Thursday, July 21, 2016

আমি অলপ সচেতন হ'ব নোৱাৰোনে?

আমি অলপ সচেতন হ'ব নোৱাৰোনে?
১)
বান্ধৱীয়ে ক'লে- “বলা, দেওবাৰে চাইবাবাৰ মন্দিৰৰপৰা আহো।“
বহুতদিন লগ পোৱা নাছিলো। ফোনতেই খা-খবৰ লোৱা হয়। মইও যাম বুলি কথা দিলো। চাকৰিৰ ব্যস্ততাৰ মাজত সময় উলিয়াই অলপ ওলাই গৈ মই ভালেই পাওঁ। নিদিষ্ট দিন অহাত দুয়ো ওলাই গলো আগতেই ঠিক কৰি থোৱা চাইবাবাৰ মন্দিৰলৈ ।চৌদ্ধমাইলত অৱস্হিত মন্দিৰটোত সোমাই যোৱাৰ লগে লগে মনটো সচাঁই ভাল লাগি গ'ল। মন্দিৰৰ বিষয়ববীয়াই সুন্দৰকৈ মন্দিৰটো ৰাখিছে। মন্দিৰৰ চৌপাশৰ পৰিৱেশ, পৰিস্কাৰ পৰিচ্ছন্নতাই অন্তৰ চুই গ'ল। ভক্তৰ লানি নিচিগা সোতঁ। অহা আহিছে যোৱা গৈছে। কিন্তু বিশৃংখলতাৰ নামমাত্ৰ চিন নাই। আগতে মই যোৱা নাছিলো এই মন্দিৰলৈ। সময় সুযোগ সুবিধা পালে মই নামঘৰ, মন্দিৰ, গীজা, মচজিদ আদি সকলোলৈকে যাওঁ। হিন্দু ধৰ্মৰ মানুহ হ'লেও মোৰমতে ভগৱান এজনেই। ধৰ্মৰ নাম লৈ বিভিন্ন লোকে বিভিন্ন নাম দিছে। অৱশ্যে ভগৱান আছেনে নাই মই তাতো নিশ্চিত নহয়। কিন্তু কিবা এটা শক্তি যে আছে তাকেহে বিশ্বাস কৰো। যাৰবাবে আমি আজিও ভাল কি বেয়া কি, ন্যায় অন্যায়ৰ সীমাৰেখাডাল অনুভৱ কৰিব পাৰো। মই নামঘৰ, মন্দিৰ গ'লে যিদৰে সেৱা লওঁ, মচজিদ গ'লেও লওঁ, একেদৰে গীৰ্জা গ'লেও কৰো। কেতিয়াও কাৰো ধৰ্ম ঘৃণা কৰি পোৱা নাই। নিদিষ্ট কৰি থোৱা ঠাইত চাকি, ধূঁপ আদি জ্বলালো। পিছে এটা কথা দেখি বৰ বেয়া লাগিল ইমান সুন্দৰকৈ ৰখা মন্দিৰটো কিছুমান ভক্তই চাকি জ্বলোৱা মিঠাতেলৰ পেকেট, ধুপৰ পেকেট য'ত ত'ত পেলাই লেতেৰা কৰি থৈ গৈছে। অথচ সেইবোৰ পেলাবৰ বাবে ডাষ্টবিন দি থোৱা আছে। ভগৱানৰ মন্দিৰলৈ আহি মন্দিৰটোৱেই যদি লেতেৰা কৰি থৈ যোৱা যায় ভগৱান জানো সন্তোষ হ'ব? এইয়া অকল চাইবাবাৰ মন্দিৰতেই নহয়, আন বহু মন্দিৰ, নামঘৰ আদিতো দেখিছো।সচাঁকৈয়ে আমাৰ মাজৰ কিছু লোক কিয় বাৰু এই বিষয়ত সচেতন নহয়? নামঘৰ, মন্দিৰ আদিলৈ গৈ আমি বাৰু এই কথাবোৰত কিয় গুৰুত্ব নিদিওঁ? অকল নামঘৰ, মন্দিৰ আদিয়েই নহয় ৰাজহুৱা বিনোদন স্হান, পিকনিক খাবলৈ গৈ পিকনিক খোৱা ঠাইটুকুৰা আদিবোৰ লেতেৰা কৰি থৈ অহাটো কিছুমানৰ অভ্যাসত পৰিনত হৈছে।
২)
মাঁ আহিছিল। মাঁক লৈ এদিন শংকৰদেৱ কলা ক্ষেত্ৰলৈ ওলাই গ'লো। কলা ক্ষেত্ৰলৈ গ'লে মই সাধাৰনতে মাছ থকা ফিচাৰিটোৰ পাৰত থকা চকীত বহো কিছুসময়।দু- হাতত লৈ যাওঁ মাছক দিবৰ বাবে অলপমান দানা। পানীলৈ চটিয়াই দিয়াৰ পাছত বিভিন্ন ধৰনৰ মাছবিলাকে দানাবোৰ খাবলৈ কৰা ল'ৰা-ঢাপৰা দেখি মনটো তৃপ্তিৰে ভৰি পৰে। এইবাৰো ফিচাৰীটোৰ পাৰত থকা চকীত বহি পৰিলো। অলপ আতঁৰত থকা চকীখনত পৰিয়াল এটা বহি আছিল। লগত দহবছৰৰ তলৰ এহাল ল'ৰা-ছোৱালী। হাতত থকা চিপছৰ পেকেটৰপৰা চিপছৰ টুকুৰাবোৰ উলিয়াই লৈ পানীত থকা মাছৰ মাজলৈ দলিয়াই দিছে। বিভিন্ন ধৰনৰ মাছবোৰৰ চিপছৰ টুকুৰাবোৰ খাবলৈ কৰা লৰা-ঢপৰাবোৰ দেখি ল'ৰা-ছোৱালীহাল স্ফূৰ্তিত চিঞৰি উঠিছে। তাক দেখি তাত থকা সকলোৰে মনবোৰ ভাল লাগিল। পিছে তাৰপিছতে খালী হোৱা চিপছৰ পেকেটবিলাক পানীলৈকে দলিয়াই দিবলৈ ল'লে। মাঁক-দেউতাকে তথা আন কোনেও বাধা দিয়া দেখা নগ'ল। অথচ তেওঁলোক বহি থকাৰ অলপ পাছতে এটা ডাষ্টবিন আছিল ।
পানীলৈ চিপছৰ পেকেটকেইটা পেলাবলৈ লওঁতেই মই বাধা দি উঠিলো-“পানীত নেপেলাবা তোমালোকে। ডাষ্টবিনত পেলোৱা।“ তেওঁলোকে পানীত নেপেলালেও ডাষ্টবিনত নেপেলালে। বহা ঠাইতে পেলাই অলপ পাছত তেওঁলোক উঠি গ'ল। হয়তো তেওঁলোকৰ আত্মসন্মানত লাগিছিল। কিন্তু দেখোতে তেওঁলোকক শিক্ষিত যেনেই লাগিল। মই আচলতে তেওঁলোকক এই কথা সোঁৱৰাবই নেলাগে। তেওঁলোকেও জানে যে মাছ থকা ফিছাৰিটোলৈ চিপছৰ পলিথিনৰ পেকেটবোৰ দলিয়াব নেলাগে। সেইবিলাক মাছৰ বাবে স্বাস্হ্যকৰ নহয়। ইতিমধ্যে ফিছাৰিটোত দুই এটা চিপছৰ খালী পেকেট উপঙি আছিল। আৰু হয়তো সেইবোৰো এনেধৰনৰ লোকসকলেই পেলাই থৈ গৈছে।
৩)
এইয়া মাত্ৰ দুটা উদাহৰনহে।এনে বহু উদাহৰন আছে। যাক লিখি থাকিলেও শেষ নহ'ব। এচি থকা লেটেষ্ট মডেলৰ কাৰত উঠি গৈ আছে, হাতত চিপছৰ পেকেট, পানীৰ বটল আদি। খাই শেষ হোৱাৰ পাছত কাৰৰ গ্লাছ খুলি ৰাস্তালৈ দলিয়াই দিয়া বহুতকে দেখিছো। তামোল, পান খাইছে, পিকখিনি ৰাস্তাৰ কাষৰ ৱালত বা কোণ এটাত পিকাই দিছে আৰু পিকথিনিয়ে ৱালত বিভিন্ন ৰুপ লৈছে ।অথচ ৱালখনত লিখাই আছে-ইয়াত পিক নেপেলাব।
ৰাস্তাৰ কাষৰ বিভিন্ন চুকে কোনে কিছু লোকে প্ৰসাৱ কৰি লেতেৰা কৰি থৈ যোৱা অথচ লিখাই আছে -ইয়াত প্ৰসাৱ কৰি লেতেৰা নকৰিব। অলপ দুৰতে এটা ৰাজহুৱা প্ৰসাৱগাৰ আছে।
ৱালবিলাকত বিভিন্ন দেৱাল লিখন লিখিবলৈ মানা কৰা আছে। অথচ তাক উপেক্ষা কৰি ৰাতিৰ আন্ধাৰত বিভিন্ন দল-সংগঠনৰ বিভিন্ন লেখা লিখা হৈয়েই আছে।
স্বচ্ছ ভাৰত অভিযান ইতিমধ্যে ২০১৪ চনৰ পৰাই আৰম্ভ হৈছে। আৰম্ভনিতে যিমান তৎপত্ৰাৰে এই অভিযান আৰম্ভ হৈছিল , এতিয়া যেন সেই অভিযানলৈ শিথিলতা আহি পৰিছে।
নতুন বছৰলৈ আৰু কেইদিনমানহে বাকী। নতুন বছৰৰ আগমনৰ আগে আগে আমাৰ মাজৰ বহুতেই পিকনিক খাব যাওঁ। মদে-মাংসই খাই বৈ বহুতেই ঠাইটুকুৰা লেতেৰা কৰি থৈ অহাৰ কথা বাতৰিকাকত, টিভিৰ বাতৰিত পঢ়িবলৈ, শুনিবলৈ পায়েই থাকো। আমি যদি অলপ সচেতন হৈ ঠাইটুকুৰা চাফ-চিকুন কৰি থৈ আহো। আমি আমাৰ ঘৰখন যিদৰে সকলোধৰনে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখো, ঠিক সেইদৰে আমাৰ চৌপাশৰ পৰিৱেশ, ৰাস্তা-ঘাট, নামঘৰ, মন্দিৰ, মছজিদ, পিকনিক স্পট, পৰ্য্যটক ঠাই আদিও জানো পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব নোৱাৰো জানো? ইয়াৰ বাবে মাত্ৰ আমাৰ অলপ সচেতনতাই জানো দৰকাৰ নহয়? (মনৰ কথা)

No comments: