Tuesday, July 19, 2016

(কিয় সি অলপ সাহিয়াল নহ’ল?)

--------------------------প্ৰেম নে ঘৃণা?-------------------------------------------
(কিয় সি অলপ সাহিয়াল নহ’ল?)
যোৱাকালি মৌৰ সিদ্ধান্তৰ কথা শুনাৰ পাছৰেপৰা সি শুৱ পৰা নাই৷ ইমান বিচলিত হোৱা নাই আগতে সি৷ দেউতাক-মাঁকক হেৰুৱাই তাৰ বাবে পৃথিৱীখন হেৰাই যোৱা যেন লাগিছিল, মাঁক-দেউতাকে পচন্দ কৰি তালৈ বিয়া কৰাই অনা অমৃতাই তাক সকলো জানি এৰি যাওঁতেও ইমান ভাগি পৰা নাছিল৷ মাঁক-দেউতাকৰ কথা শুনি মৌক একো নজনোৱাকৈ অমৃতাক বিয়া কৰি আনোতেও সি ইমান আকুল হৈ পৰা নাছিল, মৌৱে জিদত লাগি তাৰ সকলো কাঢ়ি লৈ যাওঁতেও সি ইমান অকলশৰীয়া অনুভৱ কৰা নাছিল৷ তাৰ ব্যক্তিগত কথাবোৰ সকলোৰে আগত এখন খোলা কিতাপৰ দৰে খোল খাই যাওঁতেও সি বিচলিত হোৱা নাছিল৷
কালি মৌৰপৰা তাই চিৰদিনৰ বাবে তাৰ জীৱনৰ পৰা আতঁৰি যাব বিচৰা সিদ্ধান্ত শুনি সি মৌন হৈ পৰিছে৷ সকলো আতঁৰি গ’লেও তাৰ অটল বিশ্বাস আছিল -সকলো আতঁৰি গ’লেও মৌ কেতিয়াও আতঁৰি নেযায় তাক অকলশৰীয়া কৰি৷ যোৱাহেতেঁন তাই তাক চিৰদিনৰ বাবে পংগু কৰিয়েই এৰি যাব পাৰিলে হয়৷ কিন্তু তাই তেনে নকৰিলে৷
দেউতাক,মাঁক,অমৃতা,বন্ধু-বান্ধৱ আদি সকলোৱে তাক অথাই সাগৰত এৰি নিজ নিজ ৰাস্তাত গুছি গ’ল৷ ছাঁৰ দৰে তাৰ কাষত কেৱল ৰৈ থাকিল মাত্ৰ মৌ৷ সি ভালদৰেই জানে তাক দেখুৱাই হাজাৰ ঘৃণা কৰিলেও তাৰ জীৱন নৰক সদৃশ বনালেও মৌৱে এতিয়াও তাকেই ভাল পায়৷ তাৰ প্ৰতি তাইৰ অন্তৰত এতিয়াও প্ৰেম আছে৷ হাজাৰ বিশ্বাসঘাটকতা সি তাইৰ লগত কৰিলেও তাই তাক অকলশৰীয়া কৰি কেতিয়াও এৰি নেযায়৷
দেউতাকে তাক শপত দিয়াইছিল যদি সি তেওঁলোকৰ পচন্দমতে ঠিক কৰা ছোৱালী গৰাকীক বিয়া নকৰায়,তেওঁ আত্মহত্যা কৰিব৷ ইফালে বাবাকৰ হাটৰ সমস্যা৷ কি কৰিব সি? মৌক বিয়া কৰিলে যদি দেউতাকৰ কিবা অঘটন হয়, তেতিয়া সি মানুহৰ আগত কি মুখ দেখুৱাব, নিজক বাৰু সি ক্ষমা কৰিব পাৰিবনে?
আৰু মৌৰ কি হ’ব? তাৰ অবিহনে তাইৰ কি হ’ব? উত্তৰ নাছিল তাৰ ওচৰত এই প্ৰশ্নৰ৷ শুদ্ধ সিদ্ধান্ত লোৱাৰ বাবে সি সেইসময়ত সক্ষম নাছিল৷ ইমান অসহায় সি আগতে কেতিয়াও অনুভৱ কৰা নাছিল৷ দেউতাকৰ কথা শুনিলে মৌক হেৰুৱাৰ ভয় যিজনী ছোৱালীয়ে দহটা বছৰ তাৰ জীৱনত সুখে দুখে ছাঁৰদৰে আছে৷ সেইজনী ছোৱালীক এৰি দেউতাকৰ কথা মানি আন ছোৱালীক বিয়া কৰিলে বিশ্বাসঘাটকতা কৰা নহ’বনে?
আনহাতে মৌক বিয়া কৰিলে যদি দেউতাকক চিৰদিনৰ বাবে হেৰুৱাই পেলায়,তেতিয়া মাঁকক কি উত্তৰ দিব,নিজৰ মুখামুখি কেনেকৈ হ’ব সি?
দুই নাৱঁত দুই ভৰি তাৰ৷ কাকোকেই এৰিব নোৱাৰে সি৷ অৱশেষত বাবাকেই জয়ী হ’ল৷ নিজৰ সুখক জলান্জলি দি মৌক একো নজনোৱাকৈ দেউতাকৰ কথামতেই সি অমৃতাক বিয়া কৰাই আনিলে৷
মৌক মাত্ৰ ক’লে-সি মাঁক-দেউতাকৰ কথামতে বিয়া পাতিলে৷ কি পৰিস্হিতিত সি বিয়া কৰিবলগীয়া হ’ল৷সেইয়া তাইক সি বুজাব নোৱাৰে৷
সি বাৰু সুখী হ’ব পাৰিলেনে দেউতাকৰ কথা ৰাখি অমৃতাক বিয়া কৰি? কিয় বাৰু মাঁ-দেউতাকে নিজৰ জিদৰ বাবে সন্তানৰ সুখ কাঢ়ি নিয়ে? সি বুজি নেপায়? কিয় তেওঁলোকে সন্তানৰ সুখক গুৰুত্ব নিদিয়ে নিজৰ জিদৰ আগত? বায়েকে কৰা এটা ভুলৰ শাস্তি সি কিয় ভুন্জিব লগা হ’ল? বায়েকে জানো ভুল কৰিছিল নিজৰ পচন্দৰ পুৰুষজনৰ লগত বিয়া হৈ? তাৰ মতেতো কৰা নাই৷
মৌৱে সি কৰা বিশ্বাসঘাটকতাৰ বাবে প্ৰতিশোধপৰায়ণ হৈ পৰিছিল৷ কোনোদিনে আনৰ বেয়া চিন্তা নকৰা ছোৱালীজনীৰ সেই ৰুপ দেখা নাছিল আগতে কেতিয়াও৷ তাৰ ভুল হৈছিল তাইক একো এটা নোকোৱাকৈ দেউতাকৰ কথামতেই অমৃতাক বিয়া কৰাই৷ হয়তো মৌক গোটেই কথাবোৰ খুলি কোৱাহেতেঁন তাই হাহিঁ হাহিঁ তাৰ জীৱনৰ পৰা আতঁৰি গ’ল হয়৷ কিন্তু তাইক সেইয়া ক’বলৈ তাৰ জানো সাহস আছিল? সি কাপুৰুষ হৈ পৰিছিল৷ তাইৰ মুখামুখি হোৱাৰ সাহস সি ইতিমধ্যে হেৰুৱাই পেলাইছিল৷
অমৃতাই যেতিয়া মৌৰ কথা গ’ম পাইছিল,তেতিয়া সি মিছা মাতিছিল-"মৌ কেৱল তাৰ বন্ধুহে আছিল৷তাৰ বাহিৰে আন একো নহয়৷ "কিমান কষ্ট হৈছিল তাৰ এইদৰে মিছা কথা ক’বলৈ৷ কিন্তু ইয়াৰ বাহিৰে তাৰ আন ৰাস্তা সকলো বন্ধ হৈ গৈছিল৷
দিনে দিনে হতাশাই,বিষাদগ্ৰস্ততাই তাক ঘেৰি ধৰিছিল৷ সি নিজেই নেজানিছিল তাৰ জীৱনে কোন দিশে গতি কৰিবলৈ লৈছে?
মৌৱে তাক তাৰ জীৱন নৰক বনাই দিব বুলি শপত খাইছিল৷ সি মাত্ৰ কৈছিল-"মৌ ,তুমি যদি মোৰ জীৱন নৰক সদৃশ হোৱাটো বিচৰা, তাকেই হ’ব৷"
অমৃতাই মৌক বেয়াকৈ কৈছিল, বুজাইছিল মৌক তাৰ দুৰাৱস্হাৰ কথা গ’ম পোৱা বন্ধুসকলেও৷
পিছে তাই বুজিবৰ বাবে অপাৰগ আছিল৷ সি বুজি উঠিছিল তাৰ ভুলৰ বাবে, বাবাকৰ জিদৰ বাবে তাৰ জীৱনে এক ভয়ংকৰ দিশে গতি কৰি আছে৷
আৰু সেয়াই হৈছিল অৱশেষত…
মৌৰ প্ৰতিশোধৰ আগত সি তাৰ ভৰি এটা, হাত এখন হেৰুৱাই চিৰদিনৰ বাবে পংগু হোৱাৰ পথত আগবাঢ়িছিল৷ হেৰুৱাই পেলাইছিল দেউতাক ,মাঁকক৷ অমৃতাই তাক এৰি গুছি গৈছিল আৰু লগৰ বন্ধুসকলেও তাৰ সংগ ত্যাগ কৰিছিল৷ মান-সন্মান মৌৱে তাৰ সমাজত শেষ কৰি পেলাইছিল৷
সকলো হেৰুৱাইও সি জীয়াই আছিল৷ তাৰ জীৱন পংগুতাৰে ভৰাই তাৰ সকলো শেষ কৰি দিও মৌ আতঁৰি যোৱা নাছিল তাৰ জীৱনৰপৰা৷ ঘৰৰ ,বন্ধু-বান্ধৱীৰ সকলো হকা-বাধা নেওচি তাই তাৰ লগতে থাকি গৈছিল৷ তাই বাৰু তাক ইমান ভাল পাইছিলনে?
কেতিয়াবা নিজৰ প্ৰতিশোধৰ কথা সোৱঁৰি তাৰ আগত কান্দি উঠিছিল-মোক এনে ভুল ,পাপ কৰিবলৈ তুমি কিয় বাধ্য কৰিলা?
তাৰ ওচৰত জানো উত্তৰ আছিল?
তাই কৰা পাপৰ সমভাগীতো সিও, তাৰ অলপ সাহসৰ অভাৱৰ বাবেইতো এনে হ'বলৈ পালে- সি অলপ বাৰু কিয় সাহিয়াল হ'ব নোৱাৰিলে? (ক্ৰমশ…)

No comments: