Thursday, July 21, 2016

“তোমাৰ অবিহনে”

“তোমাৰ অবিহনে”
বহুতদিন হ’ল ভোগেশ্বৰ বৰুৱা ভালদৰে শুৱ পৰা নাই।ৰাতি বিচনাত শুৱলৈ লৈও এই চটফটনি দুগুন অনুভৱ কৰে। শুবলৈ লৈ বাৰেপ্রতি তেওঁ ধহমহাই উঠে। কপালত বিৰিঙ্গি উঠে বিন্দু বিন্দু ঘাম, অণ্ঠ- কণ্ঠ শুকাই যায়।। এটুপি পানী পিবৰ বাবে তেওঁৰ দুই ওঁঠ লালায়িত হৈ উঠে। এক অজান ভয় জাগি উঠে অন্তৰত। যি ভয়ৰ কাৰণ বিচাৰি তেওঁ ৰাতি দুপৰতো সাৰ পাই উঠে। ভোগেশ্বৰ বৰুৱা আজি কিছুদিনৰ পৰা চটফটাই আছে এই অজান ভয়ত ।ফাগুনৰ বলিয়া বতাহ জাঁকৰ দৰে যেন এই ভয় । সকলো যেন ঢাহি-মুহি শেষ কৰি দিব। দিন –ৰাতিৰ কথা নাই। টোপনি আহিলেও মাজে মাজে এই নাম নজনা ভয়ৰ বাবে ধহমহাই সাৰ পাই যায়। কাষৰ টেবুলখনত সৰু বোৱাৰীয়ে থৈ যোৱা পানী ঘটী একে ঢোকতে কোট কোট কৈ পি শেষ কৰি দিয়ে। যেন এই ভয় পানীৰ লগতেই নিঃশেষ হৈ যাওঁক। পত্নী দীপালীক কাষত বিচাৰে। পিছে পত্নী স্বৰ্গগামী হোৱা দুবছৰৰ ওপৰ হৈ গ’ল। তেওঁৰ দুখ-সুখৰ লগৰী আছিল দীপালী। বিপদ-আপদত তেওঁৰ সাহস হৈ থিয় দিছিল দীপালীয়ে। তেওঁক ভাগি পৰা দেখিলে দীপালীয়ে বুকুৰ আঁচলেৰে তেওঁক বেৰি ধৰিছিল। যেন পৃথিৱীৰ কোনো অপায়-অমঙ্গলে তেওঁক স্পৰ্শ কৰাৰ আগতে পত্নী দীপালীৰ বাধা পাৰ হ’ব লাগিব। কেতিয়াবা তেওঁ দীপালীক এই কথা সুধিলে হাঁহি মাৰি কৈছিল- “পত্নী হৈছো, এইয়াকে যদি কৰিব নোৱাৰো, তেনেহ’লে এই জীৱন নিৰৰ্থক।“
স্বৰ্গগামী পত্নীলৈ ঘনাই মনত পৰে। পত্নী দীপালীৰ ওপৰত অভিমান জাগে। তেওঁক এনেদৰে অকলশৰীয়াকৈ এৰি যোৱা বাবে। জীৱনে- মৰণে একেলগে থাকিম বুলি শপত খাই আজিৰপৰা দুই বছৰৰ আগতে সাধাৰণ জ্বৰ এটাতে তেওঁক অকলশৰীয়া কৰি অচিন অজান ঠাইলৈ গুছি গ’ল, য’ৰপৰা তেওঁ হাজাৰ বিপদত পৰিলেও হাজাৰ কাকুতি-মিনতি কৰিলেও ঘুৰি নাহে। সেই তেতিয়াৰ পৰায়েই পত্নীৰ ওপৰত এক নাম নজনা অভিমানে মনৰ মাজত দঁকৈ শিপাই আছে। মাজে মাজে দীপালীৰ অভাৱে তেওঁক বৰ নিথৰুৱা যেন অনুভৱ কৰায়। যি অনুভৱ তেওঁ পিতৃ-মাতৃক হেৰুৱাই অনুভৱ কৰিছিল। পুত্র- বোৱাৰী, জী-জোৱাই, নাতি- পুতিৰে ভৰপুৰ হৈও তেওঁ যে জীৱনৰ এই বিয়লি বেলাত কিমান অকলশৰীয়া সেয়া অনুভৱ কৰে। পুত্র- বোৱাৰীয়ে দেউতা দেউতা বুলি অহৰহ তেওঁৰ আলপৈচান ধৰাৰ পাছতো, নাতিকেইটাই ককা ককা বুলি তেওঁৰ লগ এৰিব নিবিচৰা সত্বেও, জী-জোঁৱাইয়ে মাহেকে- পষেকে খবৰ–খাতি লোৱাৰ পাছতো তেওঁ এই একাকীত্ব কিয় ইমান গভীৰ ভাৱে অনুভৱ কৰে বুজি নেপায়। হয়তো মনৰ মাজত থুপ খাই থকা এই নাম নজনা ভয়ৰ বাবেই। পত্নী দীপালীৰ বাহিৰে মনৰ এই অশান্ত ভাৱৰ বুৰবুৰনিবোৰ তেওঁ যে আনৰ আগত খুলি ক’বও নোৱাৰে। হয়তো দীপালীৰ দৰে তেওঁক কোনেও বুজিব নোৱাৰিব বুলি ভয় কৰে।
জীৱনৰ আধা বয়স পত্নীৰ সৈতে সুখে- দুখে কটোৱাৰ পাছত জীৱনৰ বিয়লি বেলাত তেওঁৰ অবিহনে এই কঠিন সময় পাৰ কৰা কিমান যে যন্ত্রণা দায়ক সেয়া জীৱনৰ বিয়লি বেলাত উপস্থিত হৈ ভোগেশ্বৰ বৰুৱাই প্রতি পলে পলে এতিয়া অনুভৱ কৰিছে।পত্নীৰ অভাৱ আজিকালি ভোগেশ্বৰ বৰুৱাই বৰকৈ অনুভৱ কৰে।
বিচনাখনৰ দীপালী শোৱা কাষৰ ঠাইটুকুৰা স্পৰ্শ কৰি দীপালী নামৰ সত্বাটোক অনুভৱ কৰিব বিচাৰে ভোগেশ্বৰ বৰুৱাই। মনে মনে নিজকে কৈ উঠে- “দীপালী, তোমাৰ অবিহনে মই কিমান অকলশৰীয়া, এতিয়াহে প্রতি পলে পলে অনুভৱ কৰো।“ দুচকু তেওঁৰ সেমেকি উঠে। ভাবে তেওঁ জীৱনৰ বিয়লি বেলাত তেওঁহে এনেদৰে অনুভৱ কৰিছে নেকি? নে তেওঁৰদৰে আনৰো এই অনুভৱ হয় যেতিয়া সুখ- দুখৰ লগৰীগৰাকীয়ে সময়তকৈ আগতেই লগ এৰি গুছি যায়? ভয় হয় তেওঁৰদৰে ভুক্তভোগী আন এজনক সুধিবলৈ –কিজানি ভুল বুজে তেওঁক বা নিজৰ অজানিতে সেইজনৰ মনত দুখ দিয়ে।বা মনৰ এই বিশৃংখল চিন্তা- ভাৱনাবোৰ পুত্র বোৱাৰী তথা জীয়াৰীকেইজনীকো ক’বলৈ ভয় কৰে- কিজানি তেওঁলোকে তেওঁক মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা বুলি ভাবে। আস, দেউতাক ঢুকুৱাৰ পাছত সেইবাবে হাঁহি- মাতি থকা মাঁকজনী মৌণ হৈ পৰিছিল। এতিয়াহে তেওঁ মাঁকৰ সেই মৌনতাৰ অৰ্থ বুজি উঠিছে।

স্বাধীনতা সংগ্রামী আছিল ভোগেশ্বৰ বৰুৱা। দেশে স্বাধীনতা পাবৰ সময়ত তেওঁ হাইস্কুলৰ ছাত্র আছিল। দেউতাক গাওঁখনৰ লেখত ল’বলগীয়া মানুহ শাৰীত আছিল। সেইবাবে গাওঁখনৰ তথা সেই অঞ্চলটোৰ সকলো গুৰুত্বপূণ সিধান্ত লোৱাত ভোগেশ্বৰ বৰুৱাৰ দেউতাকৰ অংশগ্রহণ বাৰ্ধ্যতামূলক আছিল। আৰু তেওঁ দিয়া ৰায়দান সকলোৱে বিনাদ্বিধাই গ্রহণ কৰিছিল। ‘দেশ বুলিলে নেলাগে আদেশ , দেশতকৈ মোমাই ডাঙৰ নহয়” নীতি পালি আন আন স্বাধীনতা সংগ্রামীৰ লগতে ভোগেশ্বৰ বৰুৱাহঁতেও মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্র ভাৰতবৰ্ষৰ লগতে অসমৰপৰাও ইংৰাজক খেদি পঠোৱাৰ বাবে দেহে-কেহে অংশগ্রহণ কৰিছিল। আৰু এদিন স্বাধীন দেশৰ নাগৰিক ৰুপে গৌৰৱ অনুভৱ কৰিছিল।
শিক্ষা জীৱন সমাপ্ত কৰি তেওঁ চাকৰি জীৱন আৰম্ভ কৰাৰ লগতে সমাজৰ কামত সক্রিয়ভাৱে অংশগ্রহণ কৰিব লৈছিল। ইতিমধ্যে মাঁক- দেউতাকে এই মানৱ জীৱনৰপৰা মেলানি মাগিছিল। জীৱনৰ এই পাহৰিব নোৱাৰা শোকৰ সময়ত পত্নী দীপালীয়ে তেওঁক আৱৰি ৰাখিছিল। দীপালী তেওঁৰ বাবে আশাৰ বন্তী হৈ পৰিছিল। একেদৰে তেওঁ দীপালীৰ বাবে। এটা যেন আনটোৰ পৰিপূৰক। দুয়োটা যেন এটা মুদ্রাৰ ইপিঠি- সিপিঠি। এজনৰ অবিহনে যেন আন জনৰ কোনো অস্তিত্বই নাই।

সত্তৰৰ দেওনা তেওঁ পাৰ কৰিছে। এতিয়াও তেওঁ সৰ্ম্পূণ সুস্থ সৱল দেহাৰ অধিকাৰী। সমাজৰ , মানৱৰ বিভিন্ন সেৱাত তেও আজীৱন ব্রতী হ’লেও আগৰ যেন সেই সেৱাৰ মনোভাৱ আজিৰ নতুন চামৰ মাজত নাই। প্রথমেই সৰহ সংখ্যকে নিজৰ স্বাৰ্থক অগ্রাধিকাৰ দিয়ে। অথচ তেওঁলোকৰ দৰে চামৰ মাজত নিজৰ পৰিয়ালতকৈ দেশ, ৰাজ্য তথা আন সাধাৰণ নাগৰিকৰ স্বাৰ্থ সদায়েই আগস্থান পাইছিল। নতুন চামৰ আগত তেওঁৰদৰে সৎ ,নীতি- আদৰ্শৰ লোকৰ যেন মূল্য দিনে দিনে কমি আহিছে। মতৰ অমিল হোৱা বাবেই তেওঁ আজিকালি আগৰদৰে সামাজিক, সাংৰ্স্কৃতিক কাম-কাজবোৰত অংশগ্রহণ কমাই দিছে। এনেই অশান্তি কিছুমান এই বয়সত গোটাই ল’বৰ তেওঁৰ আজিকালি মন নেযায়। ঘৰখনৰ বিভিন্ন সিদ্ধান্ত লোৱাটোও তেওঁ আজিকালি পুত্রহতঁৰ হাততে এৰি দিছে। কিজানি মতৰ অমিল হৈ পুত্রহঁতে তেওঁক আউটদেটেড বুলি ভাবি লয়। সাতে- সোঁতৰে মিলি এইবোৰ কথাইয়েও তেওঁৰ মনটোক শূন্যতাৰে ভৰাই তুলিছে। পিছে তেওঁৰ মনৰ এই শূণ্যতাৰ ভাৱক ত্যাগ কৰে কেনেকৈ ? হয়তো দীপালী থকা হ’লে তেওঁৰ মনৰ এই দোমোজা ভাৱবোৰৰ কিবা এটা সমাধান দিলেহেঁতেন? তেওঁ বাৰু সঁচাকৈয়ে দীপালীৰ ওপৰত আগৰেপৰাই ইমান নিৰ্ভৰশীল আছিলনে? নে এতিয়াহে হৈ আহিছে?
আনৰ দৃষ্টিত তেওঁৰ সমান সুখী মানুহ এই অঞ্চলটোতেই নাই। কিন্তু তেওঁৰ মনৰ মাজত দিনে দিনে বাঢ়ি অহা দীপালী অবিহনে এই শূন্যতাৰ ভাৱক কি কৰিব? হাজাৰ চেষ্টা কৰিও এই শূন্যতাৰ ভাৱক , দীপালী অবিহনে মনত দিনে দিনে গাঢ় হৈ অহা এই অচিন অজান ভয়ক ত্যাগ কৰিব পৰা নাই। এই অজান ভয় কি’হৰ বাবে তেওঁৰ মনত ইমান দঁকৈ শিপাইছে, তেওঁ নভৱাকৈ থকা নাই। মৃত্যুলৈ তেওঁ ভয় নকৰে। এই পাৰ্থিৱ শৰীৰৰ প্রতি তেওঁৰ মোহো নাই। তেওঁৰ দায়িত্ব তেওঁ সফলতাৰে পালিলে। নিশ্চিত হৈ তেওঁ এতিয়া এই পৃথিৱীৰ মায়া এৰিব পাৰে। দীপালীবিহীন এই জী্ৱনৰ প্রতি তেওঁৰ মোহো নাই।
ৰাতি দুপৰ হৈছিল। হঠাৎে ভোগেশ্বৰ বৰুৱা টোপনিৰ পৰা সাৰ পাই উঠিছিল। দুৰত বহাগ বিহুৰ আগমনৰ বতৰা জনাই কুলিজনীয়ে কুউ কুউ কৈ চিঞৰি উঠিছে। মৰমৰ ৰঙালী বিহুটোলৈ মাজত মাত্র কেইটামান দিনহে। বহু বছৰৰ আগতে এনে এটা দিনতে বিহুৰ আখৰা কৰিবলৈ গৈ দীপালীৰ লগত দুচকুৰ মিলন ঘটিছিল। তেওঁৰ হাতত থকা ঢোলৰ মাৰিডালে সেইদিনা ছন্দ হেৰুৱাই পেলাইছিল। আজিও সেইদিনৰ কথাবোৰ তেওঁৰ মনত জলপটকৈ জীপাল হৈ আছে। বিচনাখনতে তেওঁ উঠি বহি পৰিল। বোৱাৰীয়েকে পিয়াহ লাগিব বুলি টেবুলত থৈ যোৱা জাৰটোৰপৰা তেওঁ পানী এগিলাছ লৈ খালে। অনুভৱ হ’ল তেওঁৰ সদায় মনৰ মাজত কঢ়িয়াই ফুৰা অচিন-অজান ভয়টো যেন আজি নাই। পুনৰ দুচকু জপাই তেওঁ শুই পৰিল। তেওঁৰ চুলিৰ ফাঁকে ফাঁকে কোনোবা নাৰীৰ হাতৰ স্পৰ্শ অনুভৱ কৰিলে। এই হাতৰ স্পৰ্শ তেওৰ খুবেই চিনাকী। সেই নাৰীয়ে তেওঁৰ কাণৰ কাষলৈ মুখখন নি ফুচফুচাই কৈ উঠিল- “আপোনাৰ বৰ কষ্ট হৈছে এই ভয়ক লৈ। আজিৰপৰা আৰু আপুনি এই ভয় লৈ জীয়াই থাকিব নেলাগে। আজিৰপৰা মই সদায়েই আপোনাৰ লগত থাকিম ছাঁৰদৰে।“ এই আশ্বাসৰ মাত যে দীপালীৰ । যি আশ্বাস শুনি তেওঁ নিচিন্তে নিদ্রা দেৱীৰ কোলাত নিজক এৰি দিলে।
বি.দ্র.- ৰাতিপুৱা ঘৰখনত হুৱা-দুৱা লাগিল। আনদিনাতকৈ দেৰিলৈকে শুই থকা দেউতাকক জগাবলৈ গৈ বৰপুত্র ত্রিদীপে দেউতাক ভোগেশ্বৰ বৰুৱাৰ বিচনাখনৰ ওচৰত ৰৈ তেওঁৰ দুভৰিত ধৰি হুকহুকাই কান্দি উঠিল। ইতিমধ্যে ভোগেশ্বৰ বৰুৱাই এই পৃথিৱীৰ মায়া এৰি গুছি গৈছিল।

No comments: