Thursday, July 21, 2016

"ভাগিন লাচিত হেৰাল ক’ত?" (লাচিতৰ মোমাইয়েকৰ মনৰ কথা)

"ভাগিন লাচিত হেৰাল ক’ত?" (লাচিতৰ মোমাইয়েকৰ মনৰ কথা)
১)
বৰ ক্লান্ত আৰু উদ্বিগ্ন হৈ পৰিছো মই। আজি বহুদিন হ’ল প্রিয় মাতৃভুমিৰ অলিয়ে-গলিয়ে মই ঘুৰি ফুৰিছো। মাতৃভুমিৰ নিজৰ সন্তানৰ বিপথগামী ৰুপ দেখি অন্তৰ মোৰ ফাটি যায়। মন যায় এই অৱস্থাৰ পৰিৱৰ্ত্তন কৰিবলৈ । পিছে মই যে অসহায়। কোনেও মোক প্রত্যক্ষ ৰুপত নেদেখে। কেনেকৈ বা দেখিব। মোৰতো মৃত্যু কেতিয়াবাই হ’ল। এতিয়া মাত্র মই এক অশৰীৰী আত্মা। এই আত্মাই যে আজিও মুক্তি পোৱা নাই। অসহায় মাতৃভুমিৰ কল্যাণৰ বাবে কিবা কৰিবলৈও মই অসহায়।
হঠাতে কিছুদিনৰপৰা ভাগিন লাচিতৰ কথা, শৰাইঘাট ৰণৰ কথা, মোৰ কামত কৰা গাফিলতিৰ কথা, আহোম জাতিৰ কথা, আদি খুবেই উচ্ছাৰিত হ’ব ধৰিছে। সুদূৰ দিল্লীৰপৰা কিছুমান বিষয়া আহি অসম মুলুকত দেখোন বৰ লম্প জম্ফ কৰি আছিল? তেওঁলোক বাৰু মোগলৰ বংশধৰ নেকি? আমাৰ কালত যিদৰে তেওঁলোকে আসামক নিজৰ সাম্রাজ্যৰ অৰ্ন্তগত কৰিব বিচাৰিছিল, ঠিক সেইদৰে এতিয়াও তেওঁলোকে তাকেই কৰিব বিছাৰিছে নেকি? নিউজ চেনেল, বাতৰি কাকত, বুদ্ধিজীৱী বোলা এচাম প্রজাই মানে নাগৰিকে এইবোৰ বিষয় লৈ তোলপাৰ লগাই আছিল দেখোন। এইবাৰ নিবাৰ্চন হেনো শৰাইঘাটৰ শেষ ৰণ হোৱাৰদৰে হ’ব। ইতিমধ্যে নিৰ্বাচন হৈয়েই গৈছে। আৰু ১৯ মে’ ৰ দিনটো শৰাইঘাট ৰণৰ শেষ দিন হ’ব বুলি কোৱা হৈছে, তাৰ অৰ্থ কি একো বুজিব নোৱাৰো।
মোৰ মৃত্যুৰ পাছৰ পৰা বতমানলৈকে এই আসামৰ সকলো ঘটনা- পৰিঘটনা মই দুচকুৱে প্রত্যক্ষ কৰি আহিছো। বদন বৰফুকনৰ বিশ্বাসঘাতকটা, মানৰ আসাম আক্রমণ, ইংৰাজৰ শাসন, মহা মানৱ মহাত্মা গান্ধীৰ নেতৃত্বত দেশৰ স্বাধীনতা, নিজৰ মানুহৰ দ্বাৰা চৰকাৰ গঠন আদি। দেখিছো দিনে ধ্বংসৰ দিশে গতি কৰা মাতৃভুমিৰ অৱস্থা। নিজৰ মানুহেই তিল - তিলকৈ শেষ কৰিব খোজা অসমৰ অধোগতি।
২)
এক দীঘল হুমুনিয়াহ ওলাই আহিল মোৰ-“ইমান কষ্ট, সাহসেৰে মোগলৰদৰে শক্রৰ হাতৰপৰা লাচিত ভাগিনে আসামখন ৰক্ষা কৰি এনে মানুহৰ হাততে এৰি দিলে তেনেহ’লে।“
অসমৰ এই অস্থিৰ পৰিৱেশে মোৰ অন্তৰাত্মা কপাঁই তোলে। ভাগিন লাচিতে চাগে’ এইবোৰ গ’ম পালে খংত অগ্নিৰ্শমা হৈ পৰিব। এই অস্থিৰতা আমাৰ দিনত হোৱা অস্থিৰতাকৈ সম্পুণ পৃথক।
বহু বছৰৰ আগতে ভাগিন লাচিতে লোৱা এটা সিদ্বান্তই মোৰ জীৱন চাকিৰ বন্তি নুমাই দিছিল। তাৰবাবে মোৰ পিছে আক্ষেপ নাই। মোৰ মুৰৰ বিনিময়ত যদি দেশ মাতৃৰ শিৰ বিদেশী শক্রৰ আগত সদায় থিয় হৈ থাকে, তেতিয়া হাজাৰবাৰ ভাগিন লাচিতৰ তৰোৱালে মুৰ ছেদ কৰিলেও বেয়া নেপাওঁ।
কিন্তু কিছুদিনৰ আগৰপৰা হঠাতে মোৰ ভাগিন লাচিতৰ খুবেই গুণানুকীৰ্ত্তন হ'বলৈ ধৰিছে সৱত্র । আনকি ব্রহ্মপুত্রৰ মাজত শৰাইঘাট দলংৰ নাতি দুৰত লাচিতৰ আৱক্ষ মুৰ্ত্তিও স্থাপিত হৈছে। সৱৰে মুখে মুখে একেই কথা আমাক লাচিতৰ দৰে সেনাপতি লাগে। যিয়ে প্রয়োজনত মোৰদৰে মোমাইবোৰৰ মুৰ তৰোৱালৰ একেটা ঘাপতে চিঙ্গিব পাৰে। শতকজুৰি, দহকজুৰি মোৰ বদনাম, মোৰ কামত কৰা গাফিলতিৰ কথা কণমানিটোৰ মুখৰপৰা বৃদ্ধজনলৈকে। কণমানিটোক লাচিত দিৱস আহিলেই বুজোৱা হয়-‘লাচিতে কামত গাফিলতি কৰা বাবে নিজৰ মোমায়েকৰ মুৰ হেংদাঙ্গে একেঘাপে চিঙ্গি দিছিল। দেশতকৈ মোমাই ডাঙৰ নহয়।“
পিছে মোৰ মনৰ বেদনা কোনোবাই বুজেনে? বছৰ বছৰ ধৰি মোৰ এই বদনাম কেনেকৈ সহি আছো, কিমান যন্ত্রণা এই বদনাম সহি থকা সেইয়া ভুক্তভোগীয়েহে জানে। দেহৰ আঁহে আঁহে দেশমাতৃৰ প্রতি প্রয়োজনত কৰা অৱহেলাৰ বব নোৱাৰা ভাৰ। কাক ক’ম, কাক বুজাম, কোনে বুজিব মোৰ এই যন্ত্রণা? জানি-বুজি জানো কোনোৱাই নিজ মাতৃক যাৰ প্রতি অন্তৰত সীমাহীন ভক্তি, সেই মাতৃৰ বিপদক গুৰুত্ব নিদিব? বছৰ বছৰ ধৰি এই বোজা বুকুত লৈ মোৰ আত্মা মোৰ প্রিয় দেশৰ অলিয়ে গলিয়ে ঘুৰি ফুৰিছে। দেশ মাতৃৰ প্রতি মোৰ অন্তৰতো অসীম প্রেম আছিল। এতিয়াও সেই প্রেম দেহৰ আঁহে আঁহে বিৰাজমান। যাৰবাবে আজিও মোৰ আত্মা এই মাতৃভুমিৰ অলিয়ে- গলিয়ে ঘুৰি ফুৰিছে।
৩)
সন্ধিয়া হৈ আহিছিল। মানুহবিলাক এই সময়তে প্রায়েই ওলাই আহে। মইও নিৰ্বিঘ্নে ঘুৰিব পাৰো এই সময়ৰ পৰাই। ১৯ মে’ৰ দিনটোলৈ মাজত আৰু কেইদিনমানহে বাকী। কেইজনমান প্রজাই মানে নাগৰিকে কথা পাতি থকা দেখি আগবাঢ়ি গলো। কিজানি ১৯ মে’ৰ দিনটো শৰাইঘাট ৰণৰ শেষ দিন হ’ব বুলি কোৱাৰ অৰ্থ কি তাৰ কিবা ভুঁ পাওৱেই কিজানি।
এজনে কোৱা শুনিলো। “ সেইদিনা এইবাৰৰ নিবাৰ্চনৰ ৰিজাল্ট ঘোষণা কৰা হ’ব। ১৫ বছৰ শাসনত থাকি দেশৰ, ৰাজ্যৰ, তথা দহৰ উন্নতি আৰু বিকাশ কৰাতকৈ নিজ স্বাৰ্থক অগ্রাধিকাৰ দিয়া ৰাজনৈতিক দল তথা নেতাক ভোটাৰ ৰাইজে ভোটৰ জৰিয়তে পৰাজয় কৰিব পাৰিলে, দেশ, ৰাজ্য তথা দহৰ অধিকাৰ ৰক্ষা পৰিব। যেনেকৈ মহাবীৰ লাচিতে শৰাইঘাটৰ শেষ ৰণত মোগলক হৰুৱাই অসমৰ সন্মান অক্ষুণ্ণ ৰাখিছিল, ঠিক সেইদৰে।“
লাহে লাহে এই আসাম মুলুকত থাকি যি বুজিছো যে ৰাজনৈতিক দল, ব্যক্তি, বিভিন্ন সংগঠনৰ নেতা-পালিনেতা আদি নিৰ্বিশেষে ৰাজ্যৰ, জনসাধাৰণৰ উন্নতি, উন্নয়ন তথা কল্যাণ আদিৰ চিন্তা কৰাতকৈ নিজৰ ব্যক্তিগত স্বাৰ্থকেহে বেছি অগ্রাধিকাৰ দিয়া হৈছে। যাৰবাবে অসম মুলুকৰ বিভিন্ন সমস্যা দিনে দিনে কমক চাৰি বেছিহে
হৈছে।
অসমৰ সীমা পাৰ হৈ বাংলাদেশী লোকৰ অবৈধ প্রবজন হৈয়েই আছে। চৰকাৰে তেওঁলোকক সীমাৰ বাহিৰ কৰাৰ সলনি ৰক্ষণা-বেক্ষনহে দিয়াৰ চেষ্টা কৰাহে দেখা যায় ভোট বেংকৰ স্বাৰ্থত। লাগিলে তাৰবাবে স্থায়ী অসমীয়াৰ জীৱনলৈ সংকটেই আহক লাগিলে।
বানপানীয়ে অসমৰ আধা ঠাই ডুবাই পেলাই সাধাৰণ নাগৰিকৰ জীৱন বিৰ্পয্যস্ত কৰাৰ পাছত তাক লৈ কোনো গুৰুত্ব নাই। বিভিন্ন নদীবান্ধে ইতিমধ্যে অসমৰ সাধাৰণ নাগৰিকৰ জন-জীৱন জ্বলা-কলা কৰাৰ পাছতো নতুন বান্ধৰ নিৰ্মাণৰ কাম চলিয়েই আছে বিভিন্ন বাধা সত্বেও।
নিবোধ-অজান গড়কেইটাকো চৰকাৰখনে সুৰক্ষা দিব পৰা নাই। আনকি এই হত্যাকাণ্ড চৰকাৰৰখনৰ পৃষ্ঠপোষকতাতে চলিছে বুলি কোৱাকুই চলিছে।
নিবনুৱাৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে, বাঢ়ি গৈছে দুখীয়া লোকৰ সংখ্যা। অন্যায়-অনীতি, দূৰ্ণীতি আদি দিনে দিনে বাঢ়ি গৈছে।জনসাধাৰণৰ কল্যাণৰ বাবে অহা টকাই কাৰোবাৰ জেপ শুৱনি কৰিছে।
বাঢ়ি গৈছে নাৰীৰ ওপৰত শাৰিৰীক, মানসিক অত্যাচাৰ। স্কুললৈ, চাকৰিলৈ আৰু আন কামত ওলাই যোৱা ছোৱালীজনী, কাৰোবাৰ ঘৰৰ বোৱাৰীজনী ধৰ্ষিতা হৈ ঘুৰি আহিছে নাইবা শ হৈ উভতি আহিছে কোনোবা মানসিক বিকাৰগ্রস্থ কামাতুৰ পুৰুষৰ কামনাৰ বলি হৈ।আৰু এইবোৰ সমূলে ধবংস কৰিবৰ বাবেই যে সেনাপতি লাচিত বৰফুকনৰ দৰে এজন বীৰ লাগে, তাক লাহে লাহে মই বুজি উঠিছো।
শাসনৰ গাদীত দেখুন আমাৰেই বংশধৰ আছে। তেওঁ এইবোৰ সমস্যাক লৈ কৰা তুলুঙ্গাভৰা মন্তব্যই বুকুত খোঁচা-বিন্ধা কৰে। আমাৰ দিনত দেখুন ৰজাসকল এনে নাছিল। বদন বৰফুকনৰ দৰে লোকৰে দেখুন আসামখন ভৰি পৰিছে।
৪)
তেওঁলোকৰ কথাবোৰে মোক আৰু বেছিহে চিন্তিত কৰি তুলিলে। হয়, মোগলে আসাম আক্রমণ কৰাৰ দিনতকৈও দেখোন বেছি গভীৰ সমস্যা। বাহিৰা শক্রক দেখোন বৰপীৰা নিজৰ নেতাই পাৰি দিছে বদন বৰফুকনৰদৰে।
সেইদিনা কাজিৰঙ্গা পাৰ হৈ আহোতে দেখিলো সৰু সৰু অসংখ্য জুপুৰী। কাষৰ-পাজৰৰ বসতি কৰা লোকসকলে কোৱা শুনিলো –সেইবোৰ হেনো অৱৈধভাবে আসামত অনুপ্রৱেশ কৰা বাহিৰা লোক। এওঁলোকে হেনো চৰকাৰৰ পৃষ্ঠপোষকতাতে অসমত প্রৱেশ কৰিছে।
আৰু এদিন দেখিলো খড়বিহীন গড় এটাই মৃত্যু যন্ত্রণাত চেঙ্গালুটি মাৰি থকা। গড়টোক দেখিয়েই মোক অন্তৰখন শোকে খুন্দা মাৰি ধৰিছিল। ইস ইস ইমান শাস্তি দিনো এই নিৰপৰাধ জন্তুটোক হত্যা কৰিব লাগেনে? দুজনমানে কোৱা শুনিলো খড়টোৰ বজাৰ মূল্য হেনো কেইবা লাখো ।মাহেলী তাৰবাবে তিনিটা/ চাৰিটাকৈ মৰা পৰে। বনমন্ত্রীজনেও হেনো হাত দাঙ্গি দিছে- বহুত ওপৰলৈকে হাত হেনো। তেওঁৰদ্বাৰা এই অপৰাধ ৰোধ কৰা সম্ভৱ নহয়। কেন্দ্রীয় চৰকাৰখনে হাত আগবঢ়াব লাগিব।
সেইদিনা দেখা আৰু এটা ঘটনাই মনটো এতিয়াও সেমেকাই ৰাখিছে।নিজান ঠাই আন্ধাৰ ৰাতি তেজৰ ডোঙ্গাৰ মাজত এজনী অৰ্ধনগ্ন যুৱতী পৰি আছে। অসহ্য যন্ত্রণাত তাই কেঁকাই আছে। নিম্নাংশ তেজেৰে লুতুৰি-পুতুৰি। বুজিবলৈ বাকী নেথাকিল যে তাই কাৰোবাৰ কামনাৰ বলি হৈছে। দাঙ্গি নি তাইক ওচৰৰ হচপিটেলখনলৈ নিবলৈ আপ্রাণ চেষ্টা কৰিলো, পিছে মোৰ দ্বাৰা সেইয়া যে অসম্ভৱ।কাষৰ পাজৰৰ মানুহৰ সহায় বিচাৰি বলিয়াৰ দৰে ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিলো। পিছে মোৰ শব্দই যে কাৰোৰে কান স্পৰ্শ নকৰিলে। নিজৰ এই অভিশপ্ত জীৱনৰ প্রতি চৰম বিতৃষ্ণা জাগিছিল সেইদিনা। ল’ৰা ৰজাই জয়মতী কুৱৰীক অত্যাচাৰ কৰাৰ পাছত গদাধৰ সিংহই ল’ৰা ৰজাক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল। এতিয়াৰ চৰকাৰে দেখুন এনে অপৰাধ কৰা অপৰাধীক ধৰা পৰিলেও বিশেষ দৃষ্টান্তমূলক শাস্তি নিদিয়ে।
একেই হৈছিল আন এদিনাও উগ্রপন্থীৰ বোমা বিস্ফোৰণত অৰ্দ্ধদগ্ধ মানুহবিলাকক সহায় কৰিব নোৱাৰি। তেওঁলোকৰ যন্ত্রনাকাতৰ চিঞৰবোৰে সেইদিনা মোৰ অন্তৰ কঁপাই তুলিছিল। সংগ্রামৰ নামত এই নিৰীহ মানুহবোৰৰ জীৱনক লৈ হেতালি কিয় খেলে এই উগ্রপন্থীবোৰে? এই নিৰীহ মানুহবোৰ জানো তেওঁলোকৰে আপোনজন নহয়!
আৰু ধেই সমস্যা প্রত্যক্ষ কৰিছো। কৈ থাকিলে শেষেই নহ’ব। লাচিতলৈ খুবেই মনত পৰিছে। লাচিত বা ক’ত আছে? লাচিতে বাৰু প্রিয় আসামখনৰ এনে অধোগতি হৈছে বুলি জানেনে বাৰু? নেজানে চাগে’, জনাহেতেন, কেতিয়াও একো নকৰাকৈ বহি নেথাকিলহেঁতেন। সঁচাই ভাগিন লাচিতৰ খুবেই প্রয়োজন হৈছে।(মনৰ অনুভৱ মাত্র)

No comments: