Tuesday, July 19, 2016

প্ৰতিশোধ কিয় জাগে মানুহৰ?(চিন্তনীয়)

প্ৰতিশোধ কিয় জাগে মানুহৰ?(চিন্তনীয়)
শৈশৱৰপৰাই শুনি আহিছো ,কেৱল মইয়ে নে? মোৰদৰে সকলোৱে শুনিছে যে শকুনিৰ প্ৰতিশোধৰ বাবেই কৌৰৱ কুল সবংশে ধ্বংস হৈ গ’ল৷ শকুনি মহাগ্ৰন্থ মহাভাৰতৰ এটা অন্যতম চৰিত্ৰ৷ শকুনিক খল চৰিত্ৰ বুলি ক’লেহে উচিত হ’ব৷ গান্ধাৰৰাজ সুবেলৰ জেষ্ঠপুত্ৰ তথা গান্ধাৰীৰ জেষ্ঠ ভ্ৰাতৃ আছিল শকুনি৷ ৯৯ জন ভ্ৰাতৃৰ মৃত্যু আৰু অন্ধ ধৃতৰাষ্ট্ৰৰ লগত একমাত্ৰ ভগ্নীক বাধ্য হৈ বিয়া দিবলগীয়া হোৱাত আৰু গান্ধাৰীয়ে অন্ধ স্বামীৰ বাবে নিজৰ দুই নেত্ৰ চিৰদিনৰ বাবে স্বইচ্ছাই বান্ধি অন্ধত্বক স্বীকাৰ কৰি লোৱা আদিবোৰ দেখি শকুনি ক্ৰোধ হৈ পৰে৷ আৰু কুৰু বংশৰ ওপৰত প্ৰতিশোধ ল’বৰ বাবে অংগীকাৰ কৰে৷ গান্ধাৰীৰ বিয়াৰ পাছত শকুনি গান্ধাৰীৰ লগতেই হস্তিনাপুৰত থাকিব লয়৷
জেষ্ঠ ভাগিন দুযোধনৰ সকলো কূটবুদ্ধিৰ মুলতে শকুনিয়েই আছিল৷
কালকুট বিষ প্ৰয়োগ কৰি ভীমক হত্যাৰ চেষ্টা, জতুগৃহত কুন্তিসহ পাচ পান্ডৱক জীৱন্তে পুৰি পেলোৱাৰ পৰিকল্পনা আদিবোৰ শকুনিৰে আছিল৷
পাশাখেলত আমন্ত্ৰণ কৰি যুধিষ্ঠিৰ প্ৰমুখ্যে চাৰি পান্ডৱক সবস্নান্ত কৰাৰ মুলতে আছিল শকুনি৷
দুয্যোধন প্ৰমুখ্যে অন্যান্য কৌৰৱ যুৱৰাজসকলৰ মাজত পান্ডৱৰ প্ৰতি বিষবাষ্প বিয়পাৰ মুলতে আছিল শকুনি৷
অৱশেষত শকুনিৰ কুটবুদ্ধিৰ বাবেই মহাভাৰতৰ দৰে ধমযুদ্ধৰ সৃষ্টি হৈছিল আৰু কৌৰৱ কুল সবংশে ধ্বংসৰ মুখত পৰিছিল৷
আনহাতে মহাকাব্য ৰামায়ণৰ কথাও উল্লেখ কৰিব পাৰি৷ লক্ষ্মনে সূপনখাৰ নাক কটাৰ প্ৰতিশোধ পুৰণ কৰিবৰ বাবে সীতাক হৰণ কৰি নিয়ে ৰাৱণে৷ তাৰেই ফলশ্ৰুতিত স্বণ নগৰী লংকা ধ্বংস হৈ যায়৷
এইয়া মাত্ৰ দুটা উদাহৰনহে প্ৰতিশোধৰ৷
দেশে-বিদেশে অতীতত, বতমানেও প্ৰতিশোধৰ ভয়ংকৰ পৰিণামৰ দেধাৰ উদাহৰন পোৱা যায়৷
প্ৰতিশোধৰ প্ৰকোপ মানুহৰ অন্তৰত ইমান প্ৰৱল যে সি নিজৰ ইষ্ট-মিত্ৰ,আপোন,পৰ আদি কাকোকেই ৰেহাই নিদিয়ে৷ পৰৰ কথা বাদেই দিয়া হ’ল৷ আপোনেই যেতিয়া ৰেহাই নেপায়, পৰ ক’ৰপৰা হেৰাই পাব?
ইতিহাসৰ কথা বাদেই দিলেও বতমানেও এই প্ৰতিশোধৰ বাবেই বিভিন্ন অঘটণ ঘটা দেখিবলৈ পোৱা যায়৷ কেতিয়াবা এই প্ৰতিশোধৰ প্ৰৱণতা ইমান বেছি হয় যে সিয়ে মানুহৰ সাধাৰন জীৱন ধ্বংস কৰি দিয়াৰ লগতে বহু পৰিয়ালৰ সংসাৰ ভাঙি-চিঙি চুৰমাৰ কৰি দিয়ে৷
তেনেহ’লে মানুহৰ মনলৈ এই প্ৰতিশোধৰ প্ৰৱণতা আহে কিয়?
জন্মৰ লগে লগে আমি কিছুমান গুণ পাওঁ৷ তাৰে কিছুমান জন্মগতভাৱে,আৰু কিছুমান বংশগতভাৱে৷ হাহিঁ-কান্দোন, সুখ-দুখ, হষ-বেদনা, মানুহৰ দুখত দুখী, সুখত সুখী হোৱা,আদিবোৰ আমি জন্মৰপৰাই পাওঁ৷ কিন্তু তাৰ লগতে আন কিছুমান কাৰকেও আমাৰ মাজত খুটি পুতি বহে৷ আমাক অহৰহ টানি থাকে আমাৰ ন্জাতে-অন্জাতে৷ কেতিয়াবা কেতিয়াবা পৰিৱেশ,পৰিস্হিতি অনুযায়ী লোভ-মোহ,খং-ক্ষোভ, ঈষা-হিংসা,আদিবোৰে আমাক বশ কৰি পেলায়৷
ইয়াৰ উপৰিও কিছুমান লোকে কৰা বিশ্বাসঘাটকতাই আমাৰ বিশ্বাসৰ ভেটিঁ থৰক-বৰক কৰি গ’লে নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰখা কঠিন হৈ পৰে৷ প্ৰেমৰ ঠাইত অন্তৰত জাগি উঠে প্ৰৱল ঘৃণা৷ তেতিয়া শুদ্ধ-অশুদ্ধৰ বিচাৰ কৰা আমাৰ পক্ষে সম্ভৱ নোহোৱা হৈ পৰে৷ আমি হিংসুক হৈ পৰো, প্ৰেমহীনতাৰ অভাৱত মনত জাগি উঠে প্ৰতিশোধৰ বাসনা৷ এই প্ৰতিশোধৰ বাসনা ইমান ভয়ংকৰ হয় যে সিয়ে আমাৰ সকলো ভাল গুণ শেষ কৰি পেলায়৷ তাৰ ঠাই অধিকাৰ কৰে ঘৃণাই৷, মনত প্ৰৱল হৈ পৰে প্ৰতিশোধৰ বাসনা৷ যিয়ে নেকি আমাক অমানুহ কৰি তুলিব পাৰে৷ মনলৈ প্ৰতিশোধৰ প্ৰৱণতা অহাৰ লগে লগে আমাৰ ভাল গুণবোৰ প্ৰেম, দয়া, মায়া, মমতা, ক্ষমা আদিবোৰ মনৰপৰা নোহোৱা হৈ যায়৷
সেই প্ৰতিশোধৰ প্ৰৱণতা লাগিলে আমাক কোনোবা আপোনজনে কৰা বিশ্বাসঘাটকতাৰ বাবেই নহওঁক কিয়! কাৰোবাৰ প্ৰতি মনত জগা ঈষাৰ বাবেই হওঁক লাগিলে৷
এগৰাকী নাৰী বা এজন পুৰুষ যিয়ে নেকি সকলোকে প্ৰেমৰ দৃষ্টিৰে চোৱা ,আনৰ অন্যায় নকৰা ,আনক সহায় কৰিবৰ বাবে অহৰহ উৎসুক হৈ থকা,মানৱীয় গুণেৰে ভৰপুৰ সেই পুৰুষ বা নাৰীৰ মনত যেতিয়া আপোনজনৰ বিশ্সাসঘাটকতাই প্ৰৱল ৰুপত প্ৰতিশোধপৰায়ণ কৰি তোলে, তাৰবাবে বাৰু দায়ী কোন?সেই আপোনজন লাগিলে তেওঁৰ মিত্ৰ, প্ৰেমিকা বা প্ৰেমিকেই নহওঁক কিয়?আমাৰ সমাজখন, নে আমি ,নে সেই পুৰুষ বা সেই নাৰী নিজে দায়ী? দয়া, মায়া, মমতা, প্ৰেম, ক্ষমা আদিৰে ভৰপুৰ তেওঁলোকৰৰ মনলৈ ঘৃণা সোমাল কেনেকৈ, কেনেকৈ তেওঁ আপোনজনক প্ৰতিশোধ ল’বৰ বাবে লালায়িত হৈ পৰিল? কিয় আপোনজনক তেওঁ ক্ষমা কৰি দিব নোৱাৰিলে? নে এইবোৰ তেওঁৰ মাজত নিজৰ অজানিতে কঢ়িয়াই ফুৰিছিল? মাত্ৰ সময়-সুযোগ ,সুবিধা আদি পোৱাত সেইবোৰে তেওঁৰ ভাল গুণবোৰ বশীভূত পৰি পেলালে৷
এই উত্তৰ হয়তো কাকোৰেই ওচৰত নহ’ব৷ নাই সুগুণেৰে ভৰপুৰ সেই নাৰী বা পুৰুষৰ হাততো চাগে’ তাৰ কোনো উত্তৰ নাই৷

No comments: