Tuesday, July 19, 2016

দিল্লীলৈ বহু দুৰ!

AIIMS খন চাংচাৰিত হওঁক বা ৰহাতেই ,অসমতেইতো হ’ব৷
অসমত এখন AIIMS হ’ব- এই ঘোষনাই সমগ্ৰ অসমবাসীকে সুখী তথা গৌৰাৱান্বিত কৰি তুলিছিল৷ হওঁক তেওঁ, হাজাৰ হাজাৰ টকা খৰচ কৰি আমাৰ অসমৰ লোকসকলে উন্নত চিকিৎসাৰ বাবে সুদুৰ দিল্লীলৈ ঢাপলি মেলিব নেলাগে৷ সকলো সুবিধা এতিয়া অসমত স্হাপিত হোৱা AIIMS তেই পোৱা যাব৷
দিল্লীটো বহু দুৰ৷ যাওঁ বুলিও সকলো অসমৰ নাগৰিক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ যাব নোৱাৰে৷ তাৰবাবে আথিকভাৱে টনকিয়াল হ’ব লাগিব৷ তাতে অচিন অজান ঠাই৷ অসমীয়া ভাষা বুজি পোৱা মানুহো নাই৷ অসমৰ সাধাৰন মানুহে হিন্দী ভাষাটোও ভালদৰে ক’ব নেজানে৷
তেনেহ’লে আমি কিয় AIIMS খন চাংচাৰিত নহৈ ৰহাতহে হ’ব লাগে বুলি চিয়ঁৰ-বাখৰখন কৰি আছো?
আমি কিয় ভাবিব নোৱাৰো চাংচাৰিত হ’লেওতো আমাৰেই লাভ হ’ব দেখোন৷ ৰহাৰপৰা চাংচাৰিলৈনো দুৰ কিমান? দিনটোৰ বাটতেতো ঘুৰি যাব পৰা যাব?
ৰহা,চাংচাৰি বা অসমৰ য’তেই নহঁওক আমি সানন্দে স্বীকাৰ কৰিহে ল’ব লাগে৷ আৰু AIIMS খন যাতে ভালদৰে এজোপা ফলে -ফুলে জাতিষ্কাৰ গছৰদৰে হৈ পৰে,তাৰবাবেহে চেষ্টা কৰিব লাগে৷ যাতে অসমৰেই নহয় ভাৰতবষৰ আন ৰাজ্যৰ পৰাও উন্নত চিকিৎসাৰ বাবে অসমৰ AIIMS খনলৈ ৰোগী চিকিৎসাৰ বাবে আহে৷
পিছে আমি জানো সেয়া হ’বলৈ দিব পাৰো?
নোৱাৰো৷ কিয় দিম? চাংচাৰিত হ’লেই হ’বনে? ৰহাতো হ’ব লাগিব৷ ৰহাতেই কিয়? গোলাঘাট,যোৰহাট, ডিব্ৰুগড়, ধেমাজী আদি পাৰিলে ৩২ খন জিলাৰ প্ৰত্যেকখনতে এখন এখন AIIMS হ’ব লাগিব৷ ঠিক যেন গেলামালৰ দোকান,পিচিঅ’ আদিৰদৰে৷ যদি আমিবোৰে এইয়া কৰিব নোৱাৰো আন্দোলন কৰিম৷ দৰকাৰ হ’লে বন্ধ দিম৷ আমাৰ নিজৰ স্হানত নহ’লে আন ক’তো হ’ব দিব নোৱাৰো৷ এনেও আমাৰ তেজত আন্দোলন কৰাৰ মানসিকতা আছেই৷ লাগিলে চাংচাৰিৰপৰা AIIMS খন কেন্দ্ৰীয় চৰকাৰে লৈ গৈ আন ৰাজ্যতেই বনাওঁক লাগিলে৷
সচাঁই আমাৰ বাৰু কেতিয়া শুভবুদ্ধি উদয় হ’ব? কেতিয়া বাৰু আমি নিজৰ ঠাই, নিজৰ মানুহ আদিৰ উদ্ধলৈ গৈ সামূহিক কল্যাণৰ বাবে কথাবোৰ চিন্তা কৰিম?

No comments: