Thursday, July 21, 2016

আমি ভোটাৰ ৰাইজ কিমান সচেতন ?(চিন্তনীয় )

আমি ভোটাৰ ৰাইজ কিমান সচেতন ?(চিন্তনীয় )
অসমৰ ভোটাৰ নাগৰিকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ মাজত আৰু মাত্র কেইটামান দিনহে বাকী। নিবাচনৰ দিন কাষ চাপি যিমানে আহিছে, সিমানে বিভিন্ন দল- সংগঠনে নিজৰ নিজৰ দলৰ হৈ বিভিন্ন ধৰণে প্রচাৰ অভিযান আৰম্ভ কৰিছে। ভোটাৰ ৰুপি সহজ সৰল নাগৰিকৰ ভোটতো যাতে প্রত্যেক দলেই নিজৰ কৰিব পাৰে, তাৰবাবে বিভিন্ন দলে চেষ্টাৰ ক্রুটি কৰা নাই। ইটো ৰাজনৈতিক দলে সিটো ৰাজনৈতিক দলৰ দোষ –বিদোষ খুচৰাৰ লগতে অনাগত নিবাচনত জিকিলে তেওঁলোকে ৰাজ্য তথা নাগৰিকৰ বাবে কি কি কৰিব ,তাৰ বাবে ইস্তাহাৰ প্রকাশ কৰিছে। আনকি জুই –পানীৰ দৰে সঞ্চাৰ বিভিন্ন ৰাজনৈতিক দলে নিবাচনী বৈতৰণী পাৰ হ’বৰ বাবে বিপদত বাঘে- ছাগে একেলগ হোৱাৰ দৰে এই ৰাজনৈতিক দলবোৰে নিজৰ মাজত থকা শক্রুতা পাহৰি নিজ দলৰ নীতি –আদশ বিসজন দি কেৱল দিছপুৰৰ গাদী দখলৰ বাবে লালায়িত হৈ পৰিছে। আনকি বিভিন্ন ৰাজনৈতিক জনপ্রতিনিধিয়ে নিজৰ ন্যস্ত স্বাথ পূৰণৰ বাবে ৰাজ্যৰ, দহৰ কল্যাণৰ কথা পাহৰি ইটো দলৰ পৰা সিটো দলত যোগদান কৰিছে। তেওঁলোকৰ বাবে নিজৰ ন্যস্ত স্বাথ পূৰণৰ বাবে দিছপুৰৰ গাদী দখল মূখ্য, তাৰ ঠাইত জন সাধাৰণে তেওঁলোকৰ ওপৰত কৰা আশা-আকাংক্ষা গৌণ হৈ পৰে।
সুদূৰ দিল্লীৰপৰা বিভিন্ন ৰাজনৈতিক দলৰ বৰমুৰীয়া সকলে সাধাৰণ জনতাৰ ৰাজহৰে চালিত হেলিকপ্টাৰে আহি ইখনৰ পিছত সিখন সভাত অংশগ্রহণ কৰি শাসকীয় দলে যোৱা পোন্ধৰ বছৰে কৰা বিভিন্ন কূ-কীতিৰ, অপশাসনৰ কথা মুক্তভাৱে প্রকাশ কৰি তেওঁলোকক এইবাৰ নিবাচনত জিকালেহে এই অপশাসনৰ অন্ত পৰিব বুলি ঘোষণা কৰিছে বিজেপি নেতত্বাধীন কেন্দ্রীয় চৰকাৰে । অনাগত দিনত এওঁলোকৰ দলৰ চৰকাৰ আহিলে ৰাজ্যৰ জনসাধাৰণৰ বাবে তেওঁলোকে নানান প্রতিশ্রুতিৰ বন্যা বোৱাইছে। পিছ পৰি ৰোৱা নাই প্রতিশ্রুতিৰ নৈ বোওৱাত ৰাজ্যৰ শাসকীয় দলৰ চৰকাৰেও। পিছে বিগত পোন্ধৰ বছৰত ৰাজ্যৰ বিকাশৰ কথা কোৱা চৰকাৰখনে প্রকৃততে অসম ৰাজ্যৰ কিমান বিকাশ তথা উন্নয়ন কৰিলে সেইয়া সন্দেহৰ আৱত্তত। জনসাধাৰণৰ, ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক কামৰ বাবে অহা ধনৰাশি উন্নয়নৰ কামত নলগাই নিজৰ জেপ গধুৰ কৰা , বিভিন্ন বিভাগত চৰকাৰী পৃষ্ঠপোষকতাত ৰাজহুৱা আঁচনিৰ ধন আত্মসাৎ কৰা, দুনীতিৰে শাসকীয় দলে গোটেই ৰাজ্য লুটি পুটি খাব খোজা আদিবোৰ নিবাচন অহাৰ লগে লগে এই ৰাজনৈতিক দলবোৰৰ মুখত আখৈ ফুটাদি ফুটিছে।
বোকা চটিওৱাৰ ৰাজনীতি ইতিমধ্যে আৰম্ভ হৈ গৈছে বিভিন্ন ৰাজনৈতিক দলৰ মাজত। ৰাজ্যৰ শাসকীয় কংগ্রেছ চৰকাৰে কেন্দ্রীয় চৰকাৰে যোৱা লোকসভা নিবাচনত জয়ী হোৱাৰ পাছত দেশ তথা দেশৰ কল্যাণৰ বাবে যি যি কৰিম বুলি কথা দিছিল, সেইমতে নকৰা, নিবাচনত জয়ী হ’বৰ বাবে যে সেইবোৰ টোপ হিছাপেহে নাগৰিকৰ ওচৰত ব্যৱহাৰ কৰিছিল, তাক প্রমাণ কৰাৰ চেষ্টা কৰিছে। বিজেপি তথা অগপ দলে মাত্র উন্নতিৰ, উন্নয়নৰ আশাৰ বতৰাহে দিব পাৰে, বাস্তৱ কৰিব নোৱাৰে। নিবাচনত জয়ী হোৱাৰ পাছত সেই উন্নতিৰ, উন্নয়নৰ সপোন সদায়েই সপোন হৈয়ে থাকিব, তাক প্রমাণ কৰাৰ বাবে উঠি পৰি লাগিছে। আনকি দল বাগৰা বিভিন্ন ৰাজনৈতিক নেতাই শাসকীয় দলত কৰা দুনীতি তথা ৰাজহুৱা ধনৰ অপব্যৱহাৰ এতিয়াহে শাসকীয় দলৰ চকুত পৰিছে। দল ত্যাগ কৰা বিভিন্ন ৰাজনৈতিক নেতাই যে শাসকীয় চৰকাৰৰ পৃষঠপোষকতাতে যে ৰাজুহুৱা ধনৰ শৰাধ পাতিছিল, সি জল জল পট পট কৈ প্রমাণ কৰিছে নেতা –পালি নেতাৰ এনেধৰণৰ স্বীকাৰোক্তিৰপৰাই। আনকি সতীথ বিভিন্ন নেতাই ৰাজনৈতিক নেতাই দল বাগৰাৰ লগে লগে ইজন নেতাই সিজন নেতাৰ অকমণ্যতাৰ প্রমাণ জনসাধাৰণৰ মাজত উদঙ্গাই দেখুৱাত ব্যস্ত হৈ পৰিছে। আনকি পোন্ধৰ বছৰ দিছপুৰৰ শাসনৰ গাদী দখল কৰি থকা মুখ্যমন্ত্রী জনৰ ৰাজ্যৰ তথা জনসাধাৰণৰ বিভিন্ন সমস্যা লৈ কৰা তুলুঙ্গা ভৰা মন্তব্যই ৰাজ্যৰ সাধাৰণ নাগৰিকক মাজে মাজে বিভ্রান্ত কৰি তোলে। যেন সাধাৰণ নাগৰিকৰ সমস্যা শাসক দলৰ মুখ্যমন্ত্রী জনৰ বাবে যেন চিন্তাৰ একো বিষয়েই নহয়। যেন জনসাধাৰণৰ সমস্যাবোৰ সমাধান কৰাতকৈ সেইবোৰ সমস্যা হিছাপেহে ৰাখিলেহে তেওঁলোকৰ সুবিধা বেছি হয়।
আনকি সজাগ প্রহৰী ৰুপে ৰাজ্যৰ তথা জনসাধাৰণৰ অধিকাৰ লৈ সদা সতক হৈ থকা গণতন্ত্রৰ চতুথ স্তম্ভৰুপে পৰিচিত সাংবাদিকসকল, নিউজ চেনেলবোৰ, বুদ্ধিজীৱি তথা দৈনিক বাতৰি কাকতবোৰৰ কিছুৱেও অসমৰ সাধাৰণ ভোটাৰ ৰাইজক বিভ্রান্ত কৰাহে দেখা গৈছে। এওঁলোকে সত্য আৰু নিৰপেক্ষ বাতৰি প্রকাশ কৰাতকৈ নিজৰ নিজৰ পছন্দৰ দলৰ হৈহে নিবাচনী প্রচাৰ চলোৱা যেন লাগে। ইয়ে সাধাৰণ ভোটাৰ ৰাইজক বিভ্রান্ত কৰাই নহয় দিকভ্রান্ত কৰিহে তুলিছে। কোনে সত্যৰ আশ্রয় লৈছে আৰু কোনে অসত্যৰ আশ্রয় লৈছে তাক নিণয় কৰা কঠিন হৈ পৰিছে।
ইফালে নিৰক্ষৰ ,দৰিদ্র তথা পিছপৰা ভোটাৰসকলক বিভিন্ন প্রলোভনেৰে মোহিত কৰিব বিছৰা হৈছে। এই ভোটাৰসকলৰ ভোট হস্তগত কৰিবৰ বাবে এই সাধাৰণ নাগৰিকসকলৰ মাজত সূতা- কম্বল আদি বিলোৱাৰ দৰে নিন্দনীয় পন্থা অৱলম্বন কৰিবলৈও ৰাজনৈতিক দল- সংগঠনবোৰে পিচ হুহুকা নাই। আনকি জাত –পাতৰ ৰাজনীতিও আৰম্ভ হৈছে। বছৰ বছৰ শান্তি-সম্প্রীতি-ঐক্যৰ এনাজৰীয়ে বান্ধ খাই থকা অসমীয়া হিন্দু সম্প্রদায় আৰু মুছলমান সম্প্রদায়ৰ মাজত থকা সাতাম পুৰুষীয়া মিলা- প্রীতিত ভাঙোন আনিবৰ চেষ্টা কৰা দেখা হৈছে। আহোম, চুতিয়া, কোঁচ , কলিতা, ব্রাহ্মণ, মিৰি, মিছিং , কাবি, চাহ সম্প্রদায় আদি বিভিন্ন জাতি সম্প্রদায়ৰ মাজত জাত-পাতৰ নিকৃষট ৰাজনীতিৰে বিভেদ অনাৰ চেষ্টা কৰা দেখা গৈছে। ‘Divide and Rule’ ৰ নীতি অনুসৰণ কৰি ৰাজ্যৰ শাসন পদ্ধতি চালিত কৰিব বিছাৰিছে এই ৰাজনৈতিক দল- সংগঠনবোৰে।
এনে অৱস্থাত সাধাৰণ ভোটাৰ ৰাইজ বিপথে পৰিচালিত হ’বলৈ বেছি সময় নেলাগে। গতিকে সাধাৰণ ভোটাৰ ৰাইজে নিজে নিজৰ বাট বিচাৰি উলিয়াবৰ সময় আহি পৰিছে। এতিয়াই যদি সাৱধান হোৱা নেযায়, ভৱিষ্যতে এই ৰাজনৈতিক দলবোৰে ৰাজ্য তথা অসমৰ সাধাৰণ নাগৰিকৰ অস্তিত্বৰ প্রতি চূড়ান্ত ভাবুকি কঢ়িয়াই আনিব সেয়া ন’দি ক’ব পাৰি। এদিন এই ৰাজনৈতিক দলবোৰৰ কিছুৱে বদন বৰফুকনৰ ৰুপ লৈ বিদেশীৰ হাতত ৰাজ্য সপি দিব সেয়া নিশ্চিত। তেতিয়া আমাৰ আৰু কৰিবলৈ একোৱেই বাকী নেথাকিব।গতিকে সময় থাকোতেই আমি সাৱধান হোৱা উচিত।

No comments: