Thursday, July 21, 2016

"উত্তৰ"

"উত্তৰ"
(১)
" তোমাৰ চাইজ কিমান?"
মোবাইল ফোনৰ সিটো মুৰৰপৰা ভাহিঁ অহা শব্দকেইটাই তাইৰ কাণত ঠহৰ ঠহৰকৈ বিন্ধিলে।তাই বাৰু যি শুনিছে ঠিকেই শুনিছেনে? নে তাইৰ কাণখনেই বেয়া হৈ গৈছে? তাইৰ নিজৰে সন্দেহ হ'ল । তাই ভুল শুনা নাইতো! নাই তাইৰ কাণ বেয়া হোৱা নাই নাইবা তাই ভুলো শুনা নাই।তথাপি নিশ্চিত হ'বলৈকে পুনৰ মোবাইলৰ সিটো পাৰৰ প্ৰশ্নকতাক সুধিলে--"কি সুধিলা?"
মোবাইলৰ সিটো মুৰৰপৰা স্পষ্ট ৰুপত পুনৰ ভাঁহি আহিল-"নুশুনিলা নেকি? তোমাৰ ব্ৰাৰ চাইজ কিমান সুধিছিলো?"
তাই যি অনুমান কৰিছিল সেয়াই সচাঁ হ'ল। কি উত্তৰ দিব তাই ঠিক কৰিব নোৱাৰিলে।
---------------------------------------------------------------------------------------
অৰকুটৰ দিনৰে কথা। গূৱাহাটীত থাকি পঢ়িবলৈ অহা বেছিদিন হোৱা নাছিল। অৰকুটত লগৰ সকলোৱে একাউন্ট খোলা দেখি তাইও খুলিলে।লগৰ পুৰনা বহুত বন্ধু-বান্ধৱী পালে। লগতে সিহঁতৰ বিভিন্ন খা-খবৰ। পুৰনা বন্ধু-বান্ধৱীবিলাকে ক'ত পঢ়ি আছে,কি কৰিছে আদিৰ লগতে আগতে ঘনিষ্ঠতা থকাসকলৰ ব্যাক্তিগত জীৱনৰ কথাও জনালে অৰকুটৰ জৰিয়তে হোৱা বাৰ্ত্তালাপত। মোবাইল ফোন এটা তাইৰ আছিল যদিও লগৰ সকলোৰে ওচৰত মোবাইল ফোন নাছিল।যাৰবাবে সকলোৰে খা-খবৰ ৰখাৰ একমাত্ৰ মাধ্যম হৈ পৰিছিল অৰকুট।কাপ-প্লেট হৈ কলেজীয়া জীৱনত যোৰ পাতি থকা ৰীমা আৰু সুৰজ আজিকালি যে বেলেগে বেলেগে যোৰা পাতিলে সেয়াও সীমাৰপৰা গম পাইছিল অৰকুটৰ জৰিয়তে।সাপঁ আৰু নেউলৰদৰে অনবৰত কাজিয়া কৰি থকা তাইৰ মেজৰমেট প্ৰৱাল আৰু প্ৰিয়ংকা এতিয়া হেনো হাতত হাত ধৰি ঘুৰা পকা কৰে ডিব্ৰুগড় ইউনিভাচিটিত।আৰু ধেই খবৰ।এইকেইটা মাত্ৰ হট নিউজহে।
ডিব্ৰগড় ইউনিভাচিটিত পঢ়ি থকা কলেজীয়া হোষ্টেলৰ ৰুমমেট পৰিণীতাই এদিন হাহিঁ হাঁহি সুধিলে-"অৰকুটত নতুন ফেন বনাইছ নে নাই?বৰ সাংঘাটিক কিছুমান ল'ৰা ফেন।সাৱধানে থাকিবি।"
তাইক সদায়েই অকঁৰা বুলি জ্ঞান কৰা পৰিনীতাই ফেচবুকৰ ল'ৰা ফেনৰ আদিপাঠৰ শিক্ষা দিলে। তেতিয়ালৈকে তাই চিনাকীকেইটাৰ বাহিৰে আন অচিনাকী ফেনক ৱেটিং লিষ্টতে ৰাখি থৈছে।
............................... ............................................................................
এদিন তাইৰ ৱালত এটা মেচেজ আহিল.ইতিমধ্যে সেইজনে কেইবাটাও মেচেজ পঠিয়াইছিল-"মেচেজৰ ৰিপ্লাই নিদিয়া যে, মই তোমালোকৰ তাত গৈছো।মই বাঘ নহয়,তোমাৰ লগত চিনাকীহে হ'ব বিচাৰিছো। "
দিওঁ নিদিওঁকৈ তাই কিবোৰ্ডখনৰ আখৰকেইটাত হাত বুলালে পৰিনীতাৰ সতকবানী মনত ৰাখি আৰু টাইপ কৰিলে-"মই আপোনাক চিনি নেপাওঁ, লগ পোৱাও মনত নপৰে।"
অলপ পাছতে ৰিপ্লাই আহিল-"অচিনাকী হ'লেও জানো আমি চিনাকী হ'ব নোৱাৰো?"
সদায়েই সেইজনৰপৰা তাইলৈ মেচেজ আহে,তাই মাজে মাজে ৰিপ্লাই দিয়ে।লাহে লাহে তাইৰ সেইজনৰ মেচেজবোৰ পঢ়ি আমোদ পোৱা হ'ল।সি কি ক'ত কিয় বিখ্যাত আদি সকলো জনালে। ল'ৰাজন ইমান ঝেং যেনো নেলাগিল।
এদিন মোবাইল নাম্বাৰটো দি লিখিলে-"যদি ভাৱা ৰিং এটা কৰিবা।"
এদিন দুদিনকৈ এসপ্তাহ পাৰ হৈ গ'ল।
অৰকুটত মেচেজ আহিল-"কি হ'ল? হেৰাই থাকিলা যে?"
বহু ভাবি-চিন্তি কিনো হ'ব ভাৱত এদিন তাই মোবাইলটোত সি দিয়া নাম্বাৰ দহটা ডায়েল কৰিলে। সিফালৰপৰা ৰিচিভ কৰাৰ পাছত তাই ক'লে-"মই নিমিষাই কৈছো...." মাতটো ল'ৰাজনৰ বৰ শুৱলা। শুৱলা মাতৰ প্ৰতি তাইৰ এক দুৰ্বলতা সৰুৰেপৰাই আছে। তাইৰ মাতটো শুনিবলৈ শুৱলা বুলি বহুতে কয়। লাহে লাহে সিহঁতৰ মাজত ফ'নত কথা-বাৰ্ত্তা হ'বলৈ ধৰিলে ।কিন্তু সেইবুলি সি যি সুধিলে তাই বাৰু কি উত্তৰ দিব? এনে প্ৰশ্নৰ সন্মূখীন তাই আগতে কোনো পুৰুষৰপৰা হোৱা নাই।লগৰ আন ছোৱালীও এনে প্ৰশ্নৰ সন্মুখীন হৈছেনে নাই তাই নেজানে। তাই বাৰু ফ'নটো কাটি দিব নেকি?
(২)
বছৰবোৰ গৈ থাকিল। সময়বোৰো সলনি হ'ল,তাই এতিয়া পঢ়া শুনা কৰি আজৰি হৈ চৰকাৰী চাকৰিয়াল হ'ল।অৰকুটৰ ঠাই ফেচবুকে ল'লে। আজিকালি আৰু তাইক আগৰদৰে লগৰবোৰে শিকাব নেলাগে। বিভিন্ন তিতাঁ-মিঠা অভিজ্ঞতাই তাইক সৰ্ম্পূণ কৰি তুলিছে। মানুহ দেখিলেই,কথা পাতিলেই কেনে প্ৰকৃতিৰ তেওঁ জনা হ'ল।তাই লিখা-মেলাও কৰে আজিকালি। তাইৰ লেখনিৰ বহু অনুৰাগীও আছে। ফেচবুকতো তাইৰ বহু অচিনাকী ফেনৰ লগত ফেন হৈছে। বিভিন্ন মেচেজ আহে।কেতিয়াবা সময় পালে পঢ়ি চায়। দুই এটা মেচেজৰ ৰিপ্লাও দিয়ে। আজিও তাই সময় পোৱাত ফেচবুক খুলি নপঢ়া মেচেজবোৰ পঢ়িবলৈ ল'লে।দুই এটাৰ ৰিপ্লাও দিলে।হঠাত এটা মেচেজ পঢ়ি বহু বছৰৰ আগতে হোৱাৰদৰে তাইৰ অৱস্হা হ'ল। কি উত্তৰ দিব তাই ভাবি নেপালে।
মেচেজটোত লিখা আছিল-"Are you virgin? "
অৰকুটৰ যুগত তাই যেনেকৈ সি সোধা প্ৰশ্ন শুনি অস্তত্বিত ভুগিছিল, আজিও তাই একেই অস্তত্বি অনুভৱ কৰিলে।
(বান্ধৱী এজনীয়ে কোৱা কাহিনীৰ আলমত)

No comments: