Tuesday, July 19, 2016

প্ৰেম নে ঘৃণা?

প্ৰেম নে ঘৃণা?
দিন গৈ মাহ হ’ল৷মাহ গৈ বছৰ৷ চকুৰ আগতেই কেইবাটাও বসন্ত পাৰ হৈ গ’ল৷ ক’তবাৰ গছৰপৰা শুকান পাতবোৰ সৰি নতুন কুহিঁপাতে লঠঙা গছবোৰ সেউজীয়া কৰিলে,তাৰ হিচাপ নাই৷ সিহঁত দুটাৰ জীৱনহে স্হিতপ্ৰন্জৰদৰে একে ঠাইতে ৰৈ ৰ’ল৷ যেন ভয়ংকৰ বিস্ফোৰণ হোৱাৰ পাছত যিদৰে ঘড়ীৰ কাঁটা একে ঠাইতে ৰৈ যায় ঠিক সেইদৰে৷
কোঠাটোত থকা খোলা খিৰিকিখনেদি তাই বাহিৰলৈ চাই আছিল৷ পুনৰ বসন্তৰ আগমণ ঘটিছে৷ গছ-গছনিবোৰ পুনৰ কোমল সেউজীয়া কুহিঁপাতে সেউজীয়া কৰি তুলিছে৷ চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া৷ কেচাঁ মাটিৰ গোন্ধে চাৰিওফালে কিবা এক নাম নজনা মায়াবী পৰিৱেশৰ সৃষ্টি কৰিছে৷ কেচাঁ মাটিৰ গোন্ধে তাইক শৈশৱৰপৰাই টানি থাকে নিৰৱে৷ এই টান কিয় তাইৰ অন্তৰত জাগে তাই নেজানে৷
কোঠাটোলৈ সি সোমাই আহিল৷ তাই প্ৰকৃতিৰ মাজত ইমান একাত্ম আছিল যে সি সোমাই অহা কথাটো তাই গ’মেই নেপালে৷ তাৰ মাততহে তাইৰ সম্বিত ঘুৰি আহিল৷
"কথা এটা আছিল,মৌ৷ "
বাহিৰৰ জগতখনৰপৰা তাই নিজক আজুৰি আনি তাৰফালে ঘুৰি প্ৰশ্নবোধক চাৱনিৰে তাক ক’লে-"কোৱা?"
সি তাইলৈ চাই ৰ’ল৷ তাৰ চকুৰ তীব্ৰতা সহ্য কৰিব নোৱাৰি তাই তললৈ মুৰ কৰিলে৷ কি আছে সেই দুচকুত? ঘৃণা নে প্ৰেম? সীমাহীন ঘৃণাই থাকিব লাগে৷ প্ৰেমত পৰিছিল তাই তাৰ৷ কোনোদিনেই প্ৰেমত নপৰো বুলি শপত খোৱা ছোৱালীজনীয়ে নিজৰ শপত পাহৰি তাৰ প্ৰেমত পৰিছিল৷ বন্ধুত্বৰ হাত আগবঢ়াই অহা তাৰ লগত কেতিয়া, কেনেকৈ প্ৰেম হৈ গ’ল,তাই গ’মেই নেপালে৷ যেতিয়া গ’ম পালে তেতিয়া তাইৰ বাবে উভতি অহাৰ বাট নাছিল৷ পৃথক জাতিৰ দুটা সত্বা হৈও সিহঁতে নিজৰ ইটোৰ সিটোৰ ছাঁ হৈ পৰিছিল৷ তাইৰ মতে পৃথিৱীত দুটাই জাতি -এটা পুৰুষ আৰু এটা নাৰী৷ বাকীবোৰ মানুহৰ সৃষ্ট৷ তাইৰ নিজৰ প্ৰেমৰ ওপৰত অগাধ বিশ্বাস আছিল৷ পিছে তাৰ মাঁ-দেউতাৰ জিদৰ আগত তাইৰ প্ৰেম তেনেই থুনুকা হৈ পৰিল৷ তাইৰ নিজৰ প্ৰেমৰ ওপৰত থকা বিশ্বাস ভংগৰ যন্ত্ৰণা আৰু সি কৰা বিশ্বাসঘাটকতাই তাইক প্ৰতিশোধপৰায়ণ কৰি তুলিছিল৷ আৰু তাৰেই ফলত তাৰ জীৱন শেষ কৰি পেলালে তাই৷ তাইৰ প্ৰতি তাৰ মনত ঘৃণাহে থাকিব৷ প্ৰেম থাকিব নোৱাৰে৷
তাৰ জীৱনৰপৰা তাই সকলো কাঢ়ি নিলে৷ মাঁ-দেউতাকৰ জীৱন, সমাজত তাৰ সন্মান, আনকি শাৰিৰীকভাৱে তাক অপয্যস্ত কৰাই নহয় পংগুও কৰি পেলাইছিল৷ দেউতাকৰ পচন্দমতে বিয়া কৰি অনা ছোৱালীজনীয়ে তাৰ এই সকলোবোৰ গম পাই তাক ডিভোচ দি গুছি গ’ল৷
ইমানবোৰ তাৰ জীৱনত তাই অঘটন ঘটালে,তাৰ পিছত তাৰ মনত তাইৰ প্ৰতি ঘৃণাৰ বাহিৰে আৰু কি থাকিব? তাইও বিচাৰে তাইৰ প্ৰতি তাৰ মন ঘৃণাৰে ভৰি পৰক৷ সেয়াই হ’ব তাইৰ বাবে তাই কৰা প্ৰতিশোধৰ শাস্তি৷
তাই জানো শুদ্ধ কৰিছিল? প্ৰিয়তম পুৰুষজনক সি কৰা বিশ্বাসঘাটকতাৰ বাবে তাই জানো ক্ষমা কৰিব পাৰিলেনে? তাইওতো তাৰদৰেই কাম কৰিলে৷ তাৰ আৰু তাইৰ মাজত দেখোন একোৱেই পাথক্য নেথাকিল৷ সেইয়া কৰি জানো তাই সুখী হ’ব পাৰিলে?
সুখী তাই কেনেকৈ হ’ব?কোনোদিনেই কাৰোৰেই অমংগল চিন্তা নকৰা ছোৱালীজনীয়ে কৰো বুলিয়েই তাৰ জীৱনৰ সকলো আজুৰি শেষ কৰি পেলালে৷ নৰক বনাই পেলালে তাৰ জীৱন৷ এইয়াতো তাই পাপেই কৰিলে৷ জিদত লাগি তাৰ ওপৰত প্ৰতিশোধ ল’লে যদিও তাইৰ মনৰ মাজত তাৰ সকলো শেষ কৰি পেলোৱা অপৰাধে তাইক জানো তাইৰ নিজৰ ওচৰতে অপৰাধী কৰি তোলা নাই? হয়তো তাইৰ মাজত এতিয়াও অলপ হ’লেও ভাল গুণ জীয়াই আছে৷ নহ’লে জানো তাৰ শুস্ৰুষা এতিয়াও কৰে? হয়তো তাই তাক সি যেনে আছে তেনেকৈয়ে এৰি যাব পাৰিলে হয়৷ কিন্তু তাই তেনে নকৰিলে৷ মাঁ-দেউতাক, ভায়েক-ককায়েক,বন্ধু-বান্ধৱী আদি সকলোৰে বাধা নেওচি তাই তাক শুস্ৰুষা কৰিছে তাৰ লগত থাকি৷ তাৰ লগত তাই তেনেকৈ সহবাস কৰাত বহুতে তাইৰ চৰিত্ৰক লৈ বিভিন্ন মুখৰোচক কাহিনী বিয়পাইছে৷ তাই অৱশ্যে সেইবোৰলৈ কেয়াৰ নকৰে৷তাই কি কৰিছে তাই নিজে জানে৷
তাৰ দেহৰ উন্নতিৰ বাবে সম্ভৱপৰ সকলো কৰিছে৷ তাক শাৰিৰীকভাৱে পুনৰ সক্ষম কৰি তুলিলে৷ ইয়ে তাইৰ মনৰ মাজত অলপ হ’লেও অপৰাধবোধৰ বোজা কমাই তুলিছে৷
তাৰ জীৱনটো পুনৰ সুস্হ কৰি তাৰপৰা তাই চিৰদিনৰ বাবে আতঁৰি যোৱাটোকে ঠিক কৰিছে৷ জীৱনৰ বাকী দিনকেইটা তাই অনাথ ল’ৰা-ছোৱালীৰ হৈ খৰচ কৰিব বিচাৰে৷
ইতিমধ্যে তাক তাই এইকথা কৈছেও যোৱাকালি৷ সি এতিয়ালৈকে তাইক তাইৰ সিদ্ধান্তৰ একো উত্তৰ নাই দিয়া৷ হয়তো তাইৰ সিদ্ধান্তৰ বিষয়ে কিবা ক’ব বিচাৰিছে সি এতিয়া ৷ কিবা কয় সি? তাই নেজানে,জানিবও নিবিচাৰে৷(ক্ৰমশঃ)

No comments: