্ন মাছক বৰশীৰে ধৰিবৰ বাবে বহু কষ্ট কৰিবলগীয়া হয়। ডাঙৰ মাছ যেনে ৰৌ,বাহু,বৰালি,মিৰিকা আদি ধৰিবৰ বাবে যেনেধৰনৰ বৰশি,টোপ ব্যৱহাৰ কৰা হয়, ঠিক সেইদৰে আন সৰু মাছ যেনে গৰৈ ,কাৱৈ,মাগুৰ,পুঠি আদি ধৰিবৰ বাবে সৰু বৰশি,টোপ ব্যৱহাৰ কৰিবলগীয়া হয়। গৰৈ,পুঠি আদি সৰু মাছবোৰ ধৰিবৰ বাবে বহুত কষ্ট কৰিবলগীয়া হয়। কেতিয়াবা কেতিয়াবা দিনটো বৰশি বাইও এটাও মাছ উঠাব নোৱাৰি। বৰশিৰে মাছ ধৰাৰো কিছুমান নিদিষ্ট সময়, বতৰ আছে। বাৰিষা কালত যেতিয়া মাছৰ কনী পাৰিবৰ হয়, তেতিয়া মাছবোৰ পুখুৰীৰপৰা ওলাই আহে, একেদৰে নদীতো একেই কথা খাটে। এই সময়তেই মাছবোৰ বৰশি বাই উঠোৱাৰ উপযুক্ত সময়। বৰশি বাই মাছ উঠোৱা বিদ্যাৰপৰা আমি ধৈৰ্য্য -পৰীক্ষাৰ এটা উপযুক্ত শিক্ষা পাওঁ।
---------------------------------------------------------------------------------------------------
অৱশ্যে মই বৰশি বাই মাছ ধৰাৰ কথা লিখিলেও আন প্ৰসংগতে বৰশিৰে মাছ ধৰাৰ কথাটো উল্লেখ কৰিছিলো। অনাগত বৰ্ষৰ আৰম্ভণিতে আমাৰ ৰাজ্যৰ বিভানসভাৰ নিৰ্বাচন আহি আছে। মাজত মাথো ছয় মাহো নাই। কংগ্ৰেছ, বিজেপি, এজিপি, এ আই ডি এফ, বিপিএফকে ধৰি বিভিন্ন সৰু বৰ ৰাজনৈতিক দল সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ব্যস্ত হৈ পৰা দেখা গৈছে। বিভিন্ন জন নেতাই নিজৰ সুবিধা-অসুবিধা চাই দল বাগৰা স্বভাৱ আৰম্ভ কৰিছে। ত্যাগ কৰিবলৈ পিচ হুহুকা নাই নীতি-আদৰ্শও। তেওঁলোকৰ এই দল বাগৰাৰ প্ৰথাই যে সাধাৰন নাগৰিকৰ কিবা উপকাৰ কৰিব সেয়া কাৰোৰেই মনে নধৰে। নিৰ্বাচনত জিকাৰ পৰৱৰ্ত্তী দিনবোৰত সাধাৰন ভোটাৰৰ কাষলৈ নোযোৱা বিভিন্ন ৰাজনৈতিক দলৰ নেতা-পালিনেতাক এতিয়া সঘনাই ৰাইজৰ কাষত দেখা গৈছে। অথচ যোৱা পাচোঁটা বছৰত সেই একেখিনি ৰাইজৰ খবৰ ল'বলৈ প্ৰায়সংখ্যক জনতাৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰ সময়েই নাছিল। ক্ষমতাৰ খোৱা-কামোৰাত বহু জনপ্ৰতিনিধিক ব্যস্ত থকা দেখা গৈছিল। ৰাজ্যৰ তথা জনতাৰ কল্যাণৰ কথা,উন্নয়ণৰ কথা চিন্তা কৰিবলৈ সাধাৰন জনতাই গণতান্ত্ৰিক পদ্ধতিৰে তেওঁলোকৰ অমূল্য ভোট প্ৰদান কৰি নিৰ্বাচিত কৰি পঠোৱা জন প্ৰতিনিধিয়ে ৰাজধানীৰ গাদী পোৱাৰ পাছত সাধাৰন জনতাক পাহৰি গ'ল। ঠিকেই কয়-লংকালৈ যিয়েই যায়,সিয়েই ৰাৱণ হয়। আমাৰ জন প্ৰতিনিধিকেইজন সেই আপ্তবাক্য কিয় পাহৰিব? আমি জনতায়েও জনপ্ৰতিনিধিবোৰ এনেকুৱাই বুলি ভাবিবলৈ বাধ্য হৈ পৰো। নিৰ্বাচন আহিলে পুনৰ তেওঁলোকৰ বিভিন্ন আশ্বাসপূৰ্ণ কথাত ভোল গৈ পুনৰ একেজন জনপ্ৰতিনিধিকে বহুমুলীয়া ভোটটি প্ৰদান কৰি চৰকাৰ গঠন কৰাওঁ। ভাবো এইবাৰ কিজানি অলপ হ'লেও জনতাৰ,ৰাজ্যৰ কথা ভাৱেই কিজানি! পিছে বাৰেপ্ৰতি সাধাৰন নাগৰিকৰ সেই বিশ্বাসক ভৰিৰে মোহাৰি পেলাবলৈ জনতাৰদ্বাৰা নিৰ্বাচিত জন প্ৰতিনিধিয়ে অলপো কুন্ঠাবোধ নকৰে।
----------------------------------------------------------------------------------------
ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ প্ৰতিনিধিয়ে ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন সভা-সমিতি পতা আৰম্ভ কৰিছে। তেওঁলোকে জনতাৰ হৈ কৰা বিভিন্ন কামৰ খতিয়ান দিয়া আৰম্ভ কৰিছে। অহা নিৰ্বাচনত জিকিলে কি কি কৰিব, তাৰো বিভিন্ন খতিয়ান দাঙি ধৰিছে কৰকেই বা নকৰক।বিভিন্ন সামাজিক,স্বাস্থ্যমুলক,অৰ্থনৈতিক আচঁনি আদি ঘোষনা কৰিছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আধাৰশিলা স্হাপন কৰিছে। সময়ে ক'ব এই আধাৰশিলা আধাৰশিলাই হৈ থাকিব নে পূণতাও পাব? বিভিন্ন সভা সমিতি পাতি সুতা,কম্বল আদি বিতৰণ কৰিছে তাত গোট খোৱা জনতাৰ মাজত। বিশেষভাৱে মহিলাসকলক বিভিন্নভাৱে আৰ্থিকভাৱে ,সামাজিকভাৱে সহায়-সহযোগৰ আশ্বাস দিছে। এইবোৰ আশ্বাস পুৰাবনে নুপুৰায়,সেয়া পৰৱৰ্ত্তী দিনত দেখা যাব।
এই আশ্বাস, সহায়-সহযোগবোৰ, বিভিন্ন আচঁনিবোৰ,পৰিকল্পনা আদিবোৰ মাছটোক ধৰিবৰ বাবে বৰশীত দিয়া একো একোটা টোপৰদৰে আমাৰদৰে সাধাৰন ভোটাৰ ৰাইজৰ বাবেও ৰাজনৈতিক নেতাবোৰৰদ্বাৰা দিয়া একো একোটা টোপ। ৰাজনৈতিক নেতা পালিনেতা,বিভিন্ন দল-সংগঠনৰ বাবেও আমিবোৰ, ভোটাৰ ৰাইজসকল নিৰ্বাচন অহাৰ লগে লগে যেন এটা মাছলৈ ৰুপান্তৰিত হওঁ। মাছবোৰক ধৰিবৰ বাবে আমি যেনেকৈ বিভিন্ন কৌশল অৱলম্বন কৰো,ঠিক সেইদৰে আমাৰ বহুমূলীয়া ভোটটো পাবৰ বাবে ৰাজনৈতিক দলবোৰেও বিভিন্ন কূট-কৌশল অৱলম্বন কৰে।
টোপটো গিলিলে মাছৰ মৃত্যু অনিবাৰ্য্য।তথাপি মাছে টোপটো গিলে। কিন্তু আমি মানুহ।জীৱশ্ৰেষ্ঠ ৰুপে আমি জনাজাত। বিবেক আছে আমাৰ।যাৰ জৰিয়তে আমি ভাল কি বেয়া কি ,সত্য-অসত্য আদিৰ পাৰ্থক্য বুজি পাওঁ। বছৰ বছৰ ধৰি ৰাইজৰদ্বাৰা নিৰ্বাচিত জন প্ৰতিনিধিৰ কাম-কাজ দেখি আহিছো। গতিকে আমি মাছৰদৰেই মৃত্যুৰ ফান্দত পেলোৱা টোপটো গিলিম নে নিজৰ বিচাৰ-বিবেচনাৰে অনাগত বিধানসভা নিৰ্বাচনত যোগ্য প্ৰাথীক আমাৰ বহুমূলীয়া ভোটটো দিম সেয়া চিন্তা কৰাৰ দায়িত্বও আমাৰেই।

No comments: