Tuesday, July 19, 2016

প্ৰেম নে ঘৃণা? (মৌৱে তাক গ্ৰহণ কৰিবনে?)

প্ৰেম নে ঘৃণা?
(মৌৱে তাক গ্ৰহণ কৰিবনে?)
(১)
তুমি সচাঁকৈয়ে এই সিদ্ধান্ত লৈ পেলাইছা নেকি? জানো তোমাক তোমাৰ সিদ্ধান্তৰ হকা-বাধা কৰাৰ অধিকাৰ মোৰ নাই৷ সেই অধিকাৰ মই কেতিয়াবাই নিজে হেৰুৱাইছো৷ "
"তথাপি কওঁ মোক যদি এনেকৈ অকলশৰীয়া কৰি এৰি যাম বুলি ভাবিছিলাই ৷তেনেহ’লে মোক কিয় সুস্হ কৰি তুলিছিলা? কিয় এই নতুন জীৱন দিছিলা? মোক মোৰ স্হানতে এৰি গুছি নগ’লা কিয় আনৰদৰে, মৌ?গোটেই জীৱন নিজে কৰা ভুলৰ অনুশোচনা কৰি জীয়াই থাকিলো হয় মৃত্যু কামনা কৰি৷"
খং নে অভিমানত সি কঁপি উঠিছিল৷ দুচকু সিক্ত হৈ পৰিছিল তাৰ৷ আঠু কাঢ়ি বহি পৰিছিল সি তাইৰ সন্মূখত৷
আস, পুৰুষবিলাকৰ দুচকু চকুলোৰে ভৰি পৰিলে কিবা এটা যেন শূন্য শূন্য লাগে৷ তাই তাৰ সিক্ত দুচকু চাব নোৱাৰে৷ কেনেকৈ প্ৰত্যক্ষ কৰিব তাই প্ৰিয়তম পুৰুষৰ দুচকুত চকুলো? যদি সেই সকলো তাইৰেই সৃষ্ট হয়?
তাই আগবাঢ়ি আহি তাৰ সন্মুখত বহি পৰিল৷ দুহাতেৰে তাৰ মুখখন দাঙি ধৰিলে আৰু দুচকুৰ চকুলো মোহাৰি তাই তাক সুধিলে- তুমি মোক ক্ষমা কৰিব পাৰিবা জানো?
তাইৰ চকুযুৰিও সিক্ত হৈ পৰিছিল৷
"কিহ’ৰ বাবে ক্ষমা লাগে, মৌ? মই যি ভুল কৰিছিলো,তাৰহে শাস্তি মোক দিছিলা৷তুমিতো একো ভুল কৰা নাছিলা৷ "
"তথাপি মই যি কৰিলো,তাৰ জানো ক্ষমা আছে? মোৰ বাবেই তুমি তোমাৰ মাঁ-দেউতাক হেৰুৱালা চিৰদিনৰ বাবে,অমৃতাই তোমাক এৰি গুছি গ’ল, তোমাৰ মান-সন্মান সকলো শেষ কৰি দিলো,তোমাক শাৰিৰীকভাৱে পংগু কৰি পেলাইছিলো৷ আৰু কিমান পাপ কৰিলো, সেইবোৰ জানো ক্ষমাৰ যোগ্য?"
"কোনেও মোক ক্ষমা নকৰে৷ তুমিও কৰিব নেলাগে৷"
"তোমাক যদি ক্ষমা কৰিব নেলাগে, মোকো কেতিয়াও ক্ষমা কৰিব নেলাগে৷ তুমি যদি মোক শেষ কৰি পাপ কৰিছো বুলি ভাবিছা, মইও সমানেই সেই পাপৰ অংশীদাৰ৷ কাৰণ এই পাপ কৰিবলৈ মইৱেই তোমাক বাধ্য কৰিলো৷ মই যদি শুদ্ধ এটা সিদ্ধান্ত ল’লো হয়, মোৰ জীৱনত ইমান আউল নেলাগিলেহেঁতেন,আৰু তোমাৰ জীৱনো মইয়ে শেষ কৰি দিলো৷ তুমি যি শাস্তি দিলা,সেইয়া মই কৰা ভুলতকৈ বহু কম৷"
তাই আৰু নিজক বান্ধি ৰাখিব নোৱাৰিলে৷ দুহাতেৰে মুখ থাকি হুকহুকাই কান্দি উঠিল মৌ৷ প্ৰিতমে তাইক তাইৰ অনুমতি নোলোৱাকৈ দুবাহুৰ মাজত সোমোৱাই ল’লে৷ তাইৰ চকুলোৱে তাৰ চাটটো ভিজাই পেলালে৷
সি দেখিলে তাইৰ কপালৰ চুলিৰ মাজত ৰঙা সেন্দুৰৰ লেশ৷ তাৰমানে সি দেখাতো সচাঁই আছিল৷ বহু দিনৰ আগতেই তাইৰ সিৰত সি সেন্দুৰৰ ৰেখা দেখিছিল৷
সন্দিহান হৈ তাইক সোধোতে তাই সেইয়া তাৰ নামতে লৈছে বুলি কৈছিল৷
তাৰমানে মৌৱে সচাঁই কৈছিল৷ সিহেঁ ধেমালি বুলি ভাবিছিল৷
হচপিটেলৰ বিচনাত তাৰ পৰিচয্যা কৰি থাকোতে তাক তাৰ অৱস্হাতে এৰি তাইক বিয়া হৈ যাবলৈ কওঁতে তাই তাক কেতিয়াবাই স্বামী ৰুপে গ্ৰহণ কৰিছে বুলি কোৱা কথাষাৰ তাৰমানে সচাঁই আছিল?
"এইয়া তুমি কি কৰিলা মৌ? "
সিৰত সেন্দুৰৰ লেশ দেখি সি আৰু ৰ’ব নোৱাৰিলে৷ আপোনা-আপুনি মুখৰপৰা ওলাই আহিল৷
মুখত ম্লান হাহিঁ এটা লৈ তাই ক’লে-"তোমাক স্বামীৰুপে যে কেতিয়াবাই স্বীকাৰ কৰি লৈছিলো, তোমাৰ বিয়াৰ বহু আগতেই৷ তুমি যেনেকুৱাই নোহোৱা সেই ৰুপেই মই তোমাক গ্ৰহণ কৰিবলৈ ৰাজী আছিলো৷ তুমিহে নুবুজিলা তোমাৰ প্ৰতি মোৰ কিমান ভালপোৱা আছিল৷ "
"কৈছিলোৱেই তোমাক তোমাৰ বাহিৰে আনৰ লগত বিয়া হ’ব নোৱাৰো বুলি আৰু তুমি কিমান সহজভাৱে মোক এনেকৈয়ে এৰি অমৃতাক বিয়া কৰাইছিলা৷ "
"তোমাৰ প্ৰতি মনৰ মাজত প্ৰতিশোধ ভাৱৰ উৎপত্তি হ’লেও তোমাৰ প্ৰতি অন্তৰত ঘৃণাৰ সৃষ্টি কৰিব নোৱাৰিলো৷ বহুবাৰ চেষ্টা কৰিলো তোমাৰ প্ৰতি ঘৃণা আনিবলৈ৷ পিছে তোমাৰ প্ৰতি মোৰ অন্তৰত ইমান গভীৰ প্ৰেম আছে যে ঘৃণাই তাত প্ৰভাৱ পেলাবই নোৱাৰে৷সেইবাবেই চাগে’ মাঁ,বাবা,দাদা,ভাইটিৰ,বন্ধু-বান্ধৱীৰ হকা-বাধা নেওচি আজিও তোমাৰ লগতেই আছো৷"
নিজৰ আবেগক তাই আৰু ভেটাঁ দি ৰাখিব নোৱাৰিলে৷ দিন,মাহ,বছৰ ধৰি মনৰ মাজত থুপ খাই থকা আবেগবোৰ শব্দৰ ৰুপ লৈ ওলাই আহিল তাইৰ মুখৰপৰা৷
আৰু প্ৰীতম…তাইৰ মুখৰপৰা মনৰ কথাবোৰ শুনি মুকবধিৰ হৈ পৰিছিল৷ আজিৰ দিনতো কোনোবাই কাৰোবাক ইমান ভাল পাব পাৰেনে? সি কিয় বুজা নাছিল মৌৰ তাৰ প্ৰতি থকা সাগৰৰ দৰে গভীৰ প্ৰেম৷ সচাঁকৈয়ে সি মৌৰ এই প্ৰেমৰ যোগ্য হয়নে? কিমান দুভগীয়া সি মৌৰ এই গভীৰ প্ৰেমক নিজ হাতে মোহাৰি অমৃতাক বিয়া কৰিছিল? কিয় সি বুজি নেপালে মৌৰ মনৰ কথা,তাইৰ তাৰ প্ৰতি থকা প্ৰেমৰ গভীৰতা কিয় সি অনুভৱ কৰিব নোৱাৰিলে? কোনোদিনেই মৌৱে মুখ ফুটাই তাৰ প্ৰতি থকা প্ৰেমক স্বীকাৰ কৰা নাছিল তাৰ ওচৰত৷ কোৱা নাছিল তাই- তাক স্বামীৰুপে কেতিয়াবাই স্বীকাৰ কৰা বুলি৷ যদি তাই তাক এবাৰো ক’লে হয়৷ বুজোতে তাৰ বহু দেৰি গৈছিল৷ অমৃতাক বিয়া কৰি অনাৰ পাছত সি মৌৰ গভীৰ উপস্হিতি অনুভৱ কৰিছিল তাৰ জীৱনত৷ হোৱাই নোহোৱাই মৌৰ উপস্হিতিয়ে আহি তাক আমনি কৰিছিল ৷লাহে লাহে বুজি উঠিছিল মৌৰ অবিহনে তাৰ জীৱনৰ অস্তিত্বই নাই৷ কিন্তু এইকথা বুজোতে তাৰ বহুতদেৰি হৈ গৈছিল তেতিয়া৷
(২)
মৌক তাৰ জীৱনলৈ ঘুৰাই অনা তেতিয়া আৰু সম্ভৱ নাছিল৷ সেইকথা বুজি পাইছিল অমৃতাও লাহে লাহে৷
তেনেতে মৌৱে অঘটনটো ঘটাই পেলালে৷ পাছত গ’ম পাইছিল গুন্দাৰ হতুৱাই ভৰি-হাত ভাঙোতে সি যিমান যন্ত্ৰণা পাইছিল,তাতকৈ বেছি যন্ত্ৰণা পাইছিল তাই৷ মাঁক,দেউতাক,আত্মীয়-স্বজন,বন্ধু-বান্ধৱ আদি কৰি সকলোৱে গম পাইছিল তাৰ জীৱনত ঘটোৱা এই অঘটনৰ মুলতে মৌ৷ ঘৰত তাইৰ ওপৰত পুলিচ কেছ দিব বিচাৰিছিল৷ সি মানা কৰিছিল৷ তাই যদি তাক পিটাই মনত শান্তি পাইছে, তাকেই হওঁক৷ এনে কৰি যদি মনৰপৰা তাইৰ প্ৰতিশোধৰ ভাৱ আতঁৰি যায়, তাকেই হওঁক৷ আৰু তাইক জেদী কৰিব নেলাগে৷
হচপিটেলৰ বিচনাত শাৰিৰীক আৰু মানসিক যন্ত্ৰণা লৈ পৰি থাকোতে মৌ আহিছিল৷ তাৰ আপোন সকলোৱে তাইক ককথনাৰে থকা-সৰকা কৰিছিল৷
মৌৱে কিন্তু একো কোৱা নাছিল৷ তাক হচপিটেলৰ বিচনাত যন্ত্ৰণাৰে কাতঁৰ হৈ পৰি দেখি
তাই সুখী হৈছে বুলি ক’লেও সি ভালকৈয়ে বুজি পাইছিল বাহ্যিক মানুহজনীৰ সিপাৰে কোনেও নেদেখাকৈ থকা মৌজনীৰ যন্ত্ৰণাৰ কথা৷
এই দূঘটনাৰ পাছতেই অমৃতাই তাক চিৰদিনৰ বাবে এৰি গুছি গৈছিল৷ তাৰ আৰু মৌৰ কথা জনাৰ পাছত অমৃতাই যে তাক এৰি যাব, সেয়া সি জানিছিলেই৷ তাৰপাছত দেউতাকে চিৰদিনৰ বাবে এৰি গুছি গ’ল-নিজৰ জিদৰ বাবে একমাত্ৰ সন্তানৰ জীৱন শেষ কৰি তেওঁ কেনেকৈ নিজক ক্ষমা কৰিব? তাৰপাছতেই মাকোঁ ৷ লগৰ বন্ধু-বান্ধৱীয়ে ইতিমধ্যেই তাৰ সংগ ত্যাগ পৰিছিল৷
কিন্তু মৌ ,মৌৱে কাৰোৰেই হকা বাধা নেমানিলে৷ নুশুনিলে তাইক লৈ বিভিন্ন মানুহে কৰা কুৎটা ৰটনা৷
চিৰদিনৰ বাবে তাৰ ছাঁৰদৰে মৌ তাৰ কাষত ৰৈ গ’ল৷ এইয়া কেনে প্ৰেম তাৰ প্ৰতি মৌৰ, সি বুজিও বুজিব নোৱাৰে৷
ঘৃণাৰ লেশমানো চিন নাই তাত৷ তাক সুস্হ কৰি তুলিবৰ বাবে অহোপুৰোসাথ চেষ্টা কৰিছিল তাই৷ তাইৰ শুস্ৰুষা আৰু যত্নৰ বলতেই সি আজি পুনৰ সম্পূণ সুস্হ হৈ উঠিছে৷ তাক সুস্হ কৰি তুলিবৰ বাবে তাইৰ চেষ্টাৰ ক্ৰুটি কৰা নাই৷
দিন যিমানেই আগবাঢ়িছে, সিমানেই সি তাৰ প্ৰতি মৌৰ অন্তৰত থকা প্ৰেমৰ গভীৰতা অনুভৱ কৰিছে৷ এতিয়া তাৰ জীৱন কেৱল মৌক লৈয়ে আৰম্ভ আৰু মৌক লৈয়ে শেষ৷ সি আৰু মৌক দুনাই হেৰুৱাব নিবিচাৰে৷ মৌক সি তাইৰ প্ৰাপ্য সন্মান দিব খোজে সি৷ তাই যদি তাক স্বীকাৰ কৰে প্ৰীতমে মৌক চিৰদিনৰ বাবে আপোন কৰিব বিচাৰে৷ যি ভুল সি কৰিলে কৰিলে আৰু,দুনাই তাইক হেৰুৱাই আকৌ একে ভুলকে দোহাৰিব নিবিচাৰে৷ তাইক তাইৰ প্ৰাপ্য সুখ দিব খোজে৷ মৌৱে বাৰু তাক ক্ষমা কৰিবনে? তাক আপোন কৰি ল’বনে মৌৱে?
"মৌ, আমি সকলো পাহৰি এটা নতুন জীৱন আৰম্ভ কৰিব নোৱাৰোনে? য’ত আমাৰ পুৰনি ভুলবোৰ নেথাকিব৷"
বহু আশা লৈ প্ৰীতমে মৌৰ মুখলৈ চাই ৰ’ল৷ মৌৱে বাৰু কি উত্তৰ দিব?
তাৰ প্ৰস্তাৱত বাৰু সন্মতি দিবনে তাই?
দুয়ো মিলি এখন চেনেহৰ ঘৰ সাজিব পাৰিবনে?(সমাপ্ত)

No comments: