Tuesday, July 19, 2016

প্ৰেম নে ঘৃণা?

প্ৰেম নে ঘৃণা?
(১)
হচপিটেলৰ পেয়িং কেবিনৰ শুভ্ৰ বিচনাখনত এটা ভৰি আৰু এটা হাত চিৰদিনৰ বাবে হেৰুৱাই সি শুই আছিল৷ মুখত অশেষ যন্ত্ৰণাৰ চাপ বিদ্যমান৷ সি থকা পেয়িং কেবিনৰ দুৱাৰখন খুলি তাই তালৈ চালে৷ দুচকু তাৰ বিচনাখনত ওপৰত থকা চিলিং ফেনখনত নিৱদ্ধ৷ কেবিনটোত কোনো নাছিল৷ এখোজ দুখোজকৈ আগুৱাই গৈ তাই তাৰ ভৰি শিতানৰ ওচৰত ৰ’ল৷ চিলিং ফেনখনৰপৰা দুচকু নমাই সি তাইলৈ চালে৷ মুখত অতি কষ্টৰে এটা হাহিঁ মাৰিলে তাইক দেখি৷ সেই হাহিঁৰ সিপাৰে থকা যন্ত্ৰণাৰ অনুভৱ কৰিবলৈ তাইৰ সময়ৰ প্ৰয়োজন নাই৷ তাক তাই আহেঁ আহেঁ যে চিনি পায়৷ তাই যে তাক লগ কৰিব আহিব,সেইকথা সি জানিছিলেই৷
"আহিলা৷"সেহাই সেহাঁই সি তাইক কৈ উঠিল৷
তাই মাত্ৰ মুৰটো জোকাৰিলে৷ কথা দিয়ামতেই তাই আহি ওলাল৷
২)
কিছু মূহুত্তৰ নিৰৱতাই দুয়োটাকে চুই গ’ল৷ কেবিনটোত মাত্ৰ সি আৰু তাই৷ মুৰৰপৰা ভৰিলৈকে তাই তাক নিৰীক্ষণ কৰিলে৷ দুদিন আগলৈকে সম্পূণ সুস্থ মানুহটো আজি চিৰদিনৰ বাবে পংগু হৈ বিচনাত শায়িত৷ ভাগ্যৰ কি যে বিড়ম্বনা৷ ভাগ্যৰ নে তাৰ নিজৰ কমৰ ফল?
"তুমি সুখীনে?" তাৰ প্ৰশ্নই তাইক বাস্তৱলৈ ঘুৰাই আনিলে৷
"নিশ্চয় সুখী,সেইবাবে তোমাক চাব আহিলো৷ তুমি সুখীনে? "তাই কৈ উঠিল৷
"তুমি যদি সুখী, মইও সুখী দিয়া৷ তুমিতো ইয়াকে বিচাৰিছিলা৷" তাৰ মুখৰপৰা ওলোৱা প্ৰত্যেকশাৰী কথাই তাইৰ অন্তৰ জোকাৰি গ’ল৷
"মই বিচাৰিছিলোনে নে তুমি? তুমিয়েতো কৈছিলা মই যদি তোমাৰ লাইফটো হেল হোৱাটো বিচাৰো, তাকেই হ’ব৷ মইতো তাকেই কৰিলো৷ লাইফ জানো তোমাৰে হেল হ’ল, মোৰোটো হেল কৰিলা তুমি৷"
তাইৰ কথাৰ কোনো উত্তৰ নিদি মাত্ৰ কৈ উঠিল-" মোৰ কোনো আক্ষেপ নাই মোৰ চিৰদিনৰ বাবে ঘুণীয়া হোৱা দেহাটোক লৈ৷ মাত্ৰ অভিমান থাকি গ’ল মোৰ এই পংগুতাক সহ্য কৰিব নোৱাৰি মৃত্যু ঘটা দেউতাৰ মুখাগ্নিও যে মই কৰিব নোৱাৰিলো৷ এই জুইৱে মোক খুলি খুলি খাব৷" অনুশোচনাত দগ্ধ তাৰ দেহ আৰু মন৷
"তোমাৰ এই অৱস্থাৰ বাবে দায়ীতো তোমাৰ দেউতাই আছিল৷ তেওঁৰ মৃত্যুৰ বাবে দায়ী তুমিয়েই৷ তুমি আৰু তেওঁ কৰা ভুলৰ শাস্তিয়েইতো এইয়া ৷"
"হ’লেও মই তেওঁৰ একমাত্ৰ সন্তান আছিলো৷
মোৰ বাবেই যে তেওঁৰ মৃত্যু হ’ল, মই নিজক কেনেকৈ মাফ কৰিব?" ফেকুৰি উঠিল সি৷
"আৰু তোমাৰ দেউতাৰ জিদৰ বাবে যে মোৰ, তোমাৰ, তোমাৰ ৱাইফ যি নিদোষ আছিল সকলোৰে লাইফ শেষ হৈ গ’ল, তাৰ কি কৰিবা তুমি? তোমাৰ অলপ সাহসৰ অভাৱৰ বাবেই যে আমাৰ লাইফবোৰ শেষ হৈ গ’ল সকলোৰে৷ "
"মই কেতিয়াও তোমাৰ অহিত চিন্তা কৰা নাছিলো,মোক এনে পাপ কৰিবলৈ তুমি কিয় বাধ্য কৰিলা৷ বাৰেপ্ৰতি তোমাক কৈছিলো যিয়েই দিছিচন লোৱা দহবাৰ ভাবি ল’বা আৰু তুমি যি দিছিচন ল’লা, সিয়ে আমাৰ সকলোৰে জীৱন শেষ কৰি দিলে৷ "
শেষৰফালে তাইৰ শব্দবোৰ ঠুকাঠুকি হৈ পৰিছিল৷
নিজকৈও বেছি ভাল পাইছিল তাই তাক৷ আৰু তাইয়ে তাৰ জীৱনটো চিৰ জীৱনৰ বাবে আন্ধাৰে ভৰাই পেলালে৷ দহ বছৰীয়া এটা জীয়া সম্পক৷ এটা দিনতে সি শেষ কৰি পেলালে৷ আনকি তাইক কোৱাৰো প্ৰয়োজন অনুভৱ নকৰিলে যে সি দেউতাকৰ কথা পেলাব নোৱাৰি আন কাৰোবাক চিৰদিনৰ বাবে আপোন কৰিব গৈছে৷ হয়তো তাইক এইষাৰ কথা কোৱা হ’লে তাই তাক মাফো কৰিব পাৰিলে হয়৷ তাৰ বিয়াৰ দুদিনৰ পাছতেহে তাই গম পাইছিল তাৰ বৈবাহিক জীৱনৰ কথা৷ আকাশখন যেন তাইৰ মুৰৰ ওপৰতে সৰি পৰিছিল৷ তাই মৃত্যু কামনা কৰিছিল নিজৰ৷ সি বিহীন জীৱনৰ জানো কিবা মূল্য আছে? তাক লৈয়েইতো তাই ভৱিষ্যত জীৱনৰ সপোন দেখিছিল৷ সেই সপোন সিয়েই তাইক দেখুৱাইছিল৷ দেহ-মন সকলো তাইৰ তাৰ হাতত কেতিয়াবাই সপিঁ দিছিল৷ তেনেস্থলত সি কৰা বিশ্বাসঘাটকতাই তাইক হিংস্ৰ বাঘিনীৰ দৰে কৰি তুলিছিল৷ মনে মনে নিজৰ ওচৰত নিজে প্ৰতিন্জাৱদ্ধ হৈছিল-সি কৰা বিশ্বাসঘাটকতাৰ সি শাস্তি পাবই লাগিব৷ পাব লাগিব তাক এই বিশ্বাসঘাটকতা কৰিবলৈ বাধ্য কৰা তাৰ দেউতাক, মাঁক হতেঁও৷
আৰু তাৰেই ফল এইয়া৷ চিৰদিনৰ বাবে পংগুতাক আকোৱালি ল’বলগীয়া হ’ল সি৷ দেউতাকে একমাত্ৰ পুত্ৰৰ এই অৱস্থা সহ্য কৰিব নোৱাৰি, নিজৰ ভুলক ক্ষমা কৰিব নোৱাৰি মৃত্যুক সাৱটি ল’লে৷ মৃত্যুৰ আগে আগে মাত্ৰ কৈ গ’ল- "পাৰিলে তেওঁক ক্ষমা কৰিবলৈ তাইক আৰু তাক৷"
দেউতাকৰ পচন্দমতে বিয়া কৰি অনা পত্নী গৰাকীয়ে তাৰ এইবোৰ কথা গম পাই ইতিমধ্যে তাক ডিভোচ দি গুছি গৈছে৷
একমাত্ৰ বায়েকজনীও চাকৰি জীৱনৰ বিভিন্ন ব্যস্ততা দেখাই আজিকালি নহা হৈছে৷
বিধৱা মাঁকজনীয়ে স্বামীক হেৰুৱাৰ দুখ বুকুত লৈয়েই তাৰ যতন লৈছে৷
আৰু তাই------------------------------------------------বিয়াৰ খবৰ পাই তাই ফোন কৰোতে সি তাইক ল’গ কৰিব বিচাৰিছিল৷ তেতিয়াই তাই তাক কৈছিল"-আজি নহয়,তোমাক মই এদিন ল’গ কৰিমেই৷ আৰু সেইদিনা তুমি এখন ভৰি আৰু এখন হাত চিৰদিনৰ বাবে হেৰুৱাই বিচনাত পৰি ৰ’বা৷ তাৰ আগতে মই তোমাক কেতিয়াও ল’গ নকৰো৷"
আৰু তাই নিজৰ কথা ৰাখি আজি আহি তাক ল’গ কৰিছে৷
কিন্তু তাই সুখীনে সচাঁকৈ তাক চিৰজীৱনৰ বাবে পংগুতাৰ কবচ পিন্ধায়৷ কেনেকৈ তাই সুখী হ’ব? পাৰিবনে তাই সুখী হ’ব? অবান্তৰ এক প্ৰশ্ন৷ তাইৰ আটাইতকৈ প্ৰিয় মানুহজনক চিৰ জীৱনৰ বাবে পংগু কৰি তাই সুখী হ’ব,সেয়া অসম্ভৱ৷ তাইৰ অন্তৰত তাৰ প্ৰতি আচলতে প্ৰেম আছিল নে ? প্ৰেম থকা হ’লে তাই তাক ইমান নিষ্ঠুৰ শাস্তি দিব কেনেকৈ পাৰিলে?( ক্ৰমশঃ)

No comments: