Tuesday, July 19, 2016

প্ৰেম নে ঘৃণা? (প্ৰেমত যেতিয়া বিশ্বাসঘাতকটাই স্হান পায়,তেতিয়া সেই প্ৰেম ঘৃণালৈ পৰিৱত্তন হয়৷)

প্ৰেম নে ঘৃণা?
(প্ৰেমত যেতিয়া বিশ্বাসঘাতকটাই স্হান পায়,তেতিয়া সেই প্ৰেম ঘৃণালৈ পৰিৱত্তন হয়৷)
তাৰ কাষতে তাই বহি পৰিল৷ দুচকু তাই চকুলোৰে ভৰি পৰিছে৷ খংত,জেদত বহু কামেই কৰিব পৰা যায়৷ আৰু তাইও তাকে কৰিলে৷ কিন্তু তাৰ লগত তাই যি অহিত কৰিলে তাৰ বাবে তাইৰ অলপো অনুশোচনা নাই৷ সম্পুণ সুস্থ বিবেকেৰে, সুস্থ মগজুৰে তাই এইয়া কৰিছিল৷ ১০ বছৰীয়া এটা সম্পক,তাৰ ভাঙি পেলাবলৈ এক মিনিটো সময় নেলাগিব৷ আনকি সি কৈফিয়ৎ দিয়াৰ প্ৰয়োজনো অনুভৱ নকৰিলে তাইক৷
কিমান সহজভাৱে নতুন ঘৈনীজনীক কৈ দিলে-তাই তাৰ মাত্ৰ বন্ধুহে আছিল৷ তাতকৈ বেছি একো নহয়৷ সি ঘৈনীয়েকহে ভাল পায়৷ তাৰ বাহিৰে আনক কেতিয়াও অন্তৰত স্হান দিয়া নাই৷
তেনেহ’লে যোৱা দহবছৰে তাইৰ লগত তাৰ যি সম্পক আছিল, সেইয়া কি আছিল? লগৰ ঘনিষ্ঠ বন্ধু-বান্ধৱীয়ে তাইক সি ব্যৱহাৰ কৰিছে বুলি কোৱা কথাই সচাঁ আছিল নেকি?
সম্পক গঢ়া আৰু ভঙা ইমান সহজনে? যদি ইমান সহজেই সম্পক ভঙাৰ, তেনেহ’লে তাই তাৰ লগত সম্পক শেষ হৈ যোৱাত বুকুত ইমান যন্ত্ৰণা কিয় অনুভৱ কৰিছিল? নিজক শেষ কৰি পেলোৱাৰ সিদ্ধান্ত কিয় লৈছিল?কিয় তাইৰ ইমান আক্ৰোশ ভাৱ মনত জাগি উঠিছিল? কোনোদিনেই তাইৰ মনত আক্ৰোশ ভাৱৰ চিনেই নাছিল৷ নকৰিছিল কেতিয়াও আনৰ অহিত চিন্তা৷ সদায়েই আনক স্বাথবিহীনভাৱে সহায় কৰিছিল৷ সেই সহায়ত ঘুৰাই পোৱাৰ কোনো কামনা নাছিল৷ হাজাৰ আনে তাইৰ অহিত চিন্তা কৰিলেও প্ৰতিশোধ লোৱাৰ বাসনা তাইৰ মনত জন্মা নাছিল ইয়াৰ আগতে কেতিয়াও৷ তেনেহ’লে এই প্ৰতিশোধৰ বাসনা আহিল তাইৰ মাজলৈ ক’ৰপৰা? নে নিজৰ অজানিতে তাই তাইৰ মাজত এই প্ৰতিশোধৰ বাসনা কঢ়িয়াই লৈ ফুৰিছিল! ঋণাত্মক দৃষ্টি তাইৰ মনৰ মাজত নাছিলেই৷ তেনেহ’লে আজি এই ঋণাত্মক ধাৰণা তাইৰ মনত কিয়? কিয় তাই প্ৰতিশোধ পৰায়ণ হৈ পৰিল? কিয় তাই তাক ক্ষমা কৰিব নোৱাৰিলে৷ নে তাইৰ এই আসুৰিকতা,আক্ৰোশ, ঋণাত্মক ধাৰণা ,প্ৰতিশোধপৰায়নতা আদিবোৰ আগৰেপৰাই তাইৰ মনৰ মাজত গোপনে লুকাই আছিল৷ সময়,সুবিধা,সুযোগ,পৰিৱেশ পাই সেই বদগুণবোৰে তাইৰ ভাল গুণবোৰক গ্ৰাস কৰি ল’লে৷
তাইওতো তাৰদৰে সহজভাৱে আন কাৰোবাৰ লগত বিয়া হৈ সুখী জীৱন কটাব পাৰিলে হয়! পাৰিলেহেঁতেন নে তাই আন কাৰোবাক তাৰদৰেই গোটেই জীৱনৰ বাবে আপোন কৰিব পাৰিব? মিছা সম্পকৰ বান্ধোন গঢ়িব? মনৰ মাজত অহৰহ কাৰোবাক স্হান দি সেই অচিন অজান পুৰুষজনক মিছা মোহত বন্দী কৰিব? বুকুত স্বপ্ন ভংগৰ যন্ত্ৰণা লৈ অলেখ দুখৰ খোচা বিন্ধা কঢ়িয়াই তাই পাৰিলেহেঁতেন নে সুখী হোৱাৰ মিছা অভিনয় কৰিব?
মনটোৰ অব্যক্ত কথাবোৰ বাৰু তাই বাদেই দিলে, এই সি চুই গৈ চিৰদিনৰ বাবে সাচঁ বহুৱাই যোৱা দেহাটো তাই সেই নিদোষ মানুহজনক কেনেকৈ সপিঁ দিব? পাৰিবনে তাই তেনে কৰিব? মনৰ মাজত, দেহত তাৰ স্পশ পাহৰি সুস্হ মনেৰে তাই কেতিয়াও আন এজনক সপিব নোৱাৰে৷ তাইক তাইৰ ভিতৰৰ মানুহজনীয়ে তেনে কৰিবলৈ কেতিয়াও অনুমতি নিদিয়ে৷ আনৰ জীৱন ধ্বংস কৰাৰ অধিকাৰ তাইক কেতিয়াও দিয়া নাই৷ ক’ব পাৰিলেহেঁতেন নে মিছা তাইৰ স্বামীক- "তাইৰ মন আৰু দেহ স্পশ কৰা তেৱেই প্ৰথম পুৰুষ বুলি!"
আন কোনোবা নাৰীয়ে পাৰিলেও তাই এই কাম কৰিব নোৱাৰে৷ এই পাপ কৰি তাই কেতিয়াও নিজৰ মুখামুখি হ’ব নোৱাৰে৷
তাই আচৰিত হয় সম্পক যদি ভাঙিবই লাগে, কিয় সম্পক গঢ়ে মানুহে? সম্পক শেষ হৈ গ’লে কেনে যন্ত্ৰণা পোৱা যায়,সেইয়া ভুক্তভোগীজনেহে জানিব৷ কিমান কষ্ট সেই চক্ৰবেহুৰপৰা ওলাই আহিবলৈ৷ কোনোবা সেই চক্ৰবেহুৰপৰা ওলাই আহিব পাৰেনে?নোৱাৰাখিনিয়ে কি কৰিব? একুৰা উমি উমি জ্বলি থকা জীয়া জুই লৈ গোটেই জীৱন আনে নেদেখাকৈ জ্বলি থাকিব৷ তাইও সেই চক্ৰবেহুৰপৰা নিজক উলিয়াই আনিব নোৱাৰিলে৷ পৰাহ’লে হয়তো তাৰ জীৱনত ইমান ভয়ংকৰ অঘটন নঘটিলে হয়৷ কেনেকৈ তাই সেই চক্ৰবেহুৰপৰা ওলাই আহিব?তাইৰ দেহৰ,মনৰ অলিয়ে-গলিয়ে যে তাৰে উপস্হিতি৷ তাইক সি কৰা বিশ্বাসঘাটকতাই তাইৰ দেহ মন কোঙা কৰি পেলালে৷ তাৰ উপস্হিতি আজি দহ বছৰ ধৰি তাই অনুভৱ কৰি আহিছে মনৰ মাজত,দেহৰ আহেঁ আহেঁ৷ ইমান সহজে তাই তাৰ উপস্হিতি পাহৰি যাব পাৰিবানে? তাক মাফ কৰিব পাৰিবনে?নোৱাৰে তাই তাক মাফ কৰিব নোৱাৰে কেতিয়াও,আৰু নকৰেও৷ তাই যেনেকৈ একুৰা জুই বুকুত লৈ গোটেই জীৱন জ্বলিব লাগিব,সিও তেনেকৈ জ্বলি থাকিব লাগিব আমৃত্যু পযন্ত৷ তাই ঠিকেই বুজি উঠিছে যে প্ৰেমত যেতিয়া বিশ্বাসঘাটকতাই স্হান লয়,তেতিয়াই হয়তো সি ঘৃণালৈ ৰুপান্তৰিত হয় সেই প্ৰেম৷ আৰু তাইৰ ক্ষেত্ৰতো সেয়াই হ’ল৷
ইতিমধ্যে হাতত খোৱাৰ টিফিনটো লৈ তাৰ মাঁজনী কেববিনটোলৈ সোমাই আহিছিল৷(ক্ৰমশঃ)

No comments: