Thursday, July 21, 2016

-------তেজৰ ৰঙ মাত্ৰ ৰঙা -------------

-------তেজৰ ৰঙ মাত্ৰ ৰঙা -------------
(মনৰ কথা)
১)
এজনী ছোৱালী। এজনী অসমীয়া ছোৱালী।বয়স তেতিয়া তাইৰ ২১ ৰ সীমা চুওঁ চুওঁ।হঠাৎে তাই বেমাৰত পৰিল।নাৰ্চিংহোমত অজ্ঞান অৱস্হাত ভৰ্ত্তি কৰা হ'ল। ডাক্তৰ ,নাৰ্চ সকলো তাইক লৈ ব্যস্ত হৈ পৰিল। ঘৰৰ একমাত্ৰ কন্যা সন্তান। মাঁক,দেউতাক,ককায়েক,ভায়েকৰ আলাসৰ লাৰু।সকলো পাগলৰদৰে হ'ল। ডাক্তৰে ভালদৰে পৰীক্ষা কৰি ব্লাড তিনি ইউনিট দিব লাগিব বুলি ক'লে। তেহে হুচ আহিব। য'ৰ ত'ৰপৰা অতি সোনকালে গোটাই আনিব ক'লে।তাকো ফ্ৰেছ ব্লাড হ'ব লাগিব ।ভায়েকৰ লগত ব্লাডৰ গ্ৰুপ মিলাত এক ইউনিট সিয়েই দিলে। আৰু দুই ইউনিটৰ প্ৰয়োজন। আগবাঢ়ি আহিল ককায়েকৰ লগৰ কেইবাজনো বন্ধু।তিনি ইউনিট ব্লাড লোৱাৰ পাছত ছোৱালীজনী সুস্হ হ'ল। তাইক ব্লাড দিয়া ককায়েকৰ বন্ধুকেইজনৰ এজন মুছলমান আছিল। হিন্দু আৰু মুছলমানৰ তেজ তাইৰ দেহত মিলি এক হৈ গ'ল। মই হিন্দুৰ তেজ বা মই মুছলমানৰ তেজ বুলি তাইৰ দেহত মিলি যাবলৈ কোনেও অসহযোগ নকৰিলে। দিন গৈ থাকিল।দিন গৈ মাহ,মাহ গৈ বছৰ হ'ল। কোনেও তাইৰ দেহত কঢ়িয়াই ফুৰা হিন্দু-মুছলমানৰ ব্লাডক লৈ প্ৰশ্ন নুতুলিলে।
২)
আজি কিছুদিনৰ আগৰপৰা লাহে লাহে হিন্দু আৰু মুছলমানৰ মাজত শান্তি-সম্প্ৰীতি বিনষ্ট কৰিবৰ বাবে এজাক লোক ব্যস্ত হৈ পৰা দেখা গ'ল। হিন্দুৰ মন্দিৰত গৰুৰ মাংস পোৱা গ'ল। সত্ৰৰ থাপনাত গৰুৰ কটা মুৰে স্হান পালে। অথচ মন্দিৰ,নামঘৰ,সত্ৰ আদিৰ চাৰি সীমাৰ ভিতৰত গো মাংসৰ প্ৰৱেশ নিষেধ। এইয়া যে কোনো বিশেষ চক্ৰৰ এই দুয়ো জাতিৰ মাজত অৰিয়া -অৰি সৃষ্টিৰ বাবে কৰা কান্দ সহজতে বুজা গ'ল।
তাইৰ মনলৈ পিছে আন এটা প্ৰশ্নহে আহিছে -এই যে হিন্দু,মুছলমান আদিক লৈ ৰাজনীতি চলিছে কি'হৰ বাবে চলিছে?কি প্ৰয়োজন এই খাম-খেয়ালিৰ?কি লাভ হ'ব সেইসকল লোকৰ যিয়ে এনে দুৰ্ষ্কায্য কৰিব খুজিছে?তাইৰ দেহত মিলি যোৱা হিন্দু -মুছলমানৰ তেজে যেনেকৈ তাইক জীৱনটো আগবঢ়াই নিয়াত সহায় কৰিছে ঠিক তেনেকৈ দুয়ো জাতি মিলি দেশ তথা দহৰ উন্নতিৰ বাবে কাম কিয় নকৰে? তাইৰ দেহৰ ৰন্ধে ৰন্ধে মিলি যোৱা তেজৰপৰা বাৰু কোনোবাই চেষ্টা কৰিলেও মুছলমানৰ তেজখিনি উলিয়াই আনিব পাৰিবনে?তাই আচলতে কি হিন্দু নে মুছলমান কোনোবাই ক'ব পাৰিবনে? তাইৰ দেহৰপৰা যিদৰে হিন্দু মুছলমানৰ তেজ ভাগ ভাগ কৰি উলিয়াই আনিব নোৱাৰে ঠিক সেইদৰে এইখন ৰাজ্যত অতীজৰেপৰা যি মিলা-প্ৰীতিৰে হিন্দু-মুছলমান এক সম্প্ৰীতিৰ দোলেৰে বান্ধ খাই আছে সেই ঐক্য-সম্প্ৰীতিৰ দোলৰ মাজত ভাঙোন সৃষ্টি কৰিব খুজিলেও সেই দোল ভঙাটো ইমান সহজ নহয়।তাইৰ দেহৰ পৰা মুছলমানৰ তেজ উলিয়াই আনিবৰ চেষ্টা কৰিলে যেনেকৈ তাইৰ মৃত্যু অনিবাৰ্য্য,ঠিক সেইদৰে এই সম্প্ৰীতিত ভাঙোন আনিব খুজিলে দুয়োটা জাতিয়ে যে ধ্বংসপ্ৰাপ্ত হৈ যাব সেয়াও নিশ্চিত।গতিকে এই ষড়যন্ত্ৰ এতিয়াই বাদ দি ৰাজ্যখনৰ উন্নতিৰ চিন্তা কৰাহে শ্ৰেয়।(তাইৰ দৰে বহু হিন্দু মানুহ ওলাব যিয়ে নেকি জাত-পাতৰ বিচাৰ নকৰি প্ৰয়োজনবঃশত মুছলমানৰ শৰীৰৰ তেজ গ্ৰহণ কৰিছে,তেতিয়াহ'লে সেই হিন্দু অসমীয়াখিনিক কি কৰা যাব?)

No comments: