Tuesday, July 19, 2016

-------------তুমি হাহিঁলে মুকুতা সৰে----------------

-------------তুমি হাহিঁলে মুকুতা সৰে----------------
গোপালৰ পাহিৰদৰে কোমল দুখন হাত৷ চুলেই যেন পাহিবোৰ সৰি পৰিব৷ হাত দুখন মেলি ঠুনুক ঠানাক খোজেৰে যেতিয়া তাই মৌৰ দুহাত স্পশ কৰিবলৈ এখোজ দুখোজকৈ আগবাঢ়ি আহে গোটেই পৃথিৱীখনে যেন আহি তাইৰ লগ দিয়ে৷ মৌৱে হাত দুখন আগুৱাই দিয়ে তাইলৈ৷ দু ভৰিৰ ভাৰসাম্য ৰাখিব নোৱাৰি সৰি পৰিব খোজা তাইক মৌৱে আলফুলে ধৰি ৰাখে দুহাত মেলি৷ মৌৰ দুহাত স্পশ কৰি ,মৌৰ বুকুত অকনমানি মুৰটো গুজি তাই খিলখিলাই হাহিঁ উঠে ৷ তাইৰ বাবে মৌৰ দুবাহু যেন পৃথিৱীৰ আটাইতকৈ নিভৰযোগ্য স্হান৷ য’ত তাই নিৰাপত্তা অনুভৱ কৰে৷ আৰু মৌ? তাইৰ খিলখিলনি শুনি গোটেই পৃথিৱীখনৰ সুখখিনি আহি মৌৰ কোলাত ভৰ কৰে তেনে যেন লাগে মৌৰ৷ তাইৰ খিলখিলনিয়ে মৌৰ দিনটোৰ কম ব্যস্ততাৰ সকলো ভাগৰ আতঁৰাই পেলায়৷ সৰগ দেখা নাই মৌৱে কিন্তু তাইৰ খিলখিলনিত মৌৱে সৰগৰ সুখ অনুভৱ কৰে৷
তাইৰ উপস্হিতিয়ে মৌৰ ঘৰখন ভৰাই ৰাখে৷ তাইৰ ফুটা-নুফুটা মাত-কথাবোৰে গোটেই ঘৰখন মুখৰিত কৰি ৰাখে৷ ৰাতিপুৱাবোৰ আৰম্ভ হয় তাইৰ কলকাকলিত আৰু ৰাতিবোৰো শেষ হয় তাইৰ লগতেই৷ নিচিন্তে তাই মৌৰ বুকুখনত কনমানি মুৰটো থৈ টোপনিত ঢলি পৰে৷ মৌৱে একেৰাহে তাইৰ মুখখনলৈ চাই থাকে৷ কি যাদু আছে সেই কনমানি মুখখনত? যাক দেখি মৌৰ দিনটোৰ ভাগৰ, দুখ, অৱসাদ সকলো নিমিষতে নোহোৱা হৈ যায়৷তাই শোৱাৰ পাছতো বহুদেৰি তাইৰ মুখখনলৈ চাই থাকে মৌৱে৷ মাতৃত্বৰ মৰমেৰে মৌৰ বুকুখন ভৰি পৰে৷
তাই মৌৰবাবে বতমান আৰু ভবিষ্যত৷ তাইতেই মৌৰ জীৱন আৰম্ভ আৰু তাইতেই মৌৰ জীৱনৰ শেষ ৷ ফুটু নুফুটুকৈ তাইৰ দুই এটা মাত ফুটিছে৷
মাঁ বুলি যিদিনা তাই মৌক মাত দিছিল, দুচকুৱেদি মৌৰ চকুলো বাগৰিছিল বাধা নেমানি৷ কি সৰগীয় সুখ অনুভৱ কৰিছিল সেইদিনা তাই ভাষাৰে বুজাব নোৱাৰে কাকো৷
প্ৰীতমে বিশ্বাসঘাটকতা কৰি যোৱা মৌৰ লক্ষ্যহীন জীৱনটোক তাইৰ আগমনে পুনৰ অথপূণ কৰি তুলিছিল৷ তাইৰ বাবেই পুনৰ জীয়াই থকাৰ হেপাঁহ জাগিছিল অন্তৰত মৌৰ৷ সেই হেপাঁহ আহিছিল অন্তৰৰপৰা আপোনা-আপুনি-অনুভৱ হৈছিল নিজৰেই মৌ জীয়াই থাকিব লাগিব পাহিৰ বাবে৷
----------------------
প্ৰীতমে এৰি যোৱাৰ পাছত তাইৰ জীৱনৰ প্ৰতি মোহ হেৰাই গৈছিল৷ নিজক তাই সিবিহীন ভবিষ্যত জীৱনটোৰ কল্পনা কৰা নাছিল কেতিয়াও৷ কিন্তু তাকেই সি কৰিলে৷ তাইৰ জীৱনটো নৰক বনাই সি মাঁ-দেউতাকৰ একান্ত বাধ্য সন্তানৰ দৰে আন কাৰোবাক আপোন কৰি পেলালে তাইক একো নজনোৱাকৈয়ে৷ আৰু তাই…
আৰু তাই পথভ্ৰষ্ট মানুহৰ দৰে হৈ পৰিল৷ ঘৰৰ মাঁক, দেউতাক, ককায়েক, ভায়েক, আপোন বন্ধু-বান্ধৱীৰ কাৰোৰেই বুজনিয়ে তাইক জীয়াই থকাৰ প্ৰতি আগ্ৰহ আনিব পৰা নাছিল৷
সিবিহীন এই জীৱনৰ কিবা জানো মূল্য আছে? তাই তাক ইমান ভাল পাইছিলনে? সি তাইক এৰি আনক বিয়া পতাৰ পাছতেহে তাই অনুভৱ কৰিছিল৷ কোনোদিনেতো তাই তাক মুখ ফুটাই ভাল পাওঁ বুলি কোৱা নাছিল৷ আশা কৰিছিল সি বুজি পাব তাৰ প্ৰতি থকা তাইৰ প্ৰেমৰ গভীৰতা৷ অভিমান জাগিছিল তাৰ ওপৰত৷ সি বাৰু কিয় অনুভৱ কৰিব নোৱাৰিলে এই প্ৰেম? নে প্ৰকৃত প্ৰেম বুলি এই বস্তুবাদী পৃথিৱীত একোৱেই নাই৷ প্ৰকৃত প্ৰেম মাত্ৰ কিতাপৰ পাততেই আৱদ্ধ৷
সি আতঁৰি যোৱাৰ পাছত তাই চুড়ান্ত হতাশাত ভুগিছিল৷ আনকি জীৱনটো শেষ কৰি দিয়াৰ কথাও ভাবিছিল৷
তেনেতে এদিন এই কনমানি জনীক পালে৷ মাকঁ-দেউতাকে তাইক চিৰদিনৰ বাবে এৰি যোৱা মাহেকেই হোৱা নাই৷ মনটোত শান্তি লাগক বুলিয়েই তাই সেইদিনা সেই অনাথ আশ্ৰমখনলৈ গৈছিল৷ তাতেই মৌৱে পাহিক পাইছিল৷ প্ৰথম দেখোতেই কিবা এটা মৰম সোমাইছিল মৌৰ কনমানিজনীৰ প্ৰতি৷ তাইৰ সৰু হাত দুটাই যেতিয়া তাইক স্পশ কৰিছিল, তাইৰ মনৰপৰা সকলো হতাশা আতঁৰি গৈছিল৷ কি আছে সেই কনমান হাত দুখনত…যিয়ে জীৱনটোৰ প্ৰতি পুনৰ মোহ লৈ আহিছে৷
প্ৰায়েই মৌ অনাথ আশ্ৰমখনলৈ যাব লৈছিল কনমানিজনীৰ বাবে৷ আৰু এদিন সকলো ফমেলিটি পুৰাই পাহিক মৌৱে চিৰদিনৰ বাবে নিজৰ তোলনীয়া সন্তানৰুপে নিজৰ ঘৰলৈ লৈ আহিছিল ঘৰৰ সকলোৰে বাধা-নিষেধ আওঁকান কৰি৷
জীৱনটো তাইৰ পুনৰ ভৰি পৰিছিল পাহিৰ আগমনত৷ মাঁ-দেউতাকে তাইক বিয়াৰ দিবৰ বাবে জোৰ দিছিল৷ তাই ঘোষনা কৰিছিল তাই আৰু বিয়া নোসোমায়৷ সি বিশ্বাসঘাটকতা কৰি যোৱাৰ পাছত বিয়াৰ দৰে এটা সম্পকৰ প্ৰতি তাইৰ অন্তৰত আৰু কোনো অনুকম্পা নাই৷ মিছাকৈয়ে আৰু তাই এই বন্ধনত সোমাব নিবিচাৰে৷ তাইক লৈয়ে এতিয়া তাইৰ জীৱন৷ বিয়া সোমাই তাই কনমানিজনীৰ প্ৰতি অন্যায় কৰিব নোৱাৰে৷ ঘৰৰপৰা তাই আতৰি আহিছিল নিজকে নিজৰ সিদ্ধান্তত অটল ৰাখিবৰ বাবে৷ দহৰ ,সমাজৰ বিভিন্নজনৰ তাইৰ প্ৰতি উফৰি অহা মন্তব্যবোৰ সহ্য কৰিব পৰা সাহস তাইৰ আছিল৷ অৱশেষত ঘৰৰ সকলোৱে তাইৰ সিদ্ধান্তত অনিচ্ছা সত্বেও মানি লৈছিল৷
-----------------------------
প্ৰীতম আহিছিল পাহিৰ জন্মৰ দিনা পাটি পাতোতে৷ তাই তাৰ খবৰ ৰখা নাছিল তাক এৰি গুছি অহাৰ পাছত৷ প্ৰীতমক তাই ক্ষমা কৰিব নোৱাৰিলে৷ সি দিয়া প্ৰস্তাৱো তাই গ্ৰহণ কৰিব নোৱাৰিলে৷ তাৰ প্ৰতি থকা বিশ্বাস সি নিজেই শেষ কৰি থৈছিল৷ তাৰপাছত তাই তাক কেনেকৈ বিশ্বাস কৰিব? বিশ্বাস এনে এটা বস্তু যি এবাৰ হেৰালে দুনাই ঘুৰাই পোৱা নেযায়৷
পাহিক কোলাত লৈ সি তাইক পুনৰ অনুৰোধ কৰিছিল-"মোক ক্ষমা কৰা মৌ৷ পাহিক দিয়াৰ দৰে মোকো তোমাৰ অন্তৰত অলপ ঠাই দিয়া৷ যাৰ জৰিয়তে গোটেই জীৱনটো মই পাৰ কৰি দিম৷"
তাই স্পষ্টভাৱে প্ৰীতমক কৈ দিছিল-"তাইৰ অন্তৰত তাৰ আৰু স্হান নাই৷ তাক এক দুস্বপ্নৰ দৰে পাহৰি গৈছে৷ পুনৰ তাক স্হান দিয়াৰ কথাই নাহে৷ পাহিয়েই এতিয়া তাইৰ বাবে বতমান আৰু ভবিষ্যত৷ "
প্ৰীতম অহা বাটে উভতি গৈছিল৷ ক’ৰবাৰপৰা পাহিঁ দৌৰি আহি তাইক সাৱটি ধৰি খিলখিলাই হাহিঁ উঠিছিল৷ আৰু মৌৱেও তাইক সাৱটি ধৰিছিল-পাহিৰ এই হাহিঁতেই মৌৰ পৃথিৱীখন সোমাই আছে যে৷ তাইৰ হাহিঁৰেই মৌৰ মুখলৈও হাহিঁ লৈ আনে৷ঠিকেই কয় আনে৷ পাহিৰ হাহিঁত মৌৱে মুকুতা বিচাৰি পায়৷ যি মুকুতাই মৌক জীয়াই থকাৰ প্ৰতি হেপাঁহ জগায়৷

No comments: