Thursday, July 21, 2016

ৰৈ ৰৈ কেতেকী বিনাঅ’ কিয়?

ৰৈ ৰৈ কেতেকী বিনাঅ’ কিয়?
(১)
মাজৰাতি হঠাতে সাৰ পাই গ’লো। অদুৰৰ পাহাৰত কেতেকী চৰাইজনীয়ে বিননি জুৰিছে- “মই কেতেকী, মই কেতেকী। “ বুলি । শৈশৱ, কৈশোৰৰ সেই জান ,নেজান দিনবোৰত কেতেকী চৰাই জনীৰ এই বিননি শুনি ৰৈ ৰৈ “মই কেতেকী, মই কেতেকী” বুলি কিয় বিনায়, সেইকথা জানিবলৈ মন ব্যাকুল হৈ পৰিছিল। সাধু কথা শুনাৰ দিন তেতিয়া। ওচৰ সম্বন্ধীয় ককা এজন সদায় সন্ধিয়া আমাৰ ঘৰলৈ আহে। সাধু শুনাৰ আশাত সদায়েই ককাৰ কাষ চাপিছিলো। অপৰিপক্ক হাতেৰে ককাৰ পৰা সাধু শুনিবলৈ খুন্দনাত তামোল খুন্দি দিছিলো। আমাৰ প্রচেষ্টাই কাম দিছিল। বুঢ়ী আইৰ সাধুৰপৰা ভূত- প্রেতৰ সাধুলৈকে সকলো তেওঁৰ মুখৰপৰা সৰ সৰকৈ ওলাইছিল। আৰু আমিবোৰৰ সেই ভূত- প্রেতৰ সাধু শুনি ভয়ত অন্ঠ- কণ্ঠ শুকাই যায়। আৰু কেতিয়াবা ককাৰ কোলাতেই শুই পৰো।
এদিন সেই ককাই কৈছিল- কুলি আৰু কেতেকী ভাই- ভনী আছিল। এদিন সিহঁতহালৰ মাঁকজনী সিহঁতৰ বাবে খাদ্য বিচাৰি গৈ আৰু ঘুৰি নাহিল। সেই তেতিয়াৰপৰা কুলি আৰু কেতেকীয়ে মাঁকক বিচাৰি ইঠাইৰপৰা সিঠাইলৈ ঘুৰি ফুৰে আৰু মাঁকক বিচাৰি নেপাই বিনিনি জুৰে- “মই কেতেকী, মই কেতেকী,” বুলি। দুচকু সিক্ত হৈ পৰিছিল- কুলি, কেতেকীৰ হেৰুৱা মাঁকৰ কথা ভাবি। আমাৰো মাঁজনী যদি হেৰাই যায়, তেতিয়া কি হ’ব? আমাৰ কি গতি হ’ব? কুলি, কেতেকীৰ দুখলগা কাহিনী শুনি বহুদিনলৈ মাঁৰ আঁচলত ধৰি ঘুৰি ফুৰিছিলো। কিজানি কুলি, কেতেকীৰ মাঁকজনীৰদৰে আমাৰ মাঁজনীও হেৰাই যায়। তেতিয়া আমাৰ কি হ’ব? আস , সেই মাঁবিহীন জীৱনটোৰ কথা আমাৰ সপোনৰ অগোচৰ আছিল। শৈশৱৰ আমাৰ এই পাগলামি দেখি মাঁয়ে হাঁহি মাৰি কৈছিল- “মই তহঁতক এৰি হেৰাই নেযাওঁ দে কুলি, কেতেকীৰ মাকঁৰদৰে । মাঁৰ এই কথাষাৰে শৈশৱ, কৈশোৰৰ সেই দোমোজাৰ দিনৰ মনবোৰ ভৰাই দিছিল।
(২)
সময় গতিশীল। নৈৰ দৰে চলমান এই গতি কাৰোৰে বাবেই ৰৈ নেথাকে। সেই চলমান গতিৰ লগত তাল মিলাই আমিও দিন, মাহ, বছৰ পাৰ কৰি শৈশৱ, কৈশোৰ , পাৰ হৈ প্রাপ্তবয়স্ক হ’লো। গাওঁৰ পৰা আহি কংক্রিটৰ মহানগৰীত ভৰি দিলোহি । চাকৰি জীৱনৰ ব্যস্ততাৰ মাজত সময় উলিয়াই গাওঁলৈ যাওঁ। গাওঁ যে মোৰ অতিকে প্রিয়। নিজান ৰাতি কেতেকীৰ বিননিয়ে যেনেকৈ মনত শূন্যতাৰ সৃষ্টি কৰিছিল, ঠিক সেইদৰে মনত আনন্দও দিছিল। বিহু লৈ বেছিদিন নাই বুলি। আস, বিহু বুলি ক’লেই মনতো ভৰি পৰিছিল। নপৰিবই বা কিয়? নতুন কাপোৰ পাম, স্কুলৰ চুটি পাম, মাঁৰ লগত ককা- আইতাৰ ঘৰলৈ যাব পাৰিম। ককাই ৰাতিপুৱা জলপানৰ ৰুপত দিয়া আঠীয়া কলৰে বনোৱা সান্দহৰ মিঠৈ খাব পাৰিম। আঠীয়া কলৰে বনোৱা সান্দহৰ মিঠৈ যে মোৰ খুবেই প্রিয়। আহিবৰ সময়ত ককাই ফুটফুটিয়া ফ্রক এটা আৰু পেৰা খুলি এটকা, দুটকা দি পঠায়। সেই টকাৰে যে চেনিগুটি, টেঙ্গা মটন কিনি খাম স্কুল যাওঁতে। আৰু লগৰ –সমনীয়াৰ লগত ,জ্যেষ্ঠজনৰ লগত ঘৰে ঘৰে মাঁহতৰ চাঁদৰ- মেখেলা পিন্ধি হুচৰি গাব যাওঁ। মুৰৰ চুলি চিঙ্গি গৃহস্থৰ কুশলাথে আশীবাদ দিওঁ। দক্ষিণা ক’ম দিলে শিয়ালে হোৱা দিলে বুলি কৈ বেৰৰ মাটি লিকটা, বাইদেউ আপুনি চিকটা বুলি পুনৰ বিহু জুৰো। গালিও খাও ৰ’দে ৰ’দে ঘুৰি হুচৰি মৰাক লৈ ঘৰৰ মানুহৰ পৰা। পিছে মাঁহতৰ গালি একাণে সোমাই ইকাণে ওলাই গৈছিল। তথাপি তাত এক স্বর্গীয় আনন্দ পাইছিলো।
(৩)
বিহু আহিলেই ৰাতি ৰাতি দুৰৰপৰা ভাঁহি আহিছিল ঢোল, পেপাঁৰ শব্দৰ লগতে যতীন দাদাৰ বুকু জুৰ পেলোৱা বাঁহীৰ শব্দ। যতীন দাদাই ৰাতিৰ সাজ গ্রহণ কৰাৰ পাছত তেওঁৰ প্রিয় বাঁহীটোত ফুঁ দিছিল। বাঁহীৰ সেই মোহিনী শব্দই আমাৰ গাওঁৰ ইপাৰ- সিপাৰ ভেঁদি গৈছিল। কেতিয়াবা কৰুণ সুৰ, কেতিয়াবা আনন্দৰ , সেই সুৰ নুশুনিলে যেন বহুতৰ চকুলৈ টোপনি নাহিছিল, সেইয়া সৱেই জানিছিল। শৈশৱ, কৈশোৰ, যৌৱনৰ আৰম্ভনিৰ সেই দিনবোৰত বিহু অহাৰ জাননী ঢোল, পেঁপা, ঢেঁকীৰ শব্দ, কুঁলি, কেতেকীজনীৰ কৰুণ বিননিৰ লগতে যতীন দাদাৰ বাঁহীৰ মিঠা সুৰে কঢ়িয়াই আনিছিল। আজিকালি পিছে যতীন দাদাৰ বাঁহীৰ মিঠা সুৰ শুনিব পোৱা নেযায়। যতীন দাদা এতিয়াও আছে। পিছে জীৱন যুদ্ধত যুঁজি থাকোতে নিজৰ প্রিয় বাঁহীটো ক’ত হেৰুৱাই পেলালে পাহৰি গ’ল। কেই বছৰ মানৰ আগতে বিহুত এবাৰ গাওঁ যাওঁতে যতীন দাদাক বাঁহী কিয় বজাব বাদ দিলে বুলি শোধোতে সংসাৰৰ কামত ব্যস্ত হৈ আজিকালি তেওঁ বাঁহীৰ সুঁৰেই পাহৰি গ’ল বুলি ক’লে। মোৰ মুখৰ মাত হেৰাই গৈছিল।
(৪)
কেতেকীজনীৰ হিয়া ভঙ্গা বিননি শুনি আজিও মনতো বিষাদেৰে ভৰি পৰিল। সেই বিষাদ সেই শৈশৱ, কৈশোৰৰ বিষাদতকৈ সম্পুণ পৃথক। সেই বিষাদ হেৰাই যোৱা কিছুমান স্মৃতি তথা বস্তুক লৈ। সেই বিষাদ যতীন দাদাৰ হেৰাই যোৱা বাঁহীৰ সুঁৰক লৈ, আমাৰ মাজৰপৰা হেৰাই যাবলৈ ধৰা বোকা পানীৰ গোন্ধ থকা চেনেহৰ ৰঙ্গালী বিহুটোক লৈ । জন্মিলে মৰিবই লাগিব বুলি নিয়ম মানি আমাৰ মাজৰপৰা দুবছৰ মানৰ আগতে হেৰাই যোৱা মাঁৰ দেউতাক তথা ককাক লৈ।(অনুভৱ- বহাগক লৈ, কেতেকীজনীৰ বিননীক লৈ, যতীন দাদাৰ বাঁহীটোক লৈ)

No comments: