Thursday, July 21, 2016

------------চলতি কা নাম গাড়ী--------------

------------চলতি কা নাম গাড়ী--------------
কেনে আছা?
সদায় সোধাৰদৰে আজিও তেওঁক সুধিলো৷
“চলতি কা নাম গাড়ী৷ চলাই আছো, চলি আছে, চলি থাকিব৷”
সদায় একেই উত্তৰ তেওঁৰ৷ আজিও তাৰ ব্যাতিক্ৰম নহ’ল৷
“একেই উত্তৰ কিয় সদায়?”
“নতুনত্ব যে একো নাই৷ শুই উঠাৰপৰা ৰাতি শোৱালৈকে মাত্ৰ কোম্পানীৰ কাম৷নিজৰ ব্যক্তিগত বুলি একো নোহোৱা হৈ গৈছে দিনে দিনে৷কোম্পানীয়ে দিয়া চেলাৰী হিচাপে পোৱা মোটা টকাৰ বিনিময়ত আমি আমাৰ জীৱনৰ সময়বোৰ সিহঁতৰ হাতত বিক্ৰী কৰি দিছো৷ কোম্পানীৰ বছৰ কথামতে আমি উঠ-বহ কৰা এক যন্ত্ৰ মানৱলৈ ৰুপান্তৰিত হৈ পৰিছো৷নিজস্বতা বুলি আমাৰ একো নাই৷ যন্ত্ৰ মানৱৰ জানো কিবা নিজৰ জীৱন আছে?”
“ৰাতিপুৱা শুই উঠাৰপৰা ৰাতি শোৱালৈকে কোম্পানীৰ হৈ কৰি পাইছো কি?এক মোটা টকাৰ দৰমহা, কোম্পানীয়ে আয়োজন কৰা বিভিন্ন চৌখিন পাটিত কৃত্ৰিমতাৰে ভৰা এখন হাহিঁৰে ভৰপুৰ মুখ লৈ নিজক আনৰ ওচৰত পৃথিৱীৰ সফলতম ব্যাক্তিৰ ৰুপত জাহিৰ কৰাৰ চেষ্টা৷”
তেওঁ কৈ গৈছিল আৰু মই মাত্ৰ শুনি গৈছিলো৷হয়তো এলকহলৰ নিচাই তেওঁক ক্ৰমঃশ গ্ৰাস কৰি আনিছিল৷ বহুতে কয় ডিঙিত এলকহলৰ এটোপ পৰাৰ লগে লগে অন্তৰৰ কথাবোৰ মথাউৰি ভঙা বানৰদৰে হৈ পৰে৷সেয়া দুখৰেই হওঁক বা সুখৰ বণনাই হওঁক লাগিলে৷আমাৰ মাজত সুপ্ত হৈ থকা মানুহটোক হিমালয়ৰ পব্বতৰপৰা জাপ দিব পৰা সাহসী কৰি তোলে হেনো৷
অৱশ্যে তেওঁৰ কথাত তেওঁক ইমান এলকহলিক যেনো নেলাগিল৷
“আজি ইমান অভিমান জীৱনটোৰ ওপৰত?”
“অভিমান কাৰ ওপৰত কৰিম? মোৰদৰে সৱৰেই একেই অৱস্হা৷আচলতে নিজৰ ওপৰতেই খঙ উঠিছে৷ দিনে দিনে ইমান কামৰ নামত ব্যস্ত হৈ পৰিছো যে ডেৰ ঘন্টাৰ বাটৰ দুৰত্বত থকা মাঁ-দেউতাৰ খবৰ ল’বলৈ যাব পৰা নাই এমাহ ধৰি৷ক’তদিন যাম বুলি কৈ শেষমুহুত্তত মাঁক ফোন কৰি কৈছো-মাঁ আজি যাব নোৱাৰিম৷কাইলৈ ওপৰৰ মানুহ আহি আছে৷ অথচ মাঁয়ে মই যাম বুলি মোৰ পচন্দৰ সকলো গধুলিৰপৰা বনাই আছিল৷ মাঁৰ হাতৰ খানা মোৰ কিমান প্ৰিয়, তুমি জানো নেজানা?
তাতকৈও মোক মোৰ পচন্দৰ এসাজ খুৱাই মাঁয়ে যি তৃপ্তি পায়, সিয়েই আচলতে মোৰ মন ভৰাই তোলে৷
বয়স বাঢ়ি অহাৰ লগে লগে মাঁ-দেউতাৰ ইটো-সিটো বেমাৰে লগ লৈছে৷ নিয়মীয়াকৈ ডাক্তৰৰ ওচৰত চেক আপ কৰাব লাগে৷ মই লৈ গ’লে তেওঁলোক ভাল পায়৷ পিছে আজি দুমাহমান তাকো মই কৰিব পৰা নাই৷ মাহীৰ ল’ৰাজনে মোৰ কথামতে সেই কাম কৰি আহিছে৷
কেতিয়াবা হাহিঁ হাহিঁ দেউতাই কয়-“আমিও চাকৰি কৰিছিলো দেখোন৷তহঁতৰ নিচিনাকৈ ঘৰৰ মানুহক দিবলৈ সময়ৰ অভাৱ হোৱা নাছিল ৷ চাকৰি,ঘৰৰ দায়িত্ব তথা আনবিলাকো খুত নথকাকৈ কৰি গৈছিলো৷ তহঁতৰ নিচিনাতো সময় দিব নোৱাৰকৈ ব্যস্ত নাছিলো৷ দেউতাৰ কথাবোৰে হুলে বিন্ধাদি বিন্ধিছিল৷সচাঁকৈয়ে আমি হিচাপতকৈ বেছি ব্যস্ত হৈ গৈছো নেকি? একমাত্ৰ সন্তান মই৷মই বাৰু একমাত্ৰ সন্তান হৈ যি দায়িত্ব পালিব লাগে, পালিব পাৰিছোনে?”
মোৰ ওচৰত তেওঁৰ প্ৰশ্নৰ উত্তৰ নাছিল৷ কিয়েইবা ক’ম! বিহুৰ দিনা আশাৰে এসাজ একেলগে খাম বুলি বাট চাই ৰোৱা মাঁজনীকো কামৰ ব্যস্ততাৰ বাবে শেষ মূহুত্তত কৈ উঠিছিলো-"মই যাব নোৱাৰিম, মাঁ৷" ফোনৰ সিটোপাৰে থকা মাঁৰ বেদনাৰে সিক্ত মাতষাৰিৰ গভীৰতা বাৰুকৈয়ে অনুভৱ কৰিছেলো৷ কিন্তু মই যে নিৰুপায়৷ মাঁহতঁৰ মন ভৰাবলৈ গ’লে পিছদিনা থকা মিটিংখন মই কেনছেল কৰিব লাগিব৷ যাৰফলত মোৰ কোটিটকীয়া প্ৰজেক্ট হাতৰপৰা গুছি যাব৷ আৰু সেয়া মই কৰিব নোৱাৰো৷
কেৱল সেইয়াইনে কামৰ ব্যস্ততাত বহুদিন হ’ল হাতত কলম তুলি নোলোৱাৰ৷
বহু কষ্টৰে গোটোৱা প্ৰিয় কিতাপখনৰ এটাও পাত লুটিয়াব পৰা নাই৷ ৰাতি বিচনাত পৰাৰ লগে লগে ভাগৰে হেচাঁ মাৰি ধৰে৷ তেতিয়া আৰু প্ৰিয় কিতাপখন পঢ়াৰ ধৈয্য নেথাকে৷
বহুদিন হ’ল কেই কিলোমিটাৰৰ দুৰত্বত থকা প্ৰিয় বান্ধৱীক লগ কৰিব পৰা নাই৷ ক’ত প্ৰ’গেম ঠিক কৰা হৈছে, যাক বাস্তৱ ৰুপ দিবলৈ মই সময় মিলাব পৰা নাই৷ অভিমান কৰি প্ৰিয় বান্ধৱীয়ে মোৰ ফোনো ৰিচিভ কৰা নাই৷ প্ৰিয় বান্ধৱীৰ অভিমান ভাঙিবলৈ তাইৰ ঘৰলৈ যাবলৈ মই সময় উলিয়াব পৰা নাই৷
অকল সেয়াইনে আজিকালি লগৰ সকলোৱে মোৰ ব্যস্ততাপূণ জীৱনৰ কথা,সিহঁতক সময় দিব নোৱাৰাৰ কথা সকলোৰে মুখে মুখে৷
আচলতে প্ৰতিযোগিতামুলক বতমানৰ পৃথিৱীত আমি কুকুৰ দৌৰত অৱত্তীণ হৈছো৷ মাত্ৰ লক্ষ্য এটাই কেনেকৈ আগবাঢ়ো?সেই দৌৰত অৱত্তীণ হ’বলৈ গৈ আমি আমাৰ সময়বোৰ কাৰোবাৰ হাতত বিক্ৰী কৰি দিছো৷ আমি মাত্ৰ নামত মানুহ ,কিন্তু আমাক চালিত কৰা চাবিপাত আনৰ হাতত দি দিছো৷
তেওঁ ঠিকেই কৈছে-“চলতি কা নাম গাড়ী, জীৱন শেষ নোহোৱালৈকে এই জীৱনৰুপী গাড়ী চলাই যাবই লাগিব৷ ”
আবেগিক হৈ পৰা তেওঁক সহজ হ’বলৈ কৈ উঠিলো-কিমান পেগ খালে বাৰু মানুহৰ ফুল নিচা ধৰে-এপেক, দুপেক , তিনিপেগ নে তাতকৈ বেছি?
মোৰ কথা শুনি তেওঁ শব্দ কৰি হাঁহিত ফাটি পৰিল৷
Like

No comments: