Tuesday, July 19, 2016

---------------------ৰিজাল্ট---------------------------

---------------------ৰিজাল্ট---------------------------
(১)
ৰাতিপুৱাৰে পৰা মনটো উগুল-থুগুল।নহ’বইবা কিয়? আজি মেট্ৰিক পৰীক্ষাৰ যে ৰিজা্ল্ট দিব।ক’বলৈ লাজেই লাগে। পঞ্চমবাৰৰ বাবে মে্ট্ৰিক পৰীক্ষা দিছো। লগৰবোৰ গৈ কলেজৰ দেওনাও পাৰ হ’ব। মইহে মেট্ৰিকটোৰ জপনাখনেই পাৰ হ’ব পৰা নাই। লগৰ-সমনীয়া, আত্মীয়-কুটুম্ব, ওচৰ-চুবুৰীয়া সকলোৰে মুখত ঠাট্ৰাৰ সুৰ, চকুত উপুঙৱাৰ চাৱনি যেন মই বৰ নকৰিবলগীয়া ডাঙৰ কাম এটাহে কৰিছো। মেট্ৰিক পৰীক্ষা দিবলৈ ওলাই যাওঁতে সকলোৱে আচৰিত বস্তু চোৱাদি চায় মোক। যেন মই অষ্টমটো আৰ্চয্যকৰ বস্তুহে পৃথিৱীৰ।
কোনোবাজনে কয় –“এইবাৰ চিগিবনে?” মুখত ঠাট্ৰাৰ সুৰ স্পষ্ট ৰুপত ফুটি উঠে। ক’ব খোজে যেন-“নোৱাৰ যদি বাদ নিদিয় কিয়?’
কোনোবাজনে কৈয়েই দিয়ে-“লগৰবোৰ গৈ ইউনিভাৰচিটি পাবগৈ, তোৰদ্বাৰা মেটিক পাচ কৰা নহ’ব।অইন কামকে ধৰ।“
ভাইটি-ভন্টী দুটা মেট্রিক পাচ কৰি কলেজত পঢ়ি আছে। মোৰ প্ৰতি দেউতাৰ গালি-গালাজবোৰ শিল বৰষা দি বৰষে। মোৰদৰে কুলাংগাৰ এটাৰ বাপেক হৈ তেওঁৰ আপচোছৰ অন্ত নাই। ভুলক্ৰমত হেনো মই তেওঁলোকৰ সন্তান হিছাপে জন্ম ল’লো। কিবা পূৰ্বজন্মৰ পাপৰ ফল হেনো মোৰদৰে সন্তানৰ পিতৃ হোৱাটো। মোৰবাবে মোৰ জন্মদাতী মাতৃয়ে বহু কথা শুনিছে। মাঁয়ে একোকে নকয়। দেউতাৰ উচ্চ-বাচ্য বচন শুনি নম্ৰ হৈ কয়-“সৱৰে জানো দহো আঙ্গুলি সমান।“
মোৰ সিক্ত দুচকু দেখি মুৰত হাত ফুৰাই কয়-“মানুহৰ কথাত কাণ নিদিবি, তই আকৌ পৰীক্ষা দে, পাচ কৰিবি।“
সেইসময়ত মাঁৰ প্রতি মৰমৰে মন ভৰি পৰে। সঁচাই আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন? মাতৃৰ আশ্বাস তথা বিশ্বাস মোৰ ওপৰত -মই এদিন পাচ কৰিমেই। তেতিয়া মোৰ নিজৰ ওপৰতে বিশ্বাস ঘুৰি আহে যে মই পাচ কৰিব পাৰিমেই। ৰাতিপুৱাই মাঁয়ে সোনকালে উঠি গা-পা ধুই গোসাঁই ঘৰত সোমাই চাকি এগছ থাপনাৰ আগত জ্বলাই দিয়ে যাতে মই এইবাৰ পাচ কৰো। তাকে দেখি দেউতাৰ ঠাট্ৰাসূচক মন্তব্য-“তোমাৰ বৰপুত্ৰই এইবাৰ অসমৰ ভিতৰতে প্ৰথম আহিব যেনহে লাগে।“ লগে লগে ভাইটিৰ ঠাট্টাসুচক কিৰিলি আৰম্ভ হয়।
ভাইটিয়েও কয়-“দাদা, তই আৰু মেট্রিক পৰীক্ষা দিব নেলাগে। মোৰ লগৰবোৰে তোক লৈ মোক ঠাট্টা- মস্কৰা কৰে।“
মাঁয়ে সিহঁতক ধমকি দি কয়-ককায়েৰক হাহিবলৈ তহঁতৰ লাজ লগা নাই। মোৰ মুৰত হাত বুলাই কয়-“তই সিহঁতৰ কথাত কাণ নিদিবি। মোৰ বিশ্বাস-তই এইবাৰ পাচ কৰিবি।“
প্রত্যেকবাৰ মেট্ৰিকৰ ৰিজাল্টৰ দিনা মাঁয়ে এনেদৰেই কয়। আৰু মাঁৰ আশা, বিশ্বাসক বাৰেপ্রতি ভাঙ্গি নিজৰ ওচৰত নিজে অপৰাধী যেন অনুভৱ হয়।
(২)
হওঁতে মই নপঢ়া নহয়। পঢ়োতে দেখুন মনতো ৰয়। পিছে পৰীক্ষা হ’লত পেপাৰখন লোৱাৰ পিছত কিয় হৈ যায় নিজেই নেজানো। পৰা প্রশ্নটোৰো উত্তৰ নোৱাৰা হৈ যাওঁ। আৰু ফল- পেপাৰবোৰত সদায়েই পাচ কৰাৰ জোখাৰে নম্বৰ কেইটাও গোটাব নোৱাৰো। আৰু ৰিজাল্ট দিয়াৰ দিনা আনে নেদেখাকৈ উচুপি উচুপি কান্দো। নিজৰ অক্ষমতাত নিজে লজ্জিত অনুভৱ কৰো। খং উঠে নিজৰ ওপৰত- মোৰ মুৰটোত আছে কি? ইমান গোবৰ এসোপা লৈ জনম ল’লোনে মই? কিয় ইমান পাহৰি যাওঁ? বহুতে মোৰ এই পাহৰি যোৱা স্বভাৱৰ বাবে ব্রেনোলীয়া, ভেদাই লতা আদি খাব কয়। ক’লেই জানো সৱ হৈ যাব? মায়ে ব্রেনোলীয়া বটলে বটলে আনি খোৱাইছে। সপ্তাহত তিনিবাৰকৈ ভেদাই লতাৰ আঞ্জা বনাই খুবায়। পিছে ফলহে নাই।
বিচনাখনতে শুই আকাশ-পাতাল ভাবি আছিলো। ৱালত আৰি থোৱা ঘঁড়ীৰ কাঁটাডাল যিমানে আগবাঢ়িছে, মোৰ মনৰ উৎকণ্ঠাও সিমানে বাঢ়িছে। বাৰেপ্রতি ফেল কৰি নিজৰ ওপৰত বিশ্বাস হেৰাই গৈছে। এইবাৰ যদি ফেল কৰো, কি হ’ব? আনৰ কথা বাদেই দিলো, আনৰ কথা শুনি শুনি আজিকালি তেওঁলোকৰ মন্তব্যই আৰু মোক বিচলিত নকৰে। পিছে মাঁৰ আগত মুখখন কেনেকৈ উলিয়াম? মাঁৰ বিশ্বাস হেৰুৱাই পেলাম নেকি? মাঁৰ মোৰ লগতে নিজৰ ওপৰত থকা বিশ্বাস হেৰাই যাব নেকি?
ৰিজাল্টলৈ আশা কৰি থাকোতে কেতিয়া চকু দুটা মুদ খাই গৈছিল, গ’মেই নেপালো। যেতিয়া সাৰ পালো, তেতিয়া মোৰ মুৰত কাৰোবাৰ হাতৰ পৰশ অনুভৱ কৰিলো। দুচকু মেলি দেখিলো- সেই দুহাত আন কাৰোৰেই নহয়। মোক বংশৰ কলঙ্ক বুলি ভবা মোৰ পিতৃ। দুচকু তেওঁৰ চকুলোৰে সিক্ত। যেন অনুশোচনাত দগ্ধ তেওঁ। দুৱাৰমুখত হাতত মোৰ প্রিয় মিঠাইৰ টোপোলা লৈ মাঁ ৰৈ আছিল। মাঁৰ মুখ আনন্দ আৰু গৌৰৱত উজ্জলি উঠিছিল। (মেট্রিক পৰীক্ষাত অনুৰ্ত্তীণ হোৱাসকলৰ হাতত)

No comments: