Thursday, July 21, 2016

পাৰ কৰা ৰঘুনাথ ১)

পাৰ কৰা ৰঘুনাথ ১)
ঘৰখনত মই আৰু মোৰ পত্নী ৰুমা।ভাই দুটা কেতিয়াবাই বেলেগ হ'ল। একমাত্ৰ ল'ৰাটো চাকৰিসুত্ৰে দুৰত থাকে। অৱশ্যে সপ্তাহে,মাহেকে বন্ধত ঘৰলৈ আহি থাকে। ইফালে পুৱা-গধুলি ফোনৰ জৰিয়তে খা-খবৰ লৈয়ে থাকে।ছোৱালীকেইজনী উপযুক্ত সময় তেই বিয়া দি উলিয়াই দিলো।সিহঁতৰ সুখৰ সংসাৰ। সিহঁতো মাজে মধ্যে আহি থাকে। মৃত্যুৰ আগতে তাৰো ঘৰখন পাতি দিব পাৰিলে মোৰ আত্মাই শান্তি পাব।
দিনে দিনে মোৰ দেহাটোৱে বৰ দিকদাৰ দিয়া হৈছে। অৱসৰ লোৱাৰ পাছৰেপৰা মোৰ শৰীৰটোৱে বিভিন্ন আসোৱাহ দেখুৱাব ল'লে। মাজু ছোৱালীজনীৰ বিয়াৰ সময়ত তাইৰ বিয়াত অলপ সমস্যা হোৱাত মোৰ মাইনৰ প্ৰেছাৰ ষ্টক হৈছিল। সেইসময়ত এই ষ্টকৰ কথা মোৰ অজানিতে হৈছিল।গমেই নেপালো। তাৰ তিনি চাৰি বছৰৰ পিছত হঠাতে এদিন অচেতন হৈ পৰিলো। নাছিংহোমত এডমিট কৰা হ'ল। চাৰি-পাচদিন আই চি ইউত থকাৰ পাছত জীৱটো ঘুৰি আহিল যদিওঁ মোৰ স্মৃতিশক্তি কিছু হ্ৰাস পালে, আৰু ভৰিকেইটালৈও অলপ জঠৰতা ভাৱ আহিল।আগৰদৰে মই উঠি কৰি ফুৰিব নোৱাৰা হ'লো সহজতে। তাতে চুগাৰৰ সমস্যা,ব্লাড প্ৰেছাৰৰ সমস্যা,ডায়েবিটিচ আদি বিভিন্ন বেমাৰে লগ ল'লে।আনৰ ওপৰত বহু পৰিমানে সকলো কামতে নিভৰশীল হ'বলগীয়া হৈ পৰিলো।ইয়ে মোক খুবেই দুখ দিয়ে। কিন্তু কৰিমেইবা কি?ইয়াৰ বাহিৰে যে মোৰ আৰু উপায়ো যে নাই।ডেকাকালত যে বুঢ়া হ'লে মোৰ এনে হ'ব ভৱাই নাছিলো। দেউতাৰ,মাৰ শেষ বয়সৰ দিনবোৰৰ কথা মনত পৰিলে নিজৰে বেয়া লাগে আজিকালি। যিদৰে চোৱা-মেলা কৰিব লাগিছিল মই কৰা নাছিলো।সৰু ভাইটোৱেই সকলো চোৱা-মেলা কৰিছিল। সেইসময়ত ভৱাই নাছিলো মোৰো এদিন তেনে অৱস্হা হ'ব বুলি।অথচ আজি মই নিজে একে অৱস্হাৰেই ভুক্তভোগী। মাঁ-দেউতাক কৰা সেই অৱহেলাৰ বাবে আজি মই খুবেই অনুতপ্ত।জানো মই বহু ভুল কৰিলো মাঁ -দেউতাৰ প্ৰতি। আজি নিজে তেনে পৰিস্হিতিত সন্মুখীন হৈ মাঁ-দেউতাৰ প্ৰতি যে অন্যায় কৰা হ'ল পলে পলে অনুভৱ কৰিছো । তেওঁলোকৰ ফটোৰ আগত ঠিয় হৈ অনুশোচনাৰে দগ্ধ দুচকু লৈ বাৰেপ্ৰতি ক্ষমা বিচাৰিছো।
২)
ঘড়ীটোলৈ চাই আচৰিত হৈ পৰিলো ইমান দেৰি হৈ গ'ল মোক দেখোন আজি দুপৰীয়াৰ ভাতসাজ খাবলৈ দিয়া নাই।ভোক লাগিছেনে নাই পেটটোৰ অনুমানো পোৱা নাই।মই বাৰু দুপৰীয়াৰ সাজ খালোনে নাই। একো উমান নেপাই পত্নীক চিঞৰি সুধিলো- "মোক আজি ভাত খাবলৈ দিয়া নাই যে।"
পত্নীয়ে আচৰিত হৈ ক'লে-"কি কয় আপুনি,দুপৰীয়াৰ সাজ খোৱা আপোনাৰ আধা ঘন্টাই হোৱা নাই। অথচ.. ."
"ওঁ,হয়নেকি, মই আকৌ নাই খোৱা বুলিহে ভাবিছিলো।" সহজভাৱেই পত্নীক উত্তৰ দিলো। পত্নীৰ আগতনো ফাকি মাৰি কি লাভ ?বিয়াৰ পাছৰেপৰাই দুয়োজনে সুখে-দুখে জীৱনটো পাৰ কৰিছো।বুজি উঠিলো তাৰমানে মোৰ স্মৃতিশক্তিয়ে লাহে লাহে লগ এৰিছে। কানদুখনো আজিকালি অলপ অলপ গধুৰ যেন অনুভৱ কৰা হ'লো।
তথাপি শুনিলো আবেলি সময়ত মোৰ পত্নীয়ে বৰ জীয়াৰীক ফোনত কোৱা-"দেউতাই আজিকালি কথাবোৰ পাহৰা হৈছে"। বুকুভেদি এক হুমুনিয়াহ ওলাই আহিল। তাৰপাছত মোৰ এই পাহৰি যোৱা স্বভাৱটোৱে যেতিয়াই তেতিয়াই উঁক দিয়া হ'ল।
টিভিটো অন কৰি মোক টিভি চাবলৈ কৈ ৰুমাই গেটখন বন্ধ কৰিব গৈছিল।
ঘুৰি আহি মোক দেখি তেওঁ জোৰত চিঞৰি উঠিল "এইয়া আপুনি কি কৰিলে?"। তাইৰ চিঞৰ শুনি কি হৈছে ধৰিব নোৱাৰি টাইলচৰ মজিয়াখনলৈ চাওঁতে দেখিলো যে মোৰ মূত্ৰই ফ্ল'ৰখন টিয়াই পেলাইছে।আনকি মই পিন্ধা লুঙীখনো ভিজি গৈছে। তেতিয়াহে মোৰ শৰীৰটোৱে এক তিতাঁ তিতাঁ ভাৱ অনুভৱ কৰিলো। তাৰমানে তাৰমানে মোৰ মগজুৱে অনুভূতিবোৰ লাহে লাহে ত্যাগ কৰিছে। ইয়াতকৈ লাজৰ,দুখৰ কথা আৰু কি হ'ব পাৰে?
দিন আগবঢ়াৰ লগে লগে মোৰ অজানিতে কাপোৰে-কানিয়ে,শুই থকা অৱস্হাতেই মই শৌচ,প্ৰশ্বাৱ কৰা হ'লো।কেতিয়াবা পত্নীয়ে খং কৰি নিজকে কয়-আপোনাৰ এই অৱস্হা দেখাতকৈ মোকে মাৰি নিনিয়ে কিয়?অপমান,অনুশোচনা,গ্লানিত মই দগ্ধ হৈ পৰো।কিন্তু মই কিয়েইবা কৰিব পাৰো? প্ৰতিদিনে মই মৃত্যু কামনা কৰো আজিকালি। বাৰেপ্ৰতি অনুভৱ কৰো পুত্ৰ,পত্নীৰ বাবে যেন মই আজিকালি বোজা হৈ পৰিছো বুলি। তেওঁলোকক কষ্ট দি খুবেই মই কষ্ট পাইছো।
মোৰ বেমাৰৰ খবৰ ল'বলৈ অহা ওচৰ-চুবুৰীয়া,আত্মীয় কুটুম্বৰ দুই এটা কথাই মোৰ বুকুত শেল হৈ বিন্ধে।
"কিবা পাপৰ ফল বুজিছে,নহ'লে ইমান শাস্তি খায়নে? " সম্বন্ধীয় ভাই বোৱাৰীজনীৰ কথা শুনি থৰ লাগিলো।
ওচৰৰ নবৌজনীয়ে আৰু এখাপ ওপৰলৈ গৈ ক'লে-"মাকঁ-দেউতাকহালক যি কষ্ট দি মাৰিলে,ক'ত সোনকালে মৰিব!পাপৰ শাস্তি ইয়াতে ভুন্জিব?" আদি।
কানদুখন দুইহাতেৰে ঢাকি ধৰো। আস নেদেখাজনক খাটো মোক সম্পূণৰুপে নুশুনা কৰি দিবলৈ। অন্তঃত এনে বিষ যেন শব্দৰ প্ৰকোপৰপৰা যেন মই মুক্তি পাওঁ।
মৃত্যুৰ চিন্তাই আজিকালি মোক অহৰহ খেদি ফুৰে। এনেকৈ আধা মৰা আধা জীয়া হৈ জীয়াই থকাতকৈ মৃত্যুৰ কোলাত আশ্ৰয় লোৱাই শ্ৰেয়।পুত্ৰ,কন্যা,পত্নীৰ দিনে দিনে মোৰপ্ৰতি বাঢ়ি অহা নিস্পৃহ স্বভাৱটোৱে মোক জীৱন্তে মৃত্যু দিছে। আনৰ কথা নক'লোৱেইবা। অৱশ্যে তাৰ মাজতো পত্নীয়ে যথাসাধ্যে শুশ্ৰষা কৰিছে। কৰিছে পুত্ৰৱেও। দিনে দিনে মোৰ মৃত্যুকামনা বাঢ়ি আহিছে। সকলোৰে পৰা মোক মুক্তি লাগে। চকুৰ আগত আৰু চাই থাকিব নোৱাৰা হৈছো। সচাঁকৈয়ে মানুহে কোৱাৰদৰে মই পাপ কৰিলোনে যে মোৰ মৃত্যু ইমান নিমম হৈছে?ওচৰৰ আনসকল দেখোন বিশেষ কষ্ট নোপোৱাকৈয়ে মৃত্যুক সাৱটি লৈছে।মইহে আজি দুই তিনিবছৰ এনেকৈ আছো।
পত্নীৰ দুচকুলৈ চাবলৈ মই সাহস হেৰুৱাই পেলাইছো। মোৰ অৱস্হা দেখি তেওঁ মোক সান্তনা দিয়ে-"দুখ নকৰিব,ভাল হৈ যাব আপুনি।"মই জানো এইয়া মিছা সান্তনা।মোৰ সুস্হ হোৱাৰ আশা নাই।মোৰ লগত অহৰহ লাগি থাকোতে মানুহজনীও বেমাৰী যেন হৈ পৰিছে। ল'ৰাটোৰ বিয়াখনহে থাকি গ'ল।তাৰ বিয়াখন পাতি যাব পৰা হ'লে শান্তি পালোহেতেঁন।মাঁক,বায়েকহঁত,খুৰাকহঁত আছে পাতিব।বিচনাখনত পত্নীয়ে ৰাতিৰ সাজ খুৱাই শোৱাই দিলে।হঠাতে মোৰ অনুভৱ হ'ল মোৰ যেন জীৱনটোৰ প্ৰতি মায়া নোহোৱা হৈ গৈছে এনেদৰে ভৱাৰ লগে লগে। দুচকু জপাই দিলো। মুখৰপৰা আপোনা-আপোনি ওলাই আহিল-"পাৰ কৰা ৰঘুনাথ,......"
LikeShow more rea

No comments: