Thursday, July 21, 2016

-----------------কইনাৰ সাজ পিন্ধিব ৰুপালীমে----------------(গল্প- প্রথম ভাগ)

-----------------কইনাৰ সাজ পিন্ধিব ৰুপালীমে----------------(গল্প- প্রথম ভাগ)
মনালিছাই ফোন কৰিছিল তাইৰ বিয়া ঠিক হোৱা বুলি গ’ম পায়।
‘ৰাতিপুৱা ৫ টাতে উঠিবি পাৰিবি তেনেহ’লে? তোৰতো ৰাতিপুৱা সোনকালে উঠিব নোৱাৰা অভ্যাস জন্মগত। ”
মনালিছাৰ কথাষাৰে তাইক হোষ্টেলীয়া দিনবোৰলৈ মনত পেলাই দিলে। ৰাতি বহু দেৰিলৈকে তাই সাৰে থাকিব পাৰে, কিন্তু ৰাতিপুৱা সোনকালে শুই উঠি টিউছন কৰিবলৈ যোৱা, কলেজৰ ক্লাছ কৰিবলৈ যোৱা তাইৰ বাবে যেন পঢ়াৰ নামত ভগৱানে শাস্তিহে দিছে। সদায়েই তাইৰ অভিমান-ভালদৰে শুৱলৈ নোপোৱাৰ বাবে। সময় পালেই তাই শুৱাৰ চেষ্টা কৰে।
কেতিয়াবা দুখতে কৈ উঠে- “মন ভৰি যোৱাকৈ যদি কিছুদিন শুৱ পাৰিলো হয়।“
তাইৰ শোৱাৰ প্রতি অতিমাত্রা আগ্রহৰ কথা লগৰ-সমনীয়া সকলোৰে ঞ্জাত আছিল। সকলোৱে জোকাইছিল- “বিয়াৰ পাছত তই কি কৰিবি?”
তাই হাঁহি মাৰি কৈছিল- “মোৰ নিচিনা এটাকে গোটাই ল’ম। “
অৱশেষত তাই বিয়াৰ বাবে হাঁ কৰিলে। মাহীয়েকে তাইক ল’ৰাজনৰ কথা কৈছিল। মহাকৰ চিনাকী। ‘চৰিত্রবান ল’ৰা, তামোল এখনো নেখায়, তই না নকৰিবি, সভ্রান্ত ঘৰৰ ল’ৰা, চৰকাৰী চাকৰিও কৰে, , তাতকৈ ডাঙৰ কথা মাক-বাপেক, ভায়েক-ভনীয়েক হাল বৰ নিমাখিত, তোক টোপ পৰিবলৈকে নিদিব ’
-“অৱশ্যে তইনো কোন ফালৰপৰা কম, চৰিত্রৱতী, চৰকাৰী চাকৰি, আজিলৈকে কোনেও তোক জানো আঙ্গুলিয়াব পাৰিছেনে? অতিপাত ৰুপৱতী নহ’লেও তইও আন দহজনীৰ লগত ফেৰ মাৰিব পাৰ।“
তাইক চাবলৈ অহাৰ আগদিনা ফোনত কোৱা মাহীয়েকৰ ভাষ্য এইয়া। ইতিমধ্যে ল’ ৰাজনক তাইৰ ফটো দেখুৱা হৈছে। ফটো দেখি ল’ৰাজনৰ লগতে ঘৰৰ সকলোৱে তাইক পচন্দ কৰিছে। ল’ৰাজনকো ককায়েকে দেখিছে- স্বাস্থ্য-পাতি ভালেই। তাইৰ লগত মিলিব হেনো।
তাইৰো মন গৈছিল- ল’ৰাজনৰ ফটো চাবলৈ ।পিছে ককাইয়েকনো কেনেকৈ কয়? লাজ লাগে তাইৰ। নক’লে তাই- কাইলৈ যেতিয়া তাইক ল’গ পাব আহিবই, অলপ অপেক্ষা কৰাই ভাল। অপেক্ষাৰ ফল হেনো মিঠা। তথাপি তাইৰ বুকুখন দুৰু দুৰু কঁপিছে এক অজান ভয়ত এক অজান ভৱিষ্যৎৰ কথা ভাবি।
“ঘৰৰ ডাঙৰ বোৱাৰী হ’বি, মৰম –চেনেহেৰে সৱকে আকোৱালি ল’বি। আৰু মই জানো, তই তোৰ ব্যৱহাৰে সকলোকে আপোন কৰি ল’ব পাৰিবি।“ মাহীয়েকৰ তাইৰ ওপৰত অগাধ বিশ্বাস।
অৱশ্যে মাহীয়েকে বৰ এটা মিছাও কোৱা নাই। আজিলৈকে তাইৰ স্বভাৱ-চৰিত্রক লৈ কোনেও আঙ্গুলি টোওৱা পৰিস্থিতি হোৱা নাই। গাওঁখনত ছোৱালীৰ চৰিত্র কেনে হ’ব লাগে বুলিলে সৱে তাইৰে নাম লয়। তাক লৈ তাই অৱশ্যে গৌৰৱ নকৰে। সৰুৰেপৰাই বিভিন্ন অভাৱ-অনাটনৰ মাজেৰে ডাঙৰ-দীঘল হৈছে। সদায়েই নিজৰ ভৰিৰ ওপৰত থিয় হোৱা, ঘৰখনৰ উন্নতিৰ বাবেই চিন্তা কৰি আহিছে। যাৰবাবে তাইৰ, ককায়েকৰ চেষ্টাত আজি সিহঁতৰ ঘৰখন গাওঁখনৰ ভিতৰতে এখন লেখত ল’বলগীয়া ঘৰৰুপে পৰিচিত। সকলোৰে বাবে আদৰ্শৰ আকৰ-স্বৰুপ সিহঁতৰ ঘৰখন, সিহঁত ল’ৰা-ছোৱালীকেইটা।
নিজক প্রতিষ্ঠা কৰাৰ চেষ্টা কৰি থাকোতে, ঘৰখনৰ অভাৱ-অনাটন দূৰ কৰাৰ বাবে অহৰহ লাগি থাকোতে প্রেম, ভালপোৱাৰ কথা ভাবিবলৈ সময়েই নেপালে তাই। সিহঁততো আৰু আনৰ নিচিনাকৈ সোনৰ চামুচ মুখত লৈ জনম লোৱা নাই। অভাৱ- অনাটনৰ কথা চিন্তা কৰিবই নে এক সপোন নগৰীত বিচৰণ কৰিব? বিবেকে সদায়ে সিহঁতৰ অভাৱী ৰুপতো দুচকুৰ আগত তুলি ধৰিছিল। সেইবাবে তাইৰ কাষ চাপিব বিচৰা প্রেম প্রত্যাশী ল’ৰাবোৰৰ পৰা সদায়েই দুহাত আতঁৰত অৱস্থান কৰিছিল। কম বয়সতে প্রেমত পৰি নাজল- নাঠল হোৱা মাঁক-দেউতাৰ দুখ লগা অৱস্থা নিজ চকুৰে প্রত্যক্ষ কৰাৰ পাছত সেই একেই কৰ্মকে তাইও দোহাৰিব বিচৰা নাছিল দুনাই। সেইবাবে চাগে’ তাই আনতকৈ এইবোৰ বিষয়ত ইমান এটা গুৰুত্ব দিয়া নাছিল আন দহজনী ছোৱালীৰদৰে।
প্রেমৰদৰে সুন্দৰ অনুভূতিক তাইও সন্মান কৰে, কিন্তু প্রেমৰ বাবেই যদি কাৰোবাৰ জীৱন শেষ হৈ যায়, তাক তাই কেনেকৈ স্বীকাৰ কৰিব? সেইবুলি তাইৰ জীৱনলৈ প্রেম নহাকৈ আছিল নে? আহিছিল। ইমান সংগোপনে আহিছিল যে তাই প্রথমে গ’মেই পোৱা নাছিল। যেতিয়া গ’ম পালে, তেতিয়া তাই আৱেগতকৈ বিবেকক গুৰুত্ব দিলে। এইবোৰ মিছা ঝামেলা। নিজৰে এশ –এবুৰি টেনচন। সৰুতেই ঠিক কৰি থৈছিল- ঘৰৰ পৰা চাই দিয়া ল’ৰালৈকে বিয়া হ’ব, তাৰ পাছত আৰু প্রেমত পৰিব কিয়? বিবেকৰ মৰমলগা মুখখনে আজিও মাজে মাজে তাইক আমনি নকৰা নহয়। তাই ঠিক কৰি থৈছিল- বিবেকৰ প্রতি জন্মা প্রেম তাই ভৱিষ্যতে হ’বলগীয়া স্বামীৰ মাজতেই বিচাৰিব। কাইলৈ তাই লগ কৰিব অহা মানুহজনৰ প্রতি সচাঁকৈ সেই প্রেম অংকুৰিত হ’বনে? এতিয়াও নেজানে তাই। যদি সেই প্রেম তেওঁৰ প্রতি অন্তৰত নেজাগে, তেতিয়া বাৰু তাই কি কৰিব? সেই উত্তৰ তাইৰ ওচৰত এতিয়া নাই।
তাইনো কি বিচাৰে? এজন মৰমিয়াল স্বামী।যিয়ে তাইৰ শৰীৰটোতকৈ মনটোৰ দাবীবোৰক অগ্রাধিকাৰ দিয়ে। এখন ঘৰ য’ত শাহুয়েক-শুহুৰেকৰ মাজত নিজৰ মাক- দেউতাকৰ প্রতিচ্ছবি, ননদ আৰু দেওৰেকৰ মাজত তাইৰ মৰমৰ ককাই- ভাই- ভনীয়েকৰ ৰুপ। শাহু- শুহুৰৰ বাবে তাই বোৱাৰীৰ সলনি জীয়েকৰ ৰুপত, ননদ- দেওৰেকৰ বাবে বৌৱেকৰ সলনি নিজৰ বায়েক হিচাপে থাকিব বিচাৰে। মাঁক- দেউতাকৰ ঘৰখনত তাই যিদৰে আছে, ঠিক সেইদৰে স্বামীৰ ঘৰখনতো তাই থাকিব বিচাৰে ।
Malin Majumdar দাদাই এবাৰ বিয়াৰ পাছত পুৰুষ এজনৰ জীৱনত কি কি পৰিৱত্তন হয়, তাৰ ওপৰত লিখা মোৰ লেখা এটা পঢ়ি নাৰীৰ জীৱনতো বিয়াৰ পাছত কেনে পৰিৱত্তন আহে, পাৰিলে লিখিব কৈছিল, এইয়া তাৰেই প্রয়াস।)

No comments: