Thursday, July 21, 2016

বিয়া পাতি ফঁচি গ’লো৷

বিয়া পাতি ফঁচি গ’লো৷
(১)
“বিয়া কৰাৰ পাছত তই সলনি হ’লি,দাদা৷”
সৰু ভন্টিৰ মুখৰপৰা মোৰ প্ৰতি ওলাই অহা কথাষাৰে ঠাইতে মোক বিনামেঘে বজ্ৰপাত পৰা মানুহৰদৰে মুকবধিৰ কৰি পেলালে৷ জন্মৰ পাছৰপৰাই মোৰ কোলাতেই শৈশৱ পাৰ কৰা , হাতত হাত ধৰি কৈশোৰ পাৰ কৰি ডাঙৰ হোৱা মোৰ সহোদৰ ভন্টীজনীয়ে মোৰ বিয়াৰ ছমাহ নেযাওঁতেই এনে কি পৰিৱৰ্ত্তন দেখিলে যে আজি হঠাৎে এনেদৰে কৈ উঠিল৷ মই বিয়া কৰোৱা ছয়মাহ হোৱাই নাই৷ এই ছয়মাহত মইতো নিজৰ ধৰণ-কৰণ, কথা-বাৰ্ত্তা, আচাৰ-ব্যৱহাৰ আদিত একো পৰিৱৰ্ত্তন দেখা নাই৷ তেনেস্হলত----------------------
অৱশ্যে সৰু ভন্টীয়েই প্ৰথম ব্যাক্তি নহয়৷ ইয়াৰ আগতো মোৰ আপোন তথা আত্মীয়-পৰিয়াল, বন্ধু-বান্ধৱীৰ মুখত বিয়াৰ পাছত মই সলনি হৈছো বুলি শুনিছো৷ দুদিনৰ মানৰ আগতে খুড়াৰ ডাঙৰ বোৱাৰী ৰিমি বৌৱেও ক’লে-“বিয়া পাতি বাবা তুমি সলনি হ’লা!আমাৰফালে আজিকালি নহাই হ’লা?” আগতে সময় পালেই বৌহতঁৰ ঘৰলৈ ঢাপলি মেলিছিলো৷ দাদাহতঁৰ লগত ৰাতি এপৰলৈকে আদ্দা মাৰি ভাত-পানী খাইহে ঘৰ সোমাইছিলো৷ সময় পালেই দৌৰ লগোৱা দেওৰেকটো আগৰদৰে নোযোৱাত ৰিমি বৌৱে তেনেকৈ কোৱাত মই অস্বাভাৱিকতা একো নেদেখিলো৷হাহিঁ মাৰি ক’লো-"সময়েই নোপোৱা হৈছো আজিকালি৷"
অফিচৰপৰা আহি গধুলি সদায় কেৰম ব’ৰ্ড খেলিবলৈ যোৱা ৰণহতেঁও সেইদিনা সিহঁতৰ দোকানত সোমাওতে একেষাৰ কথাকে ক’লে৷ অৱশ্যে বিয়াৰ পাছত আজিকালি আগৰদৰে সদায় ৰণহতঁৰ দোকানত কেৰম খেলিবলৈ যোৱা নহয়৷ সেইবুলি মই সলনি হোৱা কথাটো হজম নহ’ল৷
-----------------------------------------------------------------------------------------------
মই সলনি হোৱাৰ প্ৰসংগ উলিয়ালেই নীৰৱে থাকো৷ কাৰন কি বুলি সুধিম-কিহ’ত পৰিৱৰ্ত্তন দেখিছে তেওঁলোকে? যদি সিহঁতে কোৱাৰদৰে সচাঁকৈয়ে মোৰ কিবা পৰিৱৰ্ত্তন হৈছে? যিটো মোৰ দুচকুৰ দৃষ্টিত ধৰা পৰা নাই৷ লগৰ-সমনীয়া যিকেইজনে বিয়া পাতিছে তেওঁলোকক সুধিম বুলিও সোধা নাই৷ বিয়া পতাৰ পাছত সিহঁতকো এনেদৰে কৈছিল নেকি? যদি কৈছিল বুলি কয়, তেতিয়া বাৰু একো নাই৷ যদি নাই কোৱা বুলি কয়, তেতিয়া মই কি কৰিম?
নে বিয়া পতাৰ পাছত ক’ব লাগেই বাবেই মানুহবোৰে এনেদৰেই সৱকে কয়৷ আনৰ কথা বাদ দিলো বাৰু, মোৰ নিজৰ ভন্টীজনীয়ে জানো মোক মিছাই ক’ব? বিশেষ ভাবিবৰ আৰু মোৰ মন নগ’ল৷
(২)
ঘৰৰ মই জেষ্ঠ সন্তান৷ মোৰ তলত ভন্টী দুজনী৷ ডাঙৰ ভন্টীক মোৰ বিয়াৰ আগতেই এঘৰলৈ উলিয়াই দিয়া হ’ল৷ তাই মোৰ লগত বৰকৈ লাগি নেথাকে৷ বুজন বহুত তাই৷ পিছে সৰু ভন্টীৰ এতিয়াও শিশুসুলভ স্বভাৱ আছেই৷ ডাঙৰ ভন্টীক উলিয়াই দিয়াৰ পাছৰেপৰা ঘৰ, পৰ সকলোতে মোৰ বিয়াক লৈ জোৰদাৰ কামোৰ চলিল৷ শেষত মাঁহতঁঁৰ কথা মানিয়েই ইমান সোনকালে বিয়া পতাৰ ইচ্ছা নথকাসত্বেও সিহঁতৰ কথাত হয়ভয় দি মাঁহতেই পচন্দ কৰি দিয়া দীপিকাক বিয়া কৰি আনিলো৷
পঢ়ি সম্পূণ কৰাৰ কেইমাহৰ পাছতেই চেন্টেল গৰ্ভমেন্টৰ চাকৰি এটা পালো৷ মাঁয়ে বাহি দিয়া ৰাতিপুৱাৰ সাজ খাই বৈ অফিচলৈ ওলাই যাওঁ৷ গধুলি অফিচৰপৰা আহি পোৱাৰ পাছত চাহ একাপ খাই ঘৰৰপৰা পাচঁ কিলোমিটাৰমান দুৰত থকা মনোজৰ দোকানখনলৈ ওলাই যাওঁ৷ মই গৈ পোৱালৈ ইতিমধ্যে বাকীসকল আহি হাজিৰ হয়হি৷ বাকী বন্ধুকেইজনৰো চাকৰি আছে৷ গতিকে লগৰ সমনীয়াকেইটা একেলগ গধুলি সময়তেই হোৱা হয়৷ দেশ বিদেশৰ বিভিন্ন বা-বাতৰিৰ লগতে নিজৰ, ৰাজ্যখনৰো বিভিন্ন কথা পতা হয়৷ দিনটো অফিচৰ কাম কৰি যি ভাগৰ লাগে, মনোজৰ দোকানত কেৰম খেলি,বিভিন্ন লঘু, গহীন টপিক আলোচনা কৰাৰ পাছত সেই ভাগৰ নোহোৱা হৈ যায়৷ মনলৈ পুনৰ সজীৱতা নামি আহে৷ বিহুৰ অনুষ্ঠান, কিবা ফাংছন আদি পাতিলে আমাৰ গ্ৰুপটো সদায়েই হাজিৰ হ’ব লাগে তাত৷ অনুষ্ঠান পৰিচালনা কৰাৰ দায়িত্বৰপৰা শেষ কৰালৈকে সকলো দায়িত্ব আমাৰ গ্ৰুপৰ ওপৰত৷ আনকি ওচৰ-চুবুৰীয়া, চিনাকিসকলৰ কাৰোবাৰ অসুখ হ’লেও আমাৰ ওচৰত আহি হাজিৰ হয়হি৷আমিও যিয়ে যেনেকৈ পাৰো সহায় কৰি দিওঁ৷ আমাৰ ঠাইটুকুৰাৰ প্ৰত্যেক ক্ষেত্ৰতে মই আৰু মোৰ লগৰকেইটামান নহ’লেই নহয়৷
ইতিমধ্যে দুই এজনে মোতকৈ আগতেই বিয়াত বহিল৷ লাহে লাহে সিহঁতৰ আহ যাহ কমিবলৈ ধৰিলে৷ মই তথা বিয়া নপতা কেইজনে সিহঁতৰ এই অৱস্হা দেখি সুধিলে তেতিয়া সিহঁতে কৈছিল-“নিজে এজনী চপাই ল, গম পাই যাবি৷ ঘৈণীৰে ফৰমাইচ পুৰাবিনে নে পৰিয়ালৰেই পুৰাবি৷ বাকীবোৰ বাদেই দিলো৷ ঘৰলৈ দেৰিকৈ গ’লে ঘৈণীৰ ওফোন্দা মুখ দেখিব লাগে, আজি বোলে আমুকলৈ যাব লাগে৷ কাইলৈ বোলে তামুকলৈ যাব লাগে আদি ভিন্ন ফৰমাইচ পুৰাওতে পুৰাওঁতে আনৰ কথা চিন্তা কৰিবলৈ সময়েই নহয়৷ নহ’লে কি ডাইলগবাজী৷ বিয়া পাতিবই নেলাগিছিল-যদি কৰণীয়বিলাক কৰিব নোৱাৰে৷ বিয়া নেপাতিলেও বিপদ, পাতিলেও বিপদ৷মুঠতে দিল্লীৰ লাৰু যিয়ে খায় সিও প্ৰস্তায়, যি নেখায় সিও প্ৰস্তায়৷”
আমি বেচেলৰকেইটাও সিহঁতৰ কথা শুনি সেইসময়ত হাহিঁত উৰুৱাই দিওঁ৷ হ’ব দে, নতুনকৈ বিয়া পাতিছ, ঘৈনীয়েৰক এৰি আহিব নোখোজ তাক নকৈ এইবোৰ বাহনা কিয় উলিয়াইছ বুলি আবেগিক হৈ পৰা বন্ধুকেইটাক সমবেদনা জনাওঁ৷বুজি উঠো আমাৰ গ্ৰুপটোৰপৰা যে বিয়া কৰোৱা বন্ধুকেইটা বাদ পৰিল৷
মোৰো বিয়াৰ কথা শুনি বাকী ত্ৰিদীপ, ৰাজহঁতে কেৰমৰ ষ্টাইকটো আঙুলিৰ ফাকত লৈ কৈ উঠে-"তইও চাগে’ কেইদিনমানৰ পিছত আহিব নোৱাৰি ইহঁতৰদৰেই আমাৰ আগত কৈফিয়ৎ দিবহি৷"
"ধুৰ, মোক তহঁতি ইহঁতৰ নিচিনা বুলি ভাবিচ নেকি?বিয়া কৰোৱাৰ পাছতো মই সদায় তহঁতৰ তাত আহিম৷মোক কোনে ৰখায় ,তেতিয়া চাবি৷"দাম্ভিকতা মাৰি কৈ দিওঁ৷
সিহঁতৰো সহজ উত্তৰ-"তেতিয়া চাম বাৰু"৷ পিছে দীপিকাক বিয়া কৰি অনাৰ পাছত ৰন্জনহতঁৰ নিচিনা হ’বলৈ মোৰো বেছিদিন নেলাগিল৷ অফিচৰপৰা আহি পোৱাৰ পাছত চাহকাপ খাই মনোজৰ দোকানলৈ ওলাবলৈ লওঁতেই শ্ৰীমতীৰ মুখৰপৰা ওলাই আহে-মামাৰ ঘৰলৈ বিয়া হোৱাৰ পাছত যোৱাই নাই ,আজি দিনত আহি ৰাতি ৰ সাজ খোৱাকৈ দুয়োটাকে মাতি থৈ গৈছে৷আজি কেৰম খেলিবলৈ নগ’লে নহয়নে?
শেষ চেষ্টা এটা কৰি চাওঁ-"আজি নগ’লে নহয়নে?"মোৰ বৰ ভাগৰ লাগিছে৷
পিছে শ্ৰীমতীৰ কটাক্ষ-"কেৰম খেলিলে হ’বলা ভাগৰ নেলাগে?"
অৱশেষত অনিচ্ছা সত্বেও মনোজৰ দোকানলৈ নগৈ দীপিকাক লৈ মামা শহুৰৰ ঘৰলৈ গমন৷
পুজা, বিহু আহিলে লগৰকেইটাক লগত ওলাই গৈ অলপ ফূৰ্ত্তি কৰাৰ মন৷পিছে শ্ৰীমতীৰ আদেশ-প্ৰথম বিহু৷ শহুৰক সেৱা এটা কৰি আহিব লাগে৷ নহ’লে দহে হাহিঁব৷ সেইদৰে পুজাটো আহিলেও একেই কথা৷ আৰু মাঁক-বাপেকৰ ঘৰত বাৰ মাহত তেৰটা উৎসৱ,পাৰ্ৱণ দেখাই যাবলৈ বাহনা আছেই৷ আৰু মই যদি নেযাও-নথওঁ কৰো, এমাহমানলৈকে ভালদৰে মাত এষাৰেই নিদিয়ে৷ হায়, বিয়া পাতি যে কি জ্বালা-যন্ত্ৰণা ভুগিছো, সেইয়া মোৰদৰে ভুক্তভোগীয়েহে বুজিব৷
তাৰোপৰি মোৰ প্ৰত্যেকটো কাম-কাজত শ্ৰীমতীৰ খোজে প্ৰতি আসোঁৱাহ৷মোৰ চুলিৰ ষ্টাইল তেওঁৰ পচন্দ নহয়৷ মোৰ বোলে খোজকঢ়াৰ ষ্টাইলটো ঠিক নহয়৷ কথা পাতিলে হেনো মানুহৰ লগত কথা পাতিয়েই থাকো৷ছোৱালীৰ লগত কথা পাতিবলৈ পালে হেনো মোক একো নেলাগে৷আৰু যদি কোনোবা গৰাকীয়ে ক’লে-“বিবেকদা, বিয়া পতাৰ পাছত আমাৰ ঘৰলৈ নোযোৱা হ’ল"৷ তেতিয়া আৰু মোৰ ফালে আধ্যাই৷ সেইগৰাকীৰ লগত অতীতত কিমান গভীৰ সৰ্ম্পক আছিল, যেতিয়ালৈকে উলিয়াব নোৱাৰে মোৰ জিনা হাৰাম কৰিহে এৰিব৷ আনক হেনো অনবৰত সহায় কৰাতেই থাকো৷ শ্ৰী মতী তথা তাইৰ পৰিয়ালৰ কথা অলপো নেভাবো৷ অথচ আজিকালি শ্ৰীমতীক তথা তাইৰ পৰিয়ালৰ মানুহক সময় দিওঁতে তথা টকা-পইচাৰে সহায় কৰোতে মাঁ, ভন্টীহতঁৰ কথা ভাবিবলৈ মোৰ সময়েই নোহোৱা হৈছে৷বিহু, পুজা আহিলে মাঁ, দেউতা, ভন্টী দুজনীক কিবা এটা দিয়াৰ আগতেই শাহু-শহুৰ, খুলশালীহতঁৰ ফৰমাইচ পুৰাওঁতেই দৰমহাৰ টকা শেষ৷
সিহঁতক সান্ত্বনা দিওঁ অহামাহৰ দৰমহাৰে সিহঁতক পচন্দৰ যি লাগে তাকে কিনি দিম৷ পিছে সেইদিন আৰু নাহে৷ সদায়েই ঘৈণীৰ ইটো সিটো ওলায়েই থাকে৷ আৰু ভন্টীহতঁক অহামাহৰ দৰমহাত দিম বুলি সান্তনা দিয়াৰ বাহিৰে মোৰ আন উপায় নোহোৱা হয়৷সেইবাবে সৰু ভন্টীয়ে মোৰ প্ৰতি এই অভিযোগ আনিছে৷
মাঁয়ে মোৰ নিৰুপায় অৱস্হাটো বুজি পায়৷ নেপাবনো কিয় দহমাহ দহদিন গৰ্ভত ধাৰণ কৰি অশেষ কষ্ট মোৰবাবে স্বীকাৰ কৰি মোক খুটি খাব পৰা কৰিছে৷ মুখ দেখিলেই সন্তানৰ মনৰ কথা বুজি পায়৷তেনেস্হলত-----
মোৰ দুৰৱস্হা দেখি মাঁয়ে কয়-“হ’ব দে, আমাক একো নিদিলেও হ’ব৷তই মাত্ৰ সুখত থাক”৷
মানুহে ঠিকেই কয়-"মাকেঁ চায় মুখলৈ, ঘৈনীয়ে যায় হাতলৈ৷"এতিয়াহে ইয়াৰ অৰ্থ বুজি পাইছো৷
কিন্তু মই জানো সচাঁকৈ সুখী হ’ব পাৰিছো! মোৰ পত্নী তথা বোৱাৰীয়ে কেতিয়াও মোৰ মাঁক,দেউতাক, ভনীহতঁক নিজৰ মাঁক,দেউতাক, ভনীয়েক বুলি ভাবিব নোৱাৰে কিয়? অকল মোৰেই নে আনসকলৰো এই অৱস্হা হয়, বুজি নেপাওঁ৷ মাথাটো মাজে মাজে ঘোলা হৈ যাব যেন লাগে৷ দোষ কাৰ?
ঘৈনীক জোৰকৈ ধমকি এটাও দিব নোৱাৰো৷ ঘৈনীৰ ওপৰত পতিয়ে কৰা অত্যাচাৰৰ বিপৰীতে যিমানবোৰ কোৰ্টৰ ল’ আছে, আটাইবোৰ মুখস্হ৷
কেতিয়াবা মাঁৰ কোলাত মোৰ থৈ কান্দিবৰ মন যায় মোৰ এই দুৰৱস্হা দেখি৷ পিছে তাকো নোৱাৰো পুৰুষত্বত আঘাট লাগে৷
ভাবো বিয়া নপতাই ভাল আছিল৷ বিয়া পাতি নিজৰ ডিঙিত এডাল ফাচঁহে লগাই ল’লো৷
লগৰ-সমনীয়াক সময় দিব নোৱাৰা হ’লো, যাওঁ বুলিলে যাব নোৱাৰো, খাওঁ বুলিলে খাব নোৱাৰো৷ ইয়াতকৈ আৰু দুখৰ কথা কি হ’ব পাৰে?
কিমানদিন হ’ল লগৰকেইটাৰ লগত বহি এটা চিগাৰেট খোৱা নাই, কেৰম ব’ৰ্ড এগেম খেলিব পৰা নাই৷ মন গ’লেই ৰন্টুহতঁৰ লগত ক’ৰবালৈ ওলাই যাব পৰা নাই৷আৰু ধেই কথা৷কৈ থাকিলে ৰাতি শেষ হৈ যাব তথাপি কিজানি মোৰ কথা শেষ নহ’ব৷ খং উঠে তেতিয়া নিজৰ ওপৰত৷ সৱ এৰি হিমালয়লৈ গুছি যাবৰ মন যায়৷ তাকো কৰিব নোৱাৰো, সমাজে পলৰীয়া বুলি হাহিঁব৷
মৰি থাকিবৰ মন যায় এইবোৰ দেখি-শুনি৷ পিছে তাকো কৰিব নোৱাৰো৷ কি যে এক জীৱন৷ বিয়া পাতি এনে হ’ব বুলি আগতে জনা হ’লে সচাঁকৈ মই বিয়াই নেপাতিলো হয়৷কিয় যে ছোৱালীবিলাকে বিয়াৰ পাছতেই এটা বেলেগ ৰুপ লৈ লয় বুজি নেপাওঁ৷গিৰীয়েক নামৰ প্ৰাণীটোক নিজৰ মতে বনাই ল’ব খোজে? নে মোৰদৰে নিমাখিতবোৰহে এনে পৰিস্হিতিৰ মুখামুখি হয়? সকলো সুখত থাকক বুলি ভাবোতে নিজৰ সকলো হেৰুৱাই যন্ত্ৰণাত ককবকাই থকা মোৰদৰে নিমাখিত স্বামীবোৰৰ অন্তৰৰ যন্ত্ৰণা বাৰু এই পত্নী নামৰ প্ৰাণীবিধে কেতিয়া বুজিব? নে কেৱল মোৰ গৰাকীয়েহে মোৰ সৰ্বস্ব কাঢ়ি লৈছে! নে মোৰদৰে আনৰো একেই নাজল-নাঠল অৱস্হা এই পত্নী নামৰ প্ৰাণীবিধৰ হাতত৷
(কেইবাজনো দাদাৰ বিয়াৰ পাছত পত্নীক লৈ হোৱা তিক্ততা চকুৰ আগতে দেখি মোৰ হোৱা এইয়া অনুভৱ মাত্ৰ৷)

No comments: