Thursday, July 21, 2016

বিক্ষিপ্ত মন

বিক্ষিপ্ত মন
ৰাতিৰ সাজ খাই বিচনাত পৰিল অনুপ। দিনতো অফিচৰ সীমাহীন ব্যস্ততাৰ বাবে সন্ধিয়া ৰূমটোত সোমোৱাৰ পাছত আৰু ক’তো ওলাই যাবৰ মন নেযায় তাৰ। লগৰবোৰে আজিকালি প্রায়েই তাৰ এই এলেহুৱা স্বভাৱটোক লৈ গালি দিয়ে। সিহঁতৰ গালি শুনি ওলাই গৈ সিহঁতৰ লগত বহি এপেগ গিলি ফুত্তি কৰিবৰ মন তাৰো যায়। পিছে সময় আগবাঢ়ি গৈ থকাৰ লগে লগে বয়স বাঢ়ি যোৱাৰ লগে লগে যিবোৰ দায়িত্ব আহি পৰিছে, সিয়ে আগৰ দায়িত্বহীন ল’ৰাটো হ’বলৈ বাধা দিয়ে তাক। প্রাইভেট কোম্পানিত চাকৰি কৰি যিকেইটা টকা দৰমহাৰ ৰুপত পায় সি, সিয়ে ঘৰ ভাড়া, মাহেলী খৰচ, মাক-দেউতাকৰ বেমাৰৰ খৰচ, পলিচিৰ ই এম আই আদিবোৰ যেনেতেনেহে হয়। তাতে ভনীয়েকজনীৰ বিয়াৰ চিন্তা আছেই। ভনীয়েকে এইবাৰ এম এ পাচ কৰিছে। শিক্ষকতা কৰা দেউতাকো ৰিটায়াৰ হোৱা দুবছৰ হ’ল। নিজৰ কথা বাৰু বাদেই দিলো। মাঁকে আজিকালি তাৰ বিয়াখনৰ কথাও কোৱা হৈছে।
‘বেমাৰী দেহা, দুইটা ল’ৰা – ছোৱালীৰে বিয়া দুখন পাতি দি আজৰি হ’ব পাৰিলেই ৰক্ষা।“ মাঁকৰ মনৰ কথা এইয়া। সি বিয়া পাতিবলৈ দেখোন নিজক সম্পূণৰুপে প্রতিষ্ঠা কৰিবই পৰা নাই। ইমানসোপা টেনছন লৈ কি ভাবি বাৰু লগৰ কেইটাৰ লগত স্ফুত্তি কৰিবৰ মন যাব তাৰ? অফিচৰপৰা অহাৰ পাছত চাহ কাপ বনাই আৰামী চকীখনত দেহাটো এৰি দি টিভিতো অন কৰে সি সদায় । তেতিয়া অসমীয়া নিউজ চেনেল কেইটাত বাতৰি দি থাকে, বা বিভিন্ন বিষয়ৰ ট’ক শ্ব’ চলি থাকে। বাতৰিতেই হওঁক বা টক শ্ব’তেই হওঁক, অসমৰ এতিয়াৰ গৰম খবৰ সীমাহীন বৃষ্টিপাত আৰু হিয়াৰ আমঠু ৰঙ্গালী বিহুটিৰ বাতৰিয়ে ভৰি পৰিছে। এইয়া বাৰু পৃথিৱী ধবংসৰ আগ জাননী নেকি নে মহাপ্রলয়ৰ লক্ষণ নেকি ? এই লৈ বিভিন্ন বিঞ্জানী তথা জ্যোতিষীক লৈ বিভিন্ন নিউজ চেনেলবোৰে বিভিন্ন টক শ্বোও আৰম্ভ কৰিছে। বিহুটোৰ কথা নক’লোৱেই বা। বিহু কমিটিৰ বিষয়- ববীয়াই মঞ্চত শিল্পীয়ে ধূতি-পায়জামা, মেখেলা –চাদৰ পিন্ধিব লাগিব বুলি ঘোষণা কৰাৰ পাছৰেপৰা শিল্পী আৰু কমকতাসকল প্রত্যক্ষ আৰু পৰোক্ষ বাকযুদ্ধত লিপ্ত হৈছে। কি বিহু যে কি হৈ গ’ল, ভাবিলেই আচৰিত লাগে তাৰ। গছৰ তলৰ হালোৱা –হুজুৰাৰ বিহু গৈ মঞ্চত উঠিল। চেনেহৰ বিহুৱাখন বাহিৰৰ ৰাজ্যৰপৰা আমদানি কৰা হ’ল। কাজী শিপিনীবোৰ এলাগী হৈ পৰিল। গছৰ সতেজ কপৌ ফুল পাহৰ ঠাই প্লাস্টিকৰ ফুলে শুৱনি কৰিলে। ইয়াৰ আগতে অসমৰ হৈ যোৱা বিধান সভা নিবাচনক লৈ বিভিন্ন চেনেলে, ৰাজনৈতিক দলে অসমৰ সাধাৰণ জন–জীৱন ব্যাতিব্যস্ত কৰি ৰাখিছিল। কংগ্রেছ, বিজেপি, এজিপি, এআইডিউএফ আদি বিভিন্ন ৰাজনৈতিক দলে নিবাচনত জিকিবলৈ অসমৰ আকাশ- বতাহ কঁপাই তুলিছিল। এই নিবাচনেই হেনো শৰাইঘাটৰ শেষ ৰণ হোৱাৰদৰে হ’ব। কাৰবাবে এই ৰণ হ’ব? এইবোৰ কথা যদি এতিয়া লাচিত বৰফুকনহঁতে শুনিলেহেতেন, কি যে হ’লহেতেন? ক’ত লাচিত বৰফুকনৰ নেতৃত্বত মোগলৰ বিপক্ষে কৰা বিখ্যাত শৰাইঘাট যুদ্ধ আৰু ক’ত আজিৰ শৰাইঘাট যুদ্ধ ! অসমৰ সহজ –সৰল নাগৰিকৰ বাবে নে বিভিন্ন ৰাজনৈতিক দলৰ দিচপুৰৰ গাদী দখলৰ বাবে। ভোটগ্রহণ শেষ হ’ল, সেই চিয়ঁৰ –বাখৰ, আলোচনা- প্রতি সমালোচনা, বাদ- প্রতিবাদ , ইটো দলে সিটো দলক কৰা অভিযোগ প্রতি অভিযোগ, বুদ্ধিজীৱীৰ নগ্ন ৰুপ আদিও শেষ হ’ল। এতিয়া মাত্র সেই নিদিষ্ট দিনটোলৈ অধীৰ অপেক্ষা কৰাৰ বাহিৰে কাৰোৰেই আন উপায় নাই। ইমানবোৰ চিন্তা কৰি কি লাভ? যিয়েই নিজিকক , সিহঁতৰদৰে সাধাৰণ জনতাই সদায়েই কষ্ট কৰি খাব লাগিবই।
দিনটোৰ সীমাহীন ব্যস্ততাৰ বাবে ভাগৰে হেচাঁ মাৰি ধৰিছিল তাক। এইবাৰ আদৰৰ বিহুটো উকাঁ হৈয়েই গ’ল। ঘৰলৈ যাম বুলি ঠিক কৰিও শেষ মূহুত্তত যাব নোৱাৰিলে সি।
“ তই আহিবি বুলি আশা কৰিছিলো”, বুলি মাঁকে কোৱা কথাষাৰে মনটো দুখেৰে ভৰাই পেলাইছিল। অকল সেয়াই নহয়, মাজে মাজে মাঁকৰ, ভনীয়েকৰ অভিযোগ – আমাৰ বাবে তোৰ সময়েই নাই। মাঁকক, ভনীজনীক সময় দিবৰ মন যায় তাৰ, পিছে কোম্পানিৰ চাকৰি কৰে সি, কোনো কাম নিজৰমতে কৰিব নোৱাৰে, মাহেলী পোৱা কেজুবেল চুটিকেইটাও দিবলৈও বছে যেন বেয়াহে পায়।
চুটি বিচাৰিলে সদায়েই একেই কথা- “এইবাৰ নল’লে নহয় নে?” মাথাটো ঘোলা হৈ যায় তেতিয়া তাৰ। ইফালে মাহেলী বান্ধি দিয়া টাৰগেট যদি সম্পুণ কৰিব নোৱাৰে, তেতিয়া চাকৰিলৈকে টনাটনি। নিদ্রা দেবীয়ে ইতিমধ্যে তাক মাতি আছিল। নাকে-মুখে ভাত কেইটা গিলি বিচনাখনত শুই পৰিল অনুপ মনটো বিক্ষিপ্ত চিন্তাৰে থকা সৰকা হৈ।

No comments: