Tuesday, July 19, 2016

---ৰহাৰ সাম্প্ৰতিক পৰিস্হিতি আৰু আমাৰ কৰণীয়---

---ৰহাৰ সাম্প্ৰতিক পৰিস্হিতি আৰু আমাৰ কৰণীয়---
(Aiims খনৰ স্হাপনে যদি ৰহাৰ লগতে মধ্য অসমৰ উন্নতি কৰে, তেনেহ’লে ৰহাত Aiims পতাত আপত্তি কি? যদি কিবা অসুবিধা আছেই সেইবোৰ আতঁৰাব পাৰিব লাগিব চৰকাৰে৷)
কেইদিনমানৰ আগতে দিল্লীলৈ বহু দুৰ বুলি মই এটা লেখা লিখিছিলো৷ উদ্দেশ্য আছিল AIIMS খন ৰহাতেই বা চাংচাৰিতেই হওঁক অসমতেইতো হ’ব৷ সুদুৰ দিল্লীলৈ গৈ অযথাকৈ টকা এগালৰ শৰাধ কৰাতকৈ অসমৰ য’তেই Aiimsখন পাতক, পতাত আমি অসমৰ প্ৰত্যেকজন লোকে সহায় কৰিব লাগে বাদ-প্ৰতিবাদ একাষৰীয়া কৰি৷ চাংচাৰিত হ’লেওতো আমাৰ অসমতেই হ’ব৷আমি অসমৰপৰা যদি চিকিৎসাৰ বাবে দিল্লীলৈ যাব পাৰো,তেনেহ’লে উজনি, মধ্য অসমৰ মানুহ চাংচাৰিলৈ কিয় আহিব নোৱাৰিম?দিনটোৰ বাটতে আহি নিজৰ নিজৰ ঠাইলৈ ঘুৰি যাব পাৰিম৷ দিল্লীলৈ সেয়া জানো সম্ভৱ?
এইয়া মোৰ একান্ত ব্যক্তিগত অনুভৱ আছিল৷ এইয়া বিশ্লেষণ কৰা হৈছিল অসমৰ সমুহীয়া স্বাথক আগত ৰাখি৷ ৰহা বা চাংচাৰিত aiims খন হ’বনে নহয় বুলি প্ৰতিবাদ কৰি থাকোতে যদি aiimsখন অসমৰপৰা লৈ গৈ বাহিৰৰ ৰাজ্যত কেন্দ্ৰীয় চৰকাৰে স্হাপন কৰাৰ সিদ্ধান্ত লৈ লয়,তেতিয়া আমাৰ এই মত-বিৰোধ বা প্ৰতিবাদবোৰ অথলে যাব৷
ইতিমধ্যে কেইবাটাও প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এনে হোৱা দেখা গৈছে৷ ইয়াৰপৰা চৰকাৰৰ কিবা লাভ বা লোকচান হয়নে নহয় নেজানো,কিন্তু সাধাৰণ নাগৰিকৰ যে অপুৰণীয় ক্ষতি হয়,সেইয়া ধুৰুপ৷ আৰু এনে হোৱাটো অসমৰ উন্নতিৰ বাবে চিন্তা কৰা অসমীয়াপ্ৰাণ লোকৰেই কাম্য নহয়৷
(২)
পিছে পৰৱত্তী দিনত ৰহাত aiims স্হাপনক লৈ বাদ-প্ৰতিবাদে ইমান চুড়ান্ত ৰুপ পালেগৈ যে প্ৰতিবাদীক বাধা প্ৰদান কৰিবলৈ গৈ আৰক্ষীয়ে নিৰীহ লোকৰ প্ৰাণ পয্যন্ত ল’লে৷ অহিংসভাৱেই প্ৰতিবাদ, বন্ধ, আন্দোলন আদি কায্যসূচী পালন কৰিলেও সময় আগ বঢ়াৰ লগে লগে তাত হিংসাত্মক কায্য-কলাপ আহি পৰে৷ সেইয়া অসমৰ ইতিহাসত আগতেও প্ৰত্যক্ষ কৰা হৈছে৷ ইয়াৰদ্বাৰা চৰকাৰৰ বা প্ৰতিবাদ কৰা লোকসকলৰ কিমান লাভ হয়,সেয়া বাদ দি ভুক্তভোগী পৰিয়ালৰ যে অপুৰণীয় ক্ষতি হয়,সেয়া অনস্বীকায্য৷
চৰকাৰে এই শ্বহীদক ক্ষতিপূৰণ হিছাপে কেইবালাখ মান টকা আগবঢ়ায় বা তেনেলোকৰ পৰিয়ালক চৰকাৰী চাকৰি এটা দি দায় সাৰিব খোজে৷
প্ৰতিবাদীকাৰীসকলে তেনেলোকক জাতীয় শ্বহীদ ঘোষণা কৰে৷ কিন্তু তাতেই জানো সকলো শেষ হৈ যায়?
কেতিয়াও নহয়৷ এটা পৰিয়ালৰ উপাজনক্ষম মানুহজন নোহোৱা হৈ গ’লে সেই পৰিয়ালটোৰ যি অপূৰণীয় ক্ষতি হয়, তাৰ কথা কোনোবাই ভাৱেনে?
সেই মানুহজন কাৰোবাৰ একমাত্ৰ সন্তানো হ’ব পাৰো৷ পিতৃ-মাতৃৰ বুঢ়া কালৰ একমাত্ৰ লাখুটিডালো হ’ব পাৰে৷ সেই লোকজনৰ অবিহনে সেই পিতৃ-মাতৃৰ দিনতে আন্ধাৰ হোৱাৰদৰে অৱস্হা হ’ব পাৰে৷
মানুহজনৰ পত্নীগৰাকী অকালতে বিধৱা হ’ব পাৰে৷ স্বামী অবিহনে সেই পত্নীৰ কি গতি হ’ব?
সন্তান পিতৃহীন হৈ পৰে৷ পিতৃ অবিহনে সেই সন্তানৰ কি গতি হ’ব সেইয়া কোনোবাই ভাবেনে? তেওঁলোকৰ ভবিষ্যত কোন দিশে গতি কৰিব, তেওঁলোকৰ পঢ়া-শুনাৰ দায়িত্ব কোনে ল’ব , তেওঁলোকে এটা সুস্হ জীৱন গঢ়ি তুলিব পাৰিবনে আদিবোৰৰ কথা
আন্দোলনকাৰীসকলে বা হাতত বন্দুক লৈ সেই ব্যক্তিজনক বন্দুকৰ গুলিৰে থকা-সৰকা কৰা আৰক্ষীয়ে ভাবিব? নে চৰকাৰে ভাবিব যিয়ে এনে অঘটণ ঘটাবলৈ অনুমতি দিয়ে?
জীৱন যেতিয়া আমি দিব নোৱাৰো, সেই অমুল্য জীৱন হৰণ কৰাৰ অধিকাৰ প্ৰশাসনক, চৰকাৰক কোনে দিলে? এই প্ৰশ্নৰ উত্তৰ তেওঁলোকৰ ওচৰত আছেনে? এই উত্তৰ তেওঁলোকৰ ওচৰত নাই৷ হয়তো তেওঁলোকে মিন্টু দেউৰীৰ দৰে নিৰীহ লোকৰ প্ৰাণ লোৱাৰ কাৰন ধেই দেখাব৷
একেদৰে প্ৰতিবাদীকাৰী সকলেও তেওঁলোকৰ সতীথৰ মৃত্যুৰ কাৰনত শোক প্ৰকাশ কৰাৰ লগতে জাতীয় শ্বহীদ ঘোষণা কৰাৰ লগতে ক’ব-এনে আন্দোলন হ’লে দুই-এজনৰ জীৱনৰ বলিদান হ’বয়েই৷ কিন্তু বলিদানে জানো আন্দোলনৰ সফলতা বুজায়? শান্তিপূণ ভাৱেও কোনো আন্দোলনকাৰীয়েই জীৱনৰ হানি-বিঘিণি নঘটাকৈ জানো আমি আমাৰ প্ৰাপ্য পাব নোৱাৰোনে?
এইয়া মোৰ মতহে৷
এতিয়া কথা হ’ল চৰকাৰ পক্ষই ৰহাৰ সলনি চাংচাৰিত কিয় aiims পতাৰ সিদ্ধান্ত ল’লে, সেইয়া জবাবদিহি হ’ব লাগে?
কি কাৰনত ৰহাক Aiims স্হাপনৰ বাবে নিবাচন কৰিও শেষমুহুত্তত চাংচাৰিত AiimS স্হাপনৰ সিদ্ধান্ত ল’লে তাৰ উপযুক্ত কাৰন প্ৰদশণ কৰক৷ অসম বুলিলে কেৱল গুৱাহাটীকেই নুবুজায়৷ ৩২ খন জিলা একেলগ হৈহে অসম হৈছে৷ অসমৰ আনবোৰ জিলাতকৈ গুৱাহাটী ইতিমধ্যে সকলো ক্ষেত্ৰতে বহু দুৰ আগুৱাই গৈছে৷ Aiims খনৰ স্হাপনে যদি ৰহাৰ লগতে মধ্য অসমৰ উন্নতি কৰে, তেনেহ’লে ৰহাত Aiims পতাত আপত্তি কি? যদি কিবা অসুবিধা আছেই সেইবোৰ আতঁৰাব পাৰিব লাগিব চৰকাৰে৷ ৰাজনীতিৰ ঠেক গন্দীৰে চিন্তা কৰাতকৈ সমুহীয়া কল্যাণৰ কথাহে চিন্তা কৰিব লাগে ৰাইজৰ দ্বাৰা নিবাচিত জনপ্ৰতিনিধিয়ে৷
লগতে অসমৰ সমুহ নাগৰিকেই পক্ষপাতিত্ব নকৰি ৰহাৰ পক্ষত থিয় হ’ব লাগে৷ কাৰণ ৰহাৰ উন্নতি মানে অসমৰ সকলোৰে উন্নতি হ’ব৷ কাইলৈ যদি আন স্হানতো ৰহাৰদৰে পৰিস্হিতিৰ উদ্ভৱ হয়,তেতিয়া ৰহাবাসীয়েও তেওঁলোকক লগ দিব৷ আমি একমুঠ হৈ থিয় দিবৰ হ’ল নিজৰ মাজৰ খাম-খেয়ালী এৰি৷ ৰাইজ সকলো ৰহাৰ হৈ ওলাই আহিব লাগে, সেই লোকজন লাগিলে চাংচাৰিয়েই বাসিন্দা হওঁক লাগিলে৷ একত্ৰিত ৰাইজৰ আগত কোনো ৰাজনৈতিক ষঢ়যন্ত্ৰ বেছিদেৰি তিষ্ঠি থাকিব নোৱাৰে, সেইয়া ন দি ক’ব পাৰি৷

No comments: