Tuesday, July 19, 2016

আইৰ সমান কোন হ'ব?

আইৰ সমান কোন হ'ব?
১)
অফিচৰ পৰা আহি পাওঁতে তাইৰ অলপ পলম হৈছিল। মাঁকক তাই ফোন কৰি এই কথা জনাই দিছিল।
“মাঁ, মোৰ অলপ আজি দেৰি হ’ব ৰুম পাওঁতে, তুমি খাই ল’বা, মোলৈ ৰৈ থাকিব নেলাগে।“
মাঁকে-“ হ’ব।” বুলি কৈ শলাগি থ’লে।
অফিচত কাম অলপ থকাত তাই শেষ কৰি যাব বিচাৰিছিল। নহ’লে কাইলৈও আহিব লাগিব। কাইলৈ দেওবাৰ। বন্ধ বাৰত তাই অফিচ আহিবলৈ মন নেযায়। তাতে তাই মাঁকক অলপ সময়ও দিব বিচাৰে। অকলে অকলে ৰুমটোত থাকি মাঁক যদি ব’ৰ হৈ যায়? কংক্রিটৰ মহানগৰীত সুখ-দুখৰ কথা এষাৰ পাতিবলৈও মানুহৰ অভাৱ। অথচ গাওঁৰ ঘৰত এতিয়াও তেনে হোৱা নাই। দিনটোত ওচৰ-চুবুৰীয়া, বংশৰ মানুহবোৰ আহি থাকেই।
মাঁকেও বিচাৰে তাই মাঁকক অলপ সময় দিয়ক-সুখ-দুখৰ এষাৰ কথা পাতক। টিভিটোনো কিমান চাই থাকিব? কাম-বন কৰিবলৈ তেনেকৈ নায়েই। ঘৰ-দুৱাৰ সৰা–মচা, কাপোৰ-কানি ধোৱা আদি কামবিলাক কাম কৰা মানুহজনীয়ে কৰি থৈ যায়হি। তাইও পৰাপক্ষত ভাতকেইটা, চাহ টোপা বনাই থৈ আহেই।
মাঁক আজি পোন্ধৰ দিন মানেই হ’ল তাইৰ লগত গুৱাহাটীত আছেহি। ঘৰত দেউতাক, আৰু ককায়েক। দেউতাক আৰু ককায়েকৰ কষ্ট হ’ব বুলি ভাবি মাঁকক তাই আনিব বিচৰা নাছিল। আৰু কিজানি অকলশৰে দিনটো ৰুমটোত থাকি আমনি পায়? পিছে সিহঁতে নিৰ্ভয় দিয়াত মাঁকেও মন কৰাত তাই শেষবাৰ ঘৰ যাওঁতে লগতে লৈ আহিল। কিমাননো ঘৰতেই সোমাই থাকিব?
মাঁকৰ ঘৰখনলৈও দেউতাক ঢুকুৱাৰ পাছৰ পৰা যাবলৈ মন নকৰা হ’ল। মাঁক আছে যদিও থকা–নথকা একেই কথা-মাঁকককো চিনি নেপায়। মাঁকৰ এই অৱস্থা বাৰু কোন সতে চায়গৈ। শেষবাৰ মাঁকক লগ কৰি অহাৰ পাছত মাঁকে সিহঁতৰ আগত দুখেৰে কৈছিল- “বৌ, মৰি থকাই ভাল আছিল।“ মাঁকক মাঁকে বৌ বুলি মাতে। “এনেকৈ ইমান দিনলৈ আৰু কোনো জীয়াই থাকিব নেলাগে। মইও নেলাগে যদি এনে অৱস্থা হয় মোৰ।“
কিমান কষ্ট পালে নিজ সন্তানে জন্মদাতী মাতৃৰ মৃত্যু কামনা কৰিব পাৰে, সেয়া ভুক্তভোগীয়েহে বুজি পাব।
২)
সৰুৰপৰাই তাই দেখি আহিছে- কাম, কাম আৰু কাম, কামৰ বাহিৰে যেন মাঁকে আন একো নিশিকিলেই। ৰাতিপুৱা সেই কাউৰীয়ে কাঁ বোলোতেই বিচনা এৰি যি কামত ধৰিলে আৰু ৰাতি পুনৰ বিচনাত নপৰালৈকে আৰু নিষ্ঠাৰ নাই। ইমান কাম কিয় কৰে বুলি ক’লেও মাঁকৰ উত্তৰ- “মোৰ কাম কৰিয়েই ভাল লাগে।“ কাম কৰিবলৈ ছোৱালী এজনী ধৰি দিব বুলি কৈছিল তাই আৰু ককায়েকে, পিছে কাম কৰা ছোৱালীৰ কাম হেনো মাঁকৰ পচন্দ নহয়।
“আৰু কিমাননো কাম অ’। গাখীৰ খিওৱা, বাগানত কাম কৰা মানুহ চাৰিটাক চাহ, ভাত দিয়া, ঘৰতো সৰা-মচা কৰা, আৰু বাকী আমাৰ তিনিটাৰ বাবে কৰা কামবিলাক ।এই বিলাক দেখুন বছৰ বছৰ ধৰি কৰি আহিছোৱেও। আৰু অলপ–চলপ দেখুন মিনতিয়ে সহায় কৰি দিয়েই। দীপিকা পঢ়ি-কৰি আজৰি হৈ আহিলে দেখুন তাইয়ে সেইবোৰ কৰিব পাৰিব। “
“এইকেইটা কামৰ বাবে কাম কৰা ছোৱালী আৰু নেলাগে মোক দেই। দেহাটো ঠিকে থকালৈকে মইৱে কৰিম দে, পৰিলে বেলেগ কথা।“ মাঁকৰ যুক্তিৰ আগত তাইৰ, ককায়েকৰ আৱদাৰ তল পৰি যায়। দীপিকা ককায়েকৰ পত্নী হয়। এম এ ডিব্রুগড় ইউনিভাৰচিটিত পঢ়ি আছে তাই।
“আৰু ডাঙৰ কথা কি জান, তহঁতক ভাতকেইটা নিজে বনাই খুৱাই মই বৰ তৃপ্তি পাওঁ। লাগিলে তাৰ বাবে মোৰ অলপ কষ্টই নহওঁক কিয়?” মাঁকৰ মনৰ কথাই সিহঁতৰ মুখৰ মাত হৰি নিয়ে।
সচাঁই মাঁকৰ কথা ভাবিলে তাইৰ নিজৰে ভাষা নোহোৱা হৈ যায়। যাৰ কাৰোৰেই লগত তুলনা কৰিব নোৱাৰি। মাঁকৰ মনবোৰৰ বিশালতাৰ আগত হেনো আকাশখনৰ বিশালতাও তল পৰি যায়। তল পৰি ৰয় সাগৰৰ গভীৰতাও। সন্তানৰ সুখত যি সুখী, সন্তানৰ দুখত যি দুখী। যিয়ে নেকি নিজৰ পৰিচয়, অস্তিত্ব সন্তানৰ মাজত হেৰুৱাই পেলাবলৈও দ্বিধা নকৰে। সেইয়াই মাতৃ হয়। দহ মাহ দহ দিন নিজৰ গৰ্ভত লালন- পালন কৰি অত্যন্ত যন্ত্রণা সহ্য কৰি যেতিয়া সেই সন্তানক পৃথিৱীৰ মুখ দেখায়, তেতিয়া মাতৃয়ে সেই প্রসৱকালীন যন্ত্রণা, পাহৰি যায়, পাহৰি যায় যেতিয়া সন্তানৰ সাফল্য দেখে সেই সন্তানক সাফল্যৰ মুখ দেখাবলৈ কিমান কষ্ট তেওঁৰ হৈছে।
৩)
সেই মাঁকৰে দেহাটো বৰ এটা ঠিক নহয়। বেমাৰে পিষ্ট সেই মাতৃয়ে বিচনাত কুচিমুঁচি হৈ এটা শিশুৰ দৰে শুই থকা দেখি মনটো ভাঙ্গি পৰে তাইৰ। আজি দুটামান সপ্তাহ হ’ল তাইৰ মাঁকৰ গাটো বৰ এটা ঠিক নহয়। গুৱাহাটীৰ অসহ্য গৰম মাঁকৰ দেহাই সহিব পৰা নাই। ফল প্রথমে পানী লগা, কাহ, লাহে লাহে জ্বৰ। মেডিকেলত নি ডাক্তৰৰ ওচৰত দেখাই প্রয়োজনীয় ঔষধ –পাতিও আনি দিছে। দুৰ্বল হৈ পৰাত ডিএনএচ তিনিটাও কাষৰ ফাৰ্মাচিখনৰ ফাৰ্মাচিষ্টজনে দি দিছে।
মাঁক-দেউতাকৰ আন্তৰিকতাপুৰ্ণ ফোনৰ বাৰ্তালাপে তাইক অপৰাধী যেন অনুভৱ কৰায়। তাই বাৰু ভুল কৰিছে নেকি? এই বয়সত দেউতাক আৰু মাঁকক বেলেগে বেলেগে ৰাখি? এই সময়ত ইজনৰ–সিজনৰ প্রয়োজন খুবেই বেছি। প্রেমত পৰি দুয়োজন বিয়াত সোমাইছিল ঘৰৰ অমতত কম বয়সতে । তেতিয়াৰপৰাই বিভিন্ন বিপদ-আপদত দুয়ো একেলগে জীৱন নামৰ নাঁওখনত সাতুৰি-নাদুৰি আগবাঢ়ি গৈ আছে। কেতিয়াবা সফল, কেতিয়াবা বিফল। তাৰ মাজতে ককায়েক, তাইৰ, আৰু ভায়েকৰ আগমন ঘটিছে তেওঁলোকৰ সংসাৰলৈ। কেতিয়াবা এসাজ খাই, কেতিয়াবা এসাজ নেখাই সিহঁতক ডাঙৰ কৰিছে। সিহঁতৰ সাফল্যই দুখৰ, অভাৱৰ সেই যন্ত্রনাদায়ক দিনবোৰক মাঁকহঁতে পাহৰি গৈছে।
তাই ফ্লেটটো পাওঁতে ইতিমধ্যে পৃথিৱীলৈ আন্ধাৰ নামি আহিছিল। দুৱাৰখন খুলি তাই ৰুমটোলৈ সোমাই গ’ল-“ মাঁ, মাঁ” বুলি মাঁকক মাতি। পিছে মাঁকৰ কোনো উত্তৰ নেপাই তাইৰ বুকুখন অজান ভয়ত কঁপি উঠিল ।
“ মাঁকৰ কিবা অথন্তৰ হোৱা নাইতো। কি’বা এটা হ’লে দেউতাক, ককায়েকক তাই কি উত্তৰ দিব? গোটেই জীৱন তাই এই বোজা কেনেকৈ ব’ৱ? হে ভগৱান, এনে অথন্তৰ নঘটুৱা যাতে।“ নেদেখাজনক তাই কাঁতৰেৰে অনুৰোধ কৰিলে।
মাঁক শেষ কোঠাটোত শুই আছিল। উধাতু খাই তাই ৰুমতো পালেগৈ। বিচনাখনত মাঁকক নিচিন্তে শুই থকা দেখি তাই দীঘলকৈ এটা উশাহ ল’লে। মনৰপৰা অমঙ্গলীয়া চিন্তাবোৰ আঁতৰাই পঠালে। মাঁকৰ ওচৰলৈ গৈ কপালখনত মৰমেৰে হাততো বুলাই দিলে তাই। তাইৰ তেতিয়া নিজকে মাঁকৰ স্থান লোৱা যেন অনুভৱ হ’ল। সঁচাই মাঁক নোহোৱা হৈ যোৱাৰ কথা তাই সপোনতো ভাবিব নোৱাৰে। অন্তঃত এই সময়ত। মাঁকবিহীন জীৱনৰ কথা না তাই ভাবিব পাৰে, না ককায়েক বা ভায়েকে। প্রয়োজন হ’লে তাই মাঁকৰ সলনি নিজৰ জীৱন আগুৱাই দিবলৈও পিছ নোহোঁকে। এই জীৱনতো মাঁকৰেই দান।

No comments: