Thursday, July 21, 2016

-------তেজৰ ৰঙ মাত্ৰ ৰঙা -------------

-------তেজৰ ৰঙ মাত্ৰ ৰঙা -------------
(মনৰ কথা)
১)
এজনী ছোৱালী। এজনী অসমীয়া ছোৱালী।বয়স তেতিয়া তাইৰ ২১ ৰ সীমা চুওঁ চুওঁ।হঠাৎে তাই বেমাৰত পৰিল।নাৰ্চিংহোমত অজ্ঞান অৱস্হাত ভৰ্ত্তি কৰা হ'ল। ডাক্তৰ ,নাৰ্চ সকলো তাইক লৈ ব্যস্ত হৈ পৰিল। ঘৰৰ একমাত্ৰ কন্যা সন্তান। মাঁক,দেউতাক,ককায়েক,ভায়েকৰ আলাসৰ লাৰু।সকলো পাগলৰদৰে হ'ল। ডাক্তৰে ভালদৰে পৰীক্ষা কৰি ব্লাড তিনি ইউনিট দিব লাগিব বুলি ক'লে। তেহে হুচ আহিব। য'ৰ ত'ৰপৰা অতি সোনকালে গোটাই আনিব ক'লে।তাকো ফ্ৰেছ ব্লাড হ'ব লাগিব ।ভায়েকৰ লগত ব্লাডৰ গ্ৰুপ মিলাত এক ইউনিট সিয়েই দিলে। আৰু দুই ইউনিটৰ প্ৰয়োজন। আগবাঢ়ি আহিল ককায়েকৰ লগৰ কেইবাজনো বন্ধু।তিনি ইউনিট ব্লাড লোৱাৰ পাছত ছোৱালীজনী সুস্হ হ'ল। তাইক ব্লাড দিয়া ককায়েকৰ বন্ধুকেইজনৰ এজন মুছলমান আছিল। হিন্দু আৰু মুছলমানৰ তেজ তাইৰ দেহত মিলি এক হৈ গ'ল। মই হিন্দুৰ তেজ বা মই মুছলমানৰ তেজ বুলি তাইৰ দেহত মিলি যাবলৈ কোনেও অসহযোগ নকৰিলে। দিন গৈ থাকিল।দিন গৈ মাহ,মাহ গৈ বছৰ হ'ল। কোনেও তাইৰ দেহত কঢ়িয়াই ফুৰা হিন্দু-মুছলমানৰ ব্লাডক লৈ প্ৰশ্ন নুতুলিলে।
২)
আজি কিছুদিনৰ আগৰপৰা লাহে লাহে হিন্দু আৰু মুছলমানৰ মাজত শান্তি-সম্প্ৰীতি বিনষ্ট কৰিবৰ বাবে এজাক লোক ব্যস্ত হৈ পৰা দেখা গ'ল। হিন্দুৰ মন্দিৰত গৰুৰ মাংস পোৱা গ'ল। সত্ৰৰ থাপনাত গৰুৰ কটা মুৰে স্হান পালে। অথচ মন্দিৰ,নামঘৰ,সত্ৰ আদিৰ চাৰি সীমাৰ ভিতৰত গো মাংসৰ প্ৰৱেশ নিষেধ। এইয়া যে কোনো বিশেষ চক্ৰৰ এই দুয়ো জাতিৰ মাজত অৰিয়া -অৰি সৃষ্টিৰ বাবে কৰা কান্দ সহজতে বুজা গ'ল।
তাইৰ মনলৈ পিছে আন এটা প্ৰশ্নহে আহিছে -এই যে হিন্দু,মুছলমান আদিক লৈ ৰাজনীতি চলিছে কি'হৰ বাবে চলিছে?কি প্ৰয়োজন এই খাম-খেয়ালিৰ?কি লাভ হ'ব সেইসকল লোকৰ যিয়ে এনে দুৰ্ষ্কায্য কৰিব খুজিছে?তাইৰ দেহত মিলি যোৱা হিন্দু -মুছলমানৰ তেজে যেনেকৈ তাইক জীৱনটো আগবঢ়াই নিয়াত সহায় কৰিছে ঠিক তেনেকৈ দুয়ো জাতি মিলি দেশ তথা দহৰ উন্নতিৰ বাবে কাম কিয় নকৰে? তাইৰ দেহৰ ৰন্ধে ৰন্ধে মিলি যোৱা তেজৰপৰা বাৰু কোনোবাই চেষ্টা কৰিলেও মুছলমানৰ তেজখিনি উলিয়াই আনিব পাৰিবনে?তাই আচলতে কি হিন্দু নে মুছলমান কোনোবাই ক'ব পাৰিবনে? তাইৰ দেহৰপৰা যিদৰে হিন্দু মুছলমানৰ তেজ ভাগ ভাগ কৰি উলিয়াই আনিব নোৱাৰে ঠিক সেইদৰে এইখন ৰাজ্যত অতীজৰেপৰা যি মিলা-প্ৰীতিৰে হিন্দু-মুছলমান এক সম্প্ৰীতিৰ দোলেৰে বান্ধ খাই আছে সেই ঐক্য-সম্প্ৰীতিৰ দোলৰ মাজত ভাঙোন সৃষ্টি কৰিব খুজিলেও সেই দোল ভঙাটো ইমান সহজ নহয়।তাইৰ দেহৰ পৰা মুছলমানৰ তেজ উলিয়াই আনিবৰ চেষ্টা কৰিলে যেনেকৈ তাইৰ মৃত্যু অনিবাৰ্য্য,ঠিক সেইদৰে এই সম্প্ৰীতিত ভাঙোন আনিব খুজিলে দুয়োটা জাতিয়ে যে ধ্বংসপ্ৰাপ্ত হৈ যাব সেয়াও নিশ্চিত।গতিকে এই ষড়যন্ত্ৰ এতিয়াই বাদ দি ৰাজ্যখনৰ উন্নতিৰ চিন্তা কৰাহে শ্ৰেয়।(তাইৰ দৰে বহু হিন্দু মানুহ ওলাব যিয়ে নেকি জাত-পাতৰ বিচাৰ নকৰি প্ৰয়োজনবঃশত মুছলমানৰ শৰীৰৰ তেজ গ্ৰহণ কৰিছে,তেতিয়াহ'লে সেই হিন্দু অসমীয়াখিনিক কি কৰা যাব?)

-----------------------এটা সপোন -----------------------------------------------------

-----------------------এটা সপোন -----------------------------------------------------
১)
মাঁৰ মাতত ধৰমৰাই সাৰ পাই উঠিলো। ৱাল ক্লকটোলৈ চালো।আঠ বাজি গৈছে। ইমান দেৰি তাৰমানে মই শুইৱে আছিলো।মাঁহতো যে আৰু-মোকতো উঠাই দিব লাগে।পিছে মনত পৰিল কালি শুৱাৰ আগতে মইৱেতো কৈছিলো মোক কাইলৈ ৰাতিপুৱা সোনকালে নজগাবলৈ। কালি আবেলি গুৱাহাটীৰপৰা দৰকাৰী কাম এটাত ঘৰলৈ আহিবলগীয়া হ'ল। নগাওঁৰ বাইপাচৰপৰা কাজিৰঙা পোৱালৈকে ৰাস্তাটোৰ অৱস্হা যিহে দিনে দিনে হৈ গৈছে, আৰু তাৰপাছতো দেৰগাওঁ ,যোৰহাট আদিলৈকে ঘৰলৈ অহাৰ কথা ভাবিবলৈকে ভয় লগা হৈছে। হাইৱে বনাইছে বুলিয়েইনো বাৰু অলপো মেৰামতি কৰিব নেলাগেনে?এনেকৈ মেৰামতি নকৰিলে আৰু ছয় মাহমানৰ পিছত যে ৰাস্তাটোত মাজে মাজে একোটা পুখুৰীৰ সৃষ্টি হ'ব,সেয়া নিশ্চ্ত। আৰু বাৰিষা কালত পথাৰৰ সৃষ্টি হৈ তাতে খেতি কৰিব পাৰিব কাষৰ জনসাধাৰনে সেইয়া ন দি ক'ব পাৰি। ৰাস্তাটোৰ কৃপাত যেনিবা আন নহ'লেও কঁকালৰ জোৰা যে সোলোক ঢোলোক হৈ পৰিব সেইয়া চকু মুদি ক'ব পাৰি। তাতে যিখন চুপাৰত আহিলো ব্ৰেক মাৰিবলৈ লওঁতে যিহে ককৰ্ষ শব্দৰ সৃষ্টি হয়,চকুযোৰ জপালেও সাৰপাই যাওঁ। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক দোষ দিয়ে,তেওঁলোকৰ হাতত হেনো ৰাস্তাটোৰ মেৰামতি কৰাৰ দায়িত্ব নাই। চৰকাৰে যিয়েই নকওঁক পিছে শাস্তি খিনি সাধাৰন জনতাই খাইছে।
২)
চকুহাল মোহাৰি বিচনাৰপৰা উঠি আহিলো।বাহিৰত এক হুলস্থুলীয়া পৰিৱেশ। ভিতৰৰপৰাই এই হুলস্হুল শুনি কি হ'ল বুলি ওলাই আহি দেখিলো আমাৰ চাহ বাগানৰ পাত টুকা মোহন দাদা,আচাদে একোখনকৈ নতুন চাইকেল লৈ আহিছে। আচৰিত কথা ইহঁতে নতুন চাইকেল কিনিব পৰাকৈ টকা ক'ত পালে?
উৎসুকতা দমন কৰিব নোৱাৰি মোহন দাদাক সুধিলো-"মোহনদা,নতুন চাইকেল যে...."
"চৰকাৰে দিছে। অকল চাইকেলেই নহয় ঘৰো বনাই দিছে,ইলেক্টিচিটি দিছে,লেট্ৰিন দিছে । আৰু কি জানে আমাৰ দৈনিক হাজিৰা ৩০০ দিব লাগিব বুলি মালিকে চৰকাৰে বান্ধি দিছে।"মোহনদাই ক'লে।
আচৰিত হৈ মাঁৰ মুখলৈ চালো।মাঁয়ে মোৰ প্ৰশ্নবোধক চাৱঁনি দেখি মুৰটো দুৱাই বুজালে যে এইয়া সচাঁ। আচৰিত জনসাধাৰনক শোষণ কৰা চৰকাৰখনৰ এনে পৰিৱৰ্ত্তন কেনেকৈ হ'ল? মাঁয়ে আৰু ক'লে -কেচাঁ চাহপাতৰ দামো চাহ খেতিয়কৰ উপযুক্ত হোৱাকৈ বান্ধি দিছে।অকল চাহপাতেই নহয়,খেতিয়কৰ সকলো উৎপাদিত সামগ্ৰীত উপযুক্ত দাম বান্ধি দিছে যাতে খেতিয়কৰ লোকচান নহয়।আশ্বৰ্য্যচকিত হৈ পৰিলো মই।
৩)
মাঁয়ে বনাই দিয়া চাহ কাপ খাই ডাঙৰ বৰ্তাৰ খবৰ এটা লৈ আহো বুলি ওলাই আহিলো।বৰদেউতাৰ গাটো বৰ এটা ঠিক নাছিল।একমাত্ৰ ল'ৰাটো চাকৰিসূত্ৰে শিৱসাগৰত থাকে। চুটি পালে সি ঘৰলৈ আহি যায়। বৰবৌৰ দিন-ৰাতি বৰদেউতাক সেৱা-শ্ৰুষসা কৰোতেই যায়। বৰদেউতাক চাবৰ বাবে মই কেতিয়াবাই নাৰ্চ এগৰাকীক ল'ব কৈছিলো।পিছে গাওঁত ক'ৰপৰা নাৰ্চ পাব?যাৰফলত বৰবৌৱে বৰদেউতাৰ সেৱা কৰোতে বৰবৌৰ দেহাও দিনে দিনে পৰি আহিছে।গেটখন খুলি সোমাই গ'লো। বাৰান্দাতে বৰ্তা বহি আছিল।আগতকৈ স্বাস্হ্য ভাল হৈছে। মোক দেখি কেতিয়া আহিলো সুধিলে।তেনেতে দেখিলো এগৰাকী নাৰ্চে হাতত মেডিচিন লৈ আহিছে বৰদেউতাক খোৱাবৰ বাবে।আচৰিত হ'লো।
বৰবৌক দেখি আচৰিত হৈ সুধিলো -"ক'ত পালে?"
চৰকাৰে দিছে।বৰদেউতা হাইস্কুলৰ শিক্ষক আছিল। চৰকাৰে ৰিটায়াৰড শিক্ষকৰ বাবে পেঞ্চনৰ বাদেও বেলেগ সুবিধা কৰি দিছে। যিসকলৰ বৃদ্ধ বয়সত চোৱা-চিতা কৰিবৰ বাবে মানুহৰ অভাৱ,তেওঁলোকৰ বাবে নাৰ্চৰ ব্যৱস্হা কৰি দিছে।মাত্ৰ এখন আবেদন কৰিব লাগে।অকল সেয়াই নহয়,গাওঁৰ সকলো বয়োজেষ্ঠৰ বাবে বৰদেউতাৰদৰে সুবিধা দিছে বিনামূলীয়াকৈ। তাৰোপৰি যিসকল বয়োজেষ্ঠ লোক চিকিৎসালয়লৈ যাব নোৱাৰে তেওঁলোকৰ বাবে ডাক্তৰ নিজে ঘৰলৈ আহি চেক আপ কৰি যায়হি। আশ্বৰ্য্যৰ সীমা মোৰ নোহোৱা হৈছিল। এইবোৰ কেতিয়া হ'ল মই যে একো গমেই নেপাওঁ। এদিনতে ৰাতিটোৰ ভিতৰতে এনে পৰিৱৰ্ত্তন সম্ভৱনে নে মই সপোন দেখিছো?বৰবৌৱে দিয়া চাহকাপ খাই আৰুনো কি পৰিৱৰ্ত্তন হৈছে চাওঁ বুলি ৰাস্তাটোৰে আগুৱাই গ'লো।আমাৰ ঘৰৰ সন্মূখৰ ৰাস্তাটো আগৰেপৰাই পকা আছিল।পিচে কাষৰ চুবুৰীলৈ যোৱা ৰাস্তাটোও যে এদিন পকি হৈ উঠিব সেয়া সপোনৰো অগোচৰ আছিল।কিন্তু আজি সেই ৰাস্তাটোও পকি দেখি চকিত হৈ পৰিলো।
অলপ আগুৱাই সেইটো নগেনদাৰ ঘৰ।দিন হাজিৰা কৰি পেট প্ৰৱত্তোৱা নগেনদাৰ আগৰ চৰকাৰে দিয়া পনিয়লি ঘৰটোৰ ঠাইত আসাম টাইপৰ বৃহৎ ঘৰটো দেখি মোৰ মুখৰ মাত হৰিল।তেনেতে নগেনদাৰ খুৰী ওলাই আহিল।মোক দেখি হাঁহি মোৰ খা-খবৰ ল'লে।ঘপকে সুধি পেলালো তেওঁলোকৰ এই পৰিৱৰ্ত্তনৰ আঁৰৰ ৰহস্য।
"তই বহুদিন অহাই নাই নহয়।ক'তনো গম পাবি?চৰকাৰে সহায় কৰিছে।আজিকালি খুড়াই কাঠৰ ফাৰ্নিছাৰ এখন আৰম্ভ কৰিছে চৰকাৰে টকা দি সহায় কৰিছে।আগৰদৰে হাজিৰা কৰিব নেলাগে।মোৰ ভৰিৰ বিষটোও চৰকাৰে সহায় কৰাত ভাল হ'ল।এই চৰকাৰখনে আমাৰ কাৰনে বহুত কৰিছে জান। "
খুড়ীৰ লগত কথা শেষ কৰি মই ৰাস্তাটোৰে আগবাঢ়িলো।ৰাস্তাৰ দুয়োকাষে খেতিৰ পথাৰ।ধান গছবোৰত ধানৰ ঠোকবোৰ ঢো খাই পৰিছে।খেতি এইবাৰ তাৰমানে ধুনীয়া হৈছে। আৰু দেখিলো পথাৰৰ কাষে কাষে বৃহৎ পানী যাব পৰা নলা।তাৰমানে বছৰৰ বাৰমাহেই ইয়াত খেতি কৰিব পাৰে।আৰু অলপ আগুৱাই গৈ তিনিআলিটো পালোগৈ।তাত মোৰবাবে আৰু আশ্বৰ্য্য ৰৈ আছিল।তিনিআলিটোৰ সোঁফালে থকা খালি ঠাইটুকুৰাত এটা স্বাস্হ্যকেন্দ্ৰ।তিনিআলিটোতে ৰমেন খুড়া ৰৈ আছিল।মোক দেখি কেতিয়া আহিলো,ভাল বেয়াৰ খা-খবৰ সুধিলে।সুবিধা পাই মই স্বাস্হ্যকেন্দ্ৰটোলৈ ডাক্তৰ আহেনে নাই সুধিলো। উৎসাহভৰা কন্ঠেৰে ক'লে-"বৰ ভাল ডাক্তৰ আই।আমাকবোৰক পিতৃতুল্য জ্ঞান কৰে।মানুহৰ ঘৰে ঘৰে গৈ বেমাৰ চায়গৈ।আজিকালি দুৰলৈ আৰু বেমাৰ দেখাবলৈ যাব নেলাগে।চৰকাৰে বহুত উপকাৰ কৰিলে এই স্বাস্হ্যকেন্দ্ৰটো পাতি দি।"প্ৰত্যেকখন গাওঁতে হেনো এটা স্বাস্হ্যকেন্দ্ৰ পাতিছে।
ইতিমধ্যে স্কুল খুলিছিল।অসমীয়া মাধ্যমৰ সেই স্কুলতেই আমি পঢ়িছিলো।পিছে যোৱা কিছুবছৰত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নিজৰ ল'ৰা-ছোৱালীক পঢ়িবলৈ দিয়াত চকুত লগাকৈ অসমীয়া মাধ্যমৰ স্কুলত ছাত্ৰ-ছাত্ৰী বহুত কমি গৈছিল।তাতে নতুনকৈ নিয়োগ কৰা শিক্ষক সকলৰ দৰমহা পাতি নিয়মীয়া নোহোৱাত তেওঁলোকেও পঢ়োৱাত বিশেষ আগ্ৰহ দেখুৱা নাছিল।পিছে আজি তাৰ ওলোটাটোহে প্ৰত্যক্ষ কৰিলো।স্কুলখনলৈ যিদৰে ছাত্ৰ-ছাত্ৰীৰ আগমন ঘটিছে কোনেও নকয় অসমীয়া মাধ্যমৰ স্কুলৰ সংকট চলিছে বুলি।চিনাকী শিক্ষয়ত্ৰী এগৰাকী পাই তাইৰ লগত স্কুলৰ বিষয়ে কথা পাতিলো।তাইয়ে ক'লে-"আজিকালি সকলো সলনি হৈছে বাইদেউ।চৰকাৰে শিক্ষক ৰ দৰমহা নিয়মীয়া কৰাৰ লগতে স্কুলৰ শিক্ষা ব্যৱস্হাৰো বহু পৰিৱৰ্ত্তন কৰিছে।দুখীয়া ছাত্ৰ-ছাত্ৰীৰ শিক্ষা বিনামূলীয়া কৰিছে।স্কলাৰশ্বিপৰো ব্যৱস্হা কৰিছে।যাৰবাবে অসমীয়া মাধ্যমৰ স্কুলৰ শিক্ষাৰ মান উন্নত হৈছে।আজিকালি অভিভাৱকে ইংৰাজী মাধ্যমৰ বিদ্যালয়তকৈ নিজৰ সন্তানক অসমীয়া মাধ্যমতহে দিয়া হৈছে।"তাইৰ সময় হোৱাত গুছি গ'ল।
মই উভতনি যাত্ৰা ল'লো। মুল ৰাস্তাটোৱেদি আজিকালি দুই এখন যাত্ৰী নিয়া গ্ৰাম্য বাছ,ট্ৰেকাৰ আদি চলিবলৈ লৈছে ।তাৰমানে মানুহবোৰ আজিকালি ডেৰ কিলোমিটাৰ দুৰৰ বাছষ্টেন্ডটোলৈ যাব নেলাগে।আহঁত গছজোপাৰ তলতে এটা জিৰনি কোঠাও বনাই দিছে।ৰাস্তাৰ কাষে কাষে বহুবোৰ শাৰী শাৰীকৈ গছ ৰুই থৈছে।তাৰমানে চৰকাৰে প্ৰকৃতি সংৰক্ষণৰ কথাতো গুৰুত্ব দিছে।উভতি আহোতে বিভিন্নজনৰ মুখত বতমানৰ চৰকাৰখনে দেশৰ তথা দহৰ মংগলৰ কল্যানৰ বাবে লোৱা কামৰ কথা শুনিলো।মনটো মোৰ লাহে লাহে ভৰি আহিল।ঘৰত যে নোকোৱাকৈয়ে ওলাই আহিলো তেতিয়াহে মনলৈ আহিল।মাঁৰপৰা গালি খাব লাগিব বুলি খৰকৈ খোজ দিলো।
তেনেতে কান্ধত ধৰি মাঁয়ে মাতিলে-"মাজনী,বহু দেৰি হ'ল।উঠ।"দুচকু মেলি দেখিলো মই বিচনাতে আছো।তাৰমানে মই সপোনহে দেখি আছিলো।যিকি নহঁওক বাস্তৱ নহ'লেও সপোনটোৱে মোৰ মন ভৰাই পেলালে।সচাঁকৈ যদি এই সপোনে বাস্তৱ ৰুপ পালেহেঁতেন....

দুলাল

দুলাল
ৰাতিপুৱাই গাওঁখনত হুৱাদুৱা লাগিল ৰমেনে খবৰটো দিয়াৰ লগে লগে।বনজুইৰদৰে চাৰিওফালে বাতৰিটো বিয়পি পৰিল। নেলাগিবনো কিয়-এনে সুযোগ দুনাই আহে নেকি?সুবিধা পাওঁতেই যদি সুবিধা ল'ব পৰা নেযায়,তেনেহ'লে আজিৰ দিনত সি লায়েকৰ মানুহ নহয়। পদুমীয়েও যাম বুলি ভাবিছিল,পিছে দিনে দিনে চকুহালে বেছিকৈ নেদেখা হৈ অহাত গিৰীয়েককে পাচিলে-"বোলো শুনিছেনে,মিটিংখনলৈ যাওঁক,সুতা,কম্বল আদি দিছে। ঠান্ডাটো পালেহিয়েই,কম্বল নিকিনাকৈয়ে হ'ব যদি ভাল কম্বল হয়,নহ'লে বিক্ৰী দি দুটকা পোৱাই যাব।সুতাখিনিৰে বোৱাৰীজনীয়ে আপোনাৰ আৰু ল'ৰাটোৰ বাবে তিয়নী সাজকে ব'ব পাৰিব।" পদুমীয়ে ঠিকেই কৈছে মনতে ভাবিলে দুলালে। হওঁতে তাই মিছা কোৱা নাই।
যোৱাবাৰো ইলেকচনৰ আগে আগে সুতা,কম্বল,আঠুৱা বিতাইছিল। তেওঁ গৈ এটা ভাগ আনিছিল। আঠুৱাকেইটা পাছত গৰুকেইটাক ম'হে কামোৰাৰপৰা ৰক্ষা কৰাত ব্যৱহাৰ কৰা হ'ল। সূতাৰে বোৱাৰীয়ে তেওঁ আৰু পুত্ৰৰ বাবে তিয়নী বৈ দিলে। কম্বলকেইখনো বৰ এটা বেয়া নাছিল।ঠান্ডা অহাত নিজে ব্যৱহাৰ কৰিলে। ৱাড মেম্বাৰগৰাকী নিজৰ গাওঁৰে হোৱাত বিপিএল কাডটোও উলিয়াই ল'লে।নিজৰ ঘৰৰ মাটিকেইডৰাৰ ধানে বছৰটো জোৰেই। তিনিটকীয়া চাউল কেইকেজি সোনাৰামৰ দোকানতে বিক্ৰী থৈ পইচাকেইটাৰে আন বস্তু কিনি লৈ আহে। তেওঁৰদৰে আন কেইবাজনেও এই কামটো কৰি আছে।লাজ কৰিবলগীয়া আৰু কিটো থাকিল। ইতিমধ্যে বয়স নহ'লেও ৱাড মেম্বাৰৰ লগ লাগি বৃদ্ধ পেন্ছনটোওঁ তেওঁ উলিয়াই লৈছে। তাৰবাবে অৱশ্যে তেওঁ দুটকামান খৰচ কৰিবলগীয়া হ'ল। চৰকাৰে তেওঁলোকক সুবিধা দিছে,লৈছে। তেওঁ নল'লে আনে ল'ব?গতিকে আনকনো কিয় সেই সুবিধা ল'বলৈ দিয়ে?
চাইকেলখন লৈ তেওঁ মিটিংলৈ বুলি ওলাই গ'ল। নাতি দুটাও যাব ওলাইছিল,পিছে মানুহৰ ভিৰ হ'ব দেখি নিনিলে।বাটত তেওঁ বহু চিনাকী পালে। সৱৰে উদ্দেশ্য একেই। মহিলাৰ সংখ্যা বহু বেছি।আন নহ'লেও সুতা অলপমান পালেও হ'ল। অন্তঃত মেখেলা-চাডৰ দুযোৰমান বৈ বিক্ৰী দুটকামান ঘটিব পাৰিব। মাইকী মানুহবোৰৰ উচ্চসিত হাঁহিত আকাশ-বতাহ মুখৰিত হ'ল। এখন বহু ডাঙৰ ৰভা দিছে। পুলিচ,দলটোৰ কমীয়ে চাৰিওফালে বিৰ দি বাট নোপোৱা অৱস্হা। শাৰী শাৰীকৈ বাহঁ বান্ধি দিছে যাতে মানুহবোৰৰ কোনো সমস্যা নহয়। বহু ওপৰৰ মন্ত্ৰী,মুৰব্বী আহিব। কোন আহে তাৰ লগত কিজানি বহু মানুহৰে মতলব নাই। ইফালে মুৰৰ ওপৰত তমোময় ৰ'দ। নিদিষ্ট সময়তকৈ পলমকৈ মিটিং আৰম্ভ হ'ল। ৰ'দটোৱে খাওঁ খাওঁ মূত্তি ধৰি আহিছে। মানুহবোৰৰ অৱস্হা নোহোৱা হৈছে ৰ'দত। দুলালে এপাকত যাওঁগৈয়ে বুলি ভাবিছিল। পিছে সুদা হাতে গ'লে পদুমীজনীয়ে শান্তিৰে ভাতসাজ যে খাবলৈ দিব আশা নাই। সেইবাবে অলপ ৰৈ কিবা এটা লৈ যোৱাই ভাল হ'ব বুলি ঠিক কৰিলে। ইফালে মন্চত মন্ত্ৰীৰ দুদান্ত ভাষণ চলি আছে-"ৰাইজ,আপোনালোকৰ বহুমুলীয়া ভোটটো এইবাৰো যেন আমাকেই দিয়ে।যোৱাবাৰ দিয়াৰদৰে,এইবাৰ দিয়াৰদৰে অনাগত দিনতো আমি আপোনালোকক সূতা,কম্বল,আঠুৱা,ঘৰ আদি দিম।ৰাস্তা-ঘাট গাৱেঁ গাৱেঁ পকি কৰি দিব।বিদ্যুত সংযোগ কৰি দিব সকলোৰে ঘৰে ঘৰে যিসকলে চৰকাৰীভাৱে ল'বলৈ সমথবান নহয়।........
মন্ত্ৰীৰ ভাষণৰ প্ৰতি কাৰো মন নাই।ভোট কাক দিব সেইয়া সময়ত দেখা যাব। এটা সময়ত সূতা,কম্বল,আঠুৱা আদি দিয়াৰ পব আৰম্ভ হ'ল। মানুহবোৰে হেতাঁ-ওপৰা কৰিব ধৰিলে। খৰখেদাকৈ সুতা,কম্বল,আঠুৱা আদি লৈ সোনকালে ঘৰলৈ যাবলৈ বুলি দুলালো সেই ভিৰৰ মাজত জপিয়াই পৰিল।ইতিমধ্যে আবেলি হ'লেই।ইফালে পিয়াহত তেওঁৰ অন্ঠ-কন্ঠ শুকাই গৈছে।হঠাতে পাচফালৰপৰা দিয়া ধাক্কাত দুলাল তিষ্ঠিব নোৱাৰি হামাখুৰি খাই বাগৰি পৰিল। লগে লগে দুলালৰ ওপৰত আৰু বহু মানুহ বাগৰি পৰিল। মানুহ পৰিল বুলি হুৱা-দুৱা লাগিল।তাকে দেখি সুতা,কম্বল,আঠুৱা আদি বিতৰণ আদি বন্ধ কৰি দিয়া হ'ল। যিয়ে যি পাৰিলে তাৰ মাজতো থপিয়াই নিলে।এম্বুলেন্চ আহিল,নাচ,ডক্তৰ আহিল। সংকটজনক অৱস্হাত কেইবাজনকো কাষৰে চিকিৎসালয়ত ভত্তি কৰা হ'ল।
পাছত নিউজ লাইভৰ বাতৰিত গধুলিৰ বাতৰিত খবৰ ওলাল-"আজি আমুক ৰাজনৈতিক দলে বিতৰণ কৰা সুতা,কম্বল,আঠুৱা আদিৰ মিটিংত জনসাধাৰনৰ অদ্ভূতপূব সহাঁৰি পোৱা যায় । হাজাৰ হাজাৰ মানুহৰ উপস্হিতিত সুতা,কম্বল,আঠুৱা আদি ল'বলৈ যাওঁতে ভিৰৰ মাজত পিচলি পৰি কেইবাজনো লোকৰ সংকটজনক অৱস্হাত চিকিৎসালয়ত ভতি কৰিবলগীয়া হয়।ইতিমধ্যে তাৰে দুজন লোকৰ মৃত্যু হৈছে।তেওঁলোক ক্ৰমে চিনাতলী গাওঁৰ দুলাল গগৈ আৰু.....

"মৃদু" (গল্প)

"মৃদু" (গল্প) ১)
দুচকু জপাই দিলো অতীতৰ দুখৰীয়া স্মৃতিবোৰে অহৰহ অগাদেৱা দিব ধৰিলে।তেনেতে মৃদু ওলালহি।পিঠিত মস্ত স্কুলবেগটো লৈ ।যেন সি ভাগৰি পৰিছে বেগটো লৈ।মৃদু মোৰ দহবছৰীয়া পুত্ৰসন্তান ।ক্লাছ ফ'ৰৰ ছাত্ৰ।তাৰ বয়সৰ ল'ৰাবোৰ দেখিলে বেয়াই লাগে যেন সিহঁতে আমাৰ দিনতকৈ বহু বেছি বোজা বহন কৰিবলগীয়া হৈছে।সেই ৰাতিপুৱা সাত বজাতেই নাকে কানে কিবা এটা গুজি স্কুললৈ ওলাই যায়।তাৰপৰা আহি কম্পিউটাৰ ক্লাছ আকৌ গধুলি টিউছন।ৰাতি বিচনাখনত শুবলৈ লৈ ভাগৰি পৰে।কিন্তু উপায়ো নাই।দিনে দিনে পৃথিৱীখন ইমান আগবাঢ়ি গৈছে তাত তিষ্ঠি থাকিবলৈ হ'লে নিজক সকলো ক্ষেত্রতে শ্ৰেষ্ঠ কৰি তুলিবই লাগিব। তাতে দেউতাকৰ পৰিচয় নথকা ল'ৰা।সি নিজকে সবশ্ৰেষ্ঠ ৰুপে গঢ়ি তুলিব বিচাৰে। যাতে তাক অকলশৰে অভাৱ-অনাটন অনুভৱ কৰিব নিদি সমস্ত পৃথিৱীৰ লগত যুজি তুলি-তালি ডাঙৰ-দীঘল কৰা মৰমৰ মাঁকজনীক সমাজখনে হাহিঁব নোৱাৰে। তাৰ এনে গুৰু-গম্ভীৰ কথা শুনি মাঁক হৈও তাইৰ দুচকু সেমেকি পৰে।বহু সৰুতেই মৃদু যেন প্ৰাপ্তবয়স্ক হৈ পৰিল।তাই বাৰু ভুল কৰিলে নেকি? ক্ষন্তেকীয়া আবেগত উটি ভাহি এনে এটা ডাঙৰ সিদ্ধান্ত লৈ।তাক বাৰু স্বীকাৰ কৰি লোৱা উচিত আছিল নেকি অন্তঃত মৃদুৰ কথা ভাবি? ২)
"মাঁ উঠাচোন"- শুই আছো বুলি ভাবি মৃদুৱে মোক জোকাৰি ক'লে।
মই উঠা দেখি টেবুলত বেগটো থৈ ক'লে -"মাঁ,কথা এটা আছিল"।
প্ৰশ্নবোধক দৃষ্টিৰে মই তালৈ চোৱাত সি মোৰ ওচৰ চাপি আহি হাত দুটাত ধৰিলে।জানো খুবেই স্পশকাতৰ কথা।
"কোৱা মৃদু"-মুৰত মৰেমেৰে হাত বুলাই ক'লো।জানো সি মোৰপৰা অনুমতি বিচাৰিছে কথাটো ক'বলৈ।
" দেউতা আহিছিল মাঁ,মোক লগ কৰিবলৈ লগতে তোমাকো"। মোক সাৱটি ধৰি কলে। "মই আৰু দুনাই আহিব মানা কৰিলো লগ কৰিবলৈ।বেয়া কৰিলো নেকি মাঁ ,তোমাক নোসোধাকৈ তেনেকৈ কৈ"?তাৰ প্ৰতি মৰমেৰে মনটে ভৰি পৰিল।
"তুমি কি বিচৰা মৃদু?মানে দেউতা আমাৰ লগত থকাটো।" "তুমি যদি দেউতাৰ অবিহনে মোক ডাঙৰ দীঘল কৰিব পাৰা,মই কিয় বিচাৰিম তেওঁক।মই তোমাক লৈয়ে সুখী মাঁ।তোমাৰ বাহিৰে মোক আৰু আন কাকোকে নেলাগে"।দহবছৰীয়া মৃদুৰ দৃঢ়তাপূণ কথা শুনি মোৰ দুচকুৱেদি বাধা নেমানি চকুলো বৈ আহিল। চকুলো মুচি দি সি পুনৰ কৈ উঠিল"-তুমি মোৰ বাবে আদশ মাঁ।তুমি ভাগি পৰিলে মই দুখ পাওঁ"।
৩)
আবেলিৰ টিফিন খাই মৃদু কম্পিউটাৰ ক্লাছলৈ ওলাই গ'ল। গেটখন জপাবলৈ লওঁতেই দেখিলো সি ৰৈ আছে।অবিন্যস্ত ,অসলংগ্ন পিন্ধা কাপোৰ-কানি,মুৰটোও ফনিওঁৱা নাই।নিজক যিমান পাৰো দৃঢ় কৰিলো। অলপ দুবল হ'লেই মই যে তাৰ ওচৰত হাৰি যাম সেইয়া জানো।সি আগবাঢ়ি আহিছিল মোক দেখি।
সেমেকা হাঁহি এটা মাৰি কৈছিল-"মোৰ ক্ষমা কৰা ,মই আৰু নোৱাৰা হৈছো।আৰু কিমান শাস্তি দিবা মোক?দহবছৰে মই তিলতিলকৈ জীয়াই আছো মৰি মৰি।তোমালোকৰ অবিহনে এই জীৱনৰ কোনো মূল্য নাই"।
কি উত্তৰ দিওঁ মই ভাবি পোৱা নাছিলো। কেনেকৈ তাক পুনৰ বিশ্বাস কৰো ইমান ডাঙৰ আঘাট দিয়াৰ পিছত ।সম্ভৱনে তাক ক্ষমা কৰি পুনৰ আকোৱালি লোৱাতো?মই যেনিবা আকোৱালি ল'লোৱেই ,মৃদু ,তাক কি ক'ম যিয়ে অলপ আগতে ইমান স্পষ্ট ভাষাৰে তাৰ জীৱনত দেউতাকৰ দৰকাৰ নাই বুলি কৈ থৈ গৈছে।মোৰ ওচৰত তাক দিবলৈ কোনো উত্তৰ নাছিল ।অহা বাটেৰে সি উভতি গৈছিল। যোৱাৰ আগতে মাত্ৰ কৈ গৈছিল 'মোক এদিন তোমালোকে ক্ষমা কৰিবাই।'
৪)
প্ৰেম ভালপোৱাৰপৰা সদায়েই নিজক আতৰাই ৰাখিছিলো কলেজীয়া দিনলৈকে।সময়ৰ অপব্যৱহাৰ বুলি ভাবিছিলো সদায়েই প্ৰেমত পৰাটো।
লগৰবোৰে সুধিলে সদায়েই একেই উত্তৰ-আন কাম আৰু নাই।তাতকৈ ঘৰৰপৰা ঠিক কৰা ল'ৰাৰ লগত বিয়া হ'ম।ঘৰৰ মানুহো খুচ,মইও খুচ।প্ৰেম কৰি অযথা ঝেংত সোমোৱা মানুহ মই নহয় ।
পিছে লগৰ আগত বৰ ফুটনি মাৰি থকা মইজনী ডিগ্ৰী সম্পূণ কৰাৰ পাছত গুৱাহাটীত পঢ়িবলৈ আহি তাক লগ পাই ভুল কৰি পেলালো।কেতিয়ানো সি মোৰ জীৱনটোৰ ভিতৰলৈ ইমান কুৰুকি কুৰুকি সোমাই আহিল নিজে গমেই নেপালো।যেতিয়া গম পালো তেতিয়া আৰু উভতি আহিবলৈ বহু দেৰি হৈ গৈছিল।এদিন দুয়ো ইমান অন্তৰংগ হৈ পৰিলো যে আগতে পাপ বুলি ভৱা কথাটোও পাপ যেন নেলাগিল।নেলাগিল ভুল কৰিছো বুলিও ।দুটা দেহা এদিন অন্তৰংগ মূহুত্তত এক হৈ পৰিল।তাৰ ফলশ্ৰুতিত মোৰ গভত মৃদুৱে স্হিত ল'লে।তাক যেতিয়া এই কথা ক'লো সি কোৱা কথাই মোৰ মুৰৰ ওপৰৰ সৰগ ভাগি পেলালে।
"এইবোৰ হয়েই হেনো।মোক তাৰ ঘৰে স্বীকাৰ নকৰে।গতিকে মই এবৰছন কৰি পেলোৱাই ভাল দুয়োটাৰ বাবে।'সেইদিনা মই তাক একো নক'লো। আচলতে বুজি পাইছিলো তাক আৰু কৈ একো লাভ নাই ।তাক একো নোকোৱাকৈয়ে মই তাৰপৰা আতঁৰি আহিছিলো।
ঘৰত এইকথা গম পাই মাঁহঁত বলিয়াৰ দৰে হৈছিল।কুমাৰী মাতৃৰ স্হান আমাৰ সমাজত যে অতি নীচ ,সন্মান নাই সেইকথা পদে পদে অনুভৱ কৰিছিলো। যদিও আমাৰ ন্যায়ালয়ে পিতৃৰ অবিহনেই নাৰীক সন্তানৰ দায়িত্ব লোৱাৰ স্বীকৃতি দিছে তথাপি আমাৰ সমাজে এতিয়াও নাৰীক সেই অধিকাৰ দিবলৈ নাৰাজ।ঘৰখনতো মোক লৈ সংঘাতৰ সৃষ্টি হোৱাত মই দুৰত চাকৰিটো পোৱাত গুছি আহিছিলো।
বিভিন্ন বাধা পাই মই যেন দিনে দিনে বেছি জেদী হৈ পৰিছিলো।আৰু এদিন মৃদুৰুপে এটি কনমানি পুত্ৰসন্তানে মোৰ জীৱনটো পোহৰাই পেলাইছিল।মাঁহঁতে নিজে উপযাচি মোৰ জীৱনলৈ পুনৰ উভতি আহিছিল সমাজৰ কথা আওঁকাণ কৰি।তেওঁলোকে মৰমৰ সন্তানক হেৰুৱাব বিচৰা নাছিল ।জানো মাঁহতঁৰ ওচৰত দোষ কৰিছিলো কিন্তু মোৰ গভত স্হিত লোৱা কনমানিটোৰনো দোষ ক'ত? তাক কেনেকৈ নিজক সমাজত সতী কৰি ৰাখিবৰ বাবে মোৰ জীৱনৰপৰা বিদায় দিওঁ?তাতকৈ মই সমাজত অসতী নাৰী ৰুপে স্বীকৃত হ'বলৈ ৰাজী আছিলো।এদিন সিও পুনৰ ঘুৰি আহিছিল।ভুলৰ ক্ষমা বিছাৰিছিল।মৃদুক নিজৰ সন্তানৰুপে স্বীকৃতি দিব বিচাৰি মোক তাৰ জীৱনলৈ পত্নীৰুপে নিব বিচাৰিছিল।কিন্তু তাক কেনেকৈ ক্ষমা কৰো?আজি দহবছৰ ধৰি সি তাৰ ভুলৰ ক্ষমা বিচাৰি মোৰ ওচৰত অহা অব্যাহত আছে।ডাঙৰ হৈ অহাৰ লগে লগে মৃদুক সকলো কথা বুজাই কোৱা হৈছিল।মৃদুও মোৰদৰে গঢ় লৈ উঠিছে। এদিন এৰি যোৱা দেউতাকক স্বীকাৰ কৰিব মৃদুও ৰাজী নহয় আৰু মই?মোৰ মনত তাৰ প্ৰতি আৰু কোনো প্ৰেম নাই।আছে মাত্ৰ সহানুভূতি।তেনেস্হলত তাক কেনেকৈ পুনৰ মোৰ জীৱনলৈ আকোৱালি লওঁ?তাৰপ্ৰতি জন্মা প্ৰেম সিয়েই এদিনতো শেষ কৰি পেলাইছিল মোৰ অন্তৰৰপৰা।

সেই চকুযোৰে তাইক আজিও খেদি ফুৰে

সেই চকুযোৰে তাইক আজিও খেদি ফুৰে
এযোৰ চকু।এযোৰ কামনাৰে সিক্ত চকু। বছৰ বছৰ পাৰ হৈ গ'ল।তথাপি সেই দুচকুৱে তাইৰ অন্তৰত যি দাগ বঢ়োৱাই থৈ গ'ল,তাই আজিও বুকুত নিজৰ জ্ঞাতে অজ্ঞাতে কঢ়িয়াই ফুৰিছে। সেই দুচকুৰ জিলিঙনি যেতিয়া তাই আন কিছুৰ চকুতো দেখে,তেতিয়া তাই অৱশ হৈ পৰে।তাৰমানে সেই দুচকু এজন বিশেষ লোকেই গ্ৰহণ কৰা নাই।সময় অনুসৰি,ঠাইভেদে সেই দুচকু বিভিন্নজন লোকে বিভিন্ন ধৰনে বহন কৰিছে।কেতিয়াবা চিনাকী খুড়াৰুপে,ওচৰ চুৰুৰীয়া দাদাকৰ ৰুপত,সম্বন্ধীয় ককায়েকৰ ৰুপত,নাইবা বাটত ,গাড়ীৰ উঠাৰ পাছত ভিৰৰ মাজত, অফিচত কলিগৰ ৰুপত বা ওপৰৱালাৰ ৰুপত সেই দুচকুৱে অহৰহ তাইক খেদি ফুৰে।নে তাইৰেই ভ্ৰম য'তে ত'তে বিভিন্ন ৰুপত সেই দুচকুৰ মুখামুখি হোৱা।নাই ভ্ৰম হ'ব নোৱাৰে তাইৰ।ভ্ৰম বুলি ভাবি তাই নিজক সেই দুচকুৰ মুখামুখি হ'লে চিকুটি চায়।সচাঁ তাই সপোন দেখা নাই সেই দুচকুৰ অৱস্হিতিক লৈ।কেতিয়াবা তাই হতাশ হৈ পৰে।
চিঞৰি চিঞৰি তাইৰ ক'বৰ মন যায়-"এই বিষাক্ত দুচকু লৈ তোমালোক কিয় ঘুৰা। যিয়ে আনৰ জীৱনত ইমান পীড়া দিয়ে। দলিয়াই পেলোৱা ।"সেই বিষাক্ত দুচকু যিয়ে তাইৰদৰে আন দহজনী ছোৱালীকো পুৰি মাৰে।আজিকালি সেই দুচকুৰ প্ৰভাৱ যে বেছি হৈ পৰিছে।যাৰপৰা কনমানি শিশু তথা বৃদ্ধ আইতাগৰাকীও সাৰি যোৱা নাই। সেই কথা টিভি নিউজত,কাগজে-পত্ৰই অহৰহ গম পোৱা যায়।আস পৰাহ'লে তাই সেই দুচকু বহন কৰা লোকৰপৰা কাঢ়ি আনিলেহেতেন।কিন্তু তাই নিৰুপায়। ইচ্ছা ,থাকিলেও তাই যে তেনে কৰিব নোৱাৰে।
কৈশোৰ পাৰ হৈ যৌৱনত ভৰি দিয়াৰ বৰ বেছি দিন হোৱা নাছিল তেতিয়া । এদিন সন্ধ্যা সময়ৰ কথা। তাইৰ মাঁক, দেউতাক, দাদাক, ভায়েক মাজু বৰদেউতাকৰ ঘৰত কুহিয়াৰ শালত কুহিয়াৰ পেৰাত ব্যস্ত। আনদিনা হোৱাহ'লে তাইও তাতেই থাকিলেহেতেন।পিছে বছেৰেকীয়া পৰীক্ষাৰ তাৰিখ ঘোষনা হোৱাত তাই পঢ়াক লৈ ব্যস্ত হ'বলগীয়া হয়। মাক-দেউতাকহঁতে তাইক পঢ়িবলৈ কৈ কুহিয়াৰ পেৰাত লাগিল।
মূল দুৱাৰখনত খিলি লগাই তাই পঢ়াত ব্যস্ত। তেনেতে দুৱাৰত টুকৰ পৰিল। ককায়েকৰ নাম ধৰি মাতা সেই আৱাজ তাইৰ নিচেই চিনাকী। ককায়েকৰ বন্ধু বসন্তদাদাক আহিছে। অকলে থাকিবলগীয়া হোৱাত তাইৰ অলপ অলপ ভয় লাগি আছিলেই। বসন্তদাদাক তাই ককায়েকৰ ময্যাদা দিয়ে।বসন্তদাদাকেও তাইক ভনীয়েকৰ দৰে মৰম চেনেহ কৰে। মাকহঁতে বসন্তদাদাক আহিলে তাইক অকলে এৰি যাবপৰাকৈ বিশ্বাস কৰে।
দুৱাৰখন খুলি দি তাই হাহি মাৰি ক'লে-"বসন্তদা,আপুনি আহি বৰ ভাল কৰিলে।মই অকলে আছো।ভয় লাগি আছিল।এতিয়া আৰু ভয় নাই। আপুনি যি কৰে কৰক,মই পঢ়োগৈ।চাহ খাই যদি ক'ব।"
" হ'ব দে,তই পঢ়গৈ।মই তোৰ ককায়েৰৰ বিচনাতে অলপ শুওঁ।" বসন্তদাদাৰ আশ্বাসবাণী শুনি তাই পুনৰ পঢ়াত মন দিলে।
মাকহঁতৰ কামখিনি শেষ কৰি আহিবলৈ আৰু ৩/৪ ঘন্টা লাগিব। পঢ়াত তাই ইমান মগ্ন হৈ আছিল যে সময় কিমান হ'ল তাইৰ খবৰেই নাই।
তেনেতে তাইৰ অনুভৱ হ'ল তাইক পাছফালৰপৰা বিষাক্তসাপৰদৰে যেন কোনোবাই মেৰিয়াই ধৰিছে।কাণৰ কাষত সাপৰদৰে ফুচফুচনিৰে কোনোবাই যেন কৈছে "তোক মই খুব ভাল পাওঁ অ'।বিষাক্ত সাপৰ মুখৰদৰে সিও তাৰ মুখখন তাইৰ গালত লগাই সো গালত তাৰ চুমাৰ পৰশ তাই একো বুজি পোৱাৰদৰে আগতেই আকিঁ দিলে। ছিঃ বিষাক্ত সাপডালে যেন তাৰ বিষ থকা জিভাখনৰে চেলেকি থৈ গ'ল।আৰু যেন সাপডালে এগাল বিষ এৰি দিলে তাইৰ গালে-মুখে।
এই আকস্মিক ঘটনাৰ অথ বুজি উঠিবলৈ অলপ সময় লাগিল তাইৰ। বুজি উঠাৰ পাছত তাই সঃশব্দে বসন্তদাদাক বাধা দি চিঞৰি উঠিল সমস্ত খং একত্ৰিত কৰি।
" এইয়া কি কৰিছে আপুনি?কি বুলি ভাবিছে আপুনি মোক?আপুনিক মোক এনে বৱ্যহাৰ কৰিব বুলি সপোনৰো অগোচৰ আছিল মোৰ।দাদাৰদৰে আপোনাক ভাবিছিলো অথচ আপুনি ইমান নীচ বুলি ভৱা নাছিলো।এতিয়াই ঘৰৰপৰা ওলাই যাওঁক।দাদাহতঁক মাতি অনাৰ আগতেই "।
"মোক ক্ষমা কৰি দে ,মোৰ ভুল হ'ল।মই আৰু কেতিয়াও তোক এনে কৰো।"বসন্তদাদাকৰ অপৰাধীৰদৰে কোৱা কথাবোৰে তাইৰ খং আৰু বঢ়ালেহে।
"এতিয়াই ওলাই যাওঁক,দাদাহতক নোকোৱাৰ আগতেই।"বসন্তদাদাক গুছি গৈছিল তাইৰ মনত হাজাৰ আৱতৰীয়া ধুমুহাৰ সৃষ্টি কৰি।বসন্তদাদাকৰ দুচকুত সেই চকুহালৰ জিলিঙণি দেখিছিল সেইদিনা।
ৰাতি মাকঁক সাৱটি ধৰি কৈছিল-"আজিৰপৰা আৰু মই ঘৰত অকলে নেথাকো।"বসন্তদাদাকে তাইক কৰা সেই ব্যৱহাৰ মাকঁৰ আগত কান্দি কাটি কৈছিল।মাকেঁ মৰমেৰে তাইৰ চুলিত হাত বুলাই কৈছিল-"সাৱধানে হ'বৰ হ'ল দেহা।য'তে ত'তে এতিয়া তই তেনে মানুহেই পাবি"। বসন্তদাদাকৰ ছাঁটোও আৰু ভৱিষ্যতে সিহঁতৰ ঘৰত দেখা পোৱা নাছিল। মাকেঁ কোৱা সেইকথা পৰৱত্তী দিনত তাই বহুবাৰ প্ৰমাণ পাইছিল।এযোৰ আদিম কামনা-বাসনাৰে সিক্ত চকু যিয়ে এটা ফুলকুমলীয়া কলিক নিমিষতে সাৰখাৰ কৰি দিব পাৰে।

জন-প্ৰতিনিধিৰ মন

জন-প্ৰতিনিধিৰ মন
চাৰিওফালে এক খেলিমেলি পৰিৱেশ তথা বাতাৱৰন।সকলোৱে যেন নিমিলা অংক মিলোৱাত ব্যস্ত। অংক নিমিলিলে যেন সৱতে লোকচান। আৰু জানি বুজি কেনেকৈ লোকচান হ'বলৈ দিব পাৰি?দৰকাৰ হ'লে নিজৰ আত্মসন্মান বন্ধকত দি হ'লেও নিমিলা অংক মিলাব লাগিব।সদায় সুবিধা পোৱা নেযায় । আৰু পোৱা সুবিধা এৰি দিয়াটো আজিৰ যুগত মূখামিৰ বাহিৰে আন একো নহয়। গতিকে মই সেই সুবিধা কিয় এৰি দিম?কিমান যে চেষ্টাৰ মুৰত,কষ্টৰ মুৰত এই সুবিধা পাইছো। আনে কি বুজি পাব! যি এনে সুবিধা পাব সিহে ইয়াৰ মুল বুজি পাব,আনে ক'ত বুজি পাব?আৰু মই আনক বুজাব,বা ক'ব কিয় যাম?মোৰ জীৱন,মোৰ কথা।
এই জীৱনটোক আজিৰ পজিছনলৈ আহিবলৈ মই কিমান কম্প'মাইজ কৰিবলগীয়া হৈছে,সেয়া মইহে জানো।ৰাইজৰ প্ৰতিনিধি হ'লো বুলি ৰাইজৰ প্ৰত্যেকটো কথা মানি চলিব লাগিব সেয়া কথা হ'ল নেকি?আজিৰ এই পজিছন পাবৰ বাবে সেই ৰাইজৰ ভৰিত কিমান ধৰিবলগীয়া হৈছিল,সেয়া মই পাহৰি গৈছো নেকি?নাই যোৱা। কিমানবাৰ ঘৰে ঘৰে গৈ হাতজুৰি বহুমুলীয়া ভোটটি দিবৰ বাবে অনুৰোধ কৰিবলগীয়া হৈছিল।তেওঁলোকৰ কিমান ফৰমাইচ পুৰাবলগীয়া হৈছিল বা হৈছে সেয়া মই বা মোৰদৰে প্ৰতিনিধিয়েহে জানে।কিমান টকাৰ শৰাধ এটা ভোটৰ বাবে কৰিবলগীয়া হৈছিল,সেইয়া মইহে জানো। সুতা,কম্বল,সুৰাৰ বটল আদি যে তেওঁলোকক যে দিওঁ ইলেকচনৰ আগতে সেইবোৰ মই ক'ৰপৰা পাওঁ ,তেওঁলোকে এবাৰ ভাবিছেনে?মইতো সোনৰ চৰু লৈ জনম লোৱা নাই। তাৰবাবে তেওঁলোকৰ দুই এটকা হৰলুকি কৰিবই লাগিব।ইলেকচনৰ আগত যি দিলো দিলো ইলেকচনৰ পাছততো আৰু কামোৰ।মন্ত্ৰীত্বৰ বাব পালেতো কথাই নাই। আমুকক চাকৰি লাগে,মনপচন্দৰ ঠাইলৈ বদলি লাগে আদি বিভিন্ন ফৰমাইচ।
ৰাতিপুৱা শুই উঠাৰ আগতেই ঘৰৰ় আগত বিভিন্ন অভাৱ অভিযোগ লৈ সকলো হাজিৰ। হেৰ'তহঁতি নিবাচিত কৰি দিলি বুলিয়েই সৱ কামেই মই কৰিব পাৰিম বুলি কিয় ভাৱ?ৰাইজৰ প্ৰতিনিধি হ'লো বুলিয়েই মোৰ নিজৰতো লাইফ এটা আছে,সেইকথা কিয় নেভাৱে?নিজৰ ঘৈনীজনীক,ল'ৰা ছোৱালীহালক যদি অলপ সময় দিব পাৰিলোহেতেন।সিহঁতৰ সদায়েই অভিযোগ।যদি সিহঁতক লৈ ক'ৰবালৈ অলপ ওলায়ো যাওঁ,নিউজ চেনেল,বুদ্ধিজীৱী ,সাধাৰন নাগৰিক সকলোৰে বিভিন্ন অভিযোগ।দেশৰ,দহৰ কথা বাদ দি মই হেনো সংসাৰৰ কথাতহে বেছি মন-কাণ দিওঁ।অনবৰত ঘৈনী,ল'ৰা-ছোৱালীৰ কথা চিন্তা কৰি থাকিবলৈ হেনো তেওঁলোকে মোক নিবাচন কৰা নাই। ধুৰ ,ইমানবোৰ অভিযোগ সহি থাকিব পাৰি নেকি?মই পৰিয়ালটোৰ কথা আগত নেভাবি ৰাইজৰ কথাক বাৰু কেনেকৈ বেছি অগ্ৰাধিকাৰ দিওঁ?সুখে-দুখে মোৰ ফেমেলিটোৱেহে মোক লগ দিব। কাইলৈ নিবাচনত হাৰিলে এই নাগৰিকসকলেও মোৰ লগ এৰিব।তেনেস্হলত আপুনিয়ে কওঁকচোন মই মোৰ পৰিয়ালটোৰ বতমান,ভবিষ্যতৰ কথা কিয় চিন্তা নকৰিম?সিহঁতৰ ভবিষ্যতৰ নিৰাপত্তাৰ কথা ভাবি দুই এটকা সচাটো মোৰ ভুল ক'ত?আপুনিও জানো তাকে নকৰিব?
কোনটো দলেনো নিবাচনৰ আগতে দিয়া প্ৰতিশ্ৰুতি ৰাখিছে,ক'ব পাৰিবনে?তেনেহ'লে মই কিয় ৰাখিব লাগেহে?মই যেনিবা এটা দল এৰি আন দল এটাত যোগ দিলোৱেই,সৱ চকুচৰহাৰ কেৱল তাতহে চকু। মই এনে চকুলৈ কেয়াৰ নকৰো।ইমান কম ধতুৱা বুলি মোক ভাবিছে নেকি?ৰাস্তা-ঘাট বেয়া হ'ল বুলিয়েই ,বানপানী হ'ল বুলিয়েই,বস্তুৰ মূল্য বৃদ্ধি হ'ল বুলিয়েই ,গড়কেইটা চোৰাং-চিকাৰীৰ হাতত মৰিল বুলিয়েই আদি বিভিন্ন কাৰনত অনবৰত আমাৰদৰে জনপ্ৰতিনিধিক দোষ দি থাকিলেই হ'লনে?এইবোৰত দূণীতি কৰা মানুহবোৰ আপোনালোকৰে মাজতে আছে,সেইকথা আপোনালোকৰ অজনা নহয়। আহকচোন আপোনালোকৰ মাজৰে কোনোবা এজন,পাৰে যদি সমস্যাবোৰ সমাধান কৰক,তেতিয়া দেখিম?১০০% গেৰান্টি দি ক'ব পাৰো কোনেও নোৱাৰে। গতিকে মোৰদৰে জনপ্ৰতিনিধিৰ ওপৰত অনবৰত দোষ জাপি দি লাভ নাই।নহ'লে বিভিন্ন দলৰ আপোনালোকৰদ্বাৰা নিবাচিত হৈ অহাৰ পাছত সৱৰে একে গতি কিয় হয়,ক'ব পাৰিবনে?গতিকে ৰাইজ,প্ৰথমে আপোনালোকে নিজক ঠিক কৰক,তাৰপাছতেহে আমাৰদৰে জনপ্ৰতিনিধিৰ কাম-কাজত চকু দিব।

পাৰ কৰা ৰঘুনাথ ১)

পাৰ কৰা ৰঘুনাথ ১)
ঘৰখনত মই আৰু মোৰ পত্নী ৰুমা।ভাই দুটা কেতিয়াবাই বেলেগ হ'ল। একমাত্ৰ ল'ৰাটো চাকৰিসুত্ৰে দুৰত থাকে। অৱশ্যে সপ্তাহে,মাহেকে বন্ধত ঘৰলৈ আহি থাকে। ইফালে পুৱা-গধুলি ফোনৰ জৰিয়তে খা-খবৰ লৈয়ে থাকে।ছোৱালীকেইজনী উপযুক্ত সময় তেই বিয়া দি উলিয়াই দিলো।সিহঁতৰ সুখৰ সংসাৰ। সিহঁতো মাজে মধ্যে আহি থাকে। মৃত্যুৰ আগতে তাৰো ঘৰখন পাতি দিব পাৰিলে মোৰ আত্মাই শান্তি পাব।
দিনে দিনে মোৰ দেহাটোৱে বৰ দিকদাৰ দিয়া হৈছে। অৱসৰ লোৱাৰ পাছৰেপৰা মোৰ শৰীৰটোৱে বিভিন্ন আসোৱাহ দেখুৱাব ল'লে। মাজু ছোৱালীজনীৰ বিয়াৰ সময়ত তাইৰ বিয়াত অলপ সমস্যা হোৱাত মোৰ মাইনৰ প্ৰেছাৰ ষ্টক হৈছিল। সেইসময়ত এই ষ্টকৰ কথা মোৰ অজানিতে হৈছিল।গমেই নেপালো। তাৰ তিনি চাৰি বছৰৰ পিছত হঠাতে এদিন অচেতন হৈ পৰিলো। নাছিংহোমত এডমিট কৰা হ'ল। চাৰি-পাচদিন আই চি ইউত থকাৰ পাছত জীৱটো ঘুৰি আহিল যদিওঁ মোৰ স্মৃতিশক্তি কিছু হ্ৰাস পালে, আৰু ভৰিকেইটালৈও অলপ জঠৰতা ভাৱ আহিল।আগৰদৰে মই উঠি কৰি ফুৰিব নোৱাৰা হ'লো সহজতে। তাতে চুগাৰৰ সমস্যা,ব্লাড প্ৰেছাৰৰ সমস্যা,ডায়েবিটিচ আদি বিভিন্ন বেমাৰে লগ ল'লে।আনৰ ওপৰত বহু পৰিমানে সকলো কামতে নিভৰশীল হ'বলগীয়া হৈ পৰিলো।ইয়ে মোক খুবেই দুখ দিয়ে। কিন্তু কৰিমেইবা কি?ইয়াৰ বাহিৰে যে মোৰ আৰু উপায়ো যে নাই।ডেকাকালত যে বুঢ়া হ'লে মোৰ এনে হ'ব ভৱাই নাছিলো। দেউতাৰ,মাৰ শেষ বয়সৰ দিনবোৰৰ কথা মনত পৰিলে নিজৰে বেয়া লাগে আজিকালি। যিদৰে চোৱা-মেলা কৰিব লাগিছিল মই কৰা নাছিলো।সৰু ভাইটোৱেই সকলো চোৱা-মেলা কৰিছিল। সেইসময়ত ভৱাই নাছিলো মোৰো এদিন তেনে অৱস্হা হ'ব বুলি।অথচ আজি মই নিজে একে অৱস্হাৰেই ভুক্তভোগী। মাঁ-দেউতাক কৰা সেই অৱহেলাৰ বাবে আজি মই খুবেই অনুতপ্ত।জানো মই বহু ভুল কৰিলো মাঁ -দেউতাৰ প্ৰতি। আজি নিজে তেনে পৰিস্হিতিত সন্মুখীন হৈ মাঁ-দেউতাৰ প্ৰতি যে অন্যায় কৰা হ'ল পলে পলে অনুভৱ কৰিছো । তেওঁলোকৰ ফটোৰ আগত ঠিয় হৈ অনুশোচনাৰে দগ্ধ দুচকু লৈ বাৰেপ্ৰতি ক্ষমা বিচাৰিছো।
২)
ঘড়ীটোলৈ চাই আচৰিত হৈ পৰিলো ইমান দেৰি হৈ গ'ল মোক দেখোন আজি দুপৰীয়াৰ ভাতসাজ খাবলৈ দিয়া নাই।ভোক লাগিছেনে নাই পেটটোৰ অনুমানো পোৱা নাই।মই বাৰু দুপৰীয়াৰ সাজ খালোনে নাই। একো উমান নেপাই পত্নীক চিঞৰি সুধিলো- "মোক আজি ভাত খাবলৈ দিয়া নাই যে।"
পত্নীয়ে আচৰিত হৈ ক'লে-"কি কয় আপুনি,দুপৰীয়াৰ সাজ খোৱা আপোনাৰ আধা ঘন্টাই হোৱা নাই। অথচ.. ."
"ওঁ,হয়নেকি, মই আকৌ নাই খোৱা বুলিহে ভাবিছিলো।" সহজভাৱেই পত্নীক উত্তৰ দিলো। পত্নীৰ আগতনো ফাকি মাৰি কি লাভ ?বিয়াৰ পাছৰেপৰাই দুয়োজনে সুখে-দুখে জীৱনটো পাৰ কৰিছো।বুজি উঠিলো তাৰমানে মোৰ স্মৃতিশক্তিয়ে লাহে লাহে লগ এৰিছে। কানদুখনো আজিকালি অলপ অলপ গধুৰ যেন অনুভৱ কৰা হ'লো।
তথাপি শুনিলো আবেলি সময়ত মোৰ পত্নীয়ে বৰ জীয়াৰীক ফোনত কোৱা-"দেউতাই আজিকালি কথাবোৰ পাহৰা হৈছে"। বুকুভেদি এক হুমুনিয়াহ ওলাই আহিল। তাৰপাছত মোৰ এই পাহৰি যোৱা স্বভাৱটোৱে যেতিয়াই তেতিয়াই উঁক দিয়া হ'ল।
টিভিটো অন কৰি মোক টিভি চাবলৈ কৈ ৰুমাই গেটখন বন্ধ কৰিব গৈছিল।
ঘুৰি আহি মোক দেখি তেওঁ জোৰত চিঞৰি উঠিল "এইয়া আপুনি কি কৰিলে?"। তাইৰ চিঞৰ শুনি কি হৈছে ধৰিব নোৱাৰি টাইলচৰ মজিয়াখনলৈ চাওঁতে দেখিলো যে মোৰ মূত্ৰই ফ্ল'ৰখন টিয়াই পেলাইছে।আনকি মই পিন্ধা লুঙীখনো ভিজি গৈছে। তেতিয়াহে মোৰ শৰীৰটোৱে এক তিতাঁ তিতাঁ ভাৱ অনুভৱ কৰিলো। তাৰমানে তাৰমানে মোৰ মগজুৱে অনুভূতিবোৰ লাহে লাহে ত্যাগ কৰিছে। ইয়াতকৈ লাজৰ,দুখৰ কথা আৰু কি হ'ব পাৰে?
দিন আগবঢ়াৰ লগে লগে মোৰ অজানিতে কাপোৰে-কানিয়ে,শুই থকা অৱস্হাতেই মই শৌচ,প্ৰশ্বাৱ কৰা হ'লো।কেতিয়াবা পত্নীয়ে খং কৰি নিজকে কয়-আপোনাৰ এই অৱস্হা দেখাতকৈ মোকে মাৰি নিনিয়ে কিয়?অপমান,অনুশোচনা,গ্লানিত মই দগ্ধ হৈ পৰো।কিন্তু মই কিয়েইবা কৰিব পাৰো? প্ৰতিদিনে মই মৃত্যু কামনা কৰো আজিকালি। বাৰেপ্ৰতি অনুভৱ কৰো পুত্ৰ,পত্নীৰ বাবে যেন মই আজিকালি বোজা হৈ পৰিছো বুলি। তেওঁলোকক কষ্ট দি খুবেই মই কষ্ট পাইছো।
মোৰ বেমাৰৰ খবৰ ল'বলৈ অহা ওচৰ-চুবুৰীয়া,আত্মীয় কুটুম্বৰ দুই এটা কথাই মোৰ বুকুত শেল হৈ বিন্ধে।
"কিবা পাপৰ ফল বুজিছে,নহ'লে ইমান শাস্তি খায়নে? " সম্বন্ধীয় ভাই বোৱাৰীজনীৰ কথা শুনি থৰ লাগিলো।
ওচৰৰ নবৌজনীয়ে আৰু এখাপ ওপৰলৈ গৈ ক'লে-"মাকঁ-দেউতাকহালক যি কষ্ট দি মাৰিলে,ক'ত সোনকালে মৰিব!পাপৰ শাস্তি ইয়াতে ভুন্জিব?" আদি।
কানদুখন দুইহাতেৰে ঢাকি ধৰো। আস নেদেখাজনক খাটো মোক সম্পূণৰুপে নুশুনা কৰি দিবলৈ। অন্তঃত এনে বিষ যেন শব্দৰ প্ৰকোপৰপৰা যেন মই মুক্তি পাওঁ।
মৃত্যুৰ চিন্তাই আজিকালি মোক অহৰহ খেদি ফুৰে। এনেকৈ আধা মৰা আধা জীয়া হৈ জীয়াই থকাতকৈ মৃত্যুৰ কোলাত আশ্ৰয় লোৱাই শ্ৰেয়।পুত্ৰ,কন্যা,পত্নীৰ দিনে দিনে মোৰপ্ৰতি বাঢ়ি অহা নিস্পৃহ স্বভাৱটোৱে মোক জীৱন্তে মৃত্যু দিছে। আনৰ কথা নক'লোৱেইবা। অৱশ্যে তাৰ মাজতো পত্নীয়ে যথাসাধ্যে শুশ্ৰষা কৰিছে। কৰিছে পুত্ৰৱেও। দিনে দিনে মোৰ মৃত্যুকামনা বাঢ়ি আহিছে। সকলোৰে পৰা মোক মুক্তি লাগে। চকুৰ আগত আৰু চাই থাকিব নোৱাৰা হৈছো। সচাঁকৈয়ে মানুহে কোৱাৰদৰে মই পাপ কৰিলোনে যে মোৰ মৃত্যু ইমান নিমম হৈছে?ওচৰৰ আনসকল দেখোন বিশেষ কষ্ট নোপোৱাকৈয়ে মৃত্যুক সাৱটি লৈছে।মইহে আজি দুই তিনিবছৰ এনেকৈ আছো।
পত্নীৰ দুচকুলৈ চাবলৈ মই সাহস হেৰুৱাই পেলাইছো। মোৰ অৱস্হা দেখি তেওঁ মোক সান্তনা দিয়ে-"দুখ নকৰিব,ভাল হৈ যাব আপুনি।"মই জানো এইয়া মিছা সান্তনা।মোৰ সুস্হ হোৱাৰ আশা নাই।মোৰ লগত অহৰহ লাগি থাকোতে মানুহজনীও বেমাৰী যেন হৈ পৰিছে। ল'ৰাটোৰ বিয়াখনহে থাকি গ'ল।তাৰ বিয়াখন পাতি যাব পৰা হ'লে শান্তি পালোহেতেঁন।মাঁক,বায়েকহঁত,খুৰাকহঁত আছে পাতিব।বিচনাখনত পত্নীয়ে ৰাতিৰ সাজ খুৱাই শোৱাই দিলে।হঠাতে মোৰ অনুভৱ হ'ল মোৰ যেন জীৱনটোৰ প্ৰতি মায়া নোহোৱা হৈ গৈছে এনেদৰে ভৱাৰ লগে লগে। দুচকু জপাই দিলো। মুখৰপৰা আপোনা-আপোনি ওলাই আহিল-"পাৰ কৰা ৰঘুনাথ,......"
LikeShow more rea