Tuesday, July 19, 2016

কইনাৰ সাজ পিন্ধিলে ৰুপালীমে-

কইনাৰ সাজ পিন্ধিলে ৰুপালীমে-
১)
এহাত দীঘল উৰনি লৈ মুখখন ঢাকি তাই কইনা হৈ অহা মানুহ ঘৰৰ পদুলিৰ কলৰ তলত ৰওঁতে ইতিমধ্যে পুৱাৰ পোহৰে চাৰিওফালে পোহৰাই তুলিছিল। এটা নতুন পুৱা, সদায় পাই অহা পুৱাবোৰতকৈ যেন এই পুৱা বহু বেলেগ তাইৰ বাবে। যিটো পুৱাই তাইলৈ এটা নতুন জীৱন কঢ়িয়াই আনিছে। হয়তো এই অজান জীৱন সুখেৰ ভৰপুৰ হ’ব নহ’বা দুখেৰ। তাই সেইয়া এতিয়াও নেজানে। তথাপি আশা এই অচিন, অজান জীৱনটো যেন তাইৰ হাতৰ মুঠিত থাকে, যাৰ জৰিয়তে তাই সকলো ঠিক কৰি ল’ব পাৰিব।
চকুকেইটা খুবেই পুৰিছিল, গোটেই ৰাতি হোমৰ জুইক সাক্ষী কৰি ব্রাহ্মণৰ লগে লগে ভুলে-শুদ্ধই মন্ত্র পাঠ কৰিব লগা হৈছিল। তাতে পেটত দৈ অলপৰ বাহিৰে একো পৰা নাছিল। ভোক যে তাই সহ্য কৰিব নোৱাৰে। বিয়াৰ প্রয়োজনীয় কামখিনি কৰি আজৰি হওঁতে ই ৩/৪ মান বাজি গৈছিল। নিজৰ কোঠাটোলৈ গৈ তাইৰ অলপ শুই ল’বলৈ মন গৈছিল। পিছে মাঁক-দেউতাক, ককায়েক-ভায়েকহতঁৰ উচুপনিয়ে তাইৰ আৰু টোপনি মৰাৰ স্পৃহা শেষ কৰি পেলালে। অচিন-অজান শোকতো বুকুৰপৰা উজাই আহি দুচকুত কেতিয়া ভৰি পৰিল, তাই গ’মেই নেপালে।
“চাবি, মই বিয়া হ’লে কেতিয়াও নেকান্দো“-লগৰ আগত ফুটনি মৰা তাইৰ সেই দম্ভ দুচকুৱেদি চকুলো হৈ বাগৰি গ’ল।
জন্মৰ পৰা ধুলি-বালি ফেনেকি ডাঙৰ–দীঘল হোৱা ঘৰখন চকুৰ আগতেই বিয়া নামৰ বন্ধনত সোমোৱাৰ লগে লগে কেনেকৈ যে পৰ হৈ গ’ল, তাক তাইৰ স্বীকাৰ কৰি ল’বলৈ মনে নেমানে।
বৰবৌকে কোৱা কথাষাৰে তাইক হুলে বিন্ধাদি বিন্ধিছিল-“আজিৰপৰা মানুহজনৰ ঘৰেই তোৰ আচল ঘৰ হ’ব। প্রীতমৰ মাঁক- দেউতাকেই তোৰ মাঁ-দেউতা হ’ব, তাৰ ভায়েক- ভণীয়েক তোৰ ভায়েৰ-ভনীয়েৰ হ’ব।“
তেনেহ’লে জন্মদাত্রী মাতৃ আৰু পিতৃ, তাইক মৰমৰ বান্ধোনেৰে বান্ধি ৰখা ককায়েক-ভায়েকহতঁৰ স্থান ক’ত যাব? সচাঁকৈয়ে জন্ম হোৱা ঘৰখনৰ প্রতি মোহ ত্যাগ কৰা ইমান সহজ নে? এইখন ঘৰৰ চুকে-কোনে দেখুন, নিজক বিচাৰি পায় তাই? তেনেস্থলত এই ঘৰখন ইমান সহজে পাহৰি যাব পাৰিবনে তাই? আনবোৰ বিয়া হৈ যোৱা ছোৱালীয়ে পাহৰিব পাৰিছেনে নিজৰ জন্মৰ ঘৰখন ? হয়তো এই মোহ ত্যাগ কৰা ইমান সহজ নহয়। যাৰবাবে বিয়াৰ বহু বছৰৰ পাছতো মাঁকে জন্মৰ ঘৰখনৰ মোহ পুহি ৰখা আজিও তাই দেখিছে। দেখিছে বৰবৌহঁতক, বৌবিলাকক। মাঁকহতঁৰদৰে আন নাৰীসকলৰো চাগে’ একেই হয়।
ঘৰৰ মূল দুৱাৰখন গছকি যেতিয়া তাই চিৰদিনৰ বাবে মাঁক-দেউতাক, ককাইয়েক-ভায়েকহঁতক এৰি যাবলৈ ওলাল, তেতিয়া আৰু তাই নিজক বান্ধি ৰাখিব নোৱাৰিলে, নোৱাৰিলে তাইৰ আপোন মানুহবিলাকেও।
“মোক কিয় বিয়া দি’লি দাদা, মা”-বুলি কৈ তাই কান্দি উঠিল। “ছোৱালী হৈ কিয় জন্ম যে জনম ল’লো?” প্রীতমৰ মুখৰ মাত নাছিল। নাছিল আন সকলৰো। সৱেই জানে-তাইৰ মাঁক-দেউতাক, ককায়েক, ভায়েকহতঁৰ প্রতি কিমান মৰম। একেদৰে মাঁক-দেউতাক, ককায়েক-ভায়েকৰ তাইৰ প্রতি। পৰাহেতেঁন কিজানি তাইক আন এখন ঘৰলৈ উলিয়াই নিদিলেই হয়। পিছে সমাজৰ নিয়মৰ আগত সকলো যে অসহায়।
দুখে-শোকে জৰ্জৰিত হৈ প্রীতমৰ লগত কইনা সাজত গাড়ীত বহি আহোতে তাইৰ প্রীতমক শক্র যেন অনুভৱ হৈছিল। অভিমান জাগিছিল ছোৱালী হৈ জনম লোৱা বাবে নিজৰ ওপৰত। দুচকুৰ চকুলোৱে তাইৰ দুগাল তিয়াই পেলাইছিল।

No comments: