Thursday, July 21, 2016

--------------------------আশা-----------------------------------------------

--------------------------আশা-----------------------------------------------
“Without him, I will die day by day”
অন্তৰংগ বান্ধৱীৰ মনৰ কথা এইষাৰ।বান্ধৱীৰ বুকুৰ গভীৰতম কোণৰপৰা ওলাই আহি মোৰ কৰ্ণকুহৰত খুন্দা মাৰিলেহি। আৱেগিক হৈ পৰা বান্ধৱীক বুজাবলৈ মোৰ ওচৰত ভাষাৰ অভাৱ হৈছিল। কি বুজাম তাইক ? প্ৰেম,ভালপোৱা আদিৰ ভাষা দেখোন মইয়ে ভালদৰে বুজি নেপাওঁ। তেনেস্হলত মিছা সান্তনা জনাই তাইক কি লাভেইবা হ'ব? মোৰ ভাড়াঘৰৰ বিচনাখনত উবুৰি হৈ পৰি তাই মাথো কান্দিছিল। কান্দক, তাই মন উজাৰি কান্দক। যদি কান্দিলেই দুখবোৰ তাইৰ পাতলি যায়, যিমান মন যায় কান্দি থাকক তাই। বৈ যাওঁক চকুলোৰ এসাগৰ,সেই চকুলোৰ সাগৰত তাইৰ দুখবোৰ উটি শেষ হৈ যাওঁক চিৰদিনলৈ। তাৰ ঠাইত তাই সাহসী হৈ উঠক তাৰ অবিহনে জীৱনটো সম্পূণতাৰে আগুৱাই নিবলৈ। ক'ব পৰা হৈ উঠক তাই মোৰ আগত তাৰ অবিহনেও তাই জীৱনটো সৰ্ম্পূণ কৰি তুলিছে।সুন্দৰতাৰ সকলো স্বপ্নই পোহৰাই তুলিব পৰা হৈছে তাইৰ জীৱনটো।
------------------------------------------------------ --------মন-প্ৰাণ সৱস্ব দিয়াৰ পাছতো কেনেকৈ কোনোবাই কাৰোবাৰ বিশ্বাস ভংগ কৰি এখন ভগ্ন হ্ৰদয়ৰ উপহাৰ দি যায় সেয়া নেদেখাজনেহ জানে। কাৰোবাক ইমান দুখ দি তেওঁ বাৰু পৰৱত্তী দিনত সুখী হ’ব পাৰেনে?বুকুত বাৰু অহৰহ কঢ়িয়াই নুফুৰেনে বিশ্বাসভংগৰ যন্ত্ৰণা?তেওঁ লাগিলে পুৰুষেই হওঁক নাইবা মহিলা।
কান্দি কান্দি ভাগৰি পৰি তাই বিচনাখনতে নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিল। ভালদৰে শুৱাই দি ব্লেংকেটখন তাইৰ গাত উৰি দিলো। নৱেম্বৰৰ মাহৰ মাজভাগ। ইতিমধ্যে শীতৰ আগমন ঘটিছে। কুঁৱলীৰ কোমল আৱৰণে বাহিৰত এক ছায়াঘণ পৰিৱেশৰ সৃষ্টি কৰিছে। শীত মোৰবাবে কেতিয়াও প্ৰিয় ঋতু নহয়। তথাপি নিয়ৰসনা পুৱাৰ দুবুৰিবনত খোজ কাঢ়ি এক অজান পুলক অনুভৱ কৰো। গাঁৱৰ ঘৰত গধুলি ধৰা জুইকৰাত দুহাত সেকি ,নতুনকৈ ওলোৱা আলু পুৰি খাই বুজাব নোৱাৰা আমেজৰ মাজত সোমাই পৰো। তথাপি শীতক মই বেয়া পাওঁ।বহুতে সোধে -ইমানবোৰ প্ৰিয়ৰ সমাগমৰ পাছতো শীত মোৰ প্ৰিয় কিয় নহয়?
মোৰ সহজ উত্তৰ- ঠান্ডাত ৰাতিপুৱা সোনকালে লেপৰ উম এৰি উঠাটোৱেহে জানে, হীমশীতল পানীৰ স্পশই দেহৰ আহেঁ আহেঁ যি কপঁনিৰ সৃষ্টি কৰে, তেনে পৰিস্হিতিত সদায়েই কামনা কৰো শীত তুমি নাহিবা বুলি।
পিছে প্ৰকৃতিয়ে জানো মোৰ কথা শুনিব? প্ৰকৃতিয়ে নিজৰ কাম সময় অনুযায়ী কৰিবই। দিনৰ পাছত ৰাতি হ'বই। ৰাতিৰ নিৰ্মল আকাশত জোনটিয়ে নিজস্ব সৌন্দৰ্য্যৰে জিলিকি উঠিব।তাকে দেখি গাৱঁৰ কোনোবা কোনত আইতাৰ কোলাত বহি নাতিনীয়েকে জোনবাইলৈ চাই গায়-
"জোনবাই এ বেজি এটা দিয়া,
বেজিনো কেলৈ?
মোনা সিবলৈ,
মোনানো কেলৈ?
ধন ভৰাবলৈ,
ধননো কেলৈ?
হাতী কিনিবলৈ,
হাতীনো কেলৈ ?
হাতীৰ পিঠিত উঠি গাঁৱে গাঁৱে ঘুৰি ফুৰিবলৈ"।
শুকান পাত সৰি লঠঙা হৈ পৰা গছজোপা ঋতু পৰিৱৰ্ত্তনৰ লগে লগে কোমল কুহিঁপাতে সজাই তুলিব। চাৰিওফালে সেউজীয়া কৰি তুলিব। ধুলি আতঁৰি ৰাস্তা-ঘাটবোৰ কোনোবা গাভৰুৰ নিমজ শৰীৰৰদৰে হৈ পৰিব। আকাশখন মুকলি হৈ পৰিব। তাকে দেখি কবিৰ অন্তৰত কবিতাৰ জোৱাৰ উঠিব। গল্পকাৰে প্ৰকৃতিৰ এই অপৰুপ সৌন্দয্যক গল্পৰ ৰুপ দি বা বা ল'ব ।সেউজীয়া পথাৰবোৰে সোনোৱালী ৰুপ ল'ব। এদিন খেতিয়কৰ ভৰাঁল শুৱনি কৰি তুলিব সোনগুটি শস্যই। তাকে দেখি খেতিয়কৰ শুকান মুখতো হাহি বিৰিঙি উঠিব।
ঠিক একেদৰেই মানৱ জীৱনতো একো স্হায়ী নহয়। আজি যাৰ অবিহনে জীৱনটো অচল যেন লাগে এদিন সেইয়া আমাৰ বাবে অনৰ্থক হৈ পৰা যেন লাগে। অনুভৱ হয় যি হ'ল ভালৰ বাবেই, আমাৰ মংগলৰ বাবেই হ'ল যেন লাগে। দুনাই তেওঁক লগ পালে সেইবাবে আমি তেওঁৰ কুশল বাৰ্ত্তা হাঁহিমুখে ল'ব পাৰো। মৃৰ্ত্যুৰ কামনা কৰা আমিবোৰে পুনৰ জীয়াই থাকিবলৈ ইচ্ছা কৰো। প্ৰেমত ঠগন খাইও পুনৰ আকৌ প্ৰেমত পৰো। সেইবাবে আমাৰ বাবে জীৱন ইমান সুন্দৰ হৈ পৰে। প্ৰতি পলে মৃৰ্ত্যুৰ উপস্হিতি অনুভৱ কৰিও কিবা অজান স্পৃহাত জীয়াই থাকিব বিচাৰো। পাপ পূণ্যৰ সীমাৰেখা বিচাৰি হাহাঁকাৰ কৰো। বিশ্বাস-অবিশ্বাস, মায়া-মোহ, দয়া-ক্ষমা আদিৰ হিচাপ পত্ৰ কৰো। নেদেখাজনৰ ওচৰত মোৰ দোৱাওঁ তেতিয়াই।ভাগ্যক সুঁৱৰি দুখ কৰো। বয়সৰ বোকোচাত যিমানে আগবাঢ়ো শৈশৱৰ প্ৰতি মন সিমানে লালায়িত হয়।চিন্তাৰহিত শৈশৱৰ সেই দিনবোৰলৈ উভতি যাবলৈ মনে বাৰে প্ৰতি উচপিচ কৰে। সেইবাবে হয়তো ককা আৰু নাতিৰ মাজৰ সৰ্ম্পক ইমান গভীৰ হয়।
...................................................... ……………………………………..
খোলা খিৰিকিখনেদি চাই পঠিয়ালো। জোনবাইৰ পোহৰে গোটেইখন দিন যেন পোহৰ কৰি তুলিছে। ভাবি আচৰিত লাগে আনক পোহৰাই তোলা সেই জোনৰো কলংক আছে। খোলা খিৰিকিখনেদি জোনৰ অলপ পোহৰ সোমাই আহি মোৰ প্ৰিয়তম বান্ধৱীৰ গালে মুখে বিয়পি পৰিল। কামনা কৰিলো সেই উজ্বল পোহৰৰদৰেই যেন বান্ধৱীৰ ভাগি যোৱা জীৱনটোও পোহৰ হৈ উঠে। সপোন দেখি ভালপোৱা মোৰ বান্ধৱীয়ে পুনৰ সপোন দেখিবলৈ লয়।

No comments: