Tuesday, July 19, 2016

কইনাৰ সাজ পিন্ধিব ৰুপালীমে-(দ্বিতীয় ভাগ)

কইনাৰ সাজ পিন্ধিব ৰুপালীমে-(দ্বিতীয় ভাগ)
ছোৱালীবোৰে বাৰু বিয়া হ’বলৈ লৈ কি বিচাৰে? এক জটিল প্রশ্ন।
আনৰ কথা তাই নেজানে , কিন্তু নিজে তাই কি বিচাৰে সেইটো তাই ভালদৰে জানে। এজন মৰমিয়াল স্বামী যিয়ে তাইৰ মতামতক, তাইৰ সন্মানক গুৰুত্ব দিয়ে, তাইক বিশ্বাস কৰে। যিয়ে বিপদে –আপদে তাইৰ ছাঁটোৰদৰে তাইক আৱৰি ৰাখে। তাইও তাইৰ হ’বলগীয়া মানুহজনৰ সকলো সুখ- দুখত ছাঁটোৰদৰে আৱৰি ৰাখিব খোজে। তেওঁৰ জীৱনলৈ অহা প্রত্যেকটো সুখ- দুখ, বিপদ-আপদ তাইক পাৰ হৈয়ে তেওক চুব পাৰিব। তাই যেনেকৈ তেওঁৰ বাবে সৎ, তেওঁও তাইৰ ক্ষেত্রত সৎ হোৱাতো বিচাৰে। বাহ্যিক সুন্দৰতাতকৈ মানসিক সৌন্দয্যক অগ্রাধিকাৰ দিয়াটো বিচাৰে তাইৰ হ’বলগীয়া মানুহজনৰ মনত।
শাহুৰ-শুহুৰেকক তাই নিজৰ মাঁক-দেউতাকক কৰাৰ দৰে সন্মান কৰিব খোজে। কৰিব খোজে শ্রদ্ধা-ভক্তি। ননদ-দেওৰেকক নিজৰ ভাই- ভনীয়েকক কৰাৰদৰে মৰমেৰে উপচাই পেলাব বিচাৰে। তাই বাৰু সফল হ’বনে তাইৰ এই সপোনক বাস্তৱ ৰুপ দিবলৈ?
তাইৰ বিয়াৰ খবৰ শুনি লগৰ ঘনিষ্ঠ বান্ধৱী কেইজনীয়ে ফোন কৰিছিল। ইতিমধ্যে তাৰে কেইজনীমানৰ বিয়া হৈ গৈছে। বিয়াৰ পাছত স্বামীৰ ঘৰত শাহু, ননদৰপৰা পোৱা তিক্ত অভিঞ্জতাৰ কথা তাইৰ আগত সিহঁতে শ্বেয়াৰ কৰিছে।
জুলিয়ে কৈয়েই দিছে- “শাহু, ননদে তোক কেতিয়াও নিজৰ বুলি নেভাবে। শাহু তোৰ বাবে কেতিয়াও নিজৰ মাঁ হ’ব নোৱাৰে, হ’ব নোৱাৰে ননদো তোৰ ভনীয়েৰ। হাজাৰ তই ভাল কৰিলেও ক’ৰবাত নহয়, ক’ৰবাত খুঁট উলিয়াবই। তোৰ কথাক যেতিয়া তোৰ স্বামীয়ে গুৰুত্ব দিবলৈ ল’ব, তেতিয়া শাহুৱে ভাবিব তই পুতেকক আঁতৰাই নিছ , ননদে ভাবিব তই ককায়েকৰ মৰম কাঢ়ি নিছ। যদিও তই সেইবোৰ একো ভাবি নকৰ। তই যিমানেই যি নকৰ, এওঁলোকৰ মৰম পোৱা ইমান সহজ নহয়। নহ’লে মই জানো শাহুৰ- শুহুৰৰ লগত একেলগে নেথাকি বেলেগে থাকিবলগীয়া হয়নে? কোনেনো বিচাৰে নিজৰ ঘৰখনৰ পৰা আতঁৰি থাকিব? হাজাৰ হ’লেও বিয়া হৈ অহাৰ পাছত স্বামীৰ ঘৰখনেইতো নিজৰ ঘৰ হৈ পৰে। অৱশ্যে শহুৰ, দেওৰেকৰ পৰা তই একো প্রব্লেম নেপাঅ’।“
জুলিৰ কথাত হয়ভয় দি উঠে ইতিমধ্যে স্বামীৰ ঘৰত তিক্ত অভিঞ্জতাৰে সিক্ত হৈ পৰা ময়ুৰী, নমিতাও। জুলি আৰু নমিতাৰ কথা তাই নেজানে, কিন্তু ময়ুৰীৰ কথা তাই বিশ্বাস কৰে। ময়ুৰী এনে এজনী ছোৱালী হয়, যিয়ে ডাঙৰকৈ কাকো কথা এষাৰ কৈ পোৱা নাই। সেই ময়ুৰীক যেতিয়া শাহুয়েকে অত্যাচাৰ কৰিছিল বুলি জানিছিল, তেতিয়া তাইৰ শাহুৰুপী নাৰীৰ এই ৰুপৰ প্রতি ঘৃণা জাগিছিল। তাইৰ মাঁকতো তেনে নহয়। ককায়েকৰ পত্নীক মাঁকে নিজৰ ছোৱালীৰ দৰে মৰম, চেনেহ কৰে। অথচ সেই শান্ত-শিষ্ট মাঁকজনীক সিহঁতৰ আইতাকে দেউতাকলৈ নিজে অহা বাবে মানসিক আৰু শাৰিৰীক দুয়ো ধৰণে আতিশৰ্য্য চলাইছিল। সেই দিনবোৰ সোঁৱৰি মাজে মাজে মাঁকৰ দুচকু সিক্ত হোৱা তাই এতিয়াও দেখিছে।
অৱশ্যে মিতালীৰ মতামত বেলেগ। স্বামীৰ ঘৰখনত তাই নিজৰ মাঁক-দেউতাকৰ ঘৰখন বিচাৰি পাইছে। জুলিহঁতৰ কথাৰ প্রতিবাদ কৰি তাই কয়- “সৱ শাহু , ননদ একেই নহয় দে। সৱকে দোষ নিদিবি। মোক দেখোন মোৰ শাহুৱে নিজৰ ছোৱালীৰদৰে ভাবে, ননদে নিজৰ বায়েকৰ দৰে। বৰজনাৰ মাজত দাদাৰ ৰুপ দেখো । শুহুৰ, দেওৰেৰ কথা নকলোৱেইবা। মুৰত থ’লে উকনিয়ে খাব, মাটিত থ’লে পৰুৱাই খাব তেনে ভাৱে তেওঁলোকে ।“
জুলিহঁতে মিতালীৰ কথা শুনি কয়- “তোৰদৰে ভাগ্যৱান সৱ নহয় অ, মিতালী।“
তাই সিহঁতৰ কথা শুনি হাঁহি মাৰি কয়- “তহঁতৰ কথা শুনিলে দেখুন মই বিয়া হোৱাটোকে বাদ দিব লাগিব। হাঁহি মাৰি সিহঁতৰ কথাৰ উত্তৰ দিলেও তাইৰ মনত এক অজান ভয়ে বাঁহ নোলোৱা নহয়। যদি সঁচাকৈ তাই স্বামীৰ মাঁক, ভনীয়েক জুলিহঁতে কোৱাৰদৰে হয়, তেতিয়া তাই কি কৰিব? নাই মনৰপৰা তাই এই অমঙ্গলীয়া চিন্তাবোৰ আঁতৰাই পঠাব বিচাৰে, তাই বিয়া হ’ব বিচৰা ঘৰখনৰ মানুহবোৰ এনে নহয়।
ৰিমিয়ে তাইক শাহুৰ অন্তৰ জিনিব পৰা কিটিপো শিকাই দিছে। ‘শাহুৱে যি কয়, তাকে শুনিবি। তেওঁৰ কথাৰ কটাকটি নকৰিবি। তেওঁক গুৰুত্ব দিবি। হাজাৰ উচ্চশিক্ষিত হ’লেও পুতেকৰ বিয়াৰ পাছত মাঁকৰুপী শাহুবোৰ অভিমানী হৈ পৰে। গতিকে তেওঁক ইম্পৰটেণ্ট দিবি, তেওঁ যি ভাল পায়, সেইবোৰ আনি দিবি। বিহুৱে –সংক্রান্তিয়ে উপহাৰ দিবি। দৰকাৰ হ’লে টকা-পইচাও দিবি। জানি ল’বি, শাহুৰ পচন্দ-পচন্দবিলাক। একেদৰে ননদৰো। দেখিবি শাহুৱে, ননদে তোৰ গুণ নিজেই সৱৰে আগত বখানিব লৈছে।“
ৰিমিৰ কথা শুনি ৰুপালীম হাহিত পেটৰ নাড়ী বিষাই গৈছিল। কি যে ছোৱালী ৰিমি।
তাই হহাঁ দেখি তাই পুনৰ কৈছিল- “মিছা কৈছো যদি নিজে এপ্লাই কৰি চাবি, হয় নে নহয় তেতিয়া গ’ম পাই যাবি।“

No comments: