Thursday, July 21, 2016

“তোমাক হেৰুৱাৰ ভয়"

“তোমাক হেৰুৱাৰ ভয়"
১)
মেডিকেল কলেজখনৰ জেনেৰেল ৱাডৰ ৰোগীৰ বাবে থকা শুভ্র বিচনাখনত তেওঁ শুই আছিল। ৱাডটোৰ দুৱাৰমুখত ৰৈয়ে তেওঁলৈ চালে তাই। এশ গজমান দুৰৈত তেওঁ শুই থকা বিচনাখন। ডিঙিয়েদি উজাই অহা এক শোঁকে তাইক বাকৰুদ্ধ কৰি তুলিলে। এক অবোধ শিশুৰদৰে তেওঁ শুভ্র বিচনাখনত শুই আছিল। আস, ইমান নিবোধ যেন তেওঁক লাগিছে। তেওঁৰ এই ৰুপ তাইৰ সহ্যৰ অতীত। মাঁকে ইতিমধ্যে কন্দা- কটা আৰম্ভ কৰিছিল। মাঁকক ধৈয্য ধৰিব কৈছিল। তাই আগুৱাই গ’ল তেওঁৰ কাষলৈ এখোজ- দুখোজকৈ। তাইৰ পদ- যুগলে যেন আজি তাইক লগ দিয়া নাই তেনে অনুভৱ হ’ল তাইৰ। তথাপি আগবাঢ়ি গ’ল তেওঁৰ বিচনাখনৰ কাষলৈ। তেওঁৰ কাষত ইতিমধ্যে ককায়েক, ৰফিক আছিলেই। এটা অবোধ শিশুৰদৰে তেওঁ বিচনাখনত শুই আছিল। সোঁহাতত কেন্দুলা লগাই চেলাইন এটা দি থৈছিল। ব্লেংকেট এখনেৰে তেওঁৰ কঁকাললৈকে ঢাকি থোৱা আছে। চকুযুৰি তেওঁৰ সোমাই গৈছে কোটৰত। কপালত হাততো ফুৰাই দিলে তাই। আৰু মুখখন তেওঁৰ শুকাই গৈছে। যেন বহু বছৰ ধৰি তেওঁ শয্যাগত হৈ আছে। অজান শোঁকতো তাইৰ উথলি উঠিছে। কপালত তাইৰ হাতৰ স্পশ পাই তেওঁ দুবল হৈ পৰা চকুযোৰ মেলিলে জোৰেৰে।
‘আমি আহিলো, বাবা, আপুনি ভাল হৈ উঠিব ’ তাইৰ কথা তেওঁৰ কণগোচৰ হ’লনে নাই ধৰিব নোৱাৰিলে। পুনৰ চকুযুৰি তেওঁ জপাই দিলে। চকুৰ কোণ দুটাত জিলিকি উঠিল চকু পানীৰ কণিকা। নাম নজনা শোকতো শব্দৰ ৰুপ লৈ বাগৰি আহিল তাইৰ দুগালেদি। এক অজান আশংকাই মাঁকক, তাইক, ককায়েকৰ অন্তৰ কপাঁই থৈ গ’ল। সেই আশংকা জন্মদাতা পিতৃক লৈ। তেওঁক কিজানি চিৰদিনৰ বাবে হেৰুৱাই পেলাব লাগিব সেই আশংকাক লৈ।
২)
দেওঁবাৰ আছিল সেইদিনা। অফিচ বন্ধ। ঘৰ চাফা, কাপোৰ –কানি ধোৱা আদিবোৰ কৰোতেই আগবেলাতো পাৰ হৈ যায়। খাই বৈ অলপ জিৰনি লয় তাই। ১০ টামান বাজিছিল তেতিয়া। মাঁক তাইৰ আৰু ভায়েকৰ লগতেই আছিলহি। ঘৰৰপৰা অহা মাঁকৰ এমাহ মানেই হ’ল। আগতে দেউতাকেই আছিলহি। মাঁকৰ ছেক আপ থকাত দেউতাকেই মাঁকক তাইৰ লগত পঠাই দিছিল। নিভয় দি পঠাইছিল কুশলে থাকিব বুলি। ঘৰত ককায়েক আৰু দেউতাক। আৰু লগতে ৰফিকো থাকে। ৰফিকৰ ঘৰ সিহঁতৰ ঘৰৰ পৰা দুই কিলোমিটাৰমান দুৰত। আজি ছঁয় –সাত বছৰ ৰফিক সিহঁতৰ ঘৰৰ এজন সদস্যৰ দৰেই হৈ পৰিছে । সিহঁতেও ৰফিকক নিজৰ আপোন বুলিয়েই গণ্য কৰে। সকলোৰে আগত ৰফিকক নিজৰ ভায়েক বুলিয়েই চিনাকী দিয়ে তাই আৰু ককায়েকে, ভায়েকে ককায়েকৰুপে, মাঁক- দেউতাকে নিজৰ সন্তান ৰুপে। বৌওয়েক ইউনিভাচিটিত। বন্ধ পালে আহে। তাই ঘৰত থকা নথকা একেটা কথাই।
ৰাতিপুৱা শুই উঠি হয় মাঁকে নহয় দেউতাকে ফোন কৰে নাইবা ককায়েকে। পিছে সেইদিনা দেউতাক বা ককায়েকে কোনেও ফোন কৰা নাছিল। নাইবা মাঁকে কৰা বা তাই কৰা ফোন ৰিছিভ কৰিছিল। এক অজান ভয়ে মাঁক বা তাইক চিন্তান্বিত কৰি তুলিছিল। তথাপি মনক সান্ত্বনা দিছিল যে বন্ধ বাৰ বাবে ঘৰৰ তথা বাগানৰ কামত ব্যস্ত আছে চাগে’। অৱশেষত ১০ টা মানত সেই ফোনতো আহিছিল । ককায়েকে কম্পিত কণ্ঠেৰে তাইক ফোনত কৈছিল- “বাবা, বেহুচ হৈ বাথৰুম যাওঁতে পৰি গ’ল। ব্রেইনত দুখ পাইছে। হচপিটেল নিবলৈ উলিয়াইছো। “
হঠাতে যেন আকাশখনহে মুৰৰ ওপৰত সৰি পৰিল তেনে যেন লাগিল তাইৰ। বহাতে তাই বহি পৰিল। পাক ঘৰত ৰন্ধা- বঢ়াত ব্যস্ত হৈ থকা মাঁকক তাই দেউতাকৰ এই কথা কেনেকৈ ক’ব ভাবি উৱাদিহ নেপালে। নিজৰে তাইৰ এই অৱস্থা হৈছে, স্বামীৰ এই দু-খবৰ শুনি মাঁকে কি প্রতিক্রিয়া কৰিব তাই ভাবি নেপালে। ককায়েকৰ ফোন অহা গম পাই ইতিমধ্যে মাঁক পাকঘৰৰ পৰা ওলাই আহিছিল। মাঁকে তাইৰ অৱস্থা দেখিয়েই গ’ম পাইছিল- কিবা এটা অঘটন যে ঘটিছে।
মাঁকলৈ চাই তাই কৈ উঠিল-“ মাঁ, বাবা পৰি গৈ বেহুচ হৈ গৈছে । দাদাই হচপিটেল নিবলৈ লৈছে। আমি এতিয়াই ঘৰ যাব লাগিব , মাঁ।“ মাঁকৰ মুখৰ মাত হেৰাই গৈছিল।
৩)
ৰন্ধা ভাত ৰন্ধা হৈয়েই থাকিল। সেই সময়ত তাইৰ মাত্র এটাই মনত আছিল- যেনে তেনে দেউতাকৰ ওচৰ যিমান পাৰে সিমান সোনকালে পাব লাগে। পাঁচ, ছয় ঘণ্টাৰ বাট। ইতিমধ্যে ড্রাইভাৰজন আহি পাইছিলহি। ঘৰত পিন্ধা কাপোৰ সাজ সলাই আন এযোৰ পিন্ধি লৈছিল তাই, মাঁকেও সলাই লৈছিল। নেদেখা জনৰ ওচৰত কাঁতৰভাৱে প্রাথনা কৰিছিল দেউতাক যেন সুস্থ হৈ উঠে। মাজে মাজে ককায়েকলৈ ফোন কৰি দেউতাকৰ খা- খবৰ লৈ আছিল। ইতিমধ্যে মেডিকেল কলেজখনত ভত্তি কৰিছিল দেউতাকক। ককায়েকে তাতে চাকৰি কৰে বাবে দেউতাকৰ চিকিৎসাক লৈ হেমাহি কৰা নাছিল চিকিৎসকে। ব্রেইনত দুখ পোৱা বাবে ইন্টাৰনেল ব্লিডিং হৈছে। আই চি ইউত ভত্তি কৰিব লাগিব। হুচ অহাই নাই। অবশ্যে তাৰ মাজত অলপ আশাৰ বাতৰি আছিল যে দেউতাকৰ ষ্টক হোৱা নাই। তথাপি তাইৰ হাটটোৱে অলপ সময়ৰ বাবে যেন স্পন্দন ল’বলৈ বন্ধ কৰি দিছিল দেউতাকৰ এই জটিল সন্ধিক্ষণৰ কথা ভাবি। একেই অৱস্থা মাঁকৰো। তেওঁৰ দুচকুৱেদি সৰ সৰকৈ চকুলো নিগৰিছিল। দেউতাকক অকলশৰে এৰি থৈ অহাৰ বাবে এনে হ’ল বুলি নিজকে দোষাৰোপ কৰিছিল।অথচ এই মাঁকজনীয়ে তেওঁৰ ওপৰত দেউতাকে কৰা শাৰিৰীক আৰু মানসিক অত্যাচাৰত অতিষ্ঠ হৈ দেউতাকৰ লগত সংসাৰ কৰাতকৈ বিধৱা হৈ থাকিম বুলি কৈছিল। ড্রাইভাৰজনক মাত্র তাই কৈছিল- “দাদা, যিমান পাৰে সিমান সোনকালে আমি হচপিটেল পাৱ লাগে।“
চকামকাকৈ তাইৰ টোপনি আহিছিল কাৰখনতে । টোপনিতে তাই বিধৱা সাজত মাঁকক দেখি চক খাই উঠিছিল। মাঁকে তাকে দেখি তাইৰ কি হ’ল বুলি সুধিছিল। তাই মাত্র কৈছিল- “এটা বেয়া সপোন দেখিছিলো মাঁ।“
সেন্দুৰবিহীন মাঁকৰ উকাঁ কপালখন তাই কেতিয়াও চাব নোৱাৰে। সেইদিন অহাৰ আগতেই যেন তাইৰেই মৃত্যু হওঁক, তাই তাকে কামনা কৰে। তাৰপাছত তাই জোৰ কৰি মেডিকেল কলেজ নোপোৱালৈকে নিজক সাৰে ৰখালে। এই সপোন এক দুঃস্বপ্ন হৈ ৰওঁক। তাকে ভগৱানৰ ওচৰত কামনা কৰিলে।
সম্পুণ ৫ ঘণ্টাৰ পাছত সন্ধিয়া ৬ বজাত সিহঁত গৈ মেডিকেল কলেজ পালেগৈ। এই পাঁচ ঘণ্টাৰ সময়খিনি সিহঁতৰ বাবে একোটা যুগ যেন হৈ পৰিছিল। তাই বাৰে প্রতি প্রাথনা কৰিছিল- এই সময় যেন ইয়াতেই ৰৈ যাওঁক। পিতৃৰ সেই ৰুপ তাইৰ প্রত্যক্ষ কৰাৰ সাহস নাছিল। তথাপি তাৰ মাজতে ভাল খবৰ আহিল- দেউতাকৰ হুচ আহিছে, তেওঁৰ চিটি স্কেন কৰিব দিছে ব্রেইনৰ, বিশেষ চিন্তা কৰিব নেলাগে বুলি চিকিৎসকে ঘোষণা কৰিছে।
যেতিয়া মেডিকেল কলেজত দেউতাক ভত্তি হৈ থকা ৱাডৰ সন্মুখত থিয় হ’ল, শুভ্র বিচনা চাদৰৰ বিচনাখনত দেউতাকৰ সেই অবোধ শিশুৰ ৰুপ দেখি অন্তৰখনে কান্দি উঠিল তাইৰ। দেউতাকক কিছুমান কথাত বেয়া পালেও হাজাৰ হ’লেও সিহতঁৰ পিতৃ তেওঁ। কোনো সন্তানেই মাঁক- দেউতাকৰ এনে বিপদত নিজৰ ক্ষোভ ধৰি ৰাখিব নোৱাৰে। তাইও দেউতাকৰ প্রতি পুহি ৰখা ক্ষোভ আঁতৰাই পেলালে মনৰ পৰা। দেউতাকে মাঁকৰ ওপৰত কৰা শাৰিৰীক আৰু মানসিক অত্যাচাৰ কৰা দেখাৰ পাছত ভগৱানৰ ওচৰত তাই প্রায়েই প্রাথনা কৰিছিল যাতে দেউতাকক ভগৱানে মৃত্যু সদৃশ শাস্তি দিয়ে। পিছে আজি সেই একেজনী ছোৱালীয়েই পিতৃৰ জীৱন ৰক্ষাৰ বাবে নেদেখা জনক কাতৰেৰে প্রাথনা কৰিছে। পিতৃৰ প্রতি অন্তৰত হাজাৰ ক্ষোভ থাকিলেও তাইৰ অজানিতে যে দেউতাকৰ প্রতি তাইৰ অন্তৰত স্নেহ, আন্তৰিকতা, শ্রদ্ধা আছে, আজি পিতৃয়ে জীৱন –মৃত্যুৰ লগত যুঁজি থাকোতে উপলব্ধি কৰিছে। ষাঠীৰ ডেওণা পাৰ নকৰা দেউতাকক চিৰদিনৰ বাবে হেৰুৱাৰ আশংকাতকৈ এই ক্ষোভ তেনেই নগণ্য। দেউতাক সুস্থ হৈ উঠক, আগৰদৰেই তাইৰ লগত মাঁকক গালি পৰাক লৈক কাজিয়া কৰক, কাতৰেৰে তাই ভগৱানৰ ওচৰত হাতযোৰ কৰিলে। (অনুভৱ- আপোনজনক হেৰুৱাৰ আশংকাক লৈ)

No comments: