Tuesday, July 19, 2016

কবি, অকবি আৰু ৰুপালীমৰ অনুভৱ-

কবি, অকবি আৰু ৰুপালীমৰ অনুভৱ-
("নাৰীৰ বুকুৰ খলা-বমা বা ৰজঃস্বলা হোৱাৰ বাটটো বিচাৰি হাবাথুৰি খালেই নহ’ব আধুনিক কবিসকলে৷ নাৰীৰ অন্তৰ্বাস, পেন্টিৰ খবৰ ৰাখিলেই নহয়৷ সেই নাৰীয়েই সময়ত যে তেওঁলোকৰ মাতৃ, ভগ্নী, প্ৰেয়সী, পত্নীৰ মহিমাময়ী ৰুপো প্ৰত্যক্ষ কৰিব লাগিব৷ প্ৰত্যক্ষ কৰিব পাৰিব লাগিব প্ৰয়োজন হ’লে সেই নাৰীয়ে জয়মতী, কনকলতা আদিৰ ৰুপো ল’ব পাৰে ।
ধৰ্ষিতা নাৰীৰ বুকুৰ বেথা কবিতাত বৰ্ণনা কৰিলেই নহ’ব, সময়ত সেই নাৰীৰ ঢাল হৈও ঠিয় দিয়াৰ সাহস বুকুত থাকিব লাগিব এই সকলৰ৷")
(১)
"কবিবোৰক কেনে পাৱ তই?" হাহিঁ মাৰি প্ৰিয়ংকাই ৰুপালীমক সুধিলে৷
"ফুলকবি নে বন্ধাকবি নে ওলকবি? গোটেইকেইটা কবিৰেই চবজি খাই মই ভাল পাওঁ৷" ৰুপালীমৰ কথা শুনি তাই হাহিঁত ফাটি পৰিল৷
ৰুপালীমে অকঁৰাৰদৰে তাইলৈ চাই ৰ’ল৷ কি ভুল কৰিলে তাই? কেৰাহিত তেতিয়া শেহতীয়াকৈ বজাৰত ওলোৱা বন্ধাকবিৰ চবজি বৰালি মাছ দি বনাই আছিল ৰুপালীমে৷ এনে পৰিৱেশত তাই বাৰু আন কি ভাবিব পাৰে?
এক কেজি বন্ধাকবিত ৪০ টকা,আপুনিয়েই ভাবক -কবিৰ বাহিৰে আন ভাবিব পাৰি নেকি? ইফালে কবিৰ চবজি তাইৰ খুবেই প্ৰিয়৷
শাক-পাচলি কিনিবলৈ গৈ বেপাৰীৰ লগত দৰদামক লৈ কথাৰ যিহে কটাকটি হয়৷ চিনাকি কেইটাই আজিকালি কৈয়েই দিয়ে-"বাইদেউ, সেইবিধ পাচলি আপুনি কিনিব নোৱাৰে৷"
বেপাৰীৰ উপলুঙাভৰা মন্তব্য শুনি খঙে চুলিৰ আগ পায়গৈ ৰুপালীমৰ৷ আৰু শেষত খংৰ ভমকত তাই তেওঁলোকে কোৱা দৰতেই শাক-পাচলি কিনি লৈ আহে, দেখায়---- চাঁ তাইও দৰত শাক-পাচলি কিনিব পাৰে৷ আহি খানা বনোৱাৰ লগতেই শাক-পাচলিৰ দাম দিনে দিনে বাঢ়ি যোৱাক লৈ আৰু চৰকাৰে মূল্যবৃদ্ধি হ্ৰাস কৰিব বুলি মিছা সান্তনা দিয়া আদিবোৰৰ বাবে চৰকাৰৰ ওপৰতে খংটো ঝাৰে৷ পিছে তাইৰদৰে সাধাৰন নৰ-মনিচৰ কথা কোনখন চৰকাৰে পাত্তা দিব? বিভিন্ন টোপ দি তেওঁলোকে চৰকাৰ গঠন কৰিব লাগে,কৰিলে, এতিয়া সিহঁতবোৰ তেওঁলোকৰ নিকিনা গোলাম৷ উঠ বুলিলে উঠ,বহ বুলিলে বহি থাক ,পাচঁবছৰলৈ৷
প্ৰিয়ংকা হাহিঁত ফাটি পৰিল ৰুপালীমৰ কথা শুনি৷
"আই ঔ দেহি মোৰ অগ্নিৰানীজনী,তই ইমান খং কৰিব নেলাগে,মই ফুলকবি,বন্ধাকবি বা ওলকবিৰ কথা সোধা নাই৷ সুধিছো কবিতা লিখা কবিবোৰৰ কথা৷ জাননে নীলিম কুমাৰ নামৰ এজন কবিয়ে বোলে কৈ দিছে ২০০ জনহে হেনো অসমত কবি আছে, বাকীবোৰ বোলে অকবি৷"
"হয় নেকি? মোকনো কবিতা পঢ়া কেতিয়াবা দেখিছনে? কবি আৰু কবিতা মোৰবাবে দুয়োটাই এলাৰ্জি৷ আজিকালিৰ কিছু কবিয়ে যিহে টান টান শব্দ কবিতাত ব্যৱহাৰ কৰে, ডিছনেৰীবোৰতো কিজানি বিচাৰি পাবলৈ নাই৷ মগজুৱে ইমান কচৰৎ কৰে কেনেকৈ এটা কবিতাৰ বাবে৷ যাৰ আগ-গুৰি বিচাৰি হাবাথুৰি খাবলগীয়া হয়৷ ধুৰ এনেধৰনৰ কবি আৰু তেওঁলোকৰ কবিতাৰপৰা মই সদায়েই এহাত দুৰত৷"
"সৰুকালত পাঠ্য-পুথিত পঢ়া কবিতাবিলাকেই মোৰ প্ৰিয় আছিল৷ইমান মন চুই যোৱা, পঢ়িলে পঢ়ি থাকিবৰ মন৷ আৰু আজিকালি…
" জোনবাই এ,
বেজি এটা দিয়া,
বেজিনো কেলৈ,
মোনা সিবলৈ…"
"আৰু এক আছিল বুঢ়া-বুঢ়ী,
নাছিল সিহঁতৰ ল’ৰা-লুৰী,…"
"বা অ ফুল,
অ ফুল নুফুল কিয়…"
" লাউ পুলি ল'ৰাই ৰুলো
ৰুলো ল'ৰাই লফা
,…"
বা
" বগাকৈ বগলী বহলাই বহিছে
বলুকাত বিয়লি বেলা
বকুল বাগৰিছে ববচা বনতে
বুটলি বিলাওগৈ ব'লা
…"
আদি৷
"তইয়ে কচোন প্ৰিয়ংকা, এনে অন্তৰ চুই যোৱা কবিতা আজিৰ কেইজন কবিয়ে লিখিব পাৰিব?দাঠি ক’ব পাৰো কোনো কবিয়েই নোৱাৰে লাগিলে সেইজন কবিয়েই হওঁক বা অকবিয়েই৷
নৱকান্ত বৰুৱা, হেম বৰুৱা, হীৰুদাৰদৰে কবিতা লিখিবৰ কোনোবা কবিৰ সাধ্য আছে? দুৰৈৰ কথা বাদেই দিলো৷ ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ কাষেই চাপিব নোৱাৰে এওঁলোকে৷
বিদেশৰ কবিৰ কাষ চাপিব কোনোবা পাৰিবনে আজিৰ অসমৰ কবিয়ে?
পাৰিবনে পাবলো নেৰুদাৰ দৰে জগত জিনিব পৰা কবিতা লিখিব?" অনগল কৈ গ’ল ৰুপালীমে৷
"ইমান অলপতে বিচলিত হ'লে তোমাৰ বাৰু কেনেকৈ চলে
শিলোৱা আন্ধাৰে মোক এই বুলি ক'লে
কবি মই নাছিলো কোনো দিনে
ব্যৰ্থতাৰ আন্ধাৰে মোক মাথো
সত্যক সহজে ল'বলৈ শিকালে."
হীৰুদাৰ এই কবিতাৰ শাৰী পঢ়িয়েই মই জীয়াই থকাৰ সাহস পাওঁ৷
★★★★★
মৃত্যুওতো এটা শিল্প জীৱনৰ কঠিন
শিলত কটা নির্লোভ ভাস্কর্য ।
এইশাৰীকেইটা পঢ়িলে মোৰ মৃত্যু ভয়ো জীনা যেন লাগে৷
***
তুমিটো জানাই
এই কবিৰ আৰু একো নাই ।
এটাই মাথোঁ কামিজ
তাৰো ছিগো-ছিগো চিলাই ।
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰাই ।
জাননে প্ৰিয়ংকা মই এই কবিতাৰ শাৰীটো পঢ়িয়েই প্ৰবিৰৰ প্ৰেমত পৰিছিলো৷
কোনোবাই নৱকান্ত বৰুৱাদেৱৰ দৰে অৰুন্ধুতী এতিয়া কিমান ৰাতি বা জীৱনানন্দ দাসৰ বনলতা সেন বা হেম বৰুৱাৰ মমতাৰ চিঠিৰ দৰে কবিতা
ৰ কাষ চাপিব পাৰিবনে?
আৰু ধেই আছে৷ কৈ থাকিলে শেষেই নহ’ব৷ মই বৰ বেছি কবিতা পঢ়ি পোৱাও নাই৷ আজিলৈকে মই কবিতা পুথি এখন সম্পুণকৈ পঢ়ি পোৱা নাই৷ মই কবিও নহয় বা নহয় কবিতাৰ পৰ্য্যালোচনা কৰা পৰ্য্যলোচক৷ কিন্তু এটা কথাই জানো মই -কবি মোৰ মানত সেইজনেই হয় যাৰ কবিতাৰ চন্দই সহস্ৰজনৰ অন্তৰ আন্দোলিত কৰিব পাৰে৷
"দেশ বুলিলে নেলাগে আদেশ " বুলি কোৱাৰ লগে লগে সহস্ৰ জনতা একেলগে ওলাই আহিব পাৰে৷
আৰু নীলিম কুমাৰৰ কবিতাত আমি পাওঁ কি? সেয়া এতিয়াও ক’ব পৰা হোৱা নাই৷ ভৱিষ্যতে তাৰ পৰ্য্যালোচনা চলিব৷ তথাপি কবিৰ কবিতাত এখন লাজৰ উৰণি থাকিব লাগে৷"
(২)
প্ৰিয়ংকাই তাইৰ কথাবোৰ মন দি শুনি আছিল৷
"তই দেখুন এগৰাকী ফাটাফটি কবিতাৰ সমালোচক হৈ পৰিলি৷"
হাহিঁ মাৰি প্ৰিয়ংকাই ক’লে৷
"ৰাজ্যৰ মাজতেই নিজৰ প্ৰতিভা সীমাৱদ্ধ নকৰি কবিসকলে নিজৰ প্ৰতিভা আন্তঃৰাষ্ট্ৰীয়, বহিঃ বিশ্বলৈ বোৱাই নিয়ক৷ অসমীয়া কবিৰ গুণানুৰ্কীত্তণ দেশে-বিদেশে বিয়পি পৰক৷ তেওঁলোকৰ সাফল্যই, সুখ্যাতিয়ে আমাক গৌৰাৱান্তিত অনুভৱ কৰাওঁক৷ ৰবীন্দ্ৰনাথ ঠাকুৰৰ সুখ্যাতিয়ে যেনেকৈ অকল পশ্চিমবংগৰ লোককে গৌৰৱী কৰি নোতোলে, কৰে
দেশৰ সকলোকে গৌৰৱী৷ আমাৰ অসমীয়া কবিসকলৰো মাজৰপৰাও ৰবীন্দ্ৰনাথ ঠাকুুুুৰৰ দৰে কবি ওলাওক, যাৰ কবিতাৰ সুগন্ধই কি অসম, ভাৰতৰ সীমনা পাৰ হৈ বিদেশৰ সীমাও পাৰ হৈ আকাশ স্পৰ্শ কৰিব পাৰে৷ কিন্তু তেনে সাধনা আমাৰ কবিসকলৰ কেইজনৰ আছে? কোনোবাই বুকুত হাত থৈ ক’ব পাৰিবনে?
"নাৰীৰ বুকুৰ খলা-বমা বা ৰজঃস্বলা হোৱাৰ বাটটো বিচাৰি হাবাথুৰি খালেই নহ’ব আধুনিক কবিসকলে৷ নাৰীৰ অন্তৰ্বাস, পেন্টিৰ খবৰ ৰাখিলেই নহয়৷ সেই নাৰীয়েই সময়ত তেওঁলোকৰ মাতৃ, ভগ্নী, প্ৰেয়সী, পত্নীৰ মহিমাময়ী ৰুপো প্ৰত্যক্ষ কৰিব লাগিব৷ প্ৰত্যক্ষ কৰিব পাৰিব লাগিব প্ৰয়োজন হ’লে সেই নাৰীয়ে জয়মতী, কনকলতা আদিৰ ৰুপো ল’ব পাৰে৷"
"ধৰ্ষিতা নাৰীৰ বুকুৰ বেথা কবিতাত বৰ্ণনা কৰিলেই নহ’ব, সময়ত সেই নাৰীৰ ঢাল হৈও ঠিয় দিয়াৰ সাহস বুকুত থাকিব লাগিব এই সকলৰ৷ নহ’লে সেই নাৰীকো পুনৰ তেওঁলোকে সমজুৱাভাৱে ধষিতা কৰিব কবিৰুপী এইসকলে৷"
" কবি -অকবিৰ হিচাপ-নিকাচ কৰাতকৈ আমাৰ মাজত মানৱীয় অনুভূতিৰে ভৰপুৰ, মানৱ কল্যাণৰ হকে মাত মতা কবি ওলাবনে ? aiims ৰহাত স্হাপিত নহৈ চাংচাৰিত হোৱাক লৈ চৰকাৰ আৰু সাধাৰন জনতাৰ মাজত হোৱা সংঘষ, তৈলখন্দৰ নিলামক লৈ হোৱা মত-বিৰোধ, মূল্য বৃদ্ধি, বানপানীৰ আদিৰ সমস্যা আদিৰ কথাহে চিন্তা কৰিব লাগে৷" ৰুপালীমে প্ৰিয়ংকালৈ চাই সুধিলে৷ সেই প্ৰশ্নৰ উত্তৰ প্ৰিয়ংকাৰ ওচৰত নাছিল, নাছিল ৰুপালীমৰ ওচৰতো৷
(কবিসকলৰ প্ৰতি মনত শ্ৰদ্ধা আছে, কিন্তু তেওঁলোকৰ এই কবি/অকবিৰ যুদ্ধই আমাৰ সাধাৰণ মানুহৰ মনত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ,সেয়া তেওঁলোকে ভাবেনে?ভুল হ’লে ক্ষমিব সকলো কবিয়ে৷)

No comments: