Thursday, July 21, 2016

-----------------------এটা সপোন -----------------------------------------------------

-----------------------এটা সপোন -----------------------------------------------------
১)
মাঁৰ মাতত ধৰমৰাই সাৰ পাই উঠিলো। ৱাল ক্লকটোলৈ চালো।আঠ বাজি গৈছে। ইমান দেৰি তাৰমানে মই শুইৱে আছিলো।মাঁহতো যে আৰু-মোকতো উঠাই দিব লাগে।পিছে মনত পৰিল কালি শুৱাৰ আগতে মইৱেতো কৈছিলো মোক কাইলৈ ৰাতিপুৱা সোনকালে নজগাবলৈ। কালি আবেলি গুৱাহাটীৰপৰা দৰকাৰী কাম এটাত ঘৰলৈ আহিবলগীয়া হ'ল। নগাওঁৰ বাইপাচৰপৰা কাজিৰঙা পোৱালৈকে ৰাস্তাটোৰ অৱস্হা যিহে দিনে দিনে হৈ গৈছে, আৰু তাৰপাছতো দেৰগাওঁ ,যোৰহাট আদিলৈকে ঘৰলৈ অহাৰ কথা ভাবিবলৈকে ভয় লগা হৈছে। হাইৱে বনাইছে বুলিয়েইনো বাৰু অলপো মেৰামতি কৰিব নেলাগেনে?এনেকৈ মেৰামতি নকৰিলে আৰু ছয় মাহমানৰ পিছত যে ৰাস্তাটোত মাজে মাজে একোটা পুখুৰীৰ সৃষ্টি হ'ব,সেয়া নিশ্চ্ত। আৰু বাৰিষা কালত পথাৰৰ সৃষ্টি হৈ তাতে খেতি কৰিব পাৰিব কাষৰ জনসাধাৰনে সেইয়া ন দি ক'ব পাৰি। ৰাস্তাটোৰ কৃপাত যেনিবা আন নহ'লেও কঁকালৰ জোৰা যে সোলোক ঢোলোক হৈ পৰিব সেইয়া চকু মুদি ক'ব পাৰি। তাতে যিখন চুপাৰত আহিলো ব্ৰেক মাৰিবলৈ লওঁতে যিহে ককৰ্ষ শব্দৰ সৃষ্টি হয়,চকুযোৰ জপালেও সাৰপাই যাওঁ। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক দোষ দিয়ে,তেওঁলোকৰ হাতত হেনো ৰাস্তাটোৰ মেৰামতি কৰাৰ দায়িত্ব নাই। চৰকাৰে যিয়েই নকওঁক পিছে শাস্তি খিনি সাধাৰন জনতাই খাইছে।
২)
চকুহাল মোহাৰি বিচনাৰপৰা উঠি আহিলো।বাহিৰত এক হুলস্থুলীয়া পৰিৱেশ। ভিতৰৰপৰাই এই হুলস্হুল শুনি কি হ'ল বুলি ওলাই আহি দেখিলো আমাৰ চাহ বাগানৰ পাত টুকা মোহন দাদা,আচাদে একোখনকৈ নতুন চাইকেল লৈ আহিছে। আচৰিত কথা ইহঁতে নতুন চাইকেল কিনিব পৰাকৈ টকা ক'ত পালে?
উৎসুকতা দমন কৰিব নোৱাৰি মোহন দাদাক সুধিলো-"মোহনদা,নতুন চাইকেল যে...."
"চৰকাৰে দিছে। অকল চাইকেলেই নহয় ঘৰো বনাই দিছে,ইলেক্টিচিটি দিছে,লেট্ৰিন দিছে । আৰু কি জানে আমাৰ দৈনিক হাজিৰা ৩০০ দিব লাগিব বুলি মালিকে চৰকাৰে বান্ধি দিছে।"মোহনদাই ক'লে।
আচৰিত হৈ মাঁৰ মুখলৈ চালো।মাঁয়ে মোৰ প্ৰশ্নবোধক চাৱঁনি দেখি মুৰটো দুৱাই বুজালে যে এইয়া সচাঁ। আচৰিত জনসাধাৰনক শোষণ কৰা চৰকাৰখনৰ এনে পৰিৱৰ্ত্তন কেনেকৈ হ'ল? মাঁয়ে আৰু ক'লে -কেচাঁ চাহপাতৰ দামো চাহ খেতিয়কৰ উপযুক্ত হোৱাকৈ বান্ধি দিছে।অকল চাহপাতেই নহয়,খেতিয়কৰ সকলো উৎপাদিত সামগ্ৰীত উপযুক্ত দাম বান্ধি দিছে যাতে খেতিয়কৰ লোকচান নহয়।আশ্বৰ্য্যচকিত হৈ পৰিলো মই।
৩)
মাঁয়ে বনাই দিয়া চাহ কাপ খাই ডাঙৰ বৰ্তাৰ খবৰ এটা লৈ আহো বুলি ওলাই আহিলো।বৰদেউতাৰ গাটো বৰ এটা ঠিক নাছিল।একমাত্ৰ ল'ৰাটো চাকৰিসূত্ৰে শিৱসাগৰত থাকে। চুটি পালে সি ঘৰলৈ আহি যায়। বৰবৌৰ দিন-ৰাতি বৰদেউতাক সেৱা-শ্ৰুষসা কৰোতেই যায়। বৰদেউতাক চাবৰ বাবে মই কেতিয়াবাই নাৰ্চ এগৰাকীক ল'ব কৈছিলো।পিছে গাওঁত ক'ৰপৰা নাৰ্চ পাব?যাৰফলত বৰবৌৱে বৰদেউতাৰ সেৱা কৰোতে বৰবৌৰ দেহাও দিনে দিনে পৰি আহিছে।গেটখন খুলি সোমাই গ'লো। বাৰান্দাতে বৰ্তা বহি আছিল।আগতকৈ স্বাস্হ্য ভাল হৈছে। মোক দেখি কেতিয়া আহিলো সুধিলে।তেনেতে দেখিলো এগৰাকী নাৰ্চে হাতত মেডিচিন লৈ আহিছে বৰদেউতাক খোৱাবৰ বাবে।আচৰিত হ'লো।
বৰবৌক দেখি আচৰিত হৈ সুধিলো -"ক'ত পালে?"
চৰকাৰে দিছে।বৰদেউতা হাইস্কুলৰ শিক্ষক আছিল। চৰকাৰে ৰিটায়াৰড শিক্ষকৰ বাবে পেঞ্চনৰ বাদেও বেলেগ সুবিধা কৰি দিছে। যিসকলৰ বৃদ্ধ বয়সত চোৱা-চিতা কৰিবৰ বাবে মানুহৰ অভাৱ,তেওঁলোকৰ বাবে নাৰ্চৰ ব্যৱস্হা কৰি দিছে।মাত্ৰ এখন আবেদন কৰিব লাগে।অকল সেয়াই নহয়,গাওঁৰ সকলো বয়োজেষ্ঠৰ বাবে বৰদেউতাৰদৰে সুবিধা দিছে বিনামূলীয়াকৈ। তাৰোপৰি যিসকল বয়োজেষ্ঠ লোক চিকিৎসালয়লৈ যাব নোৱাৰে তেওঁলোকৰ বাবে ডাক্তৰ নিজে ঘৰলৈ আহি চেক আপ কৰি যায়হি। আশ্বৰ্য্যৰ সীমা মোৰ নোহোৱা হৈছিল। এইবোৰ কেতিয়া হ'ল মই যে একো গমেই নেপাওঁ। এদিনতে ৰাতিটোৰ ভিতৰতে এনে পৰিৱৰ্ত্তন সম্ভৱনে নে মই সপোন দেখিছো?বৰবৌৱে দিয়া চাহকাপ খাই আৰুনো কি পৰিৱৰ্ত্তন হৈছে চাওঁ বুলি ৰাস্তাটোৰে আগুৱাই গ'লো।আমাৰ ঘৰৰ সন্মূখৰ ৰাস্তাটো আগৰেপৰাই পকা আছিল।পিচে কাষৰ চুবুৰীলৈ যোৱা ৰাস্তাটোও যে এদিন পকি হৈ উঠিব সেয়া সপোনৰো অগোচৰ আছিল।কিন্তু আজি সেই ৰাস্তাটোও পকি দেখি চকিত হৈ পৰিলো।
অলপ আগুৱাই সেইটো নগেনদাৰ ঘৰ।দিন হাজিৰা কৰি পেট প্ৰৱত্তোৱা নগেনদাৰ আগৰ চৰকাৰে দিয়া পনিয়লি ঘৰটোৰ ঠাইত আসাম টাইপৰ বৃহৎ ঘৰটো দেখি মোৰ মুখৰ মাত হৰিল।তেনেতে নগেনদাৰ খুৰী ওলাই আহিল।মোক দেখি হাঁহি মোৰ খা-খবৰ ল'লে।ঘপকে সুধি পেলালো তেওঁলোকৰ এই পৰিৱৰ্ত্তনৰ আঁৰৰ ৰহস্য।
"তই বহুদিন অহাই নাই নহয়।ক'তনো গম পাবি?চৰকাৰে সহায় কৰিছে।আজিকালি খুড়াই কাঠৰ ফাৰ্নিছাৰ এখন আৰম্ভ কৰিছে চৰকাৰে টকা দি সহায় কৰিছে।আগৰদৰে হাজিৰা কৰিব নেলাগে।মোৰ ভৰিৰ বিষটোও চৰকাৰে সহায় কৰাত ভাল হ'ল।এই চৰকাৰখনে আমাৰ কাৰনে বহুত কৰিছে জান। "
খুড়ীৰ লগত কথা শেষ কৰি মই ৰাস্তাটোৰে আগবাঢ়িলো।ৰাস্তাৰ দুয়োকাষে খেতিৰ পথাৰ।ধান গছবোৰত ধানৰ ঠোকবোৰ ঢো খাই পৰিছে।খেতি এইবাৰ তাৰমানে ধুনীয়া হৈছে। আৰু দেখিলো পথাৰৰ কাষে কাষে বৃহৎ পানী যাব পৰা নলা।তাৰমানে বছৰৰ বাৰমাহেই ইয়াত খেতি কৰিব পাৰে।আৰু অলপ আগুৱাই গৈ তিনিআলিটো পালোগৈ।তাত মোৰবাবে আৰু আশ্বৰ্য্য ৰৈ আছিল।তিনিআলিটোৰ সোঁফালে থকা খালি ঠাইটুকুৰাত এটা স্বাস্হ্যকেন্দ্ৰ।তিনিআলিটোতে ৰমেন খুড়া ৰৈ আছিল।মোক দেখি কেতিয়া আহিলো,ভাল বেয়াৰ খা-খবৰ সুধিলে।সুবিধা পাই মই স্বাস্হ্যকেন্দ্ৰটোলৈ ডাক্তৰ আহেনে নাই সুধিলো। উৎসাহভৰা কন্ঠেৰে ক'লে-"বৰ ভাল ডাক্তৰ আই।আমাকবোৰক পিতৃতুল্য জ্ঞান কৰে।মানুহৰ ঘৰে ঘৰে গৈ বেমাৰ চায়গৈ।আজিকালি দুৰলৈ আৰু বেমাৰ দেখাবলৈ যাব নেলাগে।চৰকাৰে বহুত উপকাৰ কৰিলে এই স্বাস্হ্যকেন্দ্ৰটো পাতি দি।"প্ৰত্যেকখন গাওঁতে হেনো এটা স্বাস্হ্যকেন্দ্ৰ পাতিছে।
ইতিমধ্যে স্কুল খুলিছিল।অসমীয়া মাধ্যমৰ সেই স্কুলতেই আমি পঢ়িছিলো।পিছে যোৱা কিছুবছৰত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নিজৰ ল'ৰা-ছোৱালীক পঢ়িবলৈ দিয়াত চকুত লগাকৈ অসমীয়া মাধ্যমৰ স্কুলত ছাত্ৰ-ছাত্ৰী বহুত কমি গৈছিল।তাতে নতুনকৈ নিয়োগ কৰা শিক্ষক সকলৰ দৰমহা পাতি নিয়মীয়া নোহোৱাত তেওঁলোকেও পঢ়োৱাত বিশেষ আগ্ৰহ দেখুৱা নাছিল।পিছে আজি তাৰ ওলোটাটোহে প্ৰত্যক্ষ কৰিলো।স্কুলখনলৈ যিদৰে ছাত্ৰ-ছাত্ৰীৰ আগমন ঘটিছে কোনেও নকয় অসমীয়া মাধ্যমৰ স্কুলৰ সংকট চলিছে বুলি।চিনাকী শিক্ষয়ত্ৰী এগৰাকী পাই তাইৰ লগত স্কুলৰ বিষয়ে কথা পাতিলো।তাইয়ে ক'লে-"আজিকালি সকলো সলনি হৈছে বাইদেউ।চৰকাৰে শিক্ষক ৰ দৰমহা নিয়মীয়া কৰাৰ লগতে স্কুলৰ শিক্ষা ব্যৱস্হাৰো বহু পৰিৱৰ্ত্তন কৰিছে।দুখীয়া ছাত্ৰ-ছাত্ৰীৰ শিক্ষা বিনামূলীয়া কৰিছে।স্কলাৰশ্বিপৰো ব্যৱস্হা কৰিছে।যাৰবাবে অসমীয়া মাধ্যমৰ স্কুলৰ শিক্ষাৰ মান উন্নত হৈছে।আজিকালি অভিভাৱকে ইংৰাজী মাধ্যমৰ বিদ্যালয়তকৈ নিজৰ সন্তানক অসমীয়া মাধ্যমতহে দিয়া হৈছে।"তাইৰ সময় হোৱাত গুছি গ'ল।
মই উভতনি যাত্ৰা ল'লো। মুল ৰাস্তাটোৱেদি আজিকালি দুই এখন যাত্ৰী নিয়া গ্ৰাম্য বাছ,ট্ৰেকাৰ আদি চলিবলৈ লৈছে ।তাৰমানে মানুহবোৰ আজিকালি ডেৰ কিলোমিটাৰ দুৰৰ বাছষ্টেন্ডটোলৈ যাব নেলাগে।আহঁত গছজোপাৰ তলতে এটা জিৰনি কোঠাও বনাই দিছে।ৰাস্তাৰ কাষে কাষে বহুবোৰ শাৰী শাৰীকৈ গছ ৰুই থৈছে।তাৰমানে চৰকাৰে প্ৰকৃতি সংৰক্ষণৰ কথাতো গুৰুত্ব দিছে।উভতি আহোতে বিভিন্নজনৰ মুখত বতমানৰ চৰকাৰখনে দেশৰ তথা দহৰ মংগলৰ কল্যানৰ বাবে লোৱা কামৰ কথা শুনিলো।মনটো মোৰ লাহে লাহে ভৰি আহিল।ঘৰত যে নোকোৱাকৈয়ে ওলাই আহিলো তেতিয়াহে মনলৈ আহিল।মাঁৰপৰা গালি খাব লাগিব বুলি খৰকৈ খোজ দিলো।
তেনেতে কান্ধত ধৰি মাঁয়ে মাতিলে-"মাজনী,বহু দেৰি হ'ল।উঠ।"দুচকু মেলি দেখিলো মই বিচনাতে আছো।তাৰমানে মই সপোনহে দেখি আছিলো।যিকি নহঁওক বাস্তৱ নহ'লেও সপোনটোৱে মোৰ মন ভৰাই পেলালে।সচাঁকৈ যদি এই সপোনে বাস্তৱ ৰুপ পালেহেঁতেন....

No comments: