Thursday, July 21, 2016

-------তেজৰ ৰঙ মাত্ৰ ৰঙা -------------

-------তেজৰ ৰঙ মাত্ৰ ৰঙা -------------
(মনৰ কথা)
১)
এজনী ছোৱালী। এজনী অসমীয়া ছোৱালী।বয়স তেতিয়া তাইৰ ২১ ৰ সীমা চুওঁ চুওঁ।হঠাৎে তাই বেমাৰত পৰিল।নাৰ্চিংহোমত অজ্ঞান অৱস্হাত ভৰ্ত্তি কৰা হ'ল। ডাক্তৰ ,নাৰ্চ সকলো তাইক লৈ ব্যস্ত হৈ পৰিল। ঘৰৰ একমাত্ৰ কন্যা সন্তান। মাঁক,দেউতাক,ককায়েক,ভায়েকৰ আলাসৰ লাৰু।সকলো পাগলৰদৰে হ'ল। ডাক্তৰে ভালদৰে পৰীক্ষা কৰি ব্লাড তিনি ইউনিট দিব লাগিব বুলি ক'লে। তেহে হুচ আহিব। য'ৰ ত'ৰপৰা অতি সোনকালে গোটাই আনিব ক'লে।তাকো ফ্ৰেছ ব্লাড হ'ব লাগিব ।ভায়েকৰ লগত ব্লাডৰ গ্ৰুপ মিলাত এক ইউনিট সিয়েই দিলে। আৰু দুই ইউনিটৰ প্ৰয়োজন। আগবাঢ়ি আহিল ককায়েকৰ লগৰ কেইবাজনো বন্ধু।তিনি ইউনিট ব্লাড লোৱাৰ পাছত ছোৱালীজনী সুস্হ হ'ল। তাইক ব্লাড দিয়া ককায়েকৰ বন্ধুকেইজনৰ এজন মুছলমান আছিল। হিন্দু আৰু মুছলমানৰ তেজ তাইৰ দেহত মিলি এক হৈ গ'ল। মই হিন্দুৰ তেজ বা মই মুছলমানৰ তেজ বুলি তাইৰ দেহত মিলি যাবলৈ কোনেও অসহযোগ নকৰিলে। দিন গৈ থাকিল।দিন গৈ মাহ,মাহ গৈ বছৰ হ'ল। কোনেও তাইৰ দেহত কঢ়িয়াই ফুৰা হিন্দু-মুছলমানৰ ব্লাডক লৈ প্ৰশ্ন নুতুলিলে।
২)
আজি কিছুদিনৰ আগৰপৰা লাহে লাহে হিন্দু আৰু মুছলমানৰ মাজত শান্তি-সম্প্ৰীতি বিনষ্ট কৰিবৰ বাবে এজাক লোক ব্যস্ত হৈ পৰা দেখা গ'ল। হিন্দুৰ মন্দিৰত গৰুৰ মাংস পোৱা গ'ল। সত্ৰৰ থাপনাত গৰুৰ কটা মুৰে স্হান পালে। অথচ মন্দিৰ,নামঘৰ,সত্ৰ আদিৰ চাৰি সীমাৰ ভিতৰত গো মাংসৰ প্ৰৱেশ নিষেধ। এইয়া যে কোনো বিশেষ চক্ৰৰ এই দুয়ো জাতিৰ মাজত অৰিয়া -অৰি সৃষ্টিৰ বাবে কৰা কান্দ সহজতে বুজা গ'ল।
তাইৰ মনলৈ পিছে আন এটা প্ৰশ্নহে আহিছে -এই যে হিন্দু,মুছলমান আদিক লৈ ৰাজনীতি চলিছে কি'হৰ বাবে চলিছে?কি প্ৰয়োজন এই খাম-খেয়ালিৰ?কি লাভ হ'ব সেইসকল লোকৰ যিয়ে এনে দুৰ্ষ্কায্য কৰিব খুজিছে?তাইৰ দেহত মিলি যোৱা হিন্দু -মুছলমানৰ তেজে যেনেকৈ তাইক জীৱনটো আগবঢ়াই নিয়াত সহায় কৰিছে ঠিক তেনেকৈ দুয়ো জাতি মিলি দেশ তথা দহৰ উন্নতিৰ বাবে কাম কিয় নকৰে? তাইৰ দেহৰ ৰন্ধে ৰন্ধে মিলি যোৱা তেজৰপৰা বাৰু কোনোবাই চেষ্টা কৰিলেও মুছলমানৰ তেজখিনি উলিয়াই আনিব পাৰিবনে?তাই আচলতে কি হিন্দু নে মুছলমান কোনোবাই ক'ব পাৰিবনে? তাইৰ দেহৰপৰা যিদৰে হিন্দু মুছলমানৰ তেজ ভাগ ভাগ কৰি উলিয়াই আনিব নোৱাৰে ঠিক সেইদৰে এইখন ৰাজ্যত অতীজৰেপৰা যি মিলা-প্ৰীতিৰে হিন্দু-মুছলমান এক সম্প্ৰীতিৰ দোলেৰে বান্ধ খাই আছে সেই ঐক্য-সম্প্ৰীতিৰ দোলৰ মাজত ভাঙোন সৃষ্টি কৰিব খুজিলেও সেই দোল ভঙাটো ইমান সহজ নহয়।তাইৰ দেহৰ পৰা মুছলমানৰ তেজ উলিয়াই আনিবৰ চেষ্টা কৰিলে যেনেকৈ তাইৰ মৃত্যু অনিবাৰ্য্য,ঠিক সেইদৰে এই সম্প্ৰীতিত ভাঙোন আনিব খুজিলে দুয়োটা জাতিয়ে যে ধ্বংসপ্ৰাপ্ত হৈ যাব সেয়াও নিশ্চিত।গতিকে এই ষড়যন্ত্ৰ এতিয়াই বাদ দি ৰাজ্যখনৰ উন্নতিৰ চিন্তা কৰাহে শ্ৰেয়।(তাইৰ দৰে বহু হিন্দু মানুহ ওলাব যিয়ে নেকি জাত-পাতৰ বিচাৰ নকৰি প্ৰয়োজনবঃশত মুছলমানৰ শৰীৰৰ তেজ গ্ৰহণ কৰিছে,তেতিয়াহ'লে সেই হিন্দু অসমীয়াখিনিক কি কৰা যাব?)

-----------------------এটা সপোন -----------------------------------------------------

-----------------------এটা সপোন -----------------------------------------------------
১)
মাঁৰ মাতত ধৰমৰাই সাৰ পাই উঠিলো। ৱাল ক্লকটোলৈ চালো।আঠ বাজি গৈছে। ইমান দেৰি তাৰমানে মই শুইৱে আছিলো।মাঁহতো যে আৰু-মোকতো উঠাই দিব লাগে।পিছে মনত পৰিল কালি শুৱাৰ আগতে মইৱেতো কৈছিলো মোক কাইলৈ ৰাতিপুৱা সোনকালে নজগাবলৈ। কালি আবেলি গুৱাহাটীৰপৰা দৰকাৰী কাম এটাত ঘৰলৈ আহিবলগীয়া হ'ল। নগাওঁৰ বাইপাচৰপৰা কাজিৰঙা পোৱালৈকে ৰাস্তাটোৰ অৱস্হা যিহে দিনে দিনে হৈ গৈছে, আৰু তাৰপাছতো দেৰগাওঁ ,যোৰহাট আদিলৈকে ঘৰলৈ অহাৰ কথা ভাবিবলৈকে ভয় লগা হৈছে। হাইৱে বনাইছে বুলিয়েইনো বাৰু অলপো মেৰামতি কৰিব নেলাগেনে?এনেকৈ মেৰামতি নকৰিলে আৰু ছয় মাহমানৰ পিছত যে ৰাস্তাটোত মাজে মাজে একোটা পুখুৰীৰ সৃষ্টি হ'ব,সেয়া নিশ্চ্ত। আৰু বাৰিষা কালত পথাৰৰ সৃষ্টি হৈ তাতে খেতি কৰিব পাৰিব কাষৰ জনসাধাৰনে সেইয়া ন দি ক'ব পাৰি। ৰাস্তাটোৰ কৃপাত যেনিবা আন নহ'লেও কঁকালৰ জোৰা যে সোলোক ঢোলোক হৈ পৰিব সেইয়া চকু মুদি ক'ব পাৰি। তাতে যিখন চুপাৰত আহিলো ব্ৰেক মাৰিবলৈ লওঁতে যিহে ককৰ্ষ শব্দৰ সৃষ্টি হয়,চকুযোৰ জপালেও সাৰপাই যাওঁ। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক দোষ দিয়ে,তেওঁলোকৰ হাতত হেনো ৰাস্তাটোৰ মেৰামতি কৰাৰ দায়িত্ব নাই। চৰকাৰে যিয়েই নকওঁক পিছে শাস্তি খিনি সাধাৰন জনতাই খাইছে।
২)
চকুহাল মোহাৰি বিচনাৰপৰা উঠি আহিলো।বাহিৰত এক হুলস্থুলীয়া পৰিৱেশ। ভিতৰৰপৰাই এই হুলস্হুল শুনি কি হ'ল বুলি ওলাই আহি দেখিলো আমাৰ চাহ বাগানৰ পাত টুকা মোহন দাদা,আচাদে একোখনকৈ নতুন চাইকেল লৈ আহিছে। আচৰিত কথা ইহঁতে নতুন চাইকেল কিনিব পৰাকৈ টকা ক'ত পালে?
উৎসুকতা দমন কৰিব নোৱাৰি মোহন দাদাক সুধিলো-"মোহনদা,নতুন চাইকেল যে...."
"চৰকাৰে দিছে। অকল চাইকেলেই নহয় ঘৰো বনাই দিছে,ইলেক্টিচিটি দিছে,লেট্ৰিন দিছে । আৰু কি জানে আমাৰ দৈনিক হাজিৰা ৩০০ দিব লাগিব বুলি মালিকে চৰকাৰে বান্ধি দিছে।"মোহনদাই ক'লে।
আচৰিত হৈ মাঁৰ মুখলৈ চালো।মাঁয়ে মোৰ প্ৰশ্নবোধক চাৱঁনি দেখি মুৰটো দুৱাই বুজালে যে এইয়া সচাঁ। আচৰিত জনসাধাৰনক শোষণ কৰা চৰকাৰখনৰ এনে পৰিৱৰ্ত্তন কেনেকৈ হ'ল? মাঁয়ে আৰু ক'লে -কেচাঁ চাহপাতৰ দামো চাহ খেতিয়কৰ উপযুক্ত হোৱাকৈ বান্ধি দিছে।অকল চাহপাতেই নহয়,খেতিয়কৰ সকলো উৎপাদিত সামগ্ৰীত উপযুক্ত দাম বান্ধি দিছে যাতে খেতিয়কৰ লোকচান নহয়।আশ্বৰ্য্যচকিত হৈ পৰিলো মই।
৩)
মাঁয়ে বনাই দিয়া চাহ কাপ খাই ডাঙৰ বৰ্তাৰ খবৰ এটা লৈ আহো বুলি ওলাই আহিলো।বৰদেউতাৰ গাটো বৰ এটা ঠিক নাছিল।একমাত্ৰ ল'ৰাটো চাকৰিসূত্ৰে শিৱসাগৰত থাকে। চুটি পালে সি ঘৰলৈ আহি যায়। বৰবৌৰ দিন-ৰাতি বৰদেউতাক সেৱা-শ্ৰুষসা কৰোতেই যায়। বৰদেউতাক চাবৰ বাবে মই কেতিয়াবাই নাৰ্চ এগৰাকীক ল'ব কৈছিলো।পিছে গাওঁত ক'ৰপৰা নাৰ্চ পাব?যাৰফলত বৰবৌৱে বৰদেউতাৰ সেৱা কৰোতে বৰবৌৰ দেহাও দিনে দিনে পৰি আহিছে।গেটখন খুলি সোমাই গ'লো। বাৰান্দাতে বৰ্তা বহি আছিল।আগতকৈ স্বাস্হ্য ভাল হৈছে। মোক দেখি কেতিয়া আহিলো সুধিলে।তেনেতে দেখিলো এগৰাকী নাৰ্চে হাতত মেডিচিন লৈ আহিছে বৰদেউতাক খোৱাবৰ বাবে।আচৰিত হ'লো।
বৰবৌক দেখি আচৰিত হৈ সুধিলো -"ক'ত পালে?"
চৰকাৰে দিছে।বৰদেউতা হাইস্কুলৰ শিক্ষক আছিল। চৰকাৰে ৰিটায়াৰড শিক্ষকৰ বাবে পেঞ্চনৰ বাদেও বেলেগ সুবিধা কৰি দিছে। যিসকলৰ বৃদ্ধ বয়সত চোৱা-চিতা কৰিবৰ বাবে মানুহৰ অভাৱ,তেওঁলোকৰ বাবে নাৰ্চৰ ব্যৱস্হা কৰি দিছে।মাত্ৰ এখন আবেদন কৰিব লাগে।অকল সেয়াই নহয়,গাওঁৰ সকলো বয়োজেষ্ঠৰ বাবে বৰদেউতাৰদৰে সুবিধা দিছে বিনামূলীয়াকৈ। তাৰোপৰি যিসকল বয়োজেষ্ঠ লোক চিকিৎসালয়লৈ যাব নোৱাৰে তেওঁলোকৰ বাবে ডাক্তৰ নিজে ঘৰলৈ আহি চেক আপ কৰি যায়হি। আশ্বৰ্য্যৰ সীমা মোৰ নোহোৱা হৈছিল। এইবোৰ কেতিয়া হ'ল মই যে একো গমেই নেপাওঁ। এদিনতে ৰাতিটোৰ ভিতৰতে এনে পৰিৱৰ্ত্তন সম্ভৱনে নে মই সপোন দেখিছো?বৰবৌৱে দিয়া চাহকাপ খাই আৰুনো কি পৰিৱৰ্ত্তন হৈছে চাওঁ বুলি ৰাস্তাটোৰে আগুৱাই গ'লো।আমাৰ ঘৰৰ সন্মূখৰ ৰাস্তাটো আগৰেপৰাই পকা আছিল।পিচে কাষৰ চুবুৰীলৈ যোৱা ৰাস্তাটোও যে এদিন পকি হৈ উঠিব সেয়া সপোনৰো অগোচৰ আছিল।কিন্তু আজি সেই ৰাস্তাটোও পকি দেখি চকিত হৈ পৰিলো।
অলপ আগুৱাই সেইটো নগেনদাৰ ঘৰ।দিন হাজিৰা কৰি পেট প্ৰৱত্তোৱা নগেনদাৰ আগৰ চৰকাৰে দিয়া পনিয়লি ঘৰটোৰ ঠাইত আসাম টাইপৰ বৃহৎ ঘৰটো দেখি মোৰ মুখৰ মাত হৰিল।তেনেতে নগেনদাৰ খুৰী ওলাই আহিল।মোক দেখি হাঁহি মোৰ খা-খবৰ ল'লে।ঘপকে সুধি পেলালো তেওঁলোকৰ এই পৰিৱৰ্ত্তনৰ আঁৰৰ ৰহস্য।
"তই বহুদিন অহাই নাই নহয়।ক'তনো গম পাবি?চৰকাৰে সহায় কৰিছে।আজিকালি খুড়াই কাঠৰ ফাৰ্নিছাৰ এখন আৰম্ভ কৰিছে চৰকাৰে টকা দি সহায় কৰিছে।আগৰদৰে হাজিৰা কৰিব নেলাগে।মোৰ ভৰিৰ বিষটোও চৰকাৰে সহায় কৰাত ভাল হ'ল।এই চৰকাৰখনে আমাৰ কাৰনে বহুত কৰিছে জান। "
খুড়ীৰ লগত কথা শেষ কৰি মই ৰাস্তাটোৰে আগবাঢ়িলো।ৰাস্তাৰ দুয়োকাষে খেতিৰ পথাৰ।ধান গছবোৰত ধানৰ ঠোকবোৰ ঢো খাই পৰিছে।খেতি এইবাৰ তাৰমানে ধুনীয়া হৈছে। আৰু দেখিলো পথাৰৰ কাষে কাষে বৃহৎ পানী যাব পৰা নলা।তাৰমানে বছৰৰ বাৰমাহেই ইয়াত খেতি কৰিব পাৰে।আৰু অলপ আগুৱাই গৈ তিনিআলিটো পালোগৈ।তাত মোৰবাবে আৰু আশ্বৰ্য্য ৰৈ আছিল।তিনিআলিটোৰ সোঁফালে থকা খালি ঠাইটুকুৰাত এটা স্বাস্হ্যকেন্দ্ৰ।তিনিআলিটোতে ৰমেন খুড়া ৰৈ আছিল।মোক দেখি কেতিয়া আহিলো,ভাল বেয়াৰ খা-খবৰ সুধিলে।সুবিধা পাই মই স্বাস্হ্যকেন্দ্ৰটোলৈ ডাক্তৰ আহেনে নাই সুধিলো। উৎসাহভৰা কন্ঠেৰে ক'লে-"বৰ ভাল ডাক্তৰ আই।আমাকবোৰক পিতৃতুল্য জ্ঞান কৰে।মানুহৰ ঘৰে ঘৰে গৈ বেমাৰ চায়গৈ।আজিকালি দুৰলৈ আৰু বেমাৰ দেখাবলৈ যাব নেলাগে।চৰকাৰে বহুত উপকাৰ কৰিলে এই স্বাস্হ্যকেন্দ্ৰটো পাতি দি।"প্ৰত্যেকখন গাওঁতে হেনো এটা স্বাস্হ্যকেন্দ্ৰ পাতিছে।
ইতিমধ্যে স্কুল খুলিছিল।অসমীয়া মাধ্যমৰ সেই স্কুলতেই আমি পঢ়িছিলো।পিছে যোৱা কিছুবছৰত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নিজৰ ল'ৰা-ছোৱালীক পঢ়িবলৈ দিয়াত চকুত লগাকৈ অসমীয়া মাধ্যমৰ স্কুলত ছাত্ৰ-ছাত্ৰী বহুত কমি গৈছিল।তাতে নতুনকৈ নিয়োগ কৰা শিক্ষক সকলৰ দৰমহা পাতি নিয়মীয়া নোহোৱাত তেওঁলোকেও পঢ়োৱাত বিশেষ আগ্ৰহ দেখুৱা নাছিল।পিছে আজি তাৰ ওলোটাটোহে প্ৰত্যক্ষ কৰিলো।স্কুলখনলৈ যিদৰে ছাত্ৰ-ছাত্ৰীৰ আগমন ঘটিছে কোনেও নকয় অসমীয়া মাধ্যমৰ স্কুলৰ সংকট চলিছে বুলি।চিনাকী শিক্ষয়ত্ৰী এগৰাকী পাই তাইৰ লগত স্কুলৰ বিষয়ে কথা পাতিলো।তাইয়ে ক'লে-"আজিকালি সকলো সলনি হৈছে বাইদেউ।চৰকাৰে শিক্ষক ৰ দৰমহা নিয়মীয়া কৰাৰ লগতে স্কুলৰ শিক্ষা ব্যৱস্হাৰো বহু পৰিৱৰ্ত্তন কৰিছে।দুখীয়া ছাত্ৰ-ছাত্ৰীৰ শিক্ষা বিনামূলীয়া কৰিছে।স্কলাৰশ্বিপৰো ব্যৱস্হা কৰিছে।যাৰবাবে অসমীয়া মাধ্যমৰ স্কুলৰ শিক্ষাৰ মান উন্নত হৈছে।আজিকালি অভিভাৱকে ইংৰাজী মাধ্যমৰ বিদ্যালয়তকৈ নিজৰ সন্তানক অসমীয়া মাধ্যমতহে দিয়া হৈছে।"তাইৰ সময় হোৱাত গুছি গ'ল।
মই উভতনি যাত্ৰা ল'লো। মুল ৰাস্তাটোৱেদি আজিকালি দুই এখন যাত্ৰী নিয়া গ্ৰাম্য বাছ,ট্ৰেকাৰ আদি চলিবলৈ লৈছে ।তাৰমানে মানুহবোৰ আজিকালি ডেৰ কিলোমিটাৰ দুৰৰ বাছষ্টেন্ডটোলৈ যাব নেলাগে।আহঁত গছজোপাৰ তলতে এটা জিৰনি কোঠাও বনাই দিছে।ৰাস্তাৰ কাষে কাষে বহুবোৰ শাৰী শাৰীকৈ গছ ৰুই থৈছে।তাৰমানে চৰকাৰে প্ৰকৃতি সংৰক্ষণৰ কথাতো গুৰুত্ব দিছে।উভতি আহোতে বিভিন্নজনৰ মুখত বতমানৰ চৰকাৰখনে দেশৰ তথা দহৰ মংগলৰ কল্যানৰ বাবে লোৱা কামৰ কথা শুনিলো।মনটো মোৰ লাহে লাহে ভৰি আহিল।ঘৰত যে নোকোৱাকৈয়ে ওলাই আহিলো তেতিয়াহে মনলৈ আহিল।মাঁৰপৰা গালি খাব লাগিব বুলি খৰকৈ খোজ দিলো।
তেনেতে কান্ধত ধৰি মাঁয়ে মাতিলে-"মাজনী,বহু দেৰি হ'ল।উঠ।"দুচকু মেলি দেখিলো মই বিচনাতে আছো।তাৰমানে মই সপোনহে দেখি আছিলো।যিকি নহঁওক বাস্তৱ নহ'লেও সপোনটোৱে মোৰ মন ভৰাই পেলালে।সচাঁকৈ যদি এই সপোনে বাস্তৱ ৰুপ পালেহেঁতেন....

দুলাল

দুলাল
ৰাতিপুৱাই গাওঁখনত হুৱাদুৱা লাগিল ৰমেনে খবৰটো দিয়াৰ লগে লগে।বনজুইৰদৰে চাৰিওফালে বাতৰিটো বিয়পি পৰিল। নেলাগিবনো কিয়-এনে সুযোগ দুনাই আহে নেকি?সুবিধা পাওঁতেই যদি সুবিধা ল'ব পৰা নেযায়,তেনেহ'লে আজিৰ দিনত সি লায়েকৰ মানুহ নহয়। পদুমীয়েও যাম বুলি ভাবিছিল,পিছে দিনে দিনে চকুহালে বেছিকৈ নেদেখা হৈ অহাত গিৰীয়েককে পাচিলে-"বোলো শুনিছেনে,মিটিংখনলৈ যাওঁক,সুতা,কম্বল আদি দিছে। ঠান্ডাটো পালেহিয়েই,কম্বল নিকিনাকৈয়ে হ'ব যদি ভাল কম্বল হয়,নহ'লে বিক্ৰী দি দুটকা পোৱাই যাব।সুতাখিনিৰে বোৱাৰীজনীয়ে আপোনাৰ আৰু ল'ৰাটোৰ বাবে তিয়নী সাজকে ব'ব পাৰিব।" পদুমীয়ে ঠিকেই কৈছে মনতে ভাবিলে দুলালে। হওঁতে তাই মিছা কোৱা নাই।
যোৱাবাৰো ইলেকচনৰ আগে আগে সুতা,কম্বল,আঠুৱা বিতাইছিল। তেওঁ গৈ এটা ভাগ আনিছিল। আঠুৱাকেইটা পাছত গৰুকেইটাক ম'হে কামোৰাৰপৰা ৰক্ষা কৰাত ব্যৱহাৰ কৰা হ'ল। সূতাৰে বোৱাৰীয়ে তেওঁ আৰু পুত্ৰৰ বাবে তিয়নী বৈ দিলে। কম্বলকেইখনো বৰ এটা বেয়া নাছিল।ঠান্ডা অহাত নিজে ব্যৱহাৰ কৰিলে। ৱাড মেম্বাৰগৰাকী নিজৰ গাওঁৰে হোৱাত বিপিএল কাডটোও উলিয়াই ল'লে।নিজৰ ঘৰৰ মাটিকেইডৰাৰ ধানে বছৰটো জোৰেই। তিনিটকীয়া চাউল কেইকেজি সোনাৰামৰ দোকানতে বিক্ৰী থৈ পইচাকেইটাৰে আন বস্তু কিনি লৈ আহে। তেওঁৰদৰে আন কেইবাজনেও এই কামটো কৰি আছে।লাজ কৰিবলগীয়া আৰু কিটো থাকিল। ইতিমধ্যে বয়স নহ'লেও ৱাড মেম্বাৰৰ লগ লাগি বৃদ্ধ পেন্ছনটোওঁ তেওঁ উলিয়াই লৈছে। তাৰবাবে অৱশ্যে তেওঁ দুটকামান খৰচ কৰিবলগীয়া হ'ল। চৰকাৰে তেওঁলোকক সুবিধা দিছে,লৈছে। তেওঁ নল'লে আনে ল'ব?গতিকে আনকনো কিয় সেই সুবিধা ল'বলৈ দিয়ে?
চাইকেলখন লৈ তেওঁ মিটিংলৈ বুলি ওলাই গ'ল। নাতি দুটাও যাব ওলাইছিল,পিছে মানুহৰ ভিৰ হ'ব দেখি নিনিলে।বাটত তেওঁ বহু চিনাকী পালে। সৱৰে উদ্দেশ্য একেই। মহিলাৰ সংখ্যা বহু বেছি।আন নহ'লেও সুতা অলপমান পালেও হ'ল। অন্তঃত মেখেলা-চাডৰ দুযোৰমান বৈ বিক্ৰী দুটকামান ঘটিব পাৰিব। মাইকী মানুহবোৰৰ উচ্চসিত হাঁহিত আকাশ-বতাহ মুখৰিত হ'ল। এখন বহু ডাঙৰ ৰভা দিছে। পুলিচ,দলটোৰ কমীয়ে চাৰিওফালে বিৰ দি বাট নোপোৱা অৱস্হা। শাৰী শাৰীকৈ বাহঁ বান্ধি দিছে যাতে মানুহবোৰৰ কোনো সমস্যা নহয়। বহু ওপৰৰ মন্ত্ৰী,মুৰব্বী আহিব। কোন আহে তাৰ লগত কিজানি বহু মানুহৰে মতলব নাই। ইফালে মুৰৰ ওপৰত তমোময় ৰ'দ। নিদিষ্ট সময়তকৈ পলমকৈ মিটিং আৰম্ভ হ'ল। ৰ'দটোৱে খাওঁ খাওঁ মূত্তি ধৰি আহিছে। মানুহবোৰৰ অৱস্হা নোহোৱা হৈছে ৰ'দত। দুলালে এপাকত যাওঁগৈয়ে বুলি ভাবিছিল। পিছে সুদা হাতে গ'লে পদুমীজনীয়ে শান্তিৰে ভাতসাজ যে খাবলৈ দিব আশা নাই। সেইবাবে অলপ ৰৈ কিবা এটা লৈ যোৱাই ভাল হ'ব বুলি ঠিক কৰিলে। ইফালে মন্চত মন্ত্ৰীৰ দুদান্ত ভাষণ চলি আছে-"ৰাইজ,আপোনালোকৰ বহুমুলীয়া ভোটটো এইবাৰো যেন আমাকেই দিয়ে।যোৱাবাৰ দিয়াৰদৰে,এইবাৰ দিয়াৰদৰে অনাগত দিনতো আমি আপোনালোকক সূতা,কম্বল,আঠুৱা,ঘৰ আদি দিম।ৰাস্তা-ঘাট গাৱেঁ গাৱেঁ পকি কৰি দিব।বিদ্যুত সংযোগ কৰি দিব সকলোৰে ঘৰে ঘৰে যিসকলে চৰকাৰীভাৱে ল'বলৈ সমথবান নহয়।........
মন্ত্ৰীৰ ভাষণৰ প্ৰতি কাৰো মন নাই।ভোট কাক দিব সেইয়া সময়ত দেখা যাব। এটা সময়ত সূতা,কম্বল,আঠুৱা আদি দিয়াৰ পব আৰম্ভ হ'ল। মানুহবোৰে হেতাঁ-ওপৰা কৰিব ধৰিলে। খৰখেদাকৈ সুতা,কম্বল,আঠুৱা আদি লৈ সোনকালে ঘৰলৈ যাবলৈ বুলি দুলালো সেই ভিৰৰ মাজত জপিয়াই পৰিল।ইতিমধ্যে আবেলি হ'লেই।ইফালে পিয়াহত তেওঁৰ অন্ঠ-কন্ঠ শুকাই গৈছে।হঠাতে পাচফালৰপৰা দিয়া ধাক্কাত দুলাল তিষ্ঠিব নোৱাৰি হামাখুৰি খাই বাগৰি পৰিল। লগে লগে দুলালৰ ওপৰত আৰু বহু মানুহ বাগৰি পৰিল। মানুহ পৰিল বুলি হুৱা-দুৱা লাগিল।তাকে দেখি সুতা,কম্বল,আঠুৱা আদি বিতৰণ আদি বন্ধ কৰি দিয়া হ'ল। যিয়ে যি পাৰিলে তাৰ মাজতো থপিয়াই নিলে।এম্বুলেন্চ আহিল,নাচ,ডক্তৰ আহিল। সংকটজনক অৱস্হাত কেইবাজনকো কাষৰে চিকিৎসালয়ত ভত্তি কৰা হ'ল।
পাছত নিউজ লাইভৰ বাতৰিত গধুলিৰ বাতৰিত খবৰ ওলাল-"আজি আমুক ৰাজনৈতিক দলে বিতৰণ কৰা সুতা,কম্বল,আঠুৱা আদিৰ মিটিংত জনসাধাৰনৰ অদ্ভূতপূব সহাঁৰি পোৱা যায় । হাজাৰ হাজাৰ মানুহৰ উপস্হিতিত সুতা,কম্বল,আঠুৱা আদি ল'বলৈ যাওঁতে ভিৰৰ মাজত পিচলি পৰি কেইবাজনো লোকৰ সংকটজনক অৱস্হাত চিকিৎসালয়ত ভতি কৰিবলগীয়া হয়।ইতিমধ্যে তাৰে দুজন লোকৰ মৃত্যু হৈছে।তেওঁলোক ক্ৰমে চিনাতলী গাওঁৰ দুলাল গগৈ আৰু.....

"মৃদু" (গল্প)

"মৃদু" (গল্প) ১)
দুচকু জপাই দিলো অতীতৰ দুখৰীয়া স্মৃতিবোৰে অহৰহ অগাদেৱা দিব ধৰিলে।তেনেতে মৃদু ওলালহি।পিঠিত মস্ত স্কুলবেগটো লৈ ।যেন সি ভাগৰি পৰিছে বেগটো লৈ।মৃদু মোৰ দহবছৰীয়া পুত্ৰসন্তান ।ক্লাছ ফ'ৰৰ ছাত্ৰ।তাৰ বয়সৰ ল'ৰাবোৰ দেখিলে বেয়াই লাগে যেন সিহঁতে আমাৰ দিনতকৈ বহু বেছি বোজা বহন কৰিবলগীয়া হৈছে।সেই ৰাতিপুৱা সাত বজাতেই নাকে কানে কিবা এটা গুজি স্কুললৈ ওলাই যায়।তাৰপৰা আহি কম্পিউটাৰ ক্লাছ আকৌ গধুলি টিউছন।ৰাতি বিচনাখনত শুবলৈ লৈ ভাগৰি পৰে।কিন্তু উপায়ো নাই।দিনে দিনে পৃথিৱীখন ইমান আগবাঢ়ি গৈছে তাত তিষ্ঠি থাকিবলৈ হ'লে নিজক সকলো ক্ষেত্রতে শ্ৰেষ্ঠ কৰি তুলিবই লাগিব। তাতে দেউতাকৰ পৰিচয় নথকা ল'ৰা।সি নিজকে সবশ্ৰেষ্ঠ ৰুপে গঢ়ি তুলিব বিচাৰে। যাতে তাক অকলশৰে অভাৱ-অনাটন অনুভৱ কৰিব নিদি সমস্ত পৃথিৱীৰ লগত যুজি তুলি-তালি ডাঙৰ-দীঘল কৰা মৰমৰ মাঁকজনীক সমাজখনে হাহিঁব নোৱাৰে। তাৰ এনে গুৰু-গম্ভীৰ কথা শুনি মাঁক হৈও তাইৰ দুচকু সেমেকি পৰে।বহু সৰুতেই মৃদু যেন প্ৰাপ্তবয়স্ক হৈ পৰিল।তাই বাৰু ভুল কৰিলে নেকি? ক্ষন্তেকীয়া আবেগত উটি ভাহি এনে এটা ডাঙৰ সিদ্ধান্ত লৈ।তাক বাৰু স্বীকাৰ কৰি লোৱা উচিত আছিল নেকি অন্তঃত মৃদুৰ কথা ভাবি? ২)
"মাঁ উঠাচোন"- শুই আছো বুলি ভাবি মৃদুৱে মোক জোকাৰি ক'লে।
মই উঠা দেখি টেবুলত বেগটো থৈ ক'লে -"মাঁ,কথা এটা আছিল"।
প্ৰশ্নবোধক দৃষ্টিৰে মই তালৈ চোৱাত সি মোৰ ওচৰ চাপি আহি হাত দুটাত ধৰিলে।জানো খুবেই স্পশকাতৰ কথা।
"কোৱা মৃদু"-মুৰত মৰেমেৰে হাত বুলাই ক'লো।জানো সি মোৰপৰা অনুমতি বিচাৰিছে কথাটো ক'বলৈ।
" দেউতা আহিছিল মাঁ,মোক লগ কৰিবলৈ লগতে তোমাকো"। মোক সাৱটি ধৰি কলে। "মই আৰু দুনাই আহিব মানা কৰিলো লগ কৰিবলৈ।বেয়া কৰিলো নেকি মাঁ ,তোমাক নোসোধাকৈ তেনেকৈ কৈ"?তাৰ প্ৰতি মৰমেৰে মনটে ভৰি পৰিল।
"তুমি কি বিচৰা মৃদু?মানে দেউতা আমাৰ লগত থকাটো।" "তুমি যদি দেউতাৰ অবিহনে মোক ডাঙৰ দীঘল কৰিব পাৰা,মই কিয় বিচাৰিম তেওঁক।মই তোমাক লৈয়ে সুখী মাঁ।তোমাৰ বাহিৰে মোক আৰু আন কাকোকে নেলাগে"।দহবছৰীয়া মৃদুৰ দৃঢ়তাপূণ কথা শুনি মোৰ দুচকুৱেদি বাধা নেমানি চকুলো বৈ আহিল। চকুলো মুচি দি সি পুনৰ কৈ উঠিল"-তুমি মোৰ বাবে আদশ মাঁ।তুমি ভাগি পৰিলে মই দুখ পাওঁ"।
৩)
আবেলিৰ টিফিন খাই মৃদু কম্পিউটাৰ ক্লাছলৈ ওলাই গ'ল। গেটখন জপাবলৈ লওঁতেই দেখিলো সি ৰৈ আছে।অবিন্যস্ত ,অসলংগ্ন পিন্ধা কাপোৰ-কানি,মুৰটোও ফনিওঁৱা নাই।নিজক যিমান পাৰো দৃঢ় কৰিলো। অলপ দুবল হ'লেই মই যে তাৰ ওচৰত হাৰি যাম সেইয়া জানো।সি আগবাঢ়ি আহিছিল মোক দেখি।
সেমেকা হাঁহি এটা মাৰি কৈছিল-"মোৰ ক্ষমা কৰা ,মই আৰু নোৱাৰা হৈছো।আৰু কিমান শাস্তি দিবা মোক?দহবছৰে মই তিলতিলকৈ জীয়াই আছো মৰি মৰি।তোমালোকৰ অবিহনে এই জীৱনৰ কোনো মূল্য নাই"।
কি উত্তৰ দিওঁ মই ভাবি পোৱা নাছিলো। কেনেকৈ তাক পুনৰ বিশ্বাস কৰো ইমান ডাঙৰ আঘাট দিয়াৰ পিছত ।সম্ভৱনে তাক ক্ষমা কৰি পুনৰ আকোৱালি লোৱাতো?মই যেনিবা আকোৱালি ল'লোৱেই ,মৃদু ,তাক কি ক'ম যিয়ে অলপ আগতে ইমান স্পষ্ট ভাষাৰে তাৰ জীৱনত দেউতাকৰ দৰকাৰ নাই বুলি কৈ থৈ গৈছে।মোৰ ওচৰত তাক দিবলৈ কোনো উত্তৰ নাছিল ।অহা বাটেৰে সি উভতি গৈছিল। যোৱাৰ আগতে মাত্ৰ কৈ গৈছিল 'মোক এদিন তোমালোকে ক্ষমা কৰিবাই।'
৪)
প্ৰেম ভালপোৱাৰপৰা সদায়েই নিজক আতৰাই ৰাখিছিলো কলেজীয়া দিনলৈকে।সময়ৰ অপব্যৱহাৰ বুলি ভাবিছিলো সদায়েই প্ৰেমত পৰাটো।
লগৰবোৰে সুধিলে সদায়েই একেই উত্তৰ-আন কাম আৰু নাই।তাতকৈ ঘৰৰপৰা ঠিক কৰা ল'ৰাৰ লগত বিয়া হ'ম।ঘৰৰ মানুহো খুচ,মইও খুচ।প্ৰেম কৰি অযথা ঝেংত সোমোৱা মানুহ মই নহয় ।
পিছে লগৰ আগত বৰ ফুটনি মাৰি থকা মইজনী ডিগ্ৰী সম্পূণ কৰাৰ পাছত গুৱাহাটীত পঢ়িবলৈ আহি তাক লগ পাই ভুল কৰি পেলালো।কেতিয়ানো সি মোৰ জীৱনটোৰ ভিতৰলৈ ইমান কুৰুকি কুৰুকি সোমাই আহিল নিজে গমেই নেপালো।যেতিয়া গম পালো তেতিয়া আৰু উভতি আহিবলৈ বহু দেৰি হৈ গৈছিল।এদিন দুয়ো ইমান অন্তৰংগ হৈ পৰিলো যে আগতে পাপ বুলি ভৱা কথাটোও পাপ যেন নেলাগিল।নেলাগিল ভুল কৰিছো বুলিও ।দুটা দেহা এদিন অন্তৰংগ মূহুত্তত এক হৈ পৰিল।তাৰ ফলশ্ৰুতিত মোৰ গভত মৃদুৱে স্হিত ল'লে।তাক যেতিয়া এই কথা ক'লো সি কোৱা কথাই মোৰ মুৰৰ ওপৰৰ সৰগ ভাগি পেলালে।
"এইবোৰ হয়েই হেনো।মোক তাৰ ঘৰে স্বীকাৰ নকৰে।গতিকে মই এবৰছন কৰি পেলোৱাই ভাল দুয়োটাৰ বাবে।'সেইদিনা মই তাক একো নক'লো। আচলতে বুজি পাইছিলো তাক আৰু কৈ একো লাভ নাই ।তাক একো নোকোৱাকৈয়ে মই তাৰপৰা আতঁৰি আহিছিলো।
ঘৰত এইকথা গম পাই মাঁহঁত বলিয়াৰ দৰে হৈছিল।কুমাৰী মাতৃৰ স্হান আমাৰ সমাজত যে অতি নীচ ,সন্মান নাই সেইকথা পদে পদে অনুভৱ কৰিছিলো। যদিও আমাৰ ন্যায়ালয়ে পিতৃৰ অবিহনেই নাৰীক সন্তানৰ দায়িত্ব লোৱাৰ স্বীকৃতি দিছে তথাপি আমাৰ সমাজে এতিয়াও নাৰীক সেই অধিকাৰ দিবলৈ নাৰাজ।ঘৰখনতো মোক লৈ সংঘাতৰ সৃষ্টি হোৱাত মই দুৰত চাকৰিটো পোৱাত গুছি আহিছিলো।
বিভিন্ন বাধা পাই মই যেন দিনে দিনে বেছি জেদী হৈ পৰিছিলো।আৰু এদিন মৃদুৰুপে এটি কনমানি পুত্ৰসন্তানে মোৰ জীৱনটো পোহৰাই পেলাইছিল।মাঁহঁতে নিজে উপযাচি মোৰ জীৱনলৈ পুনৰ উভতি আহিছিল সমাজৰ কথা আওঁকাণ কৰি।তেওঁলোকে মৰমৰ সন্তানক হেৰুৱাব বিচৰা নাছিল ।জানো মাঁহতঁৰ ওচৰত দোষ কৰিছিলো কিন্তু মোৰ গভত স্হিত লোৱা কনমানিটোৰনো দোষ ক'ত? তাক কেনেকৈ নিজক সমাজত সতী কৰি ৰাখিবৰ বাবে মোৰ জীৱনৰপৰা বিদায় দিওঁ?তাতকৈ মই সমাজত অসতী নাৰী ৰুপে স্বীকৃত হ'বলৈ ৰাজী আছিলো।এদিন সিও পুনৰ ঘুৰি আহিছিল।ভুলৰ ক্ষমা বিছাৰিছিল।মৃদুক নিজৰ সন্তানৰুপে স্বীকৃতি দিব বিচাৰি মোক তাৰ জীৱনলৈ পত্নীৰুপে নিব বিচাৰিছিল।কিন্তু তাক কেনেকৈ ক্ষমা কৰো?আজি দহবছৰ ধৰি সি তাৰ ভুলৰ ক্ষমা বিচাৰি মোৰ ওচৰত অহা অব্যাহত আছে।ডাঙৰ হৈ অহাৰ লগে লগে মৃদুক সকলো কথা বুজাই কোৱা হৈছিল।মৃদুও মোৰদৰে গঢ় লৈ উঠিছে। এদিন এৰি যোৱা দেউতাকক স্বীকাৰ কৰিব মৃদুও ৰাজী নহয় আৰু মই?মোৰ মনত তাৰ প্ৰতি আৰু কোনো প্ৰেম নাই।আছে মাত্ৰ সহানুভূতি।তেনেস্হলত তাক কেনেকৈ পুনৰ মোৰ জীৱনলৈ আকোৱালি লওঁ?তাৰপ্ৰতি জন্মা প্ৰেম সিয়েই এদিনতো শেষ কৰি পেলাইছিল মোৰ অন্তৰৰপৰা।

সেই চকুযোৰে তাইক আজিও খেদি ফুৰে

সেই চকুযোৰে তাইক আজিও খেদি ফুৰে
এযোৰ চকু।এযোৰ কামনাৰে সিক্ত চকু। বছৰ বছৰ পাৰ হৈ গ'ল।তথাপি সেই দুচকুৱে তাইৰ অন্তৰত যি দাগ বঢ়োৱাই থৈ গ'ল,তাই আজিও বুকুত নিজৰ জ্ঞাতে অজ্ঞাতে কঢ়িয়াই ফুৰিছে। সেই দুচকুৰ জিলিঙনি যেতিয়া তাই আন কিছুৰ চকুতো দেখে,তেতিয়া তাই অৱশ হৈ পৰে।তাৰমানে সেই দুচকু এজন বিশেষ লোকেই গ্ৰহণ কৰা নাই।সময় অনুসৰি,ঠাইভেদে সেই দুচকু বিভিন্নজন লোকে বিভিন্ন ধৰনে বহন কৰিছে।কেতিয়াবা চিনাকী খুড়াৰুপে,ওচৰ চুৰুৰীয়া দাদাকৰ ৰুপত,সম্বন্ধীয় ককায়েকৰ ৰুপত,নাইবা বাটত ,গাড়ীৰ উঠাৰ পাছত ভিৰৰ মাজত, অফিচত কলিগৰ ৰুপত বা ওপৰৱালাৰ ৰুপত সেই দুচকুৱে অহৰহ তাইক খেদি ফুৰে।নে তাইৰেই ভ্ৰম য'তে ত'তে বিভিন্ন ৰুপত সেই দুচকুৰ মুখামুখি হোৱা।নাই ভ্ৰম হ'ব নোৱাৰে তাইৰ।ভ্ৰম বুলি ভাবি তাই নিজক সেই দুচকুৰ মুখামুখি হ'লে চিকুটি চায়।সচাঁ তাই সপোন দেখা নাই সেই দুচকুৰ অৱস্হিতিক লৈ।কেতিয়াবা তাই হতাশ হৈ পৰে।
চিঞৰি চিঞৰি তাইৰ ক'বৰ মন যায়-"এই বিষাক্ত দুচকু লৈ তোমালোক কিয় ঘুৰা। যিয়ে আনৰ জীৱনত ইমান পীড়া দিয়ে। দলিয়াই পেলোৱা ।"সেই বিষাক্ত দুচকু যিয়ে তাইৰদৰে আন দহজনী ছোৱালীকো পুৰি মাৰে।আজিকালি সেই দুচকুৰ প্ৰভাৱ যে বেছি হৈ পৰিছে।যাৰপৰা কনমানি শিশু তথা বৃদ্ধ আইতাগৰাকীও সাৰি যোৱা নাই। সেই কথা টিভি নিউজত,কাগজে-পত্ৰই অহৰহ গম পোৱা যায়।আস পৰাহ'লে তাই সেই দুচকু বহন কৰা লোকৰপৰা কাঢ়ি আনিলেহেতেন।কিন্তু তাই নিৰুপায়। ইচ্ছা ,থাকিলেও তাই যে তেনে কৰিব নোৱাৰে।
কৈশোৰ পাৰ হৈ যৌৱনত ভৰি দিয়াৰ বৰ বেছি দিন হোৱা নাছিল তেতিয়া । এদিন সন্ধ্যা সময়ৰ কথা। তাইৰ মাঁক, দেউতাক, দাদাক, ভায়েক মাজু বৰদেউতাকৰ ঘৰত কুহিয়াৰ শালত কুহিয়াৰ পেৰাত ব্যস্ত। আনদিনা হোৱাহ'লে তাইও তাতেই থাকিলেহেতেন।পিছে বছেৰেকীয়া পৰীক্ষাৰ তাৰিখ ঘোষনা হোৱাত তাই পঢ়াক লৈ ব্যস্ত হ'বলগীয়া হয়। মাক-দেউতাকহঁতে তাইক পঢ়িবলৈ কৈ কুহিয়াৰ পেৰাত লাগিল।
মূল দুৱাৰখনত খিলি লগাই তাই পঢ়াত ব্যস্ত। তেনেতে দুৱাৰত টুকৰ পৰিল। ককায়েকৰ নাম ধৰি মাতা সেই আৱাজ তাইৰ নিচেই চিনাকী। ককায়েকৰ বন্ধু বসন্তদাদাক আহিছে। অকলে থাকিবলগীয়া হোৱাত তাইৰ অলপ অলপ ভয় লাগি আছিলেই। বসন্তদাদাক তাই ককায়েকৰ ময্যাদা দিয়ে।বসন্তদাদাকেও তাইক ভনীয়েকৰ দৰে মৰম চেনেহ কৰে। মাকহঁতে বসন্তদাদাক আহিলে তাইক অকলে এৰি যাবপৰাকৈ বিশ্বাস কৰে।
দুৱাৰখন খুলি দি তাই হাহি মাৰি ক'লে-"বসন্তদা,আপুনি আহি বৰ ভাল কৰিলে।মই অকলে আছো।ভয় লাগি আছিল।এতিয়া আৰু ভয় নাই। আপুনি যি কৰে কৰক,মই পঢ়োগৈ।চাহ খাই যদি ক'ব।"
" হ'ব দে,তই পঢ়গৈ।মই তোৰ ককায়েৰৰ বিচনাতে অলপ শুওঁ।" বসন্তদাদাৰ আশ্বাসবাণী শুনি তাই পুনৰ পঢ়াত মন দিলে।
মাকহঁতৰ কামখিনি শেষ কৰি আহিবলৈ আৰু ৩/৪ ঘন্টা লাগিব। পঢ়াত তাই ইমান মগ্ন হৈ আছিল যে সময় কিমান হ'ল তাইৰ খবৰেই নাই।
তেনেতে তাইৰ অনুভৱ হ'ল তাইক পাছফালৰপৰা বিষাক্তসাপৰদৰে যেন কোনোবাই মেৰিয়াই ধৰিছে।কাণৰ কাষত সাপৰদৰে ফুচফুচনিৰে কোনোবাই যেন কৈছে "তোক মই খুব ভাল পাওঁ অ'।বিষাক্ত সাপৰ মুখৰদৰে সিও তাৰ মুখখন তাইৰ গালত লগাই সো গালত তাৰ চুমাৰ পৰশ তাই একো বুজি পোৱাৰদৰে আগতেই আকিঁ দিলে। ছিঃ বিষাক্ত সাপডালে যেন তাৰ বিষ থকা জিভাখনৰে চেলেকি থৈ গ'ল।আৰু যেন সাপডালে এগাল বিষ এৰি দিলে তাইৰ গালে-মুখে।
এই আকস্মিক ঘটনাৰ অথ বুজি উঠিবলৈ অলপ সময় লাগিল তাইৰ। বুজি উঠাৰ পাছত তাই সঃশব্দে বসন্তদাদাক বাধা দি চিঞৰি উঠিল সমস্ত খং একত্ৰিত কৰি।
" এইয়া কি কৰিছে আপুনি?কি বুলি ভাবিছে আপুনি মোক?আপুনিক মোক এনে বৱ্যহাৰ কৰিব বুলি সপোনৰো অগোচৰ আছিল মোৰ।দাদাৰদৰে আপোনাক ভাবিছিলো অথচ আপুনি ইমান নীচ বুলি ভৱা নাছিলো।এতিয়াই ঘৰৰপৰা ওলাই যাওঁক।দাদাহতঁক মাতি অনাৰ আগতেই "।
"মোক ক্ষমা কৰি দে ,মোৰ ভুল হ'ল।মই আৰু কেতিয়াও তোক এনে কৰো।"বসন্তদাদাকৰ অপৰাধীৰদৰে কোৱা কথাবোৰে তাইৰ খং আৰু বঢ়ালেহে।
"এতিয়াই ওলাই যাওঁক,দাদাহতক নোকোৱাৰ আগতেই।"বসন্তদাদাক গুছি গৈছিল তাইৰ মনত হাজাৰ আৱতৰীয়া ধুমুহাৰ সৃষ্টি কৰি।বসন্তদাদাকৰ দুচকুত সেই চকুহালৰ জিলিঙণি দেখিছিল সেইদিনা।
ৰাতি মাকঁক সাৱটি ধৰি কৈছিল-"আজিৰপৰা আৰু মই ঘৰত অকলে নেথাকো।"বসন্তদাদাকে তাইক কৰা সেই ব্যৱহাৰ মাকঁৰ আগত কান্দি কাটি কৈছিল।মাকেঁ মৰমেৰে তাইৰ চুলিত হাত বুলাই কৈছিল-"সাৱধানে হ'বৰ হ'ল দেহা।য'তে ত'তে এতিয়া তই তেনে মানুহেই পাবি"। বসন্তদাদাকৰ ছাঁটোও আৰু ভৱিষ্যতে সিহঁতৰ ঘৰত দেখা পোৱা নাছিল। মাকেঁ কোৱা সেইকথা পৰৱত্তী দিনত তাই বহুবাৰ প্ৰমাণ পাইছিল।এযোৰ আদিম কামনা-বাসনাৰে সিক্ত চকু যিয়ে এটা ফুলকুমলীয়া কলিক নিমিষতে সাৰখাৰ কৰি দিব পাৰে।

জন-প্ৰতিনিধিৰ মন

জন-প্ৰতিনিধিৰ মন
চাৰিওফালে এক খেলিমেলি পৰিৱেশ তথা বাতাৱৰন।সকলোৱে যেন নিমিলা অংক মিলোৱাত ব্যস্ত। অংক নিমিলিলে যেন সৱতে লোকচান। আৰু জানি বুজি কেনেকৈ লোকচান হ'বলৈ দিব পাৰি?দৰকাৰ হ'লে নিজৰ আত্মসন্মান বন্ধকত দি হ'লেও নিমিলা অংক মিলাব লাগিব।সদায় সুবিধা পোৱা নেযায় । আৰু পোৱা সুবিধা এৰি দিয়াটো আজিৰ যুগত মূখামিৰ বাহিৰে আন একো নহয়। গতিকে মই সেই সুবিধা কিয় এৰি দিম?কিমান যে চেষ্টাৰ মুৰত,কষ্টৰ মুৰত এই সুবিধা পাইছো। আনে কি বুজি পাব! যি এনে সুবিধা পাব সিহে ইয়াৰ মুল বুজি পাব,আনে ক'ত বুজি পাব?আৰু মই আনক বুজাব,বা ক'ব কিয় যাম?মোৰ জীৱন,মোৰ কথা।
এই জীৱনটোক আজিৰ পজিছনলৈ আহিবলৈ মই কিমান কম্প'মাইজ কৰিবলগীয়া হৈছে,সেয়া মইহে জানো।ৰাইজৰ প্ৰতিনিধি হ'লো বুলি ৰাইজৰ প্ৰত্যেকটো কথা মানি চলিব লাগিব সেয়া কথা হ'ল নেকি?আজিৰ এই পজিছন পাবৰ বাবে সেই ৰাইজৰ ভৰিত কিমান ধৰিবলগীয়া হৈছিল,সেয়া মই পাহৰি গৈছো নেকি?নাই যোৱা। কিমানবাৰ ঘৰে ঘৰে গৈ হাতজুৰি বহুমুলীয়া ভোটটি দিবৰ বাবে অনুৰোধ কৰিবলগীয়া হৈছিল।তেওঁলোকৰ কিমান ফৰমাইচ পুৰাবলগীয়া হৈছিল বা হৈছে সেয়া মই বা মোৰদৰে প্ৰতিনিধিয়েহে জানে।কিমান টকাৰ শৰাধ এটা ভোটৰ বাবে কৰিবলগীয়া হৈছিল,সেইয়া মইহে জানো। সুতা,কম্বল,সুৰাৰ বটল আদি যে তেওঁলোকক যে দিওঁ ইলেকচনৰ আগতে সেইবোৰ মই ক'ৰপৰা পাওঁ ,তেওঁলোকে এবাৰ ভাবিছেনে?মইতো সোনৰ চৰু লৈ জনম লোৱা নাই। তাৰবাবে তেওঁলোকৰ দুই এটকা হৰলুকি কৰিবই লাগিব।ইলেকচনৰ আগত যি দিলো দিলো ইলেকচনৰ পাছততো আৰু কামোৰ।মন্ত্ৰীত্বৰ বাব পালেতো কথাই নাই। আমুকক চাকৰি লাগে,মনপচন্দৰ ঠাইলৈ বদলি লাগে আদি বিভিন্ন ফৰমাইচ।
ৰাতিপুৱা শুই উঠাৰ আগতেই ঘৰৰ় আগত বিভিন্ন অভাৱ অভিযোগ লৈ সকলো হাজিৰ। হেৰ'তহঁতি নিবাচিত কৰি দিলি বুলিয়েই সৱ কামেই মই কৰিব পাৰিম বুলি কিয় ভাৱ?ৰাইজৰ প্ৰতিনিধি হ'লো বুলিয়েই মোৰ নিজৰতো লাইফ এটা আছে,সেইকথা কিয় নেভাৱে?নিজৰ ঘৈনীজনীক,ল'ৰা ছোৱালীহালক যদি অলপ সময় দিব পাৰিলোহেতেন।সিহঁতৰ সদায়েই অভিযোগ।যদি সিহঁতক লৈ ক'ৰবালৈ অলপ ওলায়ো যাওঁ,নিউজ চেনেল,বুদ্ধিজীৱী ,সাধাৰন নাগৰিক সকলোৰে বিভিন্ন অভিযোগ।দেশৰ,দহৰ কথা বাদ দি মই হেনো সংসাৰৰ কথাতহে বেছি মন-কাণ দিওঁ।অনবৰত ঘৈনী,ল'ৰা-ছোৱালীৰ কথা চিন্তা কৰি থাকিবলৈ হেনো তেওঁলোকে মোক নিবাচন কৰা নাই। ধুৰ ,ইমানবোৰ অভিযোগ সহি থাকিব পাৰি নেকি?মই পৰিয়ালটোৰ কথা আগত নেভাবি ৰাইজৰ কথাক বাৰু কেনেকৈ বেছি অগ্ৰাধিকাৰ দিওঁ?সুখে-দুখে মোৰ ফেমেলিটোৱেহে মোক লগ দিব। কাইলৈ নিবাচনত হাৰিলে এই নাগৰিকসকলেও মোৰ লগ এৰিব।তেনেস্হলত আপুনিয়ে কওঁকচোন মই মোৰ পৰিয়ালটোৰ বতমান,ভবিষ্যতৰ কথা কিয় চিন্তা নকৰিম?সিহঁতৰ ভবিষ্যতৰ নিৰাপত্তাৰ কথা ভাবি দুই এটকা সচাটো মোৰ ভুল ক'ত?আপুনিও জানো তাকে নকৰিব?
কোনটো দলেনো নিবাচনৰ আগতে দিয়া প্ৰতিশ্ৰুতি ৰাখিছে,ক'ব পাৰিবনে?তেনেহ'লে মই কিয় ৰাখিব লাগেহে?মই যেনিবা এটা দল এৰি আন দল এটাত যোগ দিলোৱেই,সৱ চকুচৰহাৰ কেৱল তাতহে চকু। মই এনে চকুলৈ কেয়াৰ নকৰো।ইমান কম ধতুৱা বুলি মোক ভাবিছে নেকি?ৰাস্তা-ঘাট বেয়া হ'ল বুলিয়েই ,বানপানী হ'ল বুলিয়েই,বস্তুৰ মূল্য বৃদ্ধি হ'ল বুলিয়েই ,গড়কেইটা চোৰাং-চিকাৰীৰ হাতত মৰিল বুলিয়েই আদি বিভিন্ন কাৰনত অনবৰত আমাৰদৰে জনপ্ৰতিনিধিক দোষ দি থাকিলেই হ'লনে?এইবোৰত দূণীতি কৰা মানুহবোৰ আপোনালোকৰে মাজতে আছে,সেইকথা আপোনালোকৰ অজনা নহয়। আহকচোন আপোনালোকৰ মাজৰে কোনোবা এজন,পাৰে যদি সমস্যাবোৰ সমাধান কৰক,তেতিয়া দেখিম?১০০% গেৰান্টি দি ক'ব পাৰো কোনেও নোৱাৰে। গতিকে মোৰদৰে জনপ্ৰতিনিধিৰ ওপৰত অনবৰত দোষ জাপি দি লাভ নাই।নহ'লে বিভিন্ন দলৰ আপোনালোকৰদ্বাৰা নিবাচিত হৈ অহাৰ পাছত সৱৰে একে গতি কিয় হয়,ক'ব পাৰিবনে?গতিকে ৰাইজ,প্ৰথমে আপোনালোকে নিজক ঠিক কৰক,তাৰপাছতেহে আমাৰদৰে জনপ্ৰতিনিধিৰ কাম-কাজত চকু দিব।

পাৰ কৰা ৰঘুনাথ ১)

পাৰ কৰা ৰঘুনাথ ১)
ঘৰখনত মই আৰু মোৰ পত্নী ৰুমা।ভাই দুটা কেতিয়াবাই বেলেগ হ'ল। একমাত্ৰ ল'ৰাটো চাকৰিসুত্ৰে দুৰত থাকে। অৱশ্যে সপ্তাহে,মাহেকে বন্ধত ঘৰলৈ আহি থাকে। ইফালে পুৱা-গধুলি ফোনৰ জৰিয়তে খা-খবৰ লৈয়ে থাকে।ছোৱালীকেইজনী উপযুক্ত সময় তেই বিয়া দি উলিয়াই দিলো।সিহঁতৰ সুখৰ সংসাৰ। সিহঁতো মাজে মধ্যে আহি থাকে। মৃত্যুৰ আগতে তাৰো ঘৰখন পাতি দিব পাৰিলে মোৰ আত্মাই শান্তি পাব।
দিনে দিনে মোৰ দেহাটোৱে বৰ দিকদাৰ দিয়া হৈছে। অৱসৰ লোৱাৰ পাছৰেপৰা মোৰ শৰীৰটোৱে বিভিন্ন আসোৱাহ দেখুৱাব ল'লে। মাজু ছোৱালীজনীৰ বিয়াৰ সময়ত তাইৰ বিয়াত অলপ সমস্যা হোৱাত মোৰ মাইনৰ প্ৰেছাৰ ষ্টক হৈছিল। সেইসময়ত এই ষ্টকৰ কথা মোৰ অজানিতে হৈছিল।গমেই নেপালো। তাৰ তিনি চাৰি বছৰৰ পিছত হঠাতে এদিন অচেতন হৈ পৰিলো। নাছিংহোমত এডমিট কৰা হ'ল। চাৰি-পাচদিন আই চি ইউত থকাৰ পাছত জীৱটো ঘুৰি আহিল যদিওঁ মোৰ স্মৃতিশক্তি কিছু হ্ৰাস পালে, আৰু ভৰিকেইটালৈও অলপ জঠৰতা ভাৱ আহিল।আগৰদৰে মই উঠি কৰি ফুৰিব নোৱাৰা হ'লো সহজতে। তাতে চুগাৰৰ সমস্যা,ব্লাড প্ৰেছাৰৰ সমস্যা,ডায়েবিটিচ আদি বিভিন্ন বেমাৰে লগ ল'লে।আনৰ ওপৰত বহু পৰিমানে সকলো কামতে নিভৰশীল হ'বলগীয়া হৈ পৰিলো।ইয়ে মোক খুবেই দুখ দিয়ে। কিন্তু কৰিমেইবা কি?ইয়াৰ বাহিৰে যে মোৰ আৰু উপায়ো যে নাই।ডেকাকালত যে বুঢ়া হ'লে মোৰ এনে হ'ব ভৱাই নাছিলো। দেউতাৰ,মাৰ শেষ বয়সৰ দিনবোৰৰ কথা মনত পৰিলে নিজৰে বেয়া লাগে আজিকালি। যিদৰে চোৱা-মেলা কৰিব লাগিছিল মই কৰা নাছিলো।সৰু ভাইটোৱেই সকলো চোৱা-মেলা কৰিছিল। সেইসময়ত ভৱাই নাছিলো মোৰো এদিন তেনে অৱস্হা হ'ব বুলি।অথচ আজি মই নিজে একে অৱস্হাৰেই ভুক্তভোগী। মাঁ-দেউতাক কৰা সেই অৱহেলাৰ বাবে আজি মই খুবেই অনুতপ্ত।জানো মই বহু ভুল কৰিলো মাঁ -দেউতাৰ প্ৰতি। আজি নিজে তেনে পৰিস্হিতিত সন্মুখীন হৈ মাঁ-দেউতাৰ প্ৰতি যে অন্যায় কৰা হ'ল পলে পলে অনুভৱ কৰিছো । তেওঁলোকৰ ফটোৰ আগত ঠিয় হৈ অনুশোচনাৰে দগ্ধ দুচকু লৈ বাৰেপ্ৰতি ক্ষমা বিচাৰিছো।
২)
ঘড়ীটোলৈ চাই আচৰিত হৈ পৰিলো ইমান দেৰি হৈ গ'ল মোক দেখোন আজি দুপৰীয়াৰ ভাতসাজ খাবলৈ দিয়া নাই।ভোক লাগিছেনে নাই পেটটোৰ অনুমানো পোৱা নাই।মই বাৰু দুপৰীয়াৰ সাজ খালোনে নাই। একো উমান নেপাই পত্নীক চিঞৰি সুধিলো- "মোক আজি ভাত খাবলৈ দিয়া নাই যে।"
পত্নীয়ে আচৰিত হৈ ক'লে-"কি কয় আপুনি,দুপৰীয়াৰ সাজ খোৱা আপোনাৰ আধা ঘন্টাই হোৱা নাই। অথচ.. ."
"ওঁ,হয়নেকি, মই আকৌ নাই খোৱা বুলিহে ভাবিছিলো।" সহজভাৱেই পত্নীক উত্তৰ দিলো। পত্নীৰ আগতনো ফাকি মাৰি কি লাভ ?বিয়াৰ পাছৰেপৰাই দুয়োজনে সুখে-দুখে জীৱনটো পাৰ কৰিছো।বুজি উঠিলো তাৰমানে মোৰ স্মৃতিশক্তিয়ে লাহে লাহে লগ এৰিছে। কানদুখনো আজিকালি অলপ অলপ গধুৰ যেন অনুভৱ কৰা হ'লো।
তথাপি শুনিলো আবেলি সময়ত মোৰ পত্নীয়ে বৰ জীয়াৰীক ফোনত কোৱা-"দেউতাই আজিকালি কথাবোৰ পাহৰা হৈছে"। বুকুভেদি এক হুমুনিয়াহ ওলাই আহিল। তাৰপাছত মোৰ এই পাহৰি যোৱা স্বভাৱটোৱে যেতিয়াই তেতিয়াই উঁক দিয়া হ'ল।
টিভিটো অন কৰি মোক টিভি চাবলৈ কৈ ৰুমাই গেটখন বন্ধ কৰিব গৈছিল।
ঘুৰি আহি মোক দেখি তেওঁ জোৰত চিঞৰি উঠিল "এইয়া আপুনি কি কৰিলে?"। তাইৰ চিঞৰ শুনি কি হৈছে ধৰিব নোৱাৰি টাইলচৰ মজিয়াখনলৈ চাওঁতে দেখিলো যে মোৰ মূত্ৰই ফ্ল'ৰখন টিয়াই পেলাইছে।আনকি মই পিন্ধা লুঙীখনো ভিজি গৈছে। তেতিয়াহে মোৰ শৰীৰটোৱে এক তিতাঁ তিতাঁ ভাৱ অনুভৱ কৰিলো। তাৰমানে তাৰমানে মোৰ মগজুৱে অনুভূতিবোৰ লাহে লাহে ত্যাগ কৰিছে। ইয়াতকৈ লাজৰ,দুখৰ কথা আৰু কি হ'ব পাৰে?
দিন আগবঢ়াৰ লগে লগে মোৰ অজানিতে কাপোৰে-কানিয়ে,শুই থকা অৱস্হাতেই মই শৌচ,প্ৰশ্বাৱ কৰা হ'লো।কেতিয়াবা পত্নীয়ে খং কৰি নিজকে কয়-আপোনাৰ এই অৱস্হা দেখাতকৈ মোকে মাৰি নিনিয়ে কিয়?অপমান,অনুশোচনা,গ্লানিত মই দগ্ধ হৈ পৰো।কিন্তু মই কিয়েইবা কৰিব পাৰো? প্ৰতিদিনে মই মৃত্যু কামনা কৰো আজিকালি। বাৰেপ্ৰতি অনুভৱ কৰো পুত্ৰ,পত্নীৰ বাবে যেন মই আজিকালি বোজা হৈ পৰিছো বুলি। তেওঁলোকক কষ্ট দি খুবেই মই কষ্ট পাইছো।
মোৰ বেমাৰৰ খবৰ ল'বলৈ অহা ওচৰ-চুবুৰীয়া,আত্মীয় কুটুম্বৰ দুই এটা কথাই মোৰ বুকুত শেল হৈ বিন্ধে।
"কিবা পাপৰ ফল বুজিছে,নহ'লে ইমান শাস্তি খায়নে? " সম্বন্ধীয় ভাই বোৱাৰীজনীৰ কথা শুনি থৰ লাগিলো।
ওচৰৰ নবৌজনীয়ে আৰু এখাপ ওপৰলৈ গৈ ক'লে-"মাকঁ-দেউতাকহালক যি কষ্ট দি মাৰিলে,ক'ত সোনকালে মৰিব!পাপৰ শাস্তি ইয়াতে ভুন্জিব?" আদি।
কানদুখন দুইহাতেৰে ঢাকি ধৰো। আস নেদেখাজনক খাটো মোক সম্পূণৰুপে নুশুনা কৰি দিবলৈ। অন্তঃত এনে বিষ যেন শব্দৰ প্ৰকোপৰপৰা যেন মই মুক্তি পাওঁ।
মৃত্যুৰ চিন্তাই আজিকালি মোক অহৰহ খেদি ফুৰে। এনেকৈ আধা মৰা আধা জীয়া হৈ জীয়াই থকাতকৈ মৃত্যুৰ কোলাত আশ্ৰয় লোৱাই শ্ৰেয়।পুত্ৰ,কন্যা,পত্নীৰ দিনে দিনে মোৰপ্ৰতি বাঢ়ি অহা নিস্পৃহ স্বভাৱটোৱে মোক জীৱন্তে মৃত্যু দিছে। আনৰ কথা নক'লোৱেইবা। অৱশ্যে তাৰ মাজতো পত্নীয়ে যথাসাধ্যে শুশ্ৰষা কৰিছে। কৰিছে পুত্ৰৱেও। দিনে দিনে মোৰ মৃত্যুকামনা বাঢ়ি আহিছে। সকলোৰে পৰা মোক মুক্তি লাগে। চকুৰ আগত আৰু চাই থাকিব নোৱাৰা হৈছো। সচাঁকৈয়ে মানুহে কোৱাৰদৰে মই পাপ কৰিলোনে যে মোৰ মৃত্যু ইমান নিমম হৈছে?ওচৰৰ আনসকল দেখোন বিশেষ কষ্ট নোপোৱাকৈয়ে মৃত্যুক সাৱটি লৈছে।মইহে আজি দুই তিনিবছৰ এনেকৈ আছো।
পত্নীৰ দুচকুলৈ চাবলৈ মই সাহস হেৰুৱাই পেলাইছো। মোৰ অৱস্হা দেখি তেওঁ মোক সান্তনা দিয়ে-"দুখ নকৰিব,ভাল হৈ যাব আপুনি।"মই জানো এইয়া মিছা সান্তনা।মোৰ সুস্হ হোৱাৰ আশা নাই।মোৰ লগত অহৰহ লাগি থাকোতে মানুহজনীও বেমাৰী যেন হৈ পৰিছে। ল'ৰাটোৰ বিয়াখনহে থাকি গ'ল।তাৰ বিয়াখন পাতি যাব পৰা হ'লে শান্তি পালোহেতেঁন।মাঁক,বায়েকহঁত,খুৰাকহঁত আছে পাতিব।বিচনাখনত পত্নীয়ে ৰাতিৰ সাজ খুৱাই শোৱাই দিলে।হঠাতে মোৰ অনুভৱ হ'ল মোৰ যেন জীৱনটোৰ প্ৰতি মায়া নোহোৱা হৈ গৈছে এনেদৰে ভৱাৰ লগে লগে। দুচকু জপাই দিলো। মুখৰপৰা আপোনা-আপোনি ওলাই আহিল-"পাৰ কৰা ৰঘুনাথ,......"
LikeShow more rea

আমাৰ ধৈৰ্য্যগুণ কমিছে নেকি?



আমাৰ ধৈৰ্য্যগুণ কমিছে নেকি?
১)
তাই গৈ উপস্থিত হওঁতে তাত চাৰিটা শাৰীৰ অতিকমেও দুশ মানুহ বিভিন্ন বেমাৰ দেখুৱাবলৈ আহি ৰৈ আছিল।।বহিঃ-বিভাগত দেখুৱাবৰ বাবে যি নাম অন্তঃভুক্তিকৰন কাগজৰ দৰকাৰ হয় সেয়া ইতিমধ্যে শেষ হৈছিল। কাগজ যোগান ধৰা প্ৰেছটোৰ মালিক আৰু প্ৰেছটো থকা মাটিটুকুৰাৰ মালিকৰ মাজত মাটিটুকুৰাৰ লৈ দুয়োপক্ষৰে আইনী যুঁজ লগাত আৰক্ষী প্ৰসাশনে প্ৰেছটোত তলা ওলোমাই দিলে।যাৰফলত প্ৰেছৰ মালিকক কাগজ শেষ হোৱাৰ কথা অৱগত কৰাৰ পাছতো তেওঁ সময়মতে কাগজ যোগান ধৰিব নোৱাৰাত এই সমস্যাৰ উদ্ভৱ হ’ল। কাউন্টাৰটোৰ ভিতৰলৈ তাই সোমাই গ‘ল।কম্পিউটাৰ অপাৰেটৰ কেইজনে যে তেওঁলোকক সমস্যাটোৰ কথা অৱগত কৰিছে তাইক জনালে।পিছে তাই সোমাই যোৱা দেখি বাহিৰ শাৰীত থিয় হৈ থকা বিভিন্নজনৰ পৰা বিভিন্ন প্ৰশ্নৰ টুকুৰা উফৰি আহিল।তেওঁলোক যেন লাহে লাহে ৰৈ থাকিবলৈ অধৈৰ্য হৈ পৰিছে।শান্তভাৱে ৰৈ তাই তেওঁলোকক সমস্যাটোৰ কথা পুনৰ অৱগত কৰি অলপ সময় অপেক্ষা কৰিব ক‘লে।ৰোগী তথা ৰোগীৰ লগত অহা বিভিন্নজনৰ কথা-বাৰ্ত্তা,চিঞৰ-বাখৰ শুণি বিব্ৰত হোৱাই নহয়, আচৰিত হৈছিল তাতকৈও বেছি। শাৰীত থিয় হৈ থকা কিছুলোকৰ চিন্তা-ধাৰা,ভাৱনা শুনি, মানসিকতা দেখি আচৰিত হ’ল তাই।অকল পুৰুষসকলৰ কিছুৰ তেনে মানসিকতা আছে বুলি ক’লে ভুল কোৱা হ’ব, নাৰীসকলৰো কিছুৰো তেনে মানসিকতা দেখি হতচকিত হ’ল ।
মহিলাসকলৰ মাজৰপৰা কোনোবাই চিঞৰি উঠা শুনা গ’ল-“নিউজ লাইভক ফোন কৰা.কতৃপক্ষ ইমান দায়িত্বজ্ঞানহীন. সাধাৰন ৰোগীৰ কিমান হাৰাশাস্তি হৈছে,সৱে দেখক”।
পুৰুষসকলৰ মাজৰপৰাও কমবয়সীয়া ল’ৰা কেইটামানে চিঞৰি উঠিল-‘দৰৱ নাই.ডাক্তৰ নাই,এইবোৰ ভাঙি পেলাব লাগে’।
ধৈৰ্য্যৰ সীমা তাইৰ হেৰাই যোৱাৰ উপক্ৰম হৈছিল।সকলোৱে শুনাকৈ চিঞৰি উঠিছিল তাই-‘আপোনালোকে অলপ সময় অপেক্ষা কৰিব নোৱাৰনে?নিজৰ ঘৰখনতো জানো সমস্যাৰ উদ্ভৱ নহয়.তেতিয়াতো আমি এনেদৰে চিঞৰ-বাখৰ কৰোনে নে ঘৰখনো ভাঙি পেলোৱাৰ কথা কয় জানো।নিউজ লাইভক মতাত গুৰুত্ব দিওঁ যে তেওঁলোকে কিমান শুদ্ধ বাতৰি পৰিৱেশন কৰে তাৰ খবৰ ৰাখোনে?”
কতৃপক্ষও ইতিমধ্যে এই সমস্যা সমাধান বাবেই ব্যস্ত হৈ আছে।তেখেতসকলো আহি ইতিমধ্যে শাৰীত থিয় হৈ থকা ৰোগী তথা অন্যান্যসকলক সসম্যাটোৰ কথা বুজাই কৈছে।
“চিকিৎসালয়খন ভাঙিব লাগে বুলি কৈছে.কি্তু সেইখনতো আপোনালোকৰেই সম্পতি।ভঙাতো খুব সহজ কাম।কিন্তু গঢ়াটো তাতকৈ বহুত টান কাম।“
হয়তো নতুনকৈ আৰম্ভ হোৱা মেডিকেল কলেজখনে ৰোগীক আশাকৰামতে সেৱা আগবঢ়াব পৰা নাই।তথাপি কিঞ্চিত হলেও যে সকাহ দিছে সেয়া তাই নিচিন্ত।কলেজখনৰ ওচৰ-পাজৰৰ ৰোগীসকল আগৰদৰে ডিব্ৰুগড়. গুৱাহাটী দৌৰিব লগা হোৱা নাই।
“আপোনালোকে যদি ভাঙিব খুজিছে ভাঙক।কি্ন্তু মনত ৰাখিব এইয়া আপোনালোকৰেই সম্পতি.অপকাৰ আপোনালোকৰেই হ’ব।সেইকাৰনেই আজিকালি ৰাজহুৱা খণ্ডৰ অনুষ্ঠানবিলাক ধ্বংস হবলৈ ধৰিছে আমাৰ মাজৰে কিছুমানৰ এনে মানসিকতাৰ বাবে।“
ইতিমধ্যে তাই অপাৰেটৰ এজনক পঠাই কাম চলাব পৰাকৈ কাগজ আনিব পঠাই দিছিল। অপাৰেটৰজন আহি পোৱালৈ ১৫/২০ মিনিট লাগিব।চিৰিয়াচ ৰোগীসকলক বাহিৰত থকা ষ্টাফ তথা আন জেষ্ঠজন, অনাথ,বিকলাংগ আদিৰ বাবে সংৰক্ষিত কাউন্টাৰটোৰপৰা ডাক্তৰক দেখুৱাবৰ বাবে টিকট দিয়াৰ ব্যৱস্থা কৰা হ’ল।সময়ত কাগজ আহি পালেহি।পুনৰ টিকট দিয়া কামটো আৰম্ভ হ’ল। ৰোগীসকলে বেমাৰ দেখুৱাবলৈ ডাক্তৰৰ ওচৰলৈ যাব পৰা হ’ল।লাহে লাহে দীঘলীয়া শাৰীকেইটা নোহোৱা হৈ গ’ল।
২)
চাৰি আলিটোত হঠাৎে নঘটিব লগীয়া ঘটনা এটা ঘটি গল।স্কুললৈ চাইকেলখন লৈ ওলাই অহা নৱম শ্ৰেণীৰ কাষৰ গাওঁৰ ছোৱালীজনীয়ে চাইকেলখনৰ পৰা নামিব খুজি পিচলি যোৱাত ৰাস্তাটোৱেদি আহি থকা বোজাই ট্ৰাংক খনৰ পাচৰ চকাত সোমাই গৈ লগে লগে মৃত্যুবৰণ কৰিলে। ৰাস্তাটো পাৰ হৈ এশ গজমান দুৰতে হাইস্কুলখন।চাৰিআলিটো লোকে লোকাৰন্য হৈ পৰিল। মানুহৰ ভিৰ দেখি ভয়তে ট্ৰাংকখন লৈ পলাই যাব খোজা ড্ৰাইভাৰটোক মানুহখিনিয়ে ট্ৰাংকৰপৰা নমাই আনি উত্তম মধ্যম দিয়াত লাগিল। যদিও ছোৱালীজনীৰ মৃত্যুত ড্ৰাইভাৰজনৰ দোষ নাছিল বুলিয়েই ক’ব পাৰি।চাৰিওফালে মাথো ধৰ ধৰ মাৰ।ড্ৰাইভাৰজনৰ দোষ নাই বুলি জানি তেওঁক বচাব খোজা বাকী লোকসকলো ৰাইজৰ ৰোষৰ বলি হল। পুলিচ আহিল। পৰিস্হিতি সম্ভলা ইতিমধ্যে টান হৈ পৰিছিল। ড্ৰাইভাৰৰ অৱস্থা ৰাইজৰ চৰ,ভুকু,ঘোচাত তথৈবচ হৈ পৰিছিল। অৱশেষত পুলিচৰ হস্তক্ষেপত ড্ৰাইভাৰজনক হচপিটেলত ভৰ্ত্তি কৰা হ’ল।পিচে ড্ৰাইভাৰজনৰ পিছদিনা হচপিটেলতেই মৰি থাকিল।দুখৰ বিষয় যে যিসকল লোক ড্ৰাইভাৰজনৰ মৃত্যুৰ বাবে দায়ী তেওঁলোকৰ সৰহ সংখ্যকেই নেজানিছিল ড্ৰাইভাৰজনৰ গাত যে দোষ নাছিল। অচিন অজান ড্ৰাইভাৰজনক মাৰ-পিট কৰি মানুহখিনিয়ে যেন এক আসুৰিক তৃপ্তি পাইছিল। পিছে তাৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালটোৰ কি গতি হ’ব, সেই কথা ভৱা মানুহ আছেনে?আমি প্ৰায়েই ড্ৰাইভাৰে মদ খাই, জোৰত গাড়ী চলোৱাৰ ফলত বিভিন্ন দূঘটৰ্ণা হোৱা শুনিবলৈ বা দেখিবলৈ পাওঁ। যাৰ ফলত আমাৰ বদ্ধমূল ধাৰণা হৈ পৰিছে যে দূঘটৰ্ণা সদায়েই ড্ৰাইভাৰৰ ভূলৰ বাবেই হয়।পিছে এই ধাৰণা আচলতে কিমানদুৰ সত্য?
এইয়া মাত্ৰ দুটা সৰু উদাহৰনহে। আমাৰ বৰ্তমান ৰাজ্যখনৰ বিভিন্ন পৰিস্থিতিলৈ লক্ষ্য কৰিলে এইবোৰ সহজতে ঘটি থকা ঘটনা।অসম বন্ধ দিছে, কোনোবাই যদি ইয়াৰ প্ৰতিবাদ কৰিছে, বন্ধ দিয়াসকলে বন্ধৰ প্ৰতিবাদ কৰি ওলাই অহাসকলক বাধা প্ৰদান কৰাই নহয়. চলন্ত বাছ, ট্ৰাংক তথা অন্যান্য বাহন জ্বলাই দিছে।অফিছ কাছাৰী,স্কুল কলেজ বন্ধ হৈ গৈছে বন্ধ দিয়াৰ ফলত।ইয়াৰ ফলত লোকচানেই লোকচান। ইমানবোৰ লোকচান হোৱাৰ পাছতো বন্ধকাৰীসকলৰ ওচৰত বন্ধৰ সপক্ষে বহু যুক্তি। আনহাতে বিভিন্ন সমস্যা সমাধানৰ দাবীত আৰম্ভ কৰা প্ৰতিবাদতো অধৈৰ্য্য হৈ প্ৰতিবাদকাৰীয়ে নিজ দেহত অগ্নি সংযোগ কৰি মৃত্যুক আকোৱালি লোৱা উদাহৰনো আমাৰ অসমত আছে।এইবোৰৰ মূলতে হ’ল আমাৰ ধৈৰ্য্য গুণৰ অভাৱ।যাৰফলত আমাৰ অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, ব্যক্তিগত জীৱনত বহু অথন্তৰ ঘটিছে। ধৈৰ্য্যহীনতাৰ বাবেই দোষ-বিদোষ বিচাৰ কৰাৰ ক্ষমতা আমি লাহে লাহে হেৰুৱাই পেলাবলৈ ধৰিছো।ইয়ে এক আমাৰ ভয়াবহ ভবিষ্যত জীৱনৰেই ইংগিত বহন কৰে।
লংকালৈ যিয়েই যায়, সিয়েই বোলে ৰাৱণ হয়। কেন্দ্রত শাসনৰ বাঘজৰী অধিকাৰ কৰা বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ কাণ্ড- কাৰখানা দেখি তাকেই অনুভৱ হয়। মূল্যবৃদ্ধি প্রতিৰোধ , নদীবান্ধ আদিৰ বিৰোধিতা কৰি জন সাধাৰণক আবেগিক কৰি শাসনৰ গাদী দখল কৰা এন ডি এ চৰকাৰে এতিয়া ওলোটা খৰ মাৰিব লৈছে। বিদ্যুৎৰ বাবে বোলে নদীবান্ধৰ খুবেই জৰুৰী, সেইদৰে জৰুৰী মূল্যবৃদ্ধিও। কংগ্রছ চৰকাৰে হেনো ৰাজভঁৰালৰ তলি উদং কৰি থৈ গৈছে। মানি ল’লো তেওঁলোকে যি কৈছে এইয়া সঁছা কথা। কিন্তু এই কথাবোৰ তেওঁলোকে এতিয়াহে জানিলে নেকি? নে সকলো জানি সাধাৰণ নাগৰিকক আভুৱা ভাৰিছিল?
তেওঁলোকৰ ওচৰত এনেকুৱা একো পৰিকল্পনা নাই নেকি যাৰ যোগেদি কংগ্রছে কৰা কামবোৰকে তেওঁলোকেও কৰিবলগীয়া হৈছে? তেনেহ’লে পূৰ্বৰ কংগ্রেছ চৰকাৰ আৰু বিজেপি চৰকাৰ মাজত পাৰ্থক্য ক’ত? বিজেপি, কংগ্রেছ আদি ৰাজনৈতিক দলৰ ক্ষেত্রত কি হয় নেজানো, ইয়ে কিন্তু সাধাৰণ নাগৰিকক গণতান্ত্রিক শাসন ব্যৱস্থাৰ প্রতি বিশ্বাস হেৰুৱাব, সেয়া নিশ্চিত। কোনো দলৰে সমথক নহওঁ মই। যি ভাল কৰে তাকে সমথন কৰো। মোডী চৰকাৰে বোলে ৬০ সপ্তাহ বিছাৰিছে ভাল দিনৰ বাবে, পিছে সেই ৬০ সপ্তাহলৈ এতিয়াও বহু সময় বাকী, সেই ভাল দিন সছাঁকৈয়ে আহিবনে, সেই নিশ্চয়তা তেওঁলোকে দিব পাৰিবনে নে স্বপ্ন-ভংগৰ বেদনাই বহন কৰিব লাগিব?

এজাক বৰষুণ-






এজাক বৰষুণ-
যোৱা দুদিন ধৰি ৰাতি মাজভাগৰপৰা শেষ ৰাতিলৈকে মজলীয়া ধৰণৰ বৰষুণ দি আছে।বহুত দিন এজাক ডোপালপিটা বৰষুণ অহা নাই।এজাক বৰষুণ লাগে, ডোপালপিটা বৰষুণ, পথাৰৰ আলি- পদূলি একাকাৰ হৈ যোৱাকৈ, উৎকট গৰমত ভেজি যোৱা দেহা শাঁত পেলাই যোৱাকৈ।পিছে নাই, তেনেকৈ এজাক বৰষুণ এতিয়া লৈকে অহা নাই। বৰষুণৰ আশা কৰি আকাশ লৈ চাওঁতে খেতিয়ক ৰাইজৰ দুচকু বিষাই গৈছে। বৰুণ দেৱতা বাৰুকৈয়ে ৰুষ্ট হৈছে। বৰষুণ আহক বুলি দুখন গাওঁৰ মাজত ভেকুলীৰ মাজত বিয়াও পতা হৈছে।আনকি উত্তৰ দিশে থকা ঢেকী গৃহস্থই নজনাকৈ নি চোঁছৰাইছে।
ঢেকী চোঁচৰা, ভেকুলীৰ বিয়া পতা আৰু বৰষুণ অহাৰ মাজত কি সৰ্ম্পক আজিও নেজানিলো।ঢেকী চোঁচৰা, ভেকুলীৰ বিয়া পতা সকলেও একো উপযুক্ত উত্তৰ দিব নোৱাৰে।বয়োজ্যেষ্ঠসকলে কোৱা- কুই কৰিছে বৰুণ দেৱতা বাৰুকৈয়ে ৰুষ্ট হৈছে। মহাপাপ হৈছে। কিবা মহাপাপ হৈছে, কোনেও ভালদৰে নেজানে। সুধিলে কয়- দিনে দিনে বাঢ়ি অহা অন্যায়- অনীতি, দূৰ্ণীতি, নাৰীৰ ওপৰত অত্যাচাৰ, অধৰ্ম আদিয়েই প্রধান। অৱশ্যে বতৰ বিঞ্জানীসকলৰ মত বেলেগ এই পৰিৱৰ্ত্তিত বতৰৰ প্রসঙ্গত। সেইবোৰ যিয়েই নহওক মোৰ আন এটা কথাহে মনত পৰিছে। আজি কিছুদিনৰ আগলৈকে বহাগ মাহ সোমোৱাৰ আগতেই বৰদৈচিলাৰ ৰুপত অহা বৰষুণৰ জাকবোৰে পথাৰৰ দুয়োকুল পানীৰে উপচাই পেলাইছিল। যাৰফলত গৰু বিহুৰ দিনা গৰু কেইটাৰ গাঁ পথাৰৰ পানীয়েই ধোৱাইছিল। এইবাৰ তেনে নহ’ল। বৰষুণ এজাকৰ আশা কৰি থাকোতেই গৰু বিহু পাৰ হৈ গ’ল। পুখুৰীত, নদীত থকা অৱশিষ্ট পানীয়েই পোহনীয়া গৰু কেইটাৰ গাটো ধোওৱা হ’ল।দিন গৈ থাকিল। মাজে মাজে দুই এজাক পাতলীয়া বৰষুণ আহিল। সেইয়াই কিন্তু ধূলিখিনিও আঁতৰাই নিবলৈ সক্ষম নহ’ল। চাই থাকোতেই শালি খেতিৰ দিন চমু চাপি আহিল। বৰষুণৰ দেখা সাক্ষাৎ নাই। খেতিয়কৰ ৰাতিৰ টোপনি নোহোৱা হ’ল। এইবাৰ খেতি কৰিব পাৰিব নে? আকাশলৈ চায়-ক'তো ডাৱৰ এচপৰা নাই।আহাৰৰ আগতে কঠিয়া কেইডৰা পাৰিব পাৰিলে ভাল। খাল- দোং, পুখুৰীৰপৰা পানী সিচিব পৰা যাৰ সুবিধা আছিল, তেওঁলোকে পানী সিছি কঠিয়া পাৰিলে, কিন্তু সেই সুবিধা নথকাসকলৰ কি হ’ব, আজিলৈকে কঠিয়া পাৰিব পৰা নাই। বছৰটোৰ বাবে যদি ধান কেইটা গোটাৱ পৰা নেযায়, নিগমে মৰিব লাগিব।
আজি কিছু বছৰৰ আগলৈকে এনে নাছিল। মনত থকাপৰাই দেখিছো, বহাগ বিহুৰ আগে আগে অহা বৰদৈচিলাৰুপী শিলা-বৃষ্টিৰ বৰষুণবোৰলৈ। শিলবোৰ ধৰি বাল্টিংত গোটাই থওঁ । ঢোপালপিটা বৰষুণত তিতাঁৰ আমেজেই বেলেগ। মাঁৰপৰা সদায়েই গালি খাইছিলো ,বেমাৰ হ’ব বুলি, পিছে শৈশৱ, কৈশোৰৰ সেই দিনবোৰত অগ্রজসকলৰ কথা ইকানে সোমাই সিকানে ওলাই গৈছিল। বৰষুণত তিতি জোৰ জোৰকৈ চিঞৰিছিলো – “হাতী কাণ ঘোৰা কাণ হুৰ হুৰকৈ বৰষুণ আহ”। কিয় গোৱা হয় নেজানো, কিন্তু ডাঙৰকৈ বৰষুণ আহিছিল। জোৰ জোৰকৈ অহা বৰষুণত তিতি জুৰুলি জুপুৰি হৈছিলো। ৰাতি চদি,হাঁচিত অৱস্থা নাই। মায়ে গৰম তেলত নহৰু দি নাকত লগাব দিছিল। গৰু বিহুৰ দিনা সোনকালে উঠি মাহ- হালধি পিছি পথাৰৰ পানীৰে গা ধুৱাইছিলো গৰুক। পথাৰ উপচি পানী আছিল। ভৰাঁলৰ গান্ধৈত থকা বৰশীটো ঠিক কৰিছিলো। বেয়া হ’লে নতুন বৰশী কিনি আনিছিলো। বাৰিষা আহিলেই আমাৰ ঘৰৰ পাছফালে থকা উমৈহতীয়া পুখুৰীটোত থকা গঁৰৈ, কাঁৱৈ, পুঠি, মাগুৰ মাছ আদিৰ উজান উঠে। দোপালপিটা বৰষুণত পুখুৰীৰ দুয়োপাৰ পানীৰে উপচি পৰে। লগে লগে পুখুৰীত থকা মাছ পানীত ওলাই যাবৰ বাবে হেতা- ওঁপৰা লগায়। বৰষুণত ওলাই যোৱা মাছ ধৰিবলৈ আমাৰ পৰিয়ালৰ সকলো ল’ ৰা –ছোৱালী পুখুৰীৰ পাৰত গোট খাওঁ। কাৰ বৰশীত কিমান মাছ তুলিব পাৰে তাৰে প্রতিযোগিতা চলে। বৰশীৰ টোপটোক লৈ বেছি দেৰি খেলি থকা মাছটোক ধৰাৰ পাছত কিমান যে ফূৰ্ত্তি, ভাষাৰে বুজাব নোৱাৰি।বৰশীৰে মাছ ধৰা প্রতিযোগিতাত লাগি থাকোতে কেইবাদিনো স্কুলো ক্ষতি হৈছিল। ইতিমধ্যে কঠিয়া সিচাঁও হয় আহাৰ সোমোৱাৰ আগে আগে। তাৰপাছত স্কুলৰ,কলেজৰ গৰম বন্ধ পৰে। ৰাতিপুৱাই হাল লৈ ওলাই যোৱা বাবাহতক চাহ – জলপান দিয়াৰ দায়িত্ব আমাৰ ওপৰতেই পৰে। বাৰিষা অহাৰ আগে আগে বাবাহতক কৈ জাকৈ –খালৈ যোগাৰ কৰো। চাহ জলপান দিবলৈ যাওঁতে লগত জাকৈ –খালৈ যোৰো লৈ যাওঁ। পথাৰত উভৈনদী মাছ। নাঙলৰ পাছে পাছে ঘুৰি মাছ ধৰো। বোকাৰে লুতুৰি পুতুৰি হওঁ। ৰোৱনীৰ লগত থাকি পৰাই নোৱাৰাই ভু ৰোওঁ। ভাগৰ লাগিলে ওঁচৰত থকা গছৰ তলত ছাঁ লওঁ। সীমাৰ দাঁতিত থকা হৰেণদাৰ পনিয়ল জোপা পকে, চোৰ কৰি তাক খাওঁ।ভুঁ ৰুই শেষ হোৱাৰ পাছত গধূলি ঘৰলৈ উভতি আহোতে বাটৰ কাষত পোৱা মাজু বৰ দেউতাৰ কলি জামুজোপা পকি সৰি থকা জামু কোঁচ ভৰাই লৈ আহো। আমাৰ পৰিয়ালত সাতজনীমান ছোৱালী আছিল। সৱৰে স্কুল- কলেজ বন্ধ পৰাত খেতিত লাগে। ভাগৰ বোলা শব্দই নাই কাৰোৰে। পাৰভগা হাহিৰ জোৱাৰত আকাশ বতাহ কঁপি যায়।
আজি চাৰি পাছবছৰমান হ’ল, পথাৰ যোৱা হোৱা নাই চাকৰিৰ খাতিৰত। গ’লেও চাহ, জলপান দি গুছি অহা হয়। বাবাহতেও হাল নেবায়।বয়সে নেমানে। তাৰঠাইত ঘৰে ঘৰে ট্রেক্টৰ হ’ল। আমাৰ ঘৰতো ট্রেক্টৰ ল’লে।হালোৱাই গোটেই খেতি উঠায়। গোঁটক ভূ ৰুৱলৈ দি দিয়া হয়। বাইদেউহতঁৰো বিয়া হৈ গ’ল। আজিকালি নাঙলৰ পাছে পাছে ঘুৰি মাছ ধৰিবলৈ কাৰো সময় নাই। গৰম বন্ধ পালেও ভতিজাবোৰে নাছ শিকা, ছৱি আঁকিবলৈ শিকা আদিত ব্যস্ত থকা হ’ল। মাছ আজিকালি তেনেকৈ নোলায় হেনো। আমাৰ পাছফালৰ মাছৰ উজান উঠা পুখুৰীটো এতিয়া আমাৰ হ’ল। পুখুৰীটোতো আগৰদৰে মাছ নাই। দুবছৰমান চাফা কৰা হোৱা নাছিল। বন, জাৱৰে ভৰি পৰিছিল। যোৱাবছৰ চাফা কৰা হ’ল। অফিচৰপৰা আহোতে কাকডোঙ্গা দলংৰ ওচৰত মাছ ওলায়, তাৰপৰাই কিনি অনা হয়। ভঁৰালৰ গান্ধৈত থকা বৰশীটো কেতিয়াবাই বেয়া হ’ল, নতুন এটা লোৱাৰ প্রয়োজন হোৱা নাই, পুখুৰীত বৰশী বাই মাছৰ লগত খেলা কৰিবলৈ এতিয়া সময়ৰ অভাৱ। আমাৰ মাটিৰ ওপৰত থকা হৰেণদাৰ পণীয়ল জোপা আছেনে নাই তাকো গম নেপাওঁ।বহুতদিন পণীয়লো খাই পোৱা নাই। নাই পোৱা ক’লা জামুও। গছ জোপা আছেনে নাই তাকো নেজানো।
অফিচৰ পৰা ওভতি আহোতে যোৱাকালি সোনকালে আহিলো। ঘৰ পাবলৈ ২ কি.মি. মান থাকোতেই ডাঙৰ এজাক বৰষুণ আহিল। ঘৰ পাবলৈ আধা কি.মি. মান থাকোতে লোৱা দোং নামৰ এটা সৰু জান পোৱা যায়। ৰাতিপুৱা অফিচলৈ ওলাই যাওঁতে বিশেষ পানী নাছিল। বৰষুণ জাঁকত পানী ভৰি গৈছে।আগতে মাছ ধৰিবৰ বাবে দুই তিনিখন জাল পেলাই থোৱা থাকে।আনৰ নেথাকিলেও ভুলু বৰ্তাৰ জালখন থাকিবই। কিমান মাছ উঠিছে বুলি দাদায়ে চিঞৰি চিঞৰি সুধিছিল। তেও অলপ কমকৈ শুনিছিল এইবাৰ পিছে তেওৰ জালখন নাই। বৰ্তা ঢুকাল কিছুদিনৰ আগতে কেঞ্ছাৰ হৈ।মনটো বিষাদেৰে ভৰি পৰিল। বৰষুণ জাক আৰু জোৰত আহে যেন। শৈশৱৰ দৰেই তিতিবলৈ মন গৈছিল, চিঞৰি চিঞৰি গাবৰ মন গৈছিল-"হাতী কাণ, ঘোৰা কাণ হুৰ হুৰ কৈ বৰষুণ আন।"

.................................দীপাৱলী শেষ হ'ল....................................................

.................................দীপাৱলী শেষ হ'ল....................................................
গধুলি হৈ আহিছিল। মই আগফালৰ চোতালখনতে বহি আছিলো।দীপাৱলীৰ আনন্দ উল্লাস ইতিমধ্যে কালিয়েই শেষ হ'ল যদিও চাৰিওফালে ফটকা ফুলজাৰী আদি আটচবাজীৰ শব্দৰ সমাহাৰ আজিও দেখি বুকুৱেদি এটা হুমুনিয়াহ ওলাই আহিল।চাৰিওফালে বিভিন্ন ৰং বিৰঙৰ বিজুলী চাকিৰে গোটেই আকাশ পোহৰাই তুলিছে। দুখীয়াৰনো কিহ'ৰ ফূতি? তথাপিও ....। মাঁক আৰু মোৰ বাবে যিকোনো উৎসৱ পাৰ্ৱণে ফূৰ্তিতকৈ দুখৰ বতাহে কঢ়িয়াই আনে। পেটৰ ভাতমুঠিৰে জোৰা মাৰিবলৈ টান,তেনেস্হলত ল'ৰা-ছোৱালী তিনিটাৰ বাবে ফটকা, ফুলজাৰী ,ৰকেট,ব'ম আদি কিনি দিওঁ ক'ৰপৰা? মাঁকে নিজৰ ফুটা কপালকে দোষ দিয়ে। ভগৱানে যে কিয় মাৰি নিয়া নাই তাৰবাবে আক্ষেপ কৰে। ছোৱালীজনীয়ে ককায়েকক উদ্দেশী কৈ উঠিল-"দাদা, আমিও ব'ম দুটামান আজি ফুটাবৰ বাবে থৈ দিব লাগিছিল।"
মইনো কি ক'ম? ক'বলৈ মোৰ ভাষা নাছিল। পৰাহ'লে সিহঁতে বিচৰাৰদৰেই ব'ম,ফটকা, ফুলজাৰী আদি এসোপামান সিহঁতক আনি দিবৰ মন। আভিজ্যতা লোকৰদৰেই ঘৰৰ চৌহদ ৰঙ-বিৰঙী বিজুলী চাকিৰে পোহৰাই তুলিবৰ মন যাতে তাক দেখি ৰাস্তায়েদি পাৰ হৈ যোৱা বিভিন্ন লোকে ঈষাত জ্বলি পুৰি মৰে। পিছে মনটো হ'লেই জানো হ'ব, জেপটোত কিমান ধন আছে সেয়াহে আচল কথা। ..................................................................................................................
মই মানুহৰ ঘৰৰপৰা বাহঁ কিনি নি ওচৰৰ টাউনখনত সদায় ৰাতিপুৱা বিক্ৰি কৰো। বাহঁ বিক্ৰি কৰি যিকেইটা লাভৰ টকা পাওঁ তাৰে যেনে তেনে ঘৰখন চলাই আছো। কেতিয়াবা কেতিয়াবা কল কিনি আনি সেইয়া পকাই বিক্ৰি কৰো। বতৰৰ ফল মুলো গাওঁৰপৰা কিনি নি টাউনত বেচো। লাভ অৱশ্যে নোহোৱা নহয়। পিচে লাহে লাহে ল'ৰা-ছোৱালীকেইটা ডাঙৰ হৈ আহিছে।সেইয়া টকাই জোৰা নমৰা হৈছে। মোৰদৰে যাতে সিহঁতৰ অৱস্হা নহয় তাৰবাবে সিহঁতক স্কুলতো নাম লগাই দিছো। ছোৱালীজনী আৰু সৰু ল'ৰাটো পঢ়াত খুবেই ভাল। ডাঙৰটোৰ পঢ়া শুনাতকৈ বেপাৰ বানিজতহে মন বেছি। হওঁতে ঘৰৰ ৰুপিত মাটিকেইডৰাই বছৰটো জোৰাব পাৰি। পিছে কেইবছৰমানৰ আগতে মানুহজনী বেমাৰত পৰাত তাৰে অলপ বন্ধকত দিয়া হ'ল।খুলিবই পৰা নাই এতিয়াও। ভাতকেইটা হ'লে নিমখ এজেপা লৈও খাব পাৰি। পিছে বন্ধকত দিয়াৰপৰা আজিকালি চাউলো কিনিব লগা হৈছে। .........................................................................................................................
দীপাৱলীৰ আগদিনা আনবোৰ পুজা বিহু আহিলে যেনে হয় এইবাৰো তেনে হ'ল। বাহঁ বিক্ৰী কৰি যিকেইটা টকা পাওঁ তাৰে নিমখ-ডাইল,তেল আদিৰ খৰছটোহে ওলায়। হাতত জমা টকা নেথাকেই। মাথাটো ঘোলা হৈ গৈছিল। কি কৰা যায়?ইফালে সৰু ল'ৰা-ছোৱালীহালে দীপাৱলীৰ বাবে ফটকা ফুলজাৰী আদি লাগে বুলি আবদাৰ কৰি আছে। মানুহজনীৰ হাততো জমা টকা নাই। বিপদে আপদে তাইৰ হাতত থকাকেইটাও লৈ যাওঁ। কি কৰা যায়।অৱশেষত বুদ্ধি এটা পালো। বাৰীখনত কলৰ পুলি অলপ লগাইছিলো। দীপাৱলীত কলৰ পুলিৰ বৰ দিমান্দ।কল লগাহেতেঁন পইচা কেইটকামান পালোহেতেঁন,পিচে ল'ৰা-ছোৱালীকেইটাৰ মুখলৈ চাই সেই আশা বাদ দি তাৰে অলপ কাটি দীপাৱলীৰ ৰাতিপুৱাই ওচৰৰ টাউনখনলৈ লৈ গ'লো।লগত ডাঙৰ ল'ৰাটো। ভাল টকাকেইটামান পালো। তাৰে সিহঁতৰ বাবে ফটকা,ফুলজাৰী,ব'ম আদি লৈ আহিলো। মাটিৰ চাকি জ্বলাবৰ বাবে মিঠাতেলো লগতে মাটিৰ চাকিকেইগজমানো। ৰাতিৰ সাজ বহুতদিনৰ মুৰত ভালদৰে খাবৰ বাবে ছাগলী মাংস আধাকিলোও ল'লো। ল'ৰা-ছোৱালীকেইটা আৰু মানুহজনীৰ মুখখনো পোহৰ হৈ পৰিল। এক অজান সুখানুভূতিত মনটো ভৰি পৰিল তাকে দেখি।চাকিৰ পোহৰে মাঁক জীয়েক লাগি গোটেইখন পোহৰাই পেলালে। কামনা কৰিলো এই পোহৰ যেন সদায়েই আমাৰ জীৱনত পৰে। ......................................................................................................................
সৰু ল'ৰাটোৰ মাতত বাস্তৱলৈ ঘুৰি আহিলো। ককায়েকক চিঞৰি ক'লে-দাদা,সেইখিনিতে পৰিছিল নুফুটা বোমাটো। নিদিষ্ট ঠাইটুকুৰালৈ আঙুলি টোৱাই ক'লে-ভালদৰে চোৱা,পাই যাম।তিনিওটা নুফুটা বোমাটো বিচাৰিবলৈ লাগিল। নিজৰ অজানিতে মইও চকীখনৰপৰা উঠি সিহঁতৰফালে এখোজ দুখোজকৈ আগবাঢ়ি গ'লো-উদ্দেশ্য কালি নুফুটা ব'মটো বিচাৰি উলিওৱা।

"উত্তৰ"

"উত্তৰ"
(১)
" তোমাৰ চাইজ কিমান?"
মোবাইল ফোনৰ সিটো মুৰৰপৰা ভাহিঁ অহা শব্দকেইটাই তাইৰ কাণত ঠহৰ ঠহৰকৈ বিন্ধিলে।তাই বাৰু যি শুনিছে ঠিকেই শুনিছেনে? নে তাইৰ কাণখনেই বেয়া হৈ গৈছে? তাইৰ নিজৰে সন্দেহ হ'ল । তাই ভুল শুনা নাইতো! নাই তাইৰ কাণ বেয়া হোৱা নাই নাইবা তাই ভুলো শুনা নাই।তথাপি নিশ্চিত হ'বলৈকে পুনৰ মোবাইলৰ সিটো পাৰৰ প্ৰশ্নকতাক সুধিলে--"কি সুধিলা?"
মোবাইলৰ সিটো মুৰৰপৰা স্পষ্ট ৰুপত পুনৰ ভাঁহি আহিল-"নুশুনিলা নেকি? তোমাৰ ব্ৰাৰ চাইজ কিমান সুধিছিলো?"
তাই যি অনুমান কৰিছিল সেয়াই সচাঁ হ'ল। কি উত্তৰ দিব তাই ঠিক কৰিব নোৱাৰিলে।
---------------------------------------------------------------------------------------
অৰকুটৰ দিনৰে কথা। গূৱাহাটীত থাকি পঢ়িবলৈ অহা বেছিদিন হোৱা নাছিল। অৰকুটত লগৰ সকলোৱে একাউন্ট খোলা দেখি তাইও খুলিলে।লগৰ পুৰনা বহুত বন্ধু-বান্ধৱী পালে। লগতে সিহঁতৰ বিভিন্ন খা-খবৰ। পুৰনা বন্ধু-বান্ধৱীবিলাকে ক'ত পঢ়ি আছে,কি কৰিছে আদিৰ লগতে আগতে ঘনিষ্ঠতা থকাসকলৰ ব্যাক্তিগত জীৱনৰ কথাও জনালে অৰকুটৰ জৰিয়তে হোৱা বাৰ্ত্তালাপত। মোবাইল ফোন এটা তাইৰ আছিল যদিও লগৰ সকলোৰে ওচৰত মোবাইল ফোন নাছিল।যাৰবাবে সকলোৰে খা-খবৰ ৰখাৰ একমাত্ৰ মাধ্যম হৈ পৰিছিল অৰকুট।কাপ-প্লেট হৈ কলেজীয়া জীৱনত যোৰ পাতি থকা ৰীমা আৰু সুৰজ আজিকালি যে বেলেগে বেলেগে যোৰা পাতিলে সেয়াও সীমাৰপৰা গম পাইছিল অৰকুটৰ জৰিয়তে।সাপঁ আৰু নেউলৰদৰে অনবৰত কাজিয়া কৰি থকা তাইৰ মেজৰমেট প্ৰৱাল আৰু প্ৰিয়ংকা এতিয়া হেনো হাতত হাত ধৰি ঘুৰা পকা কৰে ডিব্ৰুগড় ইউনিভাচিটিত।আৰু ধেই খবৰ।এইকেইটা মাত্ৰ হট নিউজহে।
ডিব্ৰগড় ইউনিভাচিটিত পঢ়ি থকা কলেজীয়া হোষ্টেলৰ ৰুমমেট পৰিণীতাই এদিন হাহিঁ হাঁহি সুধিলে-"অৰকুটত নতুন ফেন বনাইছ নে নাই?বৰ সাংঘাটিক কিছুমান ল'ৰা ফেন।সাৱধানে থাকিবি।"
তাইক সদায়েই অকঁৰা বুলি জ্ঞান কৰা পৰিনীতাই ফেচবুকৰ ল'ৰা ফেনৰ আদিপাঠৰ শিক্ষা দিলে। তেতিয়ালৈকে তাই চিনাকীকেইটাৰ বাহিৰে আন অচিনাকী ফেনক ৱেটিং লিষ্টতে ৰাখি থৈছে।
............................... ............................................................................
এদিন তাইৰ ৱালত এটা মেচেজ আহিল.ইতিমধ্যে সেইজনে কেইবাটাও মেচেজ পঠিয়াইছিল-"মেচেজৰ ৰিপ্লাই নিদিয়া যে, মই তোমালোকৰ তাত গৈছো।মই বাঘ নহয়,তোমাৰ লগত চিনাকীহে হ'ব বিচাৰিছো। "
দিওঁ নিদিওঁকৈ তাই কিবোৰ্ডখনৰ আখৰকেইটাত হাত বুলালে পৰিনীতাৰ সতকবানী মনত ৰাখি আৰু টাইপ কৰিলে-"মই আপোনাক চিনি নেপাওঁ, লগ পোৱাও মনত নপৰে।"
অলপ পাছতে ৰিপ্লাই আহিল-"অচিনাকী হ'লেও জানো আমি চিনাকী হ'ব নোৱাৰো?"
সদায়েই সেইজনৰপৰা তাইলৈ মেচেজ আহে,তাই মাজে মাজে ৰিপ্লাই দিয়ে।লাহে লাহে তাইৰ সেইজনৰ মেচেজবোৰ পঢ়ি আমোদ পোৱা হ'ল।সি কি ক'ত কিয় বিখ্যাত আদি সকলো জনালে। ল'ৰাজন ইমান ঝেং যেনো নেলাগিল।
এদিন মোবাইল নাম্বাৰটো দি লিখিলে-"যদি ভাৱা ৰিং এটা কৰিবা।"
এদিন দুদিনকৈ এসপ্তাহ পাৰ হৈ গ'ল।
অৰকুটত মেচেজ আহিল-"কি হ'ল? হেৰাই থাকিলা যে?"
বহু ভাবি-চিন্তি কিনো হ'ব ভাৱত এদিন তাই মোবাইলটোত সি দিয়া নাম্বাৰ দহটা ডায়েল কৰিলে। সিফালৰপৰা ৰিচিভ কৰাৰ পাছত তাই ক'লে-"মই নিমিষাই কৈছো...." মাতটো ল'ৰাজনৰ বৰ শুৱলা। শুৱলা মাতৰ প্ৰতি তাইৰ এক দুৰ্বলতা সৰুৰেপৰাই আছে। তাইৰ মাতটো শুনিবলৈ শুৱলা বুলি বহুতে কয়। লাহে লাহে সিহঁতৰ মাজত ফ'নত কথা-বাৰ্ত্তা হ'বলৈ ধৰিলে ।কিন্তু সেইবুলি সি যি সুধিলে তাই বাৰু কি উত্তৰ দিব? এনে প্ৰশ্নৰ সন্মূখীন তাই আগতে কোনো পুৰুষৰপৰা হোৱা নাই।লগৰ আন ছোৱালীও এনে প্ৰশ্নৰ সন্মুখীন হৈছেনে নাই তাই নেজানে। তাই বাৰু ফ'নটো কাটি দিব নেকি?
(২)
বছৰবোৰ গৈ থাকিল। সময়বোৰো সলনি হ'ল,তাই এতিয়া পঢ়া শুনা কৰি আজৰি হৈ চৰকাৰী চাকৰিয়াল হ'ল।অৰকুটৰ ঠাই ফেচবুকে ল'লে। আজিকালি আৰু তাইক আগৰদৰে লগৰবোৰে শিকাব নেলাগে। বিভিন্ন তিতাঁ-মিঠা অভিজ্ঞতাই তাইক সৰ্ম্পূণ কৰি তুলিছে। মানুহ দেখিলেই,কথা পাতিলেই কেনে প্ৰকৃতিৰ তেওঁ জনা হ'ল।তাই লিখা-মেলাও কৰে আজিকালি। তাইৰ লেখনিৰ বহু অনুৰাগীও আছে। ফেচবুকতো তাইৰ বহু অচিনাকী ফেনৰ লগত ফেন হৈছে। বিভিন্ন মেচেজ আহে।কেতিয়াবা সময় পালে পঢ়ি চায়। দুই এটা মেচেজৰ ৰিপ্লাও দিয়ে। আজিও তাই সময় পোৱাত ফেচবুক খুলি নপঢ়া মেচেজবোৰ পঢ়িবলৈ ল'লে।দুই এটাৰ ৰিপ্লাও দিলে।হঠাত এটা মেচেজ পঢ়ি বহু বছৰৰ আগতে হোৱাৰদৰে তাইৰ অৱস্হা হ'ল। কি উত্তৰ দিব তাই ভাবি নেপালে।
মেচেজটোত লিখা আছিল-"Are you virgin? "
অৰকুটৰ যুগত তাই যেনেকৈ সি সোধা প্ৰশ্ন শুনি অস্তত্বিত ভুগিছিল, আজিও তাই একেই অস্তত্বি অনুভৱ কৰিলে।
(বান্ধৱী এজনীয়ে কোৱা কাহিনীৰ আলমত)

--------------------------আশা-----------------------------------------------

--------------------------আশা-----------------------------------------------
“Without him, I will die day by day”
অন্তৰংগ বান্ধৱীৰ মনৰ কথা এইষাৰ।বান্ধৱীৰ বুকুৰ গভীৰতম কোণৰপৰা ওলাই আহি মোৰ কৰ্ণকুহৰত খুন্দা মাৰিলেহি। আৱেগিক হৈ পৰা বান্ধৱীক বুজাবলৈ মোৰ ওচৰত ভাষাৰ অভাৱ হৈছিল। কি বুজাম তাইক ? প্ৰেম,ভালপোৱা আদিৰ ভাষা দেখোন মইয়ে ভালদৰে বুজি নেপাওঁ। তেনেস্হলত মিছা সান্তনা জনাই তাইক কি লাভেইবা হ'ব? মোৰ ভাড়াঘৰৰ বিচনাখনত উবুৰি হৈ পৰি তাই মাথো কান্দিছিল। কান্দক, তাই মন উজাৰি কান্দক। যদি কান্দিলেই দুখবোৰ তাইৰ পাতলি যায়, যিমান মন যায় কান্দি থাকক তাই। বৈ যাওঁক চকুলোৰ এসাগৰ,সেই চকুলোৰ সাগৰত তাইৰ দুখবোৰ উটি শেষ হৈ যাওঁক চিৰদিনলৈ। তাৰ ঠাইত তাই সাহসী হৈ উঠক তাৰ অবিহনে জীৱনটো সম্পূণতাৰে আগুৱাই নিবলৈ। ক'ব পৰা হৈ উঠক তাই মোৰ আগত তাৰ অবিহনেও তাই জীৱনটো সৰ্ম্পূণ কৰি তুলিছে।সুন্দৰতাৰ সকলো স্বপ্নই পোহৰাই তুলিব পৰা হৈছে তাইৰ জীৱনটো।
------------------------------------------------------ --------মন-প্ৰাণ সৱস্ব দিয়াৰ পাছতো কেনেকৈ কোনোবাই কাৰোবাৰ বিশ্বাস ভংগ কৰি এখন ভগ্ন হ্ৰদয়ৰ উপহাৰ দি যায় সেয়া নেদেখাজনেহ জানে। কাৰোবাক ইমান দুখ দি তেওঁ বাৰু পৰৱত্তী দিনত সুখী হ’ব পাৰেনে?বুকুত বাৰু অহৰহ কঢ়িয়াই নুফুৰেনে বিশ্বাসভংগৰ যন্ত্ৰণা?তেওঁ লাগিলে পুৰুষেই হওঁক নাইবা মহিলা।
কান্দি কান্দি ভাগৰি পৰি তাই বিচনাখনতে নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিল। ভালদৰে শুৱাই দি ব্লেংকেটখন তাইৰ গাত উৰি দিলো। নৱেম্বৰৰ মাহৰ মাজভাগ। ইতিমধ্যে শীতৰ আগমন ঘটিছে। কুঁৱলীৰ কোমল আৱৰণে বাহিৰত এক ছায়াঘণ পৰিৱেশৰ সৃষ্টি কৰিছে। শীত মোৰবাবে কেতিয়াও প্ৰিয় ঋতু নহয়। তথাপি নিয়ৰসনা পুৱাৰ দুবুৰিবনত খোজ কাঢ়ি এক অজান পুলক অনুভৱ কৰো। গাঁৱৰ ঘৰত গধুলি ধৰা জুইকৰাত দুহাত সেকি ,নতুনকৈ ওলোৱা আলু পুৰি খাই বুজাব নোৱাৰা আমেজৰ মাজত সোমাই পৰো। তথাপি শীতক মই বেয়া পাওঁ।বহুতে সোধে -ইমানবোৰ প্ৰিয়ৰ সমাগমৰ পাছতো শীত মোৰ প্ৰিয় কিয় নহয়?
মোৰ সহজ উত্তৰ- ঠান্ডাত ৰাতিপুৱা সোনকালে লেপৰ উম এৰি উঠাটোৱেহে জানে, হীমশীতল পানীৰ স্পশই দেহৰ আহেঁ আহেঁ যি কপঁনিৰ সৃষ্টি কৰে, তেনে পৰিস্হিতিত সদায়েই কামনা কৰো শীত তুমি নাহিবা বুলি।
পিছে প্ৰকৃতিয়ে জানো মোৰ কথা শুনিব? প্ৰকৃতিয়ে নিজৰ কাম সময় অনুযায়ী কৰিবই। দিনৰ পাছত ৰাতি হ'বই। ৰাতিৰ নিৰ্মল আকাশত জোনটিয়ে নিজস্ব সৌন্দৰ্য্যৰে জিলিকি উঠিব।তাকে দেখি গাৱঁৰ কোনোবা কোনত আইতাৰ কোলাত বহি নাতিনীয়েকে জোনবাইলৈ চাই গায়-
"জোনবাই এ বেজি এটা দিয়া,
বেজিনো কেলৈ?
মোনা সিবলৈ,
মোনানো কেলৈ?
ধন ভৰাবলৈ,
ধননো কেলৈ?
হাতী কিনিবলৈ,
হাতীনো কেলৈ ?
হাতীৰ পিঠিত উঠি গাঁৱে গাঁৱে ঘুৰি ফুৰিবলৈ"।
শুকান পাত সৰি লঠঙা হৈ পৰা গছজোপা ঋতু পৰিৱৰ্ত্তনৰ লগে লগে কোমল কুহিঁপাতে সজাই তুলিব। চাৰিওফালে সেউজীয়া কৰি তুলিব। ধুলি আতঁৰি ৰাস্তা-ঘাটবোৰ কোনোবা গাভৰুৰ নিমজ শৰীৰৰদৰে হৈ পৰিব। আকাশখন মুকলি হৈ পৰিব। তাকে দেখি কবিৰ অন্তৰত কবিতাৰ জোৱাৰ উঠিব। গল্পকাৰে প্ৰকৃতিৰ এই অপৰুপ সৌন্দয্যক গল্পৰ ৰুপ দি বা বা ল'ব ।সেউজীয়া পথাৰবোৰে সোনোৱালী ৰুপ ল'ব। এদিন খেতিয়কৰ ভৰাঁল শুৱনি কৰি তুলিব সোনগুটি শস্যই। তাকে দেখি খেতিয়কৰ শুকান মুখতো হাহি বিৰিঙি উঠিব।
ঠিক একেদৰেই মানৱ জীৱনতো একো স্হায়ী নহয়। আজি যাৰ অবিহনে জীৱনটো অচল যেন লাগে এদিন সেইয়া আমাৰ বাবে অনৰ্থক হৈ পৰা যেন লাগে। অনুভৱ হয় যি হ'ল ভালৰ বাবেই, আমাৰ মংগলৰ বাবেই হ'ল যেন লাগে। দুনাই তেওঁক লগ পালে সেইবাবে আমি তেওঁৰ কুশল বাৰ্ত্তা হাঁহিমুখে ল'ব পাৰো। মৃৰ্ত্যুৰ কামনা কৰা আমিবোৰে পুনৰ জীয়াই থাকিবলৈ ইচ্ছা কৰো। প্ৰেমত ঠগন খাইও পুনৰ আকৌ প্ৰেমত পৰো। সেইবাবে আমাৰ বাবে জীৱন ইমান সুন্দৰ হৈ পৰে। প্ৰতি পলে মৃৰ্ত্যুৰ উপস্হিতি অনুভৱ কৰিও কিবা অজান স্পৃহাত জীয়াই থাকিব বিচাৰো। পাপ পূণ্যৰ সীমাৰেখা বিচাৰি হাহাঁকাৰ কৰো। বিশ্বাস-অবিশ্বাস, মায়া-মোহ, দয়া-ক্ষমা আদিৰ হিচাপ পত্ৰ কৰো। নেদেখাজনৰ ওচৰত মোৰ দোৱাওঁ তেতিয়াই।ভাগ্যক সুঁৱৰি দুখ কৰো। বয়সৰ বোকোচাত যিমানে আগবাঢ়ো শৈশৱৰ প্ৰতি মন সিমানে লালায়িত হয়।চিন্তাৰহিত শৈশৱৰ সেই দিনবোৰলৈ উভতি যাবলৈ মনে বাৰে প্ৰতি উচপিচ কৰে। সেইবাবে হয়তো ককা আৰু নাতিৰ মাজৰ সৰ্ম্পক ইমান গভীৰ হয়।
...................................................... ……………………………………..
খোলা খিৰিকিখনেদি চাই পঠিয়ালো। জোনবাইৰ পোহৰে গোটেইখন দিন যেন পোহৰ কৰি তুলিছে। ভাবি আচৰিত লাগে আনক পোহৰাই তোলা সেই জোনৰো কলংক আছে। খোলা খিৰিকিখনেদি জোনৰ অলপ পোহৰ সোমাই আহি মোৰ প্ৰিয়তম বান্ধৱীৰ গালে মুখে বিয়পি পৰিল। কামনা কৰিলো সেই উজ্বল পোহৰৰদৰেই যেন বান্ধৱীৰ ভাগি যোৱা জীৱনটোও পোহৰ হৈ উঠে। সপোন দেখি ভালপোৱা মোৰ বান্ধৱীয়ে পুনৰ সপোন দেখিবলৈ লয়।

-----------------------------------------------শীত---------------------------------------------

-----------------------------------------------শীত---------------------------------------------
শীতৰ দিনকেইটাৰ আগমণ ঘটিলেই মাথাটো ঘোলা হৈ যায় বছৰি মোৰ। নহ'বনো কিয় আমাৰদৰে দুখীয়াবোৰৰ য'ত নেকি দুবেলা দুসাজ পেট ভৰাই খাবলৈ টনা আজোৰা চলে,তেনেস্হলত কম্বল এখন বা লেপ এখন সাতশ আঠশ টকা দি কিনো কেনেকৈ? হৈছে।বস্তুৰ যিহে জুই চাই দাম হৈছে। আৰু এখন কিনিলেই জানো হ'ব? ডাবল চাইজৰ এখন কিনিলে মোৰ আৰু কণ কণ ছোৱালী তিনিজনীৰ হ'ব, পিছে মোৰ মানুহটোৱে ঠান্ডাখনত কেৱলমাত্ৰ দুবছৰমানৰ আগতে আৰ তাৰপৰা খুজি আনি নিজে হাতেৰে চিলাই বনাই লোৱা ফটা কেঠাখনৰে ঠান্ডাত কেকাই থাকিলে মই বাৰু কেনেকৈ সহ্য কৰো?হাজাৰ বেয়া হ'লেও মোৰ মানুহ সি। তাক আৰু ছোৱালী তিনিজনীক লৈয়ে মোৰ পৃথিৱী। তাতে দিন হোৱাত কেঠাখনে গৰম লগোৱাতকৈ ঠান্ডাহে বেছিকৈ লগায়। নতুনকৈ এখন সী বনাই দিবলৈও পিন্ধা কাপোৰৰে অভাৱ।তেনেস্হলত....
সেই আশা বাদ দিবলগীয়া হয়। তাতে শুবলৈ বিচনা এখনো নাই। মাটিতে থৈলাত ধান খেৰ ভৰাই তুলিৰদৰে বনাই লৈছো।তথাপি তেনে তুলিয়ে চেচাঁ মাটিৰ শীতলতাক বাধা দিব নোৱাৰে। ঠেটুৱৈ ধৰা শীতত শৰীৰৰ সিৰা উপশিৰালৈকে শীতলতাই চুই যায়। নিশকতীয়া শৰীৰকেইটাই ঠান্ডা সহ্য কৰিব নোৱাৰে। ঠান্ডাত ছোৱালীকেইজনীক যিমানপাৰো কাষলৈ চপাই আনো। কিজানি মোৰ দেহৰ সামান্য উত্তাপে সিহঁতক অলপ হ'লেও উম দিব পাৰো। সৰুজনী ছোৱালীৰ বয়স সাতবছৰমান।
তাই কুচিমুচি মোৰ বুকুৰ মাজত সোমাই কয়--মাঁ খুব ঠান্ডা লাগিছে।
তাইৰ কথা শুনি বুকুখনৰ কোনোবাখিনিত পোৰনি উঠে।
যিমান পাৰো কাষলৈ চপাই আনি কওঁ -"মোক জোৰকৈ সাৱটি ধৰি শুই থাক,গৰম উঠি যাব"।
কথাষাৰ কৈ ডিঙিলৈকে শোক এটা উথলি উঠে। মাকঁ হওঁ মই। সন্তানক সকলো সুখ দিব খোজো। জীয়াৰী কালত কিবা জগৰ লগালে মাঁয়ে কোৱা কথাষাৰ কানত থহৰ থহৰকৈ বাজে-মাঁক হ'লে বুজিবি। ঠিকেই কয় আইৰ সমান হ'ব কোন? মাতৃ হোৱাৰ পাছত সন্তানৰ প্ৰতি মাঁকৰ মোহ কি বুজি উঠিছো। প্ৰতি পলে পলে জীয়াৰী কালত মাঁয়ে কোৱা কথাবোৰ যে সত্য প্ৰমাণিত হৈছে। পিছে সেইসময়ত এইবোৰ কথা বুজিয়েই নেপালো। পিছে নোৱাৰো। ইয়ে আৰু মোক দুখী কৰি তোলে।
-------------------------------------------------------------------------------------------------
ঘৰৰ মই ডাঙৰ ছোৱালী আছিলো। দুজনী ভনী আৰু এটা ভাই। আইৰ ঘৰত দুবেলা দুমুঠিৰ অভাৱ নাছিল। পঢ়া শুনাত বৰ বিশেষ আগবাঢ়িব নোৱাৰিলো। এদিন ঘৰলৈ কাঠ মিস্ত্ৰীৰ কাম কৰিবলৈ ৰমেনদা আহিছিল। আমাৰ ঘৰটো বনাবলৈ। প্ৰথম দশনতেই ৰমেনদাক মোক ভাল লাগিছিল। ১৬ বছৰেই তেতিয়া মোৰ হোৱা নাছিল। ৰমেনদাৰ মিঠা কথাত ভোল গ'লো। আগ গুৰি নেভাবি এদিন ঘৰৰ কোনোৱেই গম নোপোৱাকৈ আন্ধাৰৰ সুযোগ লৈ ৰমেনদাৰ চাইকেলক উঠি তেওঁৰ ঘৰ ওলালোগৈ । দুইখন ঘৰে প্ৰথমে অলপ অসন্তোষ প্ৰকাশ কৰিলেও লাহে লাহে আমাক আদৰি ল'লে। ৰমেনদাৰ ঘৰখনতো ইমান অভাৱ অনাটন নাছিল। শাহু শহুৰে মোক মৰমেই কৰিছিল। বিয়া নোহোৱাকৈ থকা বাই শাহুজনী ভালেই আছিল। পিছে সমস্যাৰ সৃষ্টি কৰিলে ৰমেনদাই নিজে।ককায়েক কেইজনে ইতিমধ্যে বিয়া বাৰু কৰাই বেলেগ ঘৰ বান্ধিছিল। ৰমেনদাৰ মদ টোপাৰ প্ৰতি থকা আকষণৰ কথা বিয়াৰ আগতে মোৰ অজানা আছিল। মোক বিয়া কৰি অনাৰ কিছুদিনলৈকে ঠিকেই আছিল। পিছে দিন বাঢ়ি যোৱাৰ লগে লগে তেওঁৰ এই বদ অভ্যাস মোৰ চকুত জলজল পটপটকৈ ধৰা পৰিল। কাম কৰিবলৈ ওলাই গৈ এটুপি ধৰি ৰাতি দেৰি দেৰিকৈ ঘৰলৈ অহা হ'ল। কিবা ক'লেও অবাইচ মাত মাতি গাত হাতো দিয়া হ'ল। শাহু- শহুৰে কিবা ক'লেও তেওঁলোককো নক'বলগীয়া কথা কোৱা হ'ল। এদিন সহ্যৰ সীমা মাঁক- দেউতাকৰো পাৰ হৈ গ'ল। ৰমেনদাক ঘৰৰপৰা বাহিৰ কৰি দিলে। মোৰো উপায় নোহোৱা হ'ল। কাৰ পক্ষ ল'ম? স্বামীৰ পক্ষ নে শহুৰ -শাহুৰ? স্বামীৰ ভুল দেখিও উপায় নেপাই ৰমেনদাৰ লগতেই ওলাই আহিলো।
---------------------------------------------------------------------------------------------------
মোৰ পেটত তেতিয়া তিনিমহীয়া সন্তান।শেষ আশ্ৰয় আছিল দেউতাৰ ঘৰ। মাঁ -দেউতাই মোকেই দোষ দিলে নিজে চাই বিয়া হোৱা বাবে। তথাপিও আমাক আকোৱালি ল'লে।হাজাৰ হ'লেও নিজৰ পেটৰ সন্তানৰ দুখ দেখি কেনেকৈ চাই থাকে? ৰমেনদাই নিজৰ ঘৰত ভৰি নিদিয়াৰ শপত ল'লে। দিনবোৰ তেনেকৈয়ে গৈ থাকিল। ইতিমধ্যে দেউতাহঁতে মাটি অকন দিলে। তাতে সৰুকৈ ঘৰ এটা বান্ধি থাকিবলৈ ল'লো। ৰমেনদাৰ স্বভাৱ সলনি নহ'ল।মই তেওঁৰ এই স্বভাৱৰ সৈতে মিলি যোৱাৰ চেষ্টা কৰিলো। সুস্হিৰ হৈ থাকোতে ৰমেনদাক বুজাওঁ। বুজেও তেতিয়া। পিছে পেটত পানীটুপি পৰাৰ লগে লগে একেই ৰুপ। মৃত্যুৰ কথাও ভাবো মাজে মাজে।পিছে ছোৱালীকেইজনীৰ মুখলৈ চালে সেই মনৰ আশা মনতে মাৰ যায়। এদিন ৰমেনদাই বুজি পাব সেই আশাতেই বন্দী হৈ পৰো। ছোৱালীকেইজনী লাহে লাহে ডাঙৰ হৈ অহাত সিহঁতৰ বিভিন্ন অভাৱ দুৰ কৰিবৰ বাবে দুই এঘৰত ইটো সিটো কাম কৰিব ল'লো। সিহঁতৰ অভাৱবোৰ অলপ হ'লেও পুৰাব পাৰি মনটো ভাল লাগে।
------------------------------------------------------------------------------------------------------------
ঠান্ডা অলপ বেছিকৈয়ে পৰিছে। ঘৰৰ টিঙৰ চালত নিয়ৰবোৰে টোপৰ টোপৰকৈ শব্দ কৰিছে। মই নিয়মীয়াকৈ কাম কৰা ৰীনা বৰবৌৱে ডাবল চাইজৰ ব্লেংকেট এখন আনি দিলে। যোৱাবাৰতকৈ সেইবাবে ঠান্ডা অলপ কম পাইছো। তথাপি আৰু এখন হোৱা হ'লে ভাল আছিল।
পথাৰত ধান দাই থাকোতে ভনী নবৌৱে কৈছিল---"চৰকাৰে বোলে অহা দেওবাৰে আমাৰ গাওঁত মিটিং পাতিছে। ইলেকচন আহি আছে। তাতেই বোলে ঊল, সূঁতা, কম্বল আদি দিব।" আনেই
যিয়েই নকওঁক ভোটৰ বাবে তেওঁলোকে এইবোৰ কৰিছে বুলি তাত মোৰ ক'বলগীয়া একো নাই। আমাৰদৰে দুখীয়াবোৰৰ বাবে তেওঁলোকৰ এই সাহায্য আশীবাদস্বৰুপ। এই সময়ত মোক আৰু কম্বল এখনৰ খুবেই দৰকাৰ হৈছে --ছোৱালী কেইজনীক ঠান্ডাৰপৰা ৰক্ষা কৰিবৰ বাবে। গাত ল'বলৈ কাপোৰ দুখনমানো লাগে। ঊল দিলে তাৰে মাটি শালখনতে গৰম কাপোৰ দুখনো বৈ উলিয়াব পাৰিম। ঠান্ডাটো তেতিয়া ভালৰেই পাৰ হৈ যাব। মিটিং খনলৈ যাব লাগিব। ভোট যাকেই নিদিওঁ। সেইয়া পাছৰ কথা। আমাৰ ৱাডৰ ৱাড মেম্বাৰ নিজু নবৌক কথাটো ক'ব লাগিব। নিজু নবৌৰ ৱাড মেম্বাৰ হোৱাৰ বাবে মইও বহু কষ্ট কৰি থৈছো।
চৰকাৰে দিব বুলি কোৱা কম্বল আৰু ঊলৰ কথা ভাবিয়েই মোৰ দুচকু জাপ খাই আহিল।হওঁক তেওঁ এটা সমস্যা সমাধান হৈছে।বাহিৰত ফৰিংফুটা জোনাক। বেৰৰ জলঙায়েদি জোনৰ পোহৰ কোঠাটোৰ ভিতৰলৈ সোমাই কোঠাটো পোহৰাই তুলিছে তেতিয়া।

আমি অলপ সচেতন হ'ব নোৱাৰোনে?

আমি অলপ সচেতন হ'ব নোৱাৰোনে?
১)
বান্ধৱীয়ে ক'লে- “বলা, দেওবাৰে চাইবাবাৰ মন্দিৰৰপৰা আহো।“
বহুতদিন লগ পোৱা নাছিলো। ফোনতেই খা-খবৰ লোৱা হয়। মইও যাম বুলি কথা দিলো। চাকৰিৰ ব্যস্ততাৰ মাজত সময় উলিয়াই অলপ ওলাই গৈ মই ভালেই পাওঁ। নিদিষ্ট দিন অহাত দুয়ো ওলাই গলো আগতেই ঠিক কৰি থোৱা চাইবাবাৰ মন্দিৰলৈ ।চৌদ্ধমাইলত অৱস্হিত মন্দিৰটোত সোমাই যোৱাৰ লগে লগে মনটো সচাঁই ভাল লাগি গ'ল। মন্দিৰৰ বিষয়ববীয়াই সুন্দৰকৈ মন্দিৰটো ৰাখিছে। মন্দিৰৰ চৌপাশৰ পৰিৱেশ, পৰিস্কাৰ পৰিচ্ছন্নতাই অন্তৰ চুই গ'ল। ভক্তৰ লানি নিচিগা সোতঁ। অহা আহিছে যোৱা গৈছে। কিন্তু বিশৃংখলতাৰ নামমাত্ৰ চিন নাই। আগতে মই যোৱা নাছিলো এই মন্দিৰলৈ। সময় সুযোগ সুবিধা পালে মই নামঘৰ, মন্দিৰ, গীজা, মচজিদ আদি সকলোলৈকে যাওঁ। হিন্দু ধৰ্মৰ মানুহ হ'লেও মোৰমতে ভগৱান এজনেই। ধৰ্মৰ নাম লৈ বিভিন্ন লোকে বিভিন্ন নাম দিছে। অৱশ্যে ভগৱান আছেনে নাই মই তাতো নিশ্চিত নহয়। কিন্তু কিবা এটা শক্তি যে আছে তাকেহে বিশ্বাস কৰো। যাৰবাবে আমি আজিও ভাল কি বেয়া কি, ন্যায় অন্যায়ৰ সীমাৰেখাডাল অনুভৱ কৰিব পাৰো। মই নামঘৰ, মন্দিৰ গ'লে যিদৰে সেৱা লওঁ, মচজিদ গ'লেও লওঁ, একেদৰে গীৰ্জা গ'লেও কৰো। কেতিয়াও কাৰো ধৰ্ম ঘৃণা কৰি পোৱা নাই। নিদিষ্ট কৰি থোৱা ঠাইত চাকি, ধূঁপ আদি জ্বলালো। পিছে এটা কথা দেখি বৰ বেয়া লাগিল ইমান সুন্দৰকৈ ৰখা মন্দিৰটো কিছুমান ভক্তই চাকি জ্বলোৱা মিঠাতেলৰ পেকেট, ধুপৰ পেকেট য'ত ত'ত পেলাই লেতেৰা কৰি থৈ গৈছে। অথচ সেইবোৰ পেলাবৰ বাবে ডাষ্টবিন দি থোৱা আছে। ভগৱানৰ মন্দিৰলৈ আহি মন্দিৰটোৱেই যদি লেতেৰা কৰি থৈ যোৱা যায় ভগৱান জানো সন্তোষ হ'ব? এইয়া অকল চাইবাবাৰ মন্দিৰতেই নহয়, আন বহু মন্দিৰ, নামঘৰ আদিতো দেখিছো।সচাঁকৈয়ে আমাৰ মাজৰ কিছু লোক কিয় বাৰু এই বিষয়ত সচেতন নহয়? নামঘৰ, মন্দিৰ আদিলৈ গৈ আমি বাৰু এই কথাবোৰত কিয় গুৰুত্ব নিদিওঁ? অকল নামঘৰ, মন্দিৰ আদিয়েই নহয় ৰাজহুৱা বিনোদন স্হান, পিকনিক খাবলৈ গৈ পিকনিক খোৱা ঠাইটুকুৰা আদিবোৰ লেতেৰা কৰি থৈ অহাটো কিছুমানৰ অভ্যাসত পৰিনত হৈছে।
২)
মাঁ আহিছিল। মাঁক লৈ এদিন শংকৰদেৱ কলা ক্ষেত্ৰলৈ ওলাই গ'লো। কলা ক্ষেত্ৰলৈ গ'লে মই সাধাৰনতে মাছ থকা ফিচাৰিটোৰ পাৰত থকা চকীত বহো কিছুসময়।দু- হাতত লৈ যাওঁ মাছক দিবৰ বাবে অলপমান দানা। পানীলৈ চটিয়াই দিয়াৰ পাছত বিভিন্ন ধৰনৰ মাছবিলাকে দানাবোৰ খাবলৈ কৰা ল'ৰা-ঢাপৰা দেখি মনটো তৃপ্তিৰে ভৰি পৰে। এইবাৰো ফিচাৰীটোৰ পাৰত থকা চকীত বহি পৰিলো। অলপ আতঁৰত থকা চকীখনত পৰিয়াল এটা বহি আছিল। লগত দহবছৰৰ তলৰ এহাল ল'ৰা-ছোৱালী। হাতত থকা চিপছৰ পেকেটৰপৰা চিপছৰ টুকুৰাবোৰ উলিয়াই লৈ পানীত থকা মাছৰ মাজলৈ দলিয়াই দিছে। বিভিন্ন ধৰনৰ মাছবোৰৰ চিপছৰ টুকুৰাবোৰ খাবলৈ কৰা লৰা-ঢপৰাবোৰ দেখি ল'ৰা-ছোৱালীহাল স্ফূৰ্তিত চিঞৰি উঠিছে। তাক দেখি তাত থকা সকলোৰে মনবোৰ ভাল লাগিল। পিছে তাৰপিছতে খালী হোৱা চিপছৰ পেকেটবিলাক পানীলৈকে দলিয়াই দিবলৈ ল'লে। মাঁক-দেউতাকে তথা আন কোনেও বাধা দিয়া দেখা নগ'ল। অথচ তেওঁলোক বহি থকাৰ অলপ পাছতে এটা ডাষ্টবিন আছিল ।
পানীলৈ চিপছৰ পেকেটকেইটা পেলাবলৈ লওঁতেই মই বাধা দি উঠিলো-“পানীত নেপেলাবা তোমালোকে। ডাষ্টবিনত পেলোৱা।“ তেওঁলোকে পানীত নেপেলালেও ডাষ্টবিনত নেপেলালে। বহা ঠাইতে পেলাই অলপ পাছত তেওঁলোক উঠি গ'ল। হয়তো তেওঁলোকৰ আত্মসন্মানত লাগিছিল। কিন্তু দেখোতে তেওঁলোকক শিক্ষিত যেনেই লাগিল। মই আচলতে তেওঁলোকক এই কথা সোঁৱৰাবই নেলাগে। তেওঁলোকেও জানে যে মাছ থকা ফিছাৰিটোলৈ চিপছৰ পলিথিনৰ পেকেটবোৰ দলিয়াব নেলাগে। সেইবিলাক মাছৰ বাবে স্বাস্হ্যকৰ নহয়। ইতিমধ্যে ফিছাৰিটোত দুই এটা চিপছৰ খালী পেকেট উপঙি আছিল। আৰু হয়তো সেইবোৰো এনেধৰনৰ লোকসকলেই পেলাই থৈ গৈছে।
৩)
এইয়া মাত্ৰ দুটা উদাহৰনহে।এনে বহু উদাহৰন আছে। যাক লিখি থাকিলেও শেষ নহ'ব। এচি থকা লেটেষ্ট মডেলৰ কাৰত উঠি গৈ আছে, হাতত চিপছৰ পেকেট, পানীৰ বটল আদি। খাই শেষ হোৱাৰ পাছত কাৰৰ গ্লাছ খুলি ৰাস্তালৈ দলিয়াই দিয়া বহুতকে দেখিছো। তামোল, পান খাইছে, পিকখিনি ৰাস্তাৰ কাষৰ ৱালত বা কোণ এটাত পিকাই দিছে আৰু পিকথিনিয়ে ৱালত বিভিন্ন ৰুপ লৈছে ।অথচ ৱালখনত লিখাই আছে-ইয়াত পিক নেপেলাব।
ৰাস্তাৰ কাষৰ বিভিন্ন চুকে কোনে কিছু লোকে প্ৰসাৱ কৰি লেতেৰা কৰি থৈ যোৱা অথচ লিখাই আছে -ইয়াত প্ৰসাৱ কৰি লেতেৰা নকৰিব। অলপ দুৰতে এটা ৰাজহুৱা প্ৰসাৱগাৰ আছে।
ৱালবিলাকত বিভিন্ন দেৱাল লিখন লিখিবলৈ মানা কৰা আছে। অথচ তাক উপেক্ষা কৰি ৰাতিৰ আন্ধাৰত বিভিন্ন দল-সংগঠনৰ বিভিন্ন লেখা লিখা হৈয়েই আছে।
স্বচ্ছ ভাৰত অভিযান ইতিমধ্যে ২০১৪ চনৰ পৰাই আৰম্ভ হৈছে। আৰম্ভনিতে যিমান তৎপত্ৰাৰে এই অভিযান আৰম্ভ হৈছিল , এতিয়া যেন সেই অভিযানলৈ শিথিলতা আহি পৰিছে।
নতুন বছৰলৈ আৰু কেইদিনমানহে বাকী। নতুন বছৰৰ আগমনৰ আগে আগে আমাৰ মাজৰ বহুতেই পিকনিক খাব যাওঁ। মদে-মাংসই খাই বৈ বহুতেই ঠাইটুকুৰা লেতেৰা কৰি থৈ অহাৰ কথা বাতৰিকাকত, টিভিৰ বাতৰিত পঢ়িবলৈ, শুনিবলৈ পায়েই থাকো। আমি যদি অলপ সচেতন হৈ ঠাইটুকুৰা চাফ-চিকুন কৰি থৈ আহো। আমি আমাৰ ঘৰখন যিদৰে সকলোধৰনে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখো, ঠিক সেইদৰে আমাৰ চৌপাশৰ পৰিৱেশ, ৰাস্তা-ঘাট, নামঘৰ, মন্দিৰ, মছজিদ, পিকনিক স্পট, পৰ্য্যটক ঠাই আদিও জানো পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব নোৱাৰো জানো? ইয়াৰ বাবে মাত্ৰ আমাৰ অলপ সচেতনতাই জানো দৰকাৰ নহয়? (মনৰ কথা)

----------------------------------------টোপ---------------------------------------------------

----------------------------------------টোপ---------------------------------------------------
পুখুৰীতেই হওঁক বা নদীতেই হওঁক বৰশীৰে মাছ ধৰাটো বহু লোকৰে একোটা চখ। পানীৰ তলত থকা বিভিন্ন মাছক বৰশীৰে ধৰিবৰ বাবে বহু কষ্ট কৰিবলগীয়া হয়। ডাঙৰ মাছ যেনে ৰৌ,বাহু,বৰালি,মিৰিকা আদি ধৰিবৰ বাবে যেনেধৰনৰ বৰশি,টোপ ব্যৱহাৰ কৰা হয়, ঠিক সেইদৰে আন সৰু মাছ যেনে গৰৈ ,কাৱৈ,মাগুৰ,পুঠি আদি ধৰিবৰ বাবে সৰু বৰশি,টোপ ব্যৱহাৰ কৰিবলগীয়া হয়। গৰৈ,পুঠি আদি সৰু মাছবোৰ ধৰিবৰ বাবে বহুত কষ্ট কৰিবলগীয়া হয়। কেতিয়াবা কেতিয়াবা দিনটো বৰশি বাইও এটাও মাছ উঠাব নোৱাৰি। বৰশিৰে মাছ ধৰাৰো কিছুমান নিদিষ্ট সময়, বতৰ আছে। বাৰিষা কালত যেতিয়া মাছৰ কনী পাৰিবৰ হয়, তেতিয়া মাছবোৰ পুখুৰীৰপৰা ওলাই আহে, একেদৰে নদীতো একেই কথা খাটে। এই সময়তেই মাছবোৰ বৰশি বাই উঠোৱাৰ উপযুক্ত সময়। বৰশি বাই মাছ উঠোৱা বিদ্যাৰপৰা আমি ধৈৰ্য্য -পৰীক্ষাৰ এটা উপযুক্ত শিক্ষা পাওঁ।
---------------------------------------------------------------------------------------------------
অৱশ্যে মই বৰশি বাই মাছ ধৰাৰ কথা লিখিলেও আন প্ৰসংগতে বৰশিৰে মাছ ধৰাৰ কথাটো উল্লেখ কৰিছিলো। অনাগত বৰ্ষৰ আৰম্ভণিতে আমাৰ ৰাজ্যৰ বিভানসভাৰ নিৰ্বাচন আহি আছে। মাজত মাথো ছয় মাহো নাই। কংগ্ৰেছ, বিজেপি, এজিপি, এ আই ডি এফ, বিপিএফকে ধৰি বিভিন্ন সৰু বৰ ৰাজনৈতিক দল সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ব্যস্ত হৈ পৰা দেখা গৈছে। বিভিন্ন জন নেতাই নিজৰ সুবিধা-অসুবিধা চাই দল বাগৰা স্বভাৱ আৰম্ভ কৰিছে। ত্যাগ কৰিবলৈ পিচ হুহুকা নাই নীতি-আদৰ্শও। তেওঁলোকৰ এই দল বাগৰাৰ প্ৰথাই যে সাধাৰন নাগৰিকৰ কিবা উপকাৰ কৰিব সেয়া কাৰোৰেই মনে নধৰে। নিৰ্বাচনত জিকাৰ পৰৱৰ্ত্তী দিনবোৰত সাধাৰন ভোটাৰৰ কাষলৈ নোযোৱা বিভিন্ন ৰাজনৈতিক দলৰ নেতা-পালিনেতাক এতিয়া সঘনাই ৰাইজৰ কাষত দেখা গৈছে। অথচ যোৱা পাচোঁটা বছৰত সেই একেখিনি ৰাইজৰ খবৰ ল'বলৈ প্ৰায়সংখ্যক জনতাৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰ সময়েই নাছিল। ক্ষমতাৰ খোৱা-কামোৰাত বহু জনপ্ৰতিনিধিক ব্যস্ত থকা দেখা গৈছিল। ৰাজ্যৰ তথা জনতাৰ কল্যাণৰ কথা,উন্নয়ণৰ কথা চিন্তা কৰিবলৈ সাধাৰন জনতাই গণতান্ত্ৰিক পদ্ধতিৰে তেওঁলোকৰ অমূল্য ভোট প্ৰদান কৰি নিৰ্বাচিত কৰি পঠোৱা জন প্ৰতিনিধিয়ে ৰাজধানীৰ গাদী পোৱাৰ পাছত সাধাৰন জনতাক পাহৰি গ'ল। ঠিকেই কয়-লংকালৈ যিয়েই যায়,সিয়েই ৰাৱণ হয়। আমাৰ জন প্ৰতিনিধিকেইজন সেই আপ্তবাক্য কিয় পাহৰিব? আমি জনতায়েও জনপ্ৰতিনিধিবোৰ এনেকুৱাই বুলি ভাবিবলৈ বাধ্য হৈ পৰো। নিৰ্বাচন আহিলে পুনৰ তেওঁলোকৰ বিভিন্ন আশ্বাসপূৰ্ণ কথাত ভোল গৈ পুনৰ একেজন জনপ্ৰতিনিধিকে বহুমুলীয়া ভোটটি প্ৰদান কৰি চৰকাৰ গঠন কৰাওঁ। ভাবো এইবাৰ কিজানি অলপ হ'লেও জনতাৰ,ৰাজ্যৰ কথা ভাৱেই কিজানি! পিছে বাৰেপ্ৰতি সাধাৰন নাগৰিকৰ সেই বিশ্বাসক ভৰিৰে মোহাৰি পেলাবলৈ জনতাৰদ্বাৰা নিৰ্বাচিত জন প্ৰতিনিধিয়ে অলপো কুন্ঠাবোধ নকৰে।
----------------------------------------------------------------------------------------
ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ প্ৰতিনিধিয়ে ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন সভা-সমিতি পতা আৰম্ভ কৰিছে। তেওঁলোকে জনতাৰ হৈ কৰা বিভিন্ন কামৰ খতিয়ান দিয়া আৰম্ভ কৰিছে। অহা নিৰ্বাচনত জিকিলে কি কি কৰিব, তাৰো বিভিন্ন খতিয়ান দাঙি ধৰিছে কৰকেই বা নকৰক।বিভিন্ন সামাজিক,স্বাস্থ্যমুলক,অৰ্থনৈতিক আচঁনি আদি ঘোষনা কৰিছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আধাৰশিলা স্হাপন কৰিছে। সময়ে ক'ব এই আধাৰশিলা আধাৰশিলাই হৈ থাকিব নে পূণতাও পাব? বিভিন্ন সভা সমিতি পাতি সুতা,কম্বল আদি বিতৰণ কৰিছে তাত গোট খোৱা জনতাৰ মাজত। বিশেষভাৱে মহিলাসকলক বিভিন্নভাৱে আৰ্থিকভাৱে ,সামাজিকভাৱে সহায়-সহযোগৰ আশ্বাস দিছে। এইবোৰ আশ্বাস পুৰাবনে নুপুৰায়,সেয়া পৰৱৰ্ত্তী দিনত দেখা যাব।
এই আশ্বাস, সহায়-সহযোগবোৰ, বিভিন্ন আচঁনিবোৰ,পৰিকল্পনা আদিবোৰ মাছটোক ধৰিবৰ বাবে বৰশীত দিয়া একো একোটা টোপৰদৰে আমাৰদৰে সাধাৰন ভোটাৰ ৰাইজৰ বাবেও ৰাজনৈতিক নেতাবোৰৰদ্বাৰা দিয়া একো একোটা টোপ। ৰাজনৈতিক নেতা পালিনেতা,বিভিন্ন দল-সংগঠনৰ বাবেও আমিবোৰ, ভোটাৰ ৰাইজসকল নিৰ্বাচন অহাৰ লগে লগে যেন এটা মাছলৈ ৰুপান্তৰিত হওঁ। মাছবোৰক ধৰিবৰ বাবে আমি যেনেকৈ বিভিন্ন কৌশল অৱলম্বন কৰো,ঠিক সেইদৰে আমাৰ বহুমূলীয়া ভোটটো পাবৰ বাবে ৰাজনৈতিক দলবোৰেও বিভিন্ন কূট-কৌশল অৱলম্বন কৰে।
টোপটো গিলিলে মাছৰ মৃত্যু অনিবাৰ্য্য।তথাপি মাছে টোপটো গিলে। কিন্তু আমি মানুহ।জীৱশ্ৰেষ্ঠ ৰুপে আমি জনাজাত। বিবেক আছে আমাৰ।যাৰ জৰিয়তে আমি ভাল কি বেয়া কি ,সত্য-অসত্য আদিৰ পাৰ্থক্য বুজি পাওঁ। বছৰ বছৰ ধৰি ৰাইজৰদ্বাৰা নিৰ্বাচিত জন প্ৰতিনিধিৰ কাম-কাজ দেখি আহিছো। গতিকে আমি মাছৰদৰেই মৃত্যুৰ ফান্দত পেলোৱা টোপটো গিলিম নে নিজৰ বিচাৰ-বিবেচনাৰে অনাগত বিধানসভা নিৰ্বাচনত যোগ্য প্ৰাথীক আমাৰ বহুমূলীয়া ভোটটো দিম সেয়া চিন্তা কৰাৰ দায়িত্বও আমাৰেই।

আন্দোলন, প্ৰতিবাদ , অনশণ , ধৰ্ণা, বিদ্ৰোহ, বিপ্লৱ,বন্ধ আদিবোৰ অসমত সঠিক ৰুপত হৈছেনে?

আন্দোলন, প্ৰতিবাদ , অনশণ , ধৰ্ণা, বিদ্ৰোহ, বিপ্লৱ,বন্ধ আদিবোৰ অসমত সঠিক ৰুপত হৈছেনে?
১) ভাষা আন্দোলন, অসম আন্দোলন আদি
বেপাৰ বানিজ্য কৰিবলৈ আহি ভাৰতবৰ্ষৰদৰে বিশাল দেশৰ শাসনৰ বাঘজৰী অধিকাৰ কৰি লোৱা ইংৰাজৰ কৱলৰপৰা নিজক স্বাধীন কৰিবলৈ ভাৰতবৰ্ষ তথা অসমৰ নাগৰিকে বিভিন্ন ধৰণৰ প্ৰতিবাদ, অনশন , ধৰ্ণা, বিদ্ৰোহ, বিপ্লৱ আদি কৰিবলগীয়া হৈছিল। শ শ, হাজাৰ হাজাৰ নিৰীহ লোকৰ জীৱন আহুতি দিয়াৰ উপৰিও হিন্দুস্থান আৰু পাকিস্থান দুখন দেশত খণ্ডিত হোৱাৰ পাছত ভাৰতবৰ্ষক ইংৰাজৰ কৱলৰপৰা স্বাধীন কৰা হ’ল। স্বাধীন হোৱাৰ পাছতো বিভিন্ন অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আদি কাৰণত ভাৰতবৰ্ষ তথা অসমত বিভিন্ন ধৰনৰ আন্দোলন, প্ৰতিবাদ, বিক্ষোভ ,ধৰ্ণা, বিদ্ৰোহ, অনশণ, বন্ধ আদিবোৰ হৈছে। ভাৰত দেশৰ কথা বাদেই দিলো ।আমাৰ অসম মূলুকত বাৰমাহত তেৰটা এনেধৰণৰ আন্দোলন, প্ৰতিবাদ, বিক্ষোভ, বিদ্ৰোহ, অনশণ, বন্ধ আদি হৈয়েই থাকে।
১৯৭২ চনত অসমীয়া ভাষাক চৰকাৰী ভাষাৰুপে স্বীকৃত দিবলৈ হোৱা ভাষা আন্দোলন, ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে বাংলাদেশৰ পৰা অসমলৈ হোৱা অনুপ্ৰৱেশকাৰী নাগৰিকৰ অসমৰ পৰা বহিষ্কাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰদ্বাৰা অসম আন্দোলন আদিৰদৰে যুগান্তকাৰী আন্দোলন হৈছে। ।অসমৰ জনসাধাৰণেও এইবোৰ আন্দোলন, বিক্ষোভৰ প্ৰতি অভূতপূৰ্ব সহাঁৰি আগবঢ়ায়।
ভাষা আন্দোলনৰ জৰিয়তে অসমত অসমীয়া ভাষা চৰকাৰী ভাষাৰুপে স্বীকৃতপ্ৰাপ্ত হ’লেও বৰ্তমানে ইংৰাজী ভাষাৰ আগ্ৰাসনৰ ফলত আৰু চৰকাৰে তথা অসমীয়া ভাষাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে নিজৰ ভাষা-সংস্কৃতিক আগুৱাই নিয়াৰ প্ৰতি বিশেষ ফলপ্ৰসু আচঁনি গ্ৰহণ নকৰাত আৰু অসমীয়া লোকসকলে ইংৰাজী শিক্ষাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাত অসমীয়া ভাষাৰ অস্তিত্বৰ ওপৰত সংকটে দেখা দিছে।
অহিংস হিছাপেই আৰম্ভ হোৱা অসম আন্দোলন পিছলৈ নেলীৰ হত্যাকাণ্ডকে ধৰি কিছু পৰিমাণে হিংসাত্মক হৈ পৰিছিল। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ নেলীত হোৱা হত্যাকাণ্ডত এদিনতে প্ৰায় ১৮০০ লোকৰ (চৰকাৰী সূত্ৰৰ মতে) মৃত্যু হয়। পৃথিৱী কঁপোৱা অসমৰ ছবছৰীয়া ছাত্র আন্দোলনৰ সময়ত ৮৫৫ জন আন্দোলনকাৰী শ্বহীদ হয়। অৱশেষত ১৯৮৫ চনৰ ১৫ আগষ্টত ছাত্ৰসন্থাৰ নেতৃবৃন্দ আৰু ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত নতুন দিল্লীত "অসম চুক্তি" সাক্ষৰিত হয় আৰু ছবছৰীয়া অসম আন্দোলনৰ সামৰণি পৰে। অসম আন্দোলনৰ প্ৰধান কাৰণ অবৈধ বিদেশী সমস্যাৰ এতিয়াও সমাধান হোৱা নাই যদিও "অসম চুক্তি"ৰ কিছু চৰ্ত ৰূপায়ণ কৰা হৈছে]।
২) আলফা, এন.ডি.এফ.বি, আদি বিভিন্ন উগ্ৰপন্থী সংগঠন আৰু তেওঁলোকৰ হিংসাত্মক কায্যৰ্কলাপ
অসমত চলি থকা বিদেশী খেদা আন্দোলনৰ সময়তে আলফাৰ জন্ম হৈছিল। এখন সামাজিক, ভৌগলিক আৰু অৰ্থনৈতিক ভাৱে স্বাধীন অসম ৰচাৰ সপোন লৈ জন্ম হৈছিল আলফাৰ। সেইসময়ত আলফাৰ প্ৰতি অসমৰ জনসাধাৰণৰ অভূতপূৰ্ব সহাঁৰি আছিল। যোৱা দুটা দশকত আলফা আৰু ভাৰতীয় সেনাৰ সংঘৰ্ষৰ ফলত আনুমানিক ১৮০০০ জনতকৈও অধিক সংখ্যক ব্যক্তিৰ মৃত্যু হৈছে।অসমৰ জনসাধাৰনক স্বাধীন দেশৰ সপোন দেখুৱাই এতিয়া আলফাই উগ্ৰপন্হী কাৰ্য্যকপালৰ জৰিয়তে নিৰীহ নাগৰিকৰ জীৱনক লৈ হেতালি খেলা আৰম্ভ কৰিছে।অসম তথা অসমীয়া জনসাধাৰনৰ মংগলৰ বাবে সৃষ্ট আলফা সংগঠন এতিয়া অসমৰ নাগৰিকৰ বাবে এক সমস্যা ৰুপেহে থিয় দিছে। আলফাৰ এনেবোৰ উগ্ৰপন্থী কায্যৰ্কলাপৰপৰা আনকি শিশুও বাচি যোৱা নাই।২০০৪ চনৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনা ধেমাজী কলেজত আলফাৰ দ্বাৰা সংঘটিত বোমা বিস্ফোৰণত ১৮ জনৰ মৃত্যু হৈছিল, যাৰ সৰহ সংখ্যকেই ১২ ৰপৰা ১৪ বছৰীয়া স্কুলীয়া ছাত্ৰ-আৰু ছাত্ৰী আৰু তেওঁলোকৰ মাতৃ আছিল আৰু আহতো হৈছিল বহু। যিয়ে স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিব আহিছিল।এয়া প্ৰত্যক্ষ জনতাৰ ওপৰত চলোৱা আলফাৰ প্ৰথম কূটাঘাট আছিল। তাৰপাছতো মাজে সময়ে অসম ৰাজ্যৰ বিভিন্ন ঠাইত এনেধৰনৰ বোমা বিস্ফোৰনৰদৰে ঘটনা আলফাৰদ্বাৰা সংঘটিত হৈয়েই আছে। এইবোৰ সংঘষত নিৰীহ জনসাধাৰনেই বেছি ক্ষতিগ্ৰষ্ঠ হৈছে।
আলফাৰ উপৰিও এন.ডি.এফ.বি, কে.এল.এন.এল.এফ, ইউ.পি.ডি.এচ, ডি.এইচ.ডি, কে.এল.ও আদি বিভিন্ন সমস্যা সমাধানৰ বাবে সৃষ্ট এই উগ্ৰপন্থী দলবোৰেও হিংসাত্মক কাৰ্য্যকলাপৰ যোগেদি জনসাধাৰনৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে।
একেদৰে ২০০৮ চনৰ ৩০ অক্টোবৰৰ দুপৰীয়া ভাগত গুৱাহাটী বৰপেটা ৰ’ড বঙাইগাওঁ, আৰ কোকোৰাঝাৰৰ বিভিন্ন অঞ্চল সমূহত বোমা বিস্ফোৰণ সংঘটিত হৈছিল। এই বোমাৰ বিস্ফোৰণত কমেও ৬১জন মানুহ নিহত হয় আৰু ৪৭০জনতকৈয়ো অধিক মানুহ আহত হয়।এন.ডি.এফ.বি. য়ে এই বোমা বিস্ফোৰণ সংঘটিত কৰা বুলি পিছত স্বীকাৰ কৰিছিল। ইয়াতো ক্ষতিগ্ৰষ্ঠ হৈছিল নিৰীহ জনসাধাৰনেই। এইয়া মাত্ৰ দুই এটা উগ্ৰপন্থী সংগঠনৰ দ্বাৰা সংঘটিত হিংসাত্মক কাৰ্য্যৰ উদাহৰনহে।
৩)সামৰিক অভিযান আৰু সাধাৰন নাগৰিকৰ ওপৰত অত্যাচাৰ
ইফালে ভাৰত চৰকাৰৰদ্বাৰাই হওঁক বা ৰাজ্য চৰকাৰৰদ্বাৰাই হওঁক এই উগ্ৰপন্থী সংগঠণসমুহৰ ওপৰত যিধৰনৰ সামৰিক অভিযান চলোৱা হয়, তাতো বেছি নিৰীহ সাধাৰন জনসাধাৰনেই ভুক্তভোগী হয় বেছি। ভাৰত চৰকাৰে আলফাক এটা উগ্ৰপন্থী সংগঠন বুলি শ্ৰেণীভুক্ত কৰি ১৯৯০ চনত বেআইনী কাৰ্য্যকলাপ (সাৱধানতা) আইনৰ অধীনত নিষিদ্ধ ঘোষণা কৰিছে। তাৰ সমসাময়িকভাৱে ভাৰত চৰকাৰে আলফাৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰে। প্ৰথম ১৯৯০ চনত অপাৰেছন বজৰং, ১৯৯১ চনত অপাৰেছন ৰাইন'’ আৰু ২০০৩ চনত অপাৰেচন অলক্লিয়েৰ আৰু অপাৰেচন ৰাইন'’( দ্বিতীয় )। ইউনিফাইড কমাণ্ডৰ অধীনত এতিয়াও আলফাৰ ওপৰত দমনমূলক অভিযান চলি আছে।এইবোৰ বিভিন্ন ধৰনৰ সামৰিক অভিযানত আলফা সদস্যৰ উপৰিও বহু নিৰীহ যুৱকৰো মৃত্যু ঘটিছিল ।বহু যুৱক চিৰদিনলৈ ঘূণীয়া হ’বলগীয়া হৈছিল। আলফা সদস্যৰ পৰিয়ালৰ আত্মীয়, সম্বন্ধীয়, বয়সস্থ লোকসকল শাৰিৰীক, মানসিক নিয্যাৰ্তনৰ সন্মুখীন হোৱাৰ লগতে বহু অসমীয়া বোৱাৰী, জীয়াৰী ধৰ্ষিতাও হ’বলগীয়া হৈছিল।
৫)চালফা, মুক্তহত্যা আদি
ইয়াৰ উপৰিও ১৯৯০ চনৰ আৰম্ভণীতে ভাৰত চৰকাৰে প্ৰদক্ষেপ লয় আলফাৰ পৰা সদস্যসকলক আঁতৰোৱাৰ । । আত্মসৰ্মপণকাৰী আলফা সদস্যসকলেও যাক কোৱা হ’ল "ছালফা" বিভিন্নধৰনৰ হিংসাত্মক কাৰ্য্য সংঘটিত কৰা দেখা যায়।
. অসম গণ পৰিষদ চৰকাৰ কালত মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দিনত ইয়াৰ উপৰিও ১৯৯৮ ৰপৰা ২০০১ চনলৈকে অজ্ঞাত আততায়ীৰ হাতত আলফা সদস্যৰ সম্বন্ধীয় লোকসকলৰ গুপ্তভাৱে হত্যা কৰা হৈছিল।আলফা সংগঠনৰ সভাপতি পৰেশ বৰুৱাৰ জেষ্ঠ ভ্ৰাতৃ দীনেশ বৰুৱাকো ২০০০ চনত অজ্ঞাত আততায়ীয়ে লৈ গৈ হত্যা কৰে।তাৰোপৰি আলফাৰ প্ৰচাৰ সচিব মিৰ্থিংগা দৈমাৰী(প্ৰচাৰ) ৰ পৰিয়ালৰ পাঁচজন সদস্যৰো গুপ্ত ঘাতকৰ হাতত মৃত্যু হয়।গুপ্তহত্যাক অসমৰ ৰাজনীতি বুৰঞ্জীৰ এক ক’লা অধ্যায় বোলা হয়।
ইয়াৰ উপৰিও পৰাগ কুমাৰ দাসৰ দৰে নিভীৰ্ক, সাহসী সাংবাদিককো ১৯৯৬ চনৰ ১৭ মেৰ দিনা অজ্ঞাত আততায়ীয়ে গুলিয়াই নিহত কৰে। চি.বি.আইৰ তদন্তত ৪ জন চালফা নেতাক অভিযুক্ত কৰিছিল, যদিও আজিও পৰাগ কুমাৰ দাসৰ হত্যাকাৰীৰ কোনো উপযুক্ত শাষ্তি নহ’ল। আন্দোলন, বিপ্লৱ, আদিৰ ফলত আমাৰ অসমৰ মানৱ সম্পদৰ যে বহু অপুৰনীয় ক্ষতি হৈছে, সেইবোৰ আলফা সদস্যৰ হত্যাই হওঁক, বা নিৰীহ লোকৰ হত্যাই হওঁক, তাকে প্ৰমাণিত কৰে।
৬)আছু, অখিল গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বিভিন্ন দল-সংগঠণৰ প্ৰতিবাদ, আন্দোলন, অনশণ, বিক্ষোভ আদি
১৯৬৭ চনৰ আগষ্ট মাহত সংবিধান গ্ৰহণৰ দ্বাৰা আনুষ্ঠানিক সংগঠন হিচাপে প্ৰতিষ্ঠা হোৱা সদৌ অসম যুৱ ছাত্ৰ সন্থা চমুকৈ আছুৰ নেতৃত্বতে বাংলাদেশৰ পৰা অসমলৈ হোৱা অনুপ্ৰবেশৰ বিৰুদ্ধে ছবছৰীয়া অসম আন্দোলন হৈছিল। তাৰোপৰি অসমৰ সাম্প্ৰতিক বিভিন্ন জলন্ত সমস্যা যেনে অনুপ্ৰৱেশকাৰীৰ সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা, চুবুৰীয়াৰ ৰাজ্যৰ লগত সীমা সমস্যা , উগ্ৰপন্থীৰদ্বাৰা নিৰীহ লোকৰ জীৱন বিপদাপন্ন কৰা সমস্যা, নিবনুৱাৰ সমস্যা, পৃথিৱী বিখ্যাত এশিঙীয়া গড়ঁ চোৰাং চিকাৰীৰদ্বাৰা হত্যা, মুল্যবৃদ্ধিৰ সমস্যা, দূণীৰ্তিৰ সমস্যা, অসমীয়াৰ ভাষাৰ সংকটৰ সমস্যা, বৃহৎ জলবিদ্যুত প্ৰকল্প নিমাৰ্ণৰ ফলত হ’বলগীয়া সমস্যা আদিবোৰ ওপৰত আছুৱে চোকা দৃষ্টি ৰখাৰ লগতে এইবোৰ সমস্যা সমাধানৰ বাবে সময়ে সময়ে বিভিন্নধৰনৰ আন্দোলন, অনশণ, প্ৰতিবাদ, বন্ধ, ধৰ্ণা, বিক্ষোভ আদি প্ৰদৰ্শণ কৰি আহিছে।
একেদৰে কৃষক নেতা অখিল গগৈয়ে ৰাজ্যখনত দুৰ্নীতি বিৰোধী আন্দোলনৰ আৰু চৰকাৰৰ কাৰ্য্যপ্ৰণালীত স্বচ্ছতা অনাৰ বাবে কৰি অহা সংগ্ৰামৰ নেতৃত্ব বহণ কৰি আহিছে। । ২০০৯ চনৰ মাজভাগৰে পৰা অখিল গগৈয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ পৰিস্থিতিতান্ত্ৰিক আৰু পাৰিপাৰ্শ্বিক ভাৱে সংবেদনশীল বিভিন্ন স্থানত নিৰ্মীয়মান আৰু প্ৰস্তাৱিত বৃহৎ নদীবান্ধসমুহৰ বিৰুদ্ধে ৰাজ্যজোৰা জনজাগৰণ আৰু আন্দোলনৰ নেতৃত্ব বহন কৰি আহিছে।
অখিল গগৈয়ে কুষকসকলৰ বিভিন্ন দাবী পুৰণৰ বাবে বিভিন্ন প্ৰতিবাদ, আন্দোলন, ধৰ্ণা, অনশণ, আদি কৰি আহিছে। ২০০৫ চনত অসমৰ সক্ৰিয় ৰাজহুৱা কৰ্মী অখিল গগৈৰ নেতৃত্বত গঠিত কৃষক মুক্তি সংগ্ৰাম সংগঠনটোৱে অসমৰ ৰাজহুৱা বিভিন্ন বিষয়ৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি আহিছে। চৰকাৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাত(PDS)-ত সংঘটিত হৰলুকি উদ্ঘাটন, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আচঁনিৰ ৰূপায়নত সংঘটিত অনিয়মৰ প্ৰতিবাদ, কৃষকৰ ভূমিৰ অধিকাৰ ৰক্ষা, চৰকাৰী আৰু ক'ৰ্পৰেট ক্ষেত্ৰত সংঘটিত দূৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ, তথ্য জনাৰ অধিকাৰ আইনৰ ৰূপায়ন আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক ভাৱে সংবেদনশীল ভংগুৰ অঞ্চলত নিৰ্মীয়মান বৃহৎ নদীবান্ধৰ বিৰোধিতা আদি ৰাজহুৱা স্বাৰ্থজড়িত বিষয়সমূহত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সক্ৰিয় ভুমিকা গ্ৰহণ কৰি আহিছে। এনে আন্দোলন, প্ৰতিবাদ, অনশণ, বিক্ষোভ আদি কৰিবলৈ গৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰণৱ বড়ো নামৰ এজন সদস্যই ২০১৪ চনৰ ফেব্ৰুৱাৰীৰ ২৫ তাৰিখে নিজৰ দেহত অগ্নিসংযোগ কৰি মৃত্যুক আকোৱালি লোৱাৰদৰে দুৰ্ভাগ্যজনক ঘটনাও ঘটিছে।
ভাষা সমস্যা , বিদেশী সমস্যা , উগ্ৰপন্থী সমস্যা আদিৰ উপৰিও লাহে লাহে অসমত নিবনুৱা সমস্যা , বানপানী সমস্যা , চোৰাং-চিকাৰীদ্বাৰা এশিঙীয়া গঁড় হত্যা, দূৰ্ণীতিৰ সমস্যা, ভূমিহীন থলুৱা লোকৰ সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা আদিবোৰ সমস্যাৰ সমাধান হোৱাৰ সলনি দিনে দিনে এইবোৰ সমস্যা বাঢ়িহে গৈছে। ইয়াৰ উপৰিও বিভিন্ন সামাজিক সমস্যা যেনে নাৰীৰ ওপৰত বিভিন্ন ধৰনৰ শাৰিৰীক, মানসিক নিয্যাৰ্তন, কন্যা শিশুসকলৰ অবৈধ সৰবৰাহ, আদিও কমক চাৰি বাঢ়িহে গৈছে।
৭)আমাৰ কৰণীয়
অসম দেশৰ বিষম কথা -নীতি পালি হকে বিহকে আমাৰ ৰাজ্যৰ মুষ্টিমেয় লোকে বিবেকতকৈ আবেগক অগ্ৰাধিকাৰ দি এনেবোৰ আন্দোলনত দেহ, মন সৰ্ম্পূণৰুপে সৰ্মপিত কৰি অংশগ্ৰহণ কৰে। আনকি নিজৰ বহুমূলীয়া জীৱনটোও উৎসৰ্গা কৰিবলৈও কুন্ঠাবোধ নকৰে নিজ ৰাজ্যৰ, দহৰ মংগল কামনা কৰি। নিজকে কিছু লোকে এনে আন্দোলন, বিদ্ৰোহ, বিপ্লৱ, অনশণ আদিত মন প্ৰাণ দি অংশগ্ৰহণ কৰে যে যাৰফলত নিজৰ জীৱন, পৰিয়াল, পৰিজন আদিৰ কথাও পাহৰি যায়। গৌণ হৈ পৰে নিজৰ বহুমূলীয়া জীৱনটোও। দেশ তথা দহৰ উন্নতিৰ বাবে নিজৰ অমূল্য জীৱনটোও হাহিঁ হাহিঁ উৎসগা কৰিবলৈও পিছ নুহুকে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছত অসম ৰাজ্যতেই হোৱা ভাষা আন্দোলন, অসম আন্দোলন, আলফা, ছালফা, মুক্তহত্যা, বিভিন্নধৰনৰ সমস্যা সমাধানৰ বাবে হোৱা আন্দোলন, অনশণ, বিপ্লৱ, ধৰ্ণা, বিক্ষোভৰ আদিৰ ফলত বহু হাজাৰ হাজাৰ নিৰীহ লোকৰ জীৱনে অকালতে প্ৰাণ আহুতি দিছে।
পিছে এই লোকসকলৰ ইমান মহান ত্যাগৰে আৰম্ভ হোৱা এই আন্দোলন,অনশণ, বিপ্লৱ, ধৰ্ণা, বিক্ষোভ আদিবোৰ আচলতে সঠিক ৰুপত হৈছেনে? বহু লোকৰ ত্যাগৰ ফল এই আন্দোলন,অনশণ, বিপ্লৱ, ধৰ্ণা, বিক্ষোভ আদিবোৰ সঠিক ৰুপত পৰিচালিত হৈছেনে? নে বহু লোকৰ এই মহান ত্যাগবোৰ অথলে গৈছে? এনেবোৰ আন্দোলন, অনশণ, বিপ্লৱ, ধৰ্ণা, বিক্ষোভৰ ফলত আমাৰ ৰাজ্য্ৰ সামাজিক, অথনৈতিক, আদিৰ ক্ষেত্ৰত স্হবিৰতা আহি পৰিছে। অতিপাত বন্ধ সংস্কৃতিৰ ফলত উদ্যোগ প্ৰতিষ্ঠান, স্কুল কলেজ আদি বন্ধৰ ফলত ৰাজ্যৰ শৈক্ষিক, অথৰ্নৈতিক, কৰ্মসংস্কৃতি আদিৰ ওপৰতো প্ৰভাৱ পেলাইছে। যাৰফলত দিনে দিনে অসম ৰাজ্য দেশৰ আনবোৰ ৰাজ্যতকৈ সকলো ক্ষেত্ৰতে পিছ পৰি ৰৈছে।গতিকে সময় থাকোতেই এই আন্দোলন, অনশণ, বিপ্লৱ, ধৰ্ণা, বিক্ষোভ আদিবোৰ সঠিক আৰু শুদ্ধ ৰুপত পৰিচালিত হৈছেনে নাই অসমীয়া মাত্ৰেই লাগিলে তেওঁ বিপ্লৱী বা আন্দোলনকাৰী বা সাধাৰন জনতাই নহঁওক কিয় প্ৰত্যেকেই ভাবি চাবৰ সময় আহি পৰিছে।