Thursday, July 21, 2016

সেই চকুযোৰে তাইক আজিও খেদি ফুৰে

সেই চকুযোৰে তাইক আজিও খেদি ফুৰে
এযোৰ চকু।এযোৰ কামনাৰে সিক্ত চকু। বছৰ বছৰ পাৰ হৈ গ'ল।তথাপি সেই দুচকুৱে তাইৰ অন্তৰত যি দাগ বঢ়োৱাই থৈ গ'ল,তাই আজিও বুকুত নিজৰ জ্ঞাতে অজ্ঞাতে কঢ়িয়াই ফুৰিছে। সেই দুচকুৰ জিলিঙনি যেতিয়া তাই আন কিছুৰ চকুতো দেখে,তেতিয়া তাই অৱশ হৈ পৰে।তাৰমানে সেই দুচকু এজন বিশেষ লোকেই গ্ৰহণ কৰা নাই।সময় অনুসৰি,ঠাইভেদে সেই দুচকু বিভিন্নজন লোকে বিভিন্ন ধৰনে বহন কৰিছে।কেতিয়াবা চিনাকী খুড়াৰুপে,ওচৰ চুৰুৰীয়া দাদাকৰ ৰুপত,সম্বন্ধীয় ককায়েকৰ ৰুপত,নাইবা বাটত ,গাড়ীৰ উঠাৰ পাছত ভিৰৰ মাজত, অফিচত কলিগৰ ৰুপত বা ওপৰৱালাৰ ৰুপত সেই দুচকুৱে অহৰহ তাইক খেদি ফুৰে।নে তাইৰেই ভ্ৰম য'তে ত'তে বিভিন্ন ৰুপত সেই দুচকুৰ মুখামুখি হোৱা।নাই ভ্ৰম হ'ব নোৱাৰে তাইৰ।ভ্ৰম বুলি ভাবি তাই নিজক সেই দুচকুৰ মুখামুখি হ'লে চিকুটি চায়।সচাঁ তাই সপোন দেখা নাই সেই দুচকুৰ অৱস্হিতিক লৈ।কেতিয়াবা তাই হতাশ হৈ পৰে।
চিঞৰি চিঞৰি তাইৰ ক'বৰ মন যায়-"এই বিষাক্ত দুচকু লৈ তোমালোক কিয় ঘুৰা। যিয়ে আনৰ জীৱনত ইমান পীড়া দিয়ে। দলিয়াই পেলোৱা ।"সেই বিষাক্ত দুচকু যিয়ে তাইৰদৰে আন দহজনী ছোৱালীকো পুৰি মাৰে।আজিকালি সেই দুচকুৰ প্ৰভাৱ যে বেছি হৈ পৰিছে।যাৰপৰা কনমানি শিশু তথা বৃদ্ধ আইতাগৰাকীও সাৰি যোৱা নাই। সেই কথা টিভি নিউজত,কাগজে-পত্ৰই অহৰহ গম পোৱা যায়।আস পৰাহ'লে তাই সেই দুচকু বহন কৰা লোকৰপৰা কাঢ়ি আনিলেহেতেন।কিন্তু তাই নিৰুপায়। ইচ্ছা ,থাকিলেও তাই যে তেনে কৰিব নোৱাৰে।
কৈশোৰ পাৰ হৈ যৌৱনত ভৰি দিয়াৰ বৰ বেছি দিন হোৱা নাছিল তেতিয়া । এদিন সন্ধ্যা সময়ৰ কথা। তাইৰ মাঁক, দেউতাক, দাদাক, ভায়েক মাজু বৰদেউতাকৰ ঘৰত কুহিয়াৰ শালত কুহিয়াৰ পেৰাত ব্যস্ত। আনদিনা হোৱাহ'লে তাইও তাতেই থাকিলেহেতেন।পিছে বছেৰেকীয়া পৰীক্ষাৰ তাৰিখ ঘোষনা হোৱাত তাই পঢ়াক লৈ ব্যস্ত হ'বলগীয়া হয়। মাক-দেউতাকহঁতে তাইক পঢ়িবলৈ কৈ কুহিয়াৰ পেৰাত লাগিল।
মূল দুৱাৰখনত খিলি লগাই তাই পঢ়াত ব্যস্ত। তেনেতে দুৱাৰত টুকৰ পৰিল। ককায়েকৰ নাম ধৰি মাতা সেই আৱাজ তাইৰ নিচেই চিনাকী। ককায়েকৰ বন্ধু বসন্তদাদাক আহিছে। অকলে থাকিবলগীয়া হোৱাত তাইৰ অলপ অলপ ভয় লাগি আছিলেই। বসন্তদাদাক তাই ককায়েকৰ ময্যাদা দিয়ে।বসন্তদাদাকেও তাইক ভনীয়েকৰ দৰে মৰম চেনেহ কৰে। মাকহঁতে বসন্তদাদাক আহিলে তাইক অকলে এৰি যাবপৰাকৈ বিশ্বাস কৰে।
দুৱাৰখন খুলি দি তাই হাহি মাৰি ক'লে-"বসন্তদা,আপুনি আহি বৰ ভাল কৰিলে।মই অকলে আছো।ভয় লাগি আছিল।এতিয়া আৰু ভয় নাই। আপুনি যি কৰে কৰক,মই পঢ়োগৈ।চাহ খাই যদি ক'ব।"
" হ'ব দে,তই পঢ়গৈ।মই তোৰ ককায়েৰৰ বিচনাতে অলপ শুওঁ।" বসন্তদাদাৰ আশ্বাসবাণী শুনি তাই পুনৰ পঢ়াত মন দিলে।
মাকহঁতৰ কামখিনি শেষ কৰি আহিবলৈ আৰু ৩/৪ ঘন্টা লাগিব। পঢ়াত তাই ইমান মগ্ন হৈ আছিল যে সময় কিমান হ'ল তাইৰ খবৰেই নাই।
তেনেতে তাইৰ অনুভৱ হ'ল তাইক পাছফালৰপৰা বিষাক্তসাপৰদৰে যেন কোনোবাই মেৰিয়াই ধৰিছে।কাণৰ কাষত সাপৰদৰে ফুচফুচনিৰে কোনোবাই যেন কৈছে "তোক মই খুব ভাল পাওঁ অ'।বিষাক্ত সাপৰ মুখৰদৰে সিও তাৰ মুখখন তাইৰ গালত লগাই সো গালত তাৰ চুমাৰ পৰশ তাই একো বুজি পোৱাৰদৰে আগতেই আকিঁ দিলে। ছিঃ বিষাক্ত সাপডালে যেন তাৰ বিষ থকা জিভাখনৰে চেলেকি থৈ গ'ল।আৰু যেন সাপডালে এগাল বিষ এৰি দিলে তাইৰ গালে-মুখে।
এই আকস্মিক ঘটনাৰ অথ বুজি উঠিবলৈ অলপ সময় লাগিল তাইৰ। বুজি উঠাৰ পাছত তাই সঃশব্দে বসন্তদাদাক বাধা দি চিঞৰি উঠিল সমস্ত খং একত্ৰিত কৰি।
" এইয়া কি কৰিছে আপুনি?কি বুলি ভাবিছে আপুনি মোক?আপুনিক মোক এনে বৱ্যহাৰ কৰিব বুলি সপোনৰো অগোচৰ আছিল মোৰ।দাদাৰদৰে আপোনাক ভাবিছিলো অথচ আপুনি ইমান নীচ বুলি ভৱা নাছিলো।এতিয়াই ঘৰৰপৰা ওলাই যাওঁক।দাদাহতঁক মাতি অনাৰ আগতেই "।
"মোক ক্ষমা কৰি দে ,মোৰ ভুল হ'ল।মই আৰু কেতিয়াও তোক এনে কৰো।"বসন্তদাদাকৰ অপৰাধীৰদৰে কোৱা কথাবোৰে তাইৰ খং আৰু বঢ়ালেহে।
"এতিয়াই ওলাই যাওঁক,দাদাহতক নোকোৱাৰ আগতেই।"বসন্তদাদাক গুছি গৈছিল তাইৰ মনত হাজাৰ আৱতৰীয়া ধুমুহাৰ সৃষ্টি কৰি।বসন্তদাদাকৰ দুচকুত সেই চকুহালৰ জিলিঙণি দেখিছিল সেইদিনা।
ৰাতি মাকঁক সাৱটি ধৰি কৈছিল-"আজিৰপৰা আৰু মই ঘৰত অকলে নেথাকো।"বসন্তদাদাকে তাইক কৰা সেই ব্যৱহাৰ মাকঁৰ আগত কান্দি কাটি কৈছিল।মাকেঁ মৰমেৰে তাইৰ চুলিত হাত বুলাই কৈছিল-"সাৱধানে হ'বৰ হ'ল দেহা।য'তে ত'তে এতিয়া তই তেনে মানুহেই পাবি"। বসন্তদাদাকৰ ছাঁটোও আৰু ভৱিষ্যতে সিহঁতৰ ঘৰত দেখা পোৱা নাছিল। মাকেঁ কোৱা সেইকথা পৰৱত্তী দিনত তাই বহুবাৰ প্ৰমাণ পাইছিল।এযোৰ আদিম কামনা-বাসনাৰে সিক্ত চকু যিয়ে এটা ফুলকুমলীয়া কলিক নিমিষতে সাৰখাৰ কৰি দিব পাৰে।

No comments: